10 – বাপ্তিষ্মা

এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: বাপ্তিষ্মা.

শীৰ্ষ 3 টা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ

যোহন 3:5-6

যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।” শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।

পাঁচনি 2:38

তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷

লূক 7:29-30

সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে; কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷

কেনোনিকেল ক্ৰমৰ প্ৰতিটো শ্লোক – 61 পাঠাংশ

আদি 1:2

পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।

দ্বি.বি. 10:16

সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।

গীত 51:2

মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।

গীত 51:7

এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।

যিচ 1:16

নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,

যিৰি 4:14

হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?

যিহি 36:25-27

তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম। মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম। আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা।

মথি 3:5-8

সেই সময়ত যিৰূচালেম, সমগ্র যিহুদীয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে। লোক সকলে যেতিয়া নিজৰ নিজৰ পাপ সমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে। যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে? মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।

মথি 3:10-12

গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়। আপোনালোকে মন-পালটন কৰা বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছোঁ, কিন্তু যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজ কৰিব। তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”

মথি 3:13-17

সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীল প্ৰদেশৰ পৰা যৰ্দ্দন নদীৰ পাৰত থকা বাপ্তাইজক যোহনৰ কাষলৈ আহিল। কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে আপোনাৰ দ্বাৰা বাপ্তাইজ হোৱা উচিত, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?” কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল। যীচুৱে বাপ্তিস্মলৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত হঠাৎ স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে। তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”

মথি 21:24-27

যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো আপোনালোকক এই কথা সুধো; যদি আপোনালোকে মোক কয়, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছোঁ, সেই বিষয়ে আপোনালোকক কম। কওকচোন- বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?” তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক’লে, “আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক’ব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা? কিন্তু আমি যদি কওঁ ‘মানুহৰ পৰা’, তেনেহলে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।” পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”

মথি 28:19-20

এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।

মাৰ্ক 1:4-8

এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল। তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে। সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল। তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ। মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।”

মাৰ্ক 1:9-11

সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে। তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে। আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”

মাৰ্ক 11:29-33

তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক এটা কথা সোধো, আপোনালোকে মোক উত্তৰ দিয়ক; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছোঁ সেই বিষয়ে আপোনালোকক ক’ম। ‘যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল’? মোক উত্তৰ দিয়ক।” তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি ক’লে, ‘স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক’ব। কিন্তু মানুহৰ বুলি ক’ম নে?’ তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল। পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো।” তাতে যীচুৱেও তেওঁলোকক ক’লে, “মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”

মাৰ্ক 16:15-17

আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা। তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷ এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;

লূক 3:3

তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।

লূক 3:7-9

তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে? আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে। গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”

লূক 3:12

তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”

লূক 3:16-17

যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব। শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”

লূক 3:21-22

সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল। সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”

লূক 7:29-30

সকলো মানুহে আৰু কৰ সংগ্রহকৰী সকলেও যীচুৰ কথা শুনি, যোহনৰ বাপ্তিস্মেৰে বাপ্তাইজিত হ’ল আৰু ঈশ্বৰক ধাৰ্মিক বুলি স্বীকাৰ কৰিলে; কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷

যোহন 1:32-34

তাৰ পাছত যোহনে সাক্ষ্য দি ক’লে, “মই স্বৰ্গৰ পৰা আত্মাক কপৌৰ নিচিনাকৈ নামি অহা, আৰু তেওঁৰ ওপৰত থকা দেখিলোঁ। মই তেওঁক চিনি নাপালোঁ। কিন্তু যি জনে পানীত বাপ্তিস্ম দিবলৈ মোক পঠালে, তেৱেঁ মোক কৈছিল, ‘তুমি যি জনৰ ওপৰত আত্মাক নামি অহা দেখিবা, তেৱেঁ সেই জন, সেই জনে পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।’ মই সেয়া দেখিলোঁ আৰু সাক্ষ্যও দিওঁ যে, এওঁ ঈশ্বৰৰ পুত্র।”

যোহন 3:3-7

উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।” নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?” যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।” শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়। মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব।

যোহন 3:22-23

তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহুদীয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল। যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।

যোহন 3:25-27

সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল। পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।” যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।

যোহন 4:1-3

যোহনতকৈ যীচুৱে যে বেছি শিষ্য কৰি বাপ্তিস্ম দি আছে, এই কথা ফৰীচী সকলে শুনিছে বুলি যীচুৱে জানিব পাৰিলে; যদিও যীচুৱে নিজে বাপ্তিস্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্য সকলেহে দিছিল। তেতিয়া তেওঁ যিহুদীয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গ’ল।

যোহন 14:15

তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।

পাঁচনি 1:4-5

এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা। যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”

পাঁচনি 2:1-4

পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল। সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে। তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।

পাঁচনি 2:38

তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷

পাঁচনি 2:41-43

তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷ পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল

পাঁচনি 8:12-13

কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল। পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।

পাঁচনি 8:14-17

চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচালেমত থকা পাঁচনি সকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে। পিতৰ আৰু যোহনে সেই ঠাইলৈ আহি তাত থকা লোক সকলে যেন পবিত্ৰ আত্মা পায়, তাৰ বাবে প্ৰাৰ্থনা কৰিলে। কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷ পাছত পাঁচনি সকলে লোক সকলৰ ওপৰত হাত থলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে।

পাঁচনি 8:36-40

এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?” ফিলিপে কলে, “যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেনেহলে বাধা নাই।” তেতিয়া বিষয়াজনে কলে, “যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।” তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে। যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল। কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।

পাঁচনি 9:18

তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ’ল৷

পাঁচনি 10:47-48

“আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁলোক বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা দিব পাৰে নে?” তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷

পাঁচনি 11:16-18

“যোহনে হলে পানীতহে বাপ্তিস্ম দিলে কিন্তু তোমালোকক হ’লে পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ’ব,” প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল৷ এতেকে আমি প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে ঈশ্বৰে যি দান আমাক দিলে সেই একে দান তেওঁলোককো দিলে, গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মই নো কোন?” এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷”

পাঁচনি 13:23-24

এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷ যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷

পাঁচনি 16:14-15

সেই মহিলা সকলৰ মাজত থুয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে। তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।

পাঁচনি 16:31-33

তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব।” তেওঁলোকে তাৰ পাছত কাৰাগাৰৰ অধ্যক্ষৰ লগতে তেওঁৰ ঘৰৰ সকলোকে প্রভুৰ বাক্য ক’লে। কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চীলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্রহণ কৰিলে।

পাঁচনি 18:8

পৌলৰ কথা শুনি নাম-ঘৰৰ অধিকাৰী ক্ৰীষ্পে আৰু তেওঁৰ ঘৰৰ সকলোৱে প্ৰভুত বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহণ কৰিলে৷ কৰিন্থীয়া সকলৰ মাজৰ বহুলোকে তেওঁৰ পৰা শুভবাৰ্তা শুনি বাপ্তিস্ম গ্ৰহণ কৰিলে।

পাঁচনি 19:2-6

পৌলে তেওঁলোকক সুধিলে, “আপোনালোকে যেতিয়া বিশ্বাস কৰিলে, তেতিয়া পবিত্ৰ আত্মা পালে নে?” তেওঁলোকে তেওঁক কলে, “পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালোঁ৷” তেতিয়া তেওঁ কলে, “তেনেহলে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ’ল?” তেওঁলোকে কলে, “যোহনৰ বাপ্তিস্ম লোৱা দেখি”। তেতিয়া পৌলে কলে, “যোহনে লোক সকলক কৈছিল, যি জন মোৰ পাছত আহিছে, তেওঁত অর্থাৎ যীচুত বিশ্বাস কৰা; এই বুলি তেওঁ তেওঁলোকক মন-পালটনৰ বাপ্তিস্মৰে বাপ্তাইজ কৰিলে।” এই কথা শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তাইজিত হ’ল। ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল; তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবোক্তি প্ৰচাৰ কৰিলে।

পাঁচনি 22:16

এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’

ৰোমীয়া 6:3-8

নতুবা, আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হ’লো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ’লো, ইয়াক আপোনালোকে নাজানা নে কি? এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁ। কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ’লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ’ম৷ আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো; কিয়নো যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ’ল। কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলোঁ, তেনেহলে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ’ম, সেই বিষয়ে আমি বিশ্বাস কৰোঁ৷

ৰোমীয়া 6:11

সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰক।

ৰোমীয়া 8:10

যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।

1 কৰি 6:11

আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।

1 কৰি 12:13

কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হ’লোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।

2 কৰি 5:17

এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।

গালাতীয়া 3:26-27

কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে। কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে।

ইফিচীয়া 2:1

পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।

ইফিচীয়া 2:5-6

তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে; তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।

ইফিচীয়া 4:4-5

শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’ল৷ এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু

ইফিচীয়া 5:26-27

মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে। তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।

কলচীয়া 2:11-12

তেওঁতেই আপোনালোক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’ল৷ বাপ্তিস্মত আপোনালোক তেওঁৰ সৈতে মৈদামত থোৱা হ’ল আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ’ল।

ইব্ৰী 6:1-3

এতেকে, খ্ৰীষ্টৰ বিষয়ে আমি যি প্রাথমিক শিক্ষা পালোঁ, তাক পাছ পেলাই, আহক আমি পৰিপূর্ণতাৰ ফালে আগবাঢ়ি যাওঁ। পুনৰায় যেন আমি মৃত কৰ্মৰ পৰা মন-পৰিৱর্তন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস, নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ। অৱশ্যে, ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম।

ইব্ৰী 10:19-22

এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷ তেওঁ আমাৰ কাৰণে সেই আঁৰ-কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে, সেই পথ নতুন আৰু জীৱনময়৷ আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত, সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,

1 পিতৰ 1:22-23

আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক। কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে।

1 পিতৰ 3:21

সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে৷

প্ৰকাশিত বাক্য 22:14

যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷

Assamese - অসমীয়া - AS

ASIRV'19 - Assamese Indian Revised Version - 2019

This Bible text is from Assamese Indian Revised Version IRV 2019
https://open.bible/bibles/assamese-bridge-text-bible/
provided by: Bridge Connectivity Solutions Pvt Ltd, available by Creative Commons CC-BY-SA-4.0,
and this new compilation is shared as www.creativecommons.org/licenses/by-sa/4.0.
Languages are made available to you by www.ipedge.net