19 – গীৰ্জা

এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: গীৰ্জা.

শীৰ্ষ 3 টা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ

মথি 18:20

কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”

মথি 20:26-28

তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷ যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক, মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”

পাঁচনি 4:31-35

এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে। বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে। পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল। তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল। পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।

কেনোনিকেল ক্ৰমৰ প্ৰতিটো শ্লোক – 313 পাঠাংশ

আদি 28:17

তেওঁ ভয়তে ক’লে, “কি ভয়ানক এই ঠাই! ই ঈশ্বৰৰ গৃহৰ বাহিৰে আন একো নহয়; ইয়েই স্বৰ্গৰ দুৱাৰ।”

আদি 28:22

তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”

যাত্ৰা 13:21-22

তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল। যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নিস্তম্ভ আঁতৰ নকৰিলে।

যাত্ৰা 19:5-6

এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই। মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।”

যাত্ৰা 19:22

যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”

যাত্ৰা 25:8

মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে, তেওঁলোকক মোৰ বাবে এটা ধৰ্মধাম নিৰ্মাণ কৰিবলৈ কোৱা।

যাত্ৰা 33:9-11

মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে। লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে। যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।

লেবীয়া 10:9-10

“তোমালোক যেন নমৰা, সেই কাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা। এয়ে তোমালোকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি, আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু শুচি আৰু অশুচিৰ প্ৰভেদ কৰিব পাৰিবা,

গননা 9:15-16

আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল। এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল।

2 চমূ 7:6

কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই; কেৱল মোৰ আবাস যি তম্বু, তাত থাকিহে ভ্ৰমণ কৰি আছোঁ।

1 ৰাজা 6:12-13

“তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম। মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”

1 ৰাজা 8:10-11

পাছত পুৰোহিতসকলে পবিত্ৰ-স্থানৰ পৰা ওলাই আহোতে, যিহোৱাৰ গৃহ মেঘেৰে এনেকৈ পৰিপূৰ্ণ হৈছিল যে, পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হৈ থাকিব নোৱাৰা হৈছিল; কিয়নো যিহোৱাৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল।

1 ৰাজা 9:1

চলোমনে যিহোৱাৰ গৃহ, ৰাজ-গৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূর্ণৰূপে সম্পন্ন কৰিলে।

2 ৰাজা 22:8

প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।

2 ৰাজা 23:7

যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।

1 বংশা 22:19

এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।

2 বংশা 5:13-14

তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷ সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।

2 বংশা 7:1-3

যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল। তেতিয়া পুৰোহিতসকলে যিহোৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে; কিয়নো যিহোৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল। অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”

2 বংশা 23:19

যাতে কোনো প্ৰকাৰ অশুচি লোকে যেন নোসোমায়, এই কাৰণে তেওঁ যিহোৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰী ৰাখিলে।

2 বংশা 30:8

তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।

2 বংশা 31:4

আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে।

2 বংশা 36:15

তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;

নহি 8:8

তাৰ পাছত তেওঁলোকে স্পষ্টকৈ ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজাই দিলে।

নহি 10:39

পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।

গীত 16:3

পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।

গীত 22:22

ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।

গীত 23:6

অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।

গীত 27:4

যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।

গীত 28:9

হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।

গীত 34:3

তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা; আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহক।

গীত 42:4

কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।

গীত 65:4

ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।

গীত 68:6

অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।

গীত 79:13

তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ-ছাগ যি আমি, আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।

গীত 84:1-4

হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম! যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে। জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে। হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে, ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে, তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে। ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে; তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)

গীত 84:10

কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম; দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।

গীত 89:7

পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।

গীত 92:13

তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।

গীত 111:1

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।

গীত 122:1

মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে, “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”

গীত 127:1

যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।

গীত 133:1

ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!

গীত 149:1

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,

হিতো 22:6

সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।

হিতো 27:17

যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে।

উপ 5:1

ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ওচৰ চপাই ভাল।

যিচ 6:1

উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।

যিচ 6:8-9

মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।” তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা, ‘তোমালোক শুনা, কিন্তু বুজি নোপোৱা; চোৱা, কিন্তু উপলদ্ধি কৰিব নোৱাৰা।

যিচ 52:11

তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।

যিচ 56:6-7

যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব।

যিৰি 3:15

তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।

যিৰি 23:1-4

“যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন। এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ-ছাগ ৰখীয়াবোৰৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ মেৰ-ছাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম। আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব। যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।

যিৰি 23:11

কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।

যিহি 3:17-21

“হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থকিবলৈ দিয়া। ‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম। কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম। আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”

যিহি 22:26

তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।

যিহি 34:2-6

“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে? তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা। তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা। তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”

যিহি 34:7-10

এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ বাক্য শুনা: প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা: “প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”

যিহি 34:20-22

এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম, তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা! এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম!

যিহি 34:23

আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।

যিহি 37:27

মোৰ আবাসো তেওঁলোকৰ লগত থাকিব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব!

যিহি 44:4

তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!

যিহি 44:23

আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।

যিহি 44:27

প্ৰভু যিহোৱাই কৈছে, ‘ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ, ধৰ্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।’

যিহি 45:4

সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব।

যোৱে 2:28-29

তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব। আৰু দাস-দাসীসকলৰ ওপৰতো সেই কালত মোৰ আত্মা বাকি দিম।

আমো 3:7

অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।

হ্গ্গ 2:7-9

আৰু মই প্রত্যেক দেশবোৰক কঁপাম, আৰু প্রত্যেক দেশে মোলৈ বহুমূল্যৱান বস্তু আনিব; বাহিনীসকলৰ যিহোৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম। বাহিনীসকলৰ যিহোৱাই কৈছে, ৰূপ আৰু সোণবোৰ মোৰ। বাহিনীসকলৰ যিহোৱাই কৈছে, এই গৃহৰ পূৰ্বৰ প্ৰতাপতকৈ ভবিষ্যতৰ প্ৰতাপ অধিক হ’ব, আৰু বাহিনীসকলৰ যিহোৱাই এইদৰে ঘোষণা কৰিছে, এই ঠাইত মই শান্তি দান কৰিম।

মলা 2:7

এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।

মলা 3:10

তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।

মথি 4:19

যীচুৱে তেওঁলোকক ক’লে, “মোক অনুসৰণ কৰি আহা, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।”

মথি 4:23

যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।

মথি 6:7

প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।

মথি 6:33

কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।

মথি 7:15

ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।

মথি 9:35-38

যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে। তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল। তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ। এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”

মথি 10:1

যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।

মথি 10:8

অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।

মথি 10:17

সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।

মথি 10:40-42

যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে। এজন ভাৱবাদীক যদি কোনোৱে ভাৱবাদী বুলি গ্ৰহণ কৰে, তেওঁ ভাববাদীৰ পুৰস্কাৰ পাব আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে, তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব। যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।

মথি 13:54

তাৰ পাছত যীচু নিজৰ নগৰলৈ আহিল আৰু লোক সকলক তেওঁলোকৰ নাম-ঘৰত শিক্ষা দিবলৈ ধৰিলে। তাতে তেওঁৰ কথা শুনি তেওঁলোক বিস্মিত হৈ গ’ল। তেওঁলোকে ক’লে, “এই মানুহ জনে এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ কৰাৰ ক্ষমতা ক’ৰ পৰা পালে?

মথি 16:18-19

ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব। মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।”

মথি 18:12-13

তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেৰ আছে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব? আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষতকৈ, যিটো হেৰাই গৈছিল সেই মেষটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।

মথি 18:15-17

কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা। কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়। যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।

মথি 18:20

কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”

মথি 20:26-28

তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়; তোমালোকৰ মাজত যি কোনোৱে মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱাকাৰী হওক৷ যি কোনোৱে তোমালোকৰ মাজত প্ৰথম হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ দাস হওক, মানুহৰ পুত্ৰই সেৱা-শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল৷”

মথি 21:12-13

পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে। যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”

মথি 21:14-15

তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে। কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞৰি “জয়! জয়! দায়ুদৰ বংশৰ সন্তান”, বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷

মথি 23:8-12

কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’ বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই। পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ। আৰু তোমালোকে আচাৰ্য্য বুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য। কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব। যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।

মথি 24:24

কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।

মথি 25:36

উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’।

মথি 27:51

চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল;

মথি 28:19-20

এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।

মাৰ্ক 1:39-41

পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”। তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”।

মাৰ্ক 3:14-15

তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে, আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷

মাৰ্ক 6:2

পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি?

মাৰ্ক 7:7-9

তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’ আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে”। তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।

মাৰ্ক 7:13

এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰি এনে ধৰণৰ বহু কাম আপোনালোকে কৰে।”

মাৰ্ক 9:41

যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।

মাৰ্ক 11:15-17

পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে; তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে। তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?, ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা’।”

মাৰ্ক 13:2

তাতে যীচুৱে তেওঁক ক’লে, “তুমি এই বৰ বৰ গাঁথনি দেখিছা নে? ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা কিয়নো এই সকলো ভাঙি পেলোৱা হব৷”

মাৰ্ক 13:9

কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা।

মাৰ্ক 15:38

তাতে মন্দিৰৰ আঁৰ-কাপোৰ খন ওপৰৰ পৰা তললৈকে ফালি দুভাগ হ’ল।

মাৰ্ক 16:15-18

আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা। তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷ এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব; আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”

মাৰ্ক 16:20

পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।

লূক 4:16

এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।

লূক 4:32-36

তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল। নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল, “হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।” যীচুৱে তাক ডবিয়াই কলে, “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ’ল। ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?”

লূক 4:44

তাৰ পাছত তেওঁ সমগ্র যিহূদা ৰাজ্যৰ নাম-ঘৰবোৰত প্রচাৰ কৰি ফুৰিলে।

লূক 5:10

চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”

লূক 6:6

আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।

লূক 6:40

দুয়ো খাৱৈত নপৰিব নে? গুৰুতকৈ শিষ্য উর্দ্ধত নহয়; কিন্তু শিক্ষা সম্পূর্ণ হলে প্রতিজন শিষ্য নিজৰ গুৰুৰ দৰে হৈ উঠে।

লূক 9:1-2

পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷

লূক 12:31-32

কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব। হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।

লূক 13:10-14

এদিন বিশ্ৰামবাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল। তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল। যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।” তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে। কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক ক’লে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।”

লূক 15:4-7

তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেৰক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে? আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে। এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেৰ-পোৱালিটো পালোঁ’। মই আপোনালোকক কওঁ, সেইদৰে মন-পালটন নকৰা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।

লূক 17:3

তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।

লূক 23:45

সূর্যও লুপ্ত হৈ গ’ল আৰু মন্দিৰৰ আঁৰ-কাপোৰ খন মাজেদি ফাটি গ’ল।

লূক 24:52-53

তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি, অতি আনন্দেৰে যিৰূচালেমলৈ উলটি আহিল; আৰু সদায় মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।

যোহন 2:15-17

তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে। যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।” ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”

যোহন 6:53

যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।

যোহন 10:16

মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।

যোহন 13:34-35

মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা। তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”

যোহন 16:2-3

মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে। তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।

যোহন 17:11

মই এই জগতত বেছি দিন নাথাকো; কিন্তু এই লোক সকল হ’লে জগতত থাকিব, মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তোমাৰ নামেৰে মোক দিয়া লোক সকলো যেন তেনেকৈ এক হব পাৰে৷

যোহন 17:16-17

তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ। তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।

যোহন 17:21-22

গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷ আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলোঁ, সেই কাৰণে তেওঁলোক এক; আমি সকলোৱেই যেন এক হব পাৰোঁ,

যোহন 21:15-17

তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে”। যীচুৱে তেওঁক ক’লে, “মোৰ মেৰ-পোৱালি সকলক চৰোৱা।” পুনৰ দ্বিতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন তুমি মোক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; আপোনাক মই প্ৰেম কৰোঁ, এই বিষয়ে আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰ প্ৰতিপালন কৰা।” তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, ‘তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, তুমি মোক ভাল পোৱা নে?’ ইয়াকে ভাবি তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰক চৰোৱা।

পাঁচনি 1:8

কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”

পাঁচনি 1:14-15

তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল। সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,

পাঁচনি 2:1-4

পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল। সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে। তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।

পাঁচনি 2:41-47

তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷ পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে। আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে। তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে; আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।

পাঁচনি 4:31-35

এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে। বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে। পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল। তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল। পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।

পাঁচনি 5:11-16

মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে। পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল। যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে। কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে। ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি। যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।

পাঁচনি 5:42

ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।

পাঁচনি 6:4

ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”

পাঁচনি 6:7-11

তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে। স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে। কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়, আলেকজেন্দ্রিয়া, কিলিকিয়া আৰু এচিয়া, এই ঠাই সমূহৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে। কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে। তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এই বুলি কবলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।”

পাঁচনি 7:48-49

কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল, “প্রভুৱে কৈছে, স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰি-পীৰা; মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নির্ম্মাণ কৰিবা? নাইবা, মোৰ জিৰণি লোৱা ঠায়েই বা কত?

পাঁচনি 8:1

স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।

পাঁচনি 8:4-8

কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে। ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে। তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোক সকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে। কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল। তাতে সেই নগৰত মহা আনন্দ হ’ল।

পাঁচনি 9:1-2

সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল, আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।

পাঁচনি 9:3-9

এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল; তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?” চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু; কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।” তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল। পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷ তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে।

পাঁচনি 9:20-22

আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে। তাতে সকলোৱে শুনি বিস্ময় মানি কলে, “বোলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনেলোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?” কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।

পাঁচনি 9:26-29

পাছত চৌলে যিৰূচালেমলৈ গৈ শিষ্য সকলৰ লগ লবলৈ চেষ্টা কৰাত, সকলোৱে তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, ইয়াকো বিশ্বাস নকৰিলে। কিন্তু বাৰ্ণব্বাই তেওঁক পাঁচনি সকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে। চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা-যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে। তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল।

পাঁচনি 9:31

সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷

পাঁচনি 10:42

জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হবলৈ ঈশ্বৰে যি জনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷

পাঁচনি 11:21

আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ’ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷

পাঁচনি 11:26

আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷

পাঁচনি 12:1-3

সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷ এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷

পাঁচনি 12:5-7

এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷ পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷ সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷

পাঁচনি 13:42-46

পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোতে, মানুহবোৰে নিবেদন কৰি ক’লে, “অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওক৷” তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷ তাৰ পাছৰ বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷ কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷ তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷

পাঁচনি 14:1-3

পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহুলোকে বিশ্বাস কৰিলে। কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে। সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি, তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে।

পাঁচনি 14:23

পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।

পাঁচনি 14:27

আন্তিয়খিয়া পোৱাৰ পাছত তেওঁলোকে মণ্ডলীৰ বিশ্বাসী সকলক একত্রিত কৰিলে। ঈশ্বৰে তেওঁলোকলৈ যি যি কৰিলে আৰু কেনেকৈ তেওঁ অনা-ইহুদী সকললৈ বিশ্বাসৰ দুৱাৰ মুকলি কৰি দিলে, সেই সকলো কথা বিৱৰি ক’লে।

পাঁচনি 16:25-26

তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল। এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল।

পাঁচনি 17:11-12

থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে। ইয়াৰ ফলত তেওঁলোকৰ মাজৰ অনেকে বিশ্বাস কৰিলে। এই বিশ্বাসী সকলৰ মাজত কেইজনমান প্রভাৱশালী গ্রীক মহিলা আৰু বহুত পুৰুষও আছিল।

পাঁচনি 17:17

সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।

পাঁচনি 18:4

প্রত্যেক বিশ্রামবাৰে পৌলে নাম-ঘৰত যুক্তি-পৰামর্শৰে ইহুদী আৰু গ্রীক সকলক বিশ্ৱাস কৰিবলৈ প্রত্যয় জন্মায়।

পাঁচনি 18:26

পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।

পাঁচনি 19:8-9

পাছত পৌল নাম-ঘৰলৈ গ’ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷ কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ’ল৷ তেওঁলোকে লোক সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁ তেওঁলোকক তাতে এৰি শিষ্য সকলক পৃথকে তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে।

পাঁচনি 19:23

সেই সময়ত ইফিচত এই পথৰ সজাগতাৰ বিষয়ে বৰ গোলমাল লাগিল।

পাঁচনি 20:20-21

আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো, আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।

পাঁচনি 20:28-31

আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক। মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব; আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ। এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।

পাঁচনি 22:4-5

আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷ এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷

পাঁচনি 24:14

কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷

পাঁচনি 24:22

ফীলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনা বাবে, সোধ-বিচাৰ স্থগিত ৰাখি তেওঁলোকক ক’লে, “লুচিয় হাজাৰৰ সেনাপতি যিৰূচালেমৰ পৰা আহিলে আপোনালোকৰ কথা সম্পূর্ণকৈ জানিব পাৰিম।”

ৰোমীয়া 1:1

মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি;

ৰোমীয়া 8:19

কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে।

ৰোমীয়া 10:14-15

এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”

ৰোমীয়া 12:4-8

কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়, তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ। কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷ যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷ উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।

ৰোমীয়া 12:10

ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷

ৰোমীয়া 15:16

অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷

ৰোমীয়া 16:1-5

মই আপোনালোকক নিবেদন কৰিছোঁ যে, কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবি নামেৰে আমাৰ ভনীক, আপোনালোকে পবিত্ৰ লোক সকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিব আৰু আপোনালোকৰ পৰা যদি কোনো ধৰণৰ সাহায্য বিচাৰে, তেনেহলে সাহায্য কৰিব; কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল। খ্ৰীষ্ট যীচুত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মঙ্গলবাদ দিব; তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল; মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু কেৱল মই নহয়, অনা-ইহুদী সকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে; আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মঙ্গলবাদ দিব। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এচিয়া দেশৰ প্ৰথম ফল, মোৰ যি প্ৰিয় ইপেনিত, তেওঁকো মঙ্গলবাদ দিব।

ৰোমীয়া 16:16

আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰিব। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে।

1 কৰি 1:2

এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ।

1 কৰি 1:9-13

ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে। কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়। মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে। এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” বা “মই খ্রীষ্টৰ দলৰ।” তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল?

1 কৰি 1:23

কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ।

1 কৰি 2:1

হে প্রিয় ভাই আৰু ভনী সকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ।

1 কৰি 2:4-8

তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল, সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়। তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়; কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল। এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন;

1 কৰি 2:13

আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।

1 কৰি 3:6-9

মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো। যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব। কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।

1 কৰি 3:10-11

ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়। কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল।

1 কৰি 3:16-17

আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে? কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র।

1 কৰি 4:1-2

লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে, আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ অধ্যক্ষ। কিন্তু অধ্যক্ষ জন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে।

1 কৰি 5:11-13

মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব। কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে? কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। “আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।”

1 কৰি 6:19

আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।

1 কৰি 9:13-14

আপোনালোকে জানে নে, যি সকলে পবিত্ৰ মন্দিৰত সেৱা কৰে, তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ যজ্ঞবেদিৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, তেওঁলোকে তাৰ ভাগ পায়৷ এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে, তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ’ব।

1 কৰি 9:16

কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰোঁ; তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় ৷

1 কৰি 9:18

তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷

1 কৰি 9:27

কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।

1 কৰি 10:16-21

আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয় নে? কিয়নো অনেক যি আমি, সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলোঁ৷ ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ চোৱা; যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে? তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে? তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।

1 কৰি 11:1

মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।

1 কৰি 11:17-19

এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়। কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ। কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।

1 কৰি 11:26-30

কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।” এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব। কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক। কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে। এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল।

1 কৰি 12:1

হে ভাই সকল, আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।

1 কৰি 12:4-11

নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা একে; আৰু পৰিচৰ্যা অনেক বিধ কিন্তু প্ৰভু একে; কৰ্মসাধক গুণো অনেক বিধ, কিন্তু ঈশ্বৰ এক, তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্তা। কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে। তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আন জনক জ্ঞানৰ কথা, একে আত্মাৰে আন জনক বিশ্বাস দিয়া হৈছে; সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ, আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাববাণী ক’বৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানা বিধ ভাষা ক’বৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে; কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ-বাঁটি দি, সেই সকলোকে সাধন কৰিছে।

1 কৰি 12:12-13

কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গ-প্ৰত্যঙ্গ অনেক, কিন্তু সেই শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অনেক হ’লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্টও। কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হ’লোঁ; আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ।

1 কৰি 12:14-27

কিয়নো শৰীৰ এক অঙ্গ নহয়, কিন্তু অনেক। ভৰিয়ে যদি কয়, মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়। আৰু কাণেও যদি কয়, মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহলে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়। গোটেই শৰীৰেই চকু হোৱা হ’লে, শ্ৰৱণ ক’ত হ’লহেঁতেন? আৰু গোটেইটো শ্ৰৱণ হোৱা হ’লে, ঘ্ৰাণ ক’ত হ’লহেঁতেন? কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গ-প্ৰত্যঙ্গবোৰক, এনে কি, সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে। নতুবা আটাইবোৰ অঙ্গ-প্ৰত্যঙ্গ এক অঙ্গ হোৱা হ’লে, তেনেহলে শৰীৰ ক’ত হ’লহেঁতেন? কিন্তু এতিয়া অনেক অঙ্গ-প্ৰত্যঙ্গ হলেও, শৰীৰ এক। আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক’ব নোৱাৰে; বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক’ব নোৱাৰে। কওক ছাৰি, শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দূৰ্বল বোধ হয়, সেই সকলো অঙ্গ-প্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয় শৰীৰৰ যি যি অঙ্গ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ; আৰু আমাৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায়। কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই। কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে। তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গই মৰ্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে। আপোনালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অঙ্গ স্বৰূপ।

1 কৰি 12:28-30

আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক, দ্বিতীয়তে ভাববাদী সকলক, তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে; তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন-পদ আৰু নানা ভাষা দিলে। সকলোৱেই পাঁচনি নে? সকলোৱেই ভাববাদী নে? সকলোৱেই উপদেশক নে? সকলোৱেই পৰাক্ৰম কাৰ্য কৰোঁতা নে? সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে? সকলোৱেই পৰভাষা কয় নে? সকলোৱেই অৰ্থ বুজাই দিয়ে নে?

1 কৰি 14:3-5

কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয়। যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে। আপোনালোকে যেন পৰভাষা কয়, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।

1 কৰি 14:19

তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবো।

1 কৰি 14:22-25

এই কাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা, বিশ্বাস কৰা সকলৰ কাৰণে নহয়, অবিশ্বাসী সকলৰ কাৰণে চিন হয়; কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা, বিশ্বাস নকৰা সকলৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰা সকলৰ কাৰণে চিন হয়। এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয়, আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে, তেওঁলোকে আপোনালোকক বলীয়া বুলি নক’ব নে? সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু বিশ্বাস নকৰা সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেনেহলে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয়৷ এইদৰে লোক জনৰ হৃদয়ৰ কোনো গুপ্তকথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি, নিশ্চয়ে ‘আপোনালোকৰ মাজত ঈশ্বৰ আছে’, এই বুলি ঈশ্বৰৰ সেৱা কৰিব।

1 কৰি 14:26-33

এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়। কোনোৱে যদি পৰভাষা কয়, তেনেহলে দুজন, বা তাতকৈ অধিক হ’লেও, তিনি জনে পাল অনুক্ৰমে কওক; আৰু এজনে অৰ্থ বুজাই দিয়ক। কিন্তু অৰ্থ বুজাই দিওঁতা যদি কোনো নাই, তেনেহলে তেওঁ মণ্ডলীত নিজম দি থাকি কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক। আৰু ভাববাদী দুই বা তিনি জনে কথা কওক, আন সকলে বিবেচনা কৰি চাওক। কিন্তু উপাসনাত বহি থকা সকলৰ কোনো জনৰ আগত কিবা কথা প্ৰকাশিত হ’লে প্ৰথম জন নিজম দি থাকক। কিয়নো অাপোনালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি, আন এজনক শিকাব পাৰে আৰু সকলোকে উদগাওক৷ কিয়নো ভাববাদী সকলৰ আত্মা ভাববাদী সকলৰ বশত থাকে। কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,

1 কৰি 14:34-38

তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক; কিয়নো কথা ক’বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেইদৰেই কয়। কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেনেহলে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়। নতুবা, ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে? বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিল নে? কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক। কিন্তু কোনোৱে যদি নাজানে, তেনেহলে তেওঁ নাজানক।

1 কৰি 14:39-40

এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল, ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰক আৰু পৰভাষা ক’বলৈ নিষেধ নকৰিব। কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালিনতা বজাই কৰা হওক।

1 কৰি 15:9

কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।

1 কৰি 15:33

আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।

1 কৰি 16:20

সকলো ভাই, ভনী সকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷

2 কৰি 2:17

কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।

2 কৰি 3:5-6

আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷ তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।

2 কৰি 4:2

কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।

2 কৰি 4:5

কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।

2 কৰি 5:1

কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।

2 কৰি 5:20

এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”

2 কৰি 6:1

আৰু সেয়ে, আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷

2 কৰি 6:4

বৰং, আমি নিজক ঈশ্বৰৰ পৰিচাৰক হিচাপে, আমাৰ এই সকলো কৰ্মৰ দ্বাৰাই যোগ্য-পাত্ৰ দেখুৱাইছোঁ; সেয়েহে অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সঙ্কট,

2 কৰি 6:16-17

আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।” এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম,

2 কৰি 8:4

নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হবলৈ আমাৰ আগত যাচনা কৰিলে;

2 কৰি 8:23-24

তীতৰ বিষয়ে হ’লে, তেওঁ মোৰ সহভাগী আৰু আপোনালোকৰ প্ৰতি মোৰ পাঁচনি কৰ্মৰ সহকাৰী৷ আমাৰ ভাই দুজনৰ বিষয়ে হ’লে, তেওঁলোক মণ্ডলী সমূহৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱ স্বৰূপ। এতেকে আপোনালোকৰ প্ৰেম প্ৰকাশ কৰক আৰু আন মণ্ডলীবোৰৰ মাজত আপোনালোকৰ বিষয়ে যি গৌৰৱ কৰিছিলোঁ, সেয়া প্ৰকাশ কৰক৷

2 কৰি 11:12-13

কিন্তু মই এতিয়া যি কৰি আছোঁ, ভৱিষ্যতেও ইয়াকে কৰি থাকিম; যাতে ছিদ্ৰ বিচৰা লোক সকলে যি বিষয়ত শ্লাঘা কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হব পৰে, আৰু আমি যেন তেওঁলোকৰ সেই ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিব পাৰোঁ। কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।

2 কৰি 12:12

আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাঁচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল।

2 কৰি 13:12-14

পবিত্ৰ চুমাৰে পৰস্পৰে মঙ্গলবাদ কৰক। সকলো পবিত্ৰ লোকে আপোনালোকক মঙ্গলবাদ কৰিছে। প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আপোনালোকৰ লগত থাকক।

গালাতীয়া 1:8-10

কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক। আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।” মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।

গালাতীয়া 6:1-3

হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷ আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক। কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।

গালাতীয়া 6:10

এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।

ইফিচীয়া 1:22-23

ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে; সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।

ইফিচীয়া 2:19-22

হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে। এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে। যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছে৷ তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে।

ইফিচীয়া 3:5-10

সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল। সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়। ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো। ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ; আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল। ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়;

ইফিচীয়া 3:21

মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন।

ইফিচীয়া 4:1-6

এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক। আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক। শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক। শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’ল৷ এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।

ইফিচীয়া 4:11-16

সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে। ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে। যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম। তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ। কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম। মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।

ইফিচীয়া 5:19-21

ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক। সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক।

ইফিচীয়া 5:23-27

কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে। মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বশীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যা সকলো নিজ নিজ স্বামীৰ বশীভূত হওক। হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক; মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে। তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।

ইফিচীয়া 5:29-32

কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক ভালপায়। কাৰণ আমি তেওঁৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ। ‘এই কাৰণে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজ তিৰোতাত আসক্ত হব আৰু তাতে দুয়ো এক দেহ হব।’ ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছোঁ।

ফিলিপীয়া 2:1-4

এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে, তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷ আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷ প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।

ফিলিপীয়া 3:17

হে ভাই সকল, আপোনালোকেও মোৰ অনুকাৰী হওক আৰু আপোনালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেখেত সকলক অনুসৰণ কৰক।

ফিলিপীয়া 4:3

প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷

কলচীয়া 1:18

তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই প্ৰাথমিক প্ৰাধিকাৰী, তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হয়।

কলচীয়া 1:24-25

এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ। সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰীবাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ৷

কলচীয়া 2:19

কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে, সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে৷

কলচীয়া 3:12-16

এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক; আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷ এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি। এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক। খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।

1 থিচলনীকীয়া 2:4-9

কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী। আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷ মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও আপোনালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ। এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়। ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।

1 থিচলনীকীয়া 4:9

ভাতৃপ্ৰেমৰ বিষয়ে হ’লে আপোনালোকলৈ লিখা অপ্ৰয়োজন; কিয়নো এজনে আন জনক প্রেম কৰাৰ শিক্ষা আপোনালোকে ঈশ্বৰৰ পৰাই শিকিছে।

1 থিচলনীকীয়া 5:11-14

এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক। ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক। আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক। ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।

2 থিচলনীকীয়া 1:4-5

আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ। এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হব।

2 থিচলনীকীয়া 3:6

ভাইসকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আপোনালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি এলেহুৱা হৈ অনিয়মত চলে আৰু আমাৰ পৰা আপোনালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰক।

2 থিচলনীকীয়া 3:14-15

এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেনেহলে আপোনালোকে সেই মানুহক চিনি ৰাখিব আৰু তেওঁ লাজ পাবলৈ তেৱেঁ সৈতে আলাপ-ব্যৱহাৰো নকৰিব; কিন্তু তেওঁক শত্ৰুৰদৰে জ্ঞান নকৰিব, বৰং ভাই বুলি চেতনা দিয়ক।

1 তীমথিয় 1:6-7

এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷ তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷

1 তীমথিয় 2:7-8

এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সঁচা কথা কওঁ; মই মিছা নকওঁ৷ মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷

1 তীমথিয় 2:9-14

সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়; কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷ মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক। শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ। কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল; আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণভাৱে ভুলাই অপৰাধত পেলালে;

1 তীমথিয় 3:1-7

কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য। এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷ সেই লোক জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷ কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব? তেওঁ নতুন শিষ্য হব নালাগে, কিয়নো তেওঁ যেন গর্ব-অহংকাৰত নপৰে আৰু চয়তানৰ দ্ৱাৰা যেন দণ্ড পোৱা নহয়৷ ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হব লাগে৷

1 তীমথিয় 3:8-13

সেইদৰে পৰিচাৰক সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হব লাগে; তেওঁলোক দুতলীয়া, কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হব নালাগে৷ তেওঁলোকে সদায় নিৰ্মল বিবেকত বিশ্বাসৰ নিগূঢ়-তত্ত্ব সাঁচি ৰখা উচিত৷ প্ৰথমে তেওঁলোকে নিজকে পৰীক্ষা কৰক, পাছত নিৰ্দোষী হলেহে পৰিচাৰকৰ কাৰ্য কৰক। পৰিচাৰিকা মহিলা সকলো সন্মানৰ যোগ্য হব লাগে৷ তেওঁলোক যেন অপবাদ দিওতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাসযোগ্য হয়৷ পৰিচাৰক সকলে এগৰাকী মহিলাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু নিজ ঘৰ খন উত্তমৰূপে শাসন কৰক। কিয়নো যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷

1 তীমথিয় 3:15

কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷

1 তীমথিয় 4:1

পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,

1 তীমথিয় 4:6-7

এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷ কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা।

1 তীমথিয় 4:11-16

তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা। তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা। মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা। যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল। এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব। তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।

1 তীমথিয় 5:17-22

যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক। কিয়নো ধৰ্মশাস্ত্ৰত কৈছে “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।” পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা। আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা। ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।। কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।

1 তীমথিয় 6:3

কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷

2 তীমথিয় 1:11-12

সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে। এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।

2 তীমথিয় 2:2-3

আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা। খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা।

2 তীমথিয় 2:15-19

তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুনহবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা। কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷ এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীতো আছে, তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে। তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”

2 তীমথিয় 2:23-26

কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷ প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ, বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।

2 তীমথিয় 3:16-17

সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক; যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷

2 তীমথিয় 4:1-5

মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ - তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা। কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব। তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব। কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।

তীত 1:5-9

অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ। যি জন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তান সকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা। অধ্যক্ষকৰ বাবে এয়ে প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷ কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ’ব লাগে৷ আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ’বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।

তীত 2:15

তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।

ইব্ৰী 2:12-14

যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।” তেওঁ আকৌ কৈছে, “মই তেওঁতহে ভাৰসা কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।” ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু

ইব্ৰী 3:6

কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ।

ইব্ৰী 3:13

যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।

ইব্ৰী 5:12-14

ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে। কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই। কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।

ইব্ৰী 10:21

আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত,

ইব্ৰী 10:24-25

সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক; কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।

ইব্ৰী 12:22-23

কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷ স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,

ইব্ৰী 13:7

আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।

ইব্ৰী 13:17-18

আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব। আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ;

যাকোব 2:2-5

কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে, তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কয়, “আপুনি ইয়াতে স্বচ্ছন্দে বহক” আৰু সেই দৰিদ্ৰজনক যদি কয়, “তই তাতে থিয় হৈ থাক” বা “মোৰ এই ভৰি-পীৰাৰ তলতে বহ”; তেনেহলে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কু-বিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহ’ল নে? হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?

যাকোব 5:14-16

কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক; তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব। এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।

1 পিতৰ 2:5-10

আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে। কিয়নো ধৰ্মশাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিয়োনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ; যি জনে তেওঁত বিশ্বাস কৰে, তেওঁ কোনোমতে লাজত নপৰিব। এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল, আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল। কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল; দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল।

1 পিতৰ 4:8-11

বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে। আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক। আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক; যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।

1 পিতৰ 4:17

কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?

1 পিতৰ 5:1-5

মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷ গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু স্ৱ-ইচ্ছাৰে কৰক, কিন্তু অসৎ ধনৰ বাবে নহয়৷ যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক; যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান কিৰীটি পাব। সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।

1 পিতৰ 5:14

প্ৰেমৰ চুমাৰে আপোনালোকে পৰস্পৰক মঙ্গলবাদ দিয়ক। খ্ৰীষ্টত যি সকল আছে, আপোনালোক সকলোৰে শান্তি হওক।

2 পিতৰ 2:1-3

অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব। অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব। তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।

1 যোহন 1:3

সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।

1 যোহন 1:7

কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।

1 যোহন 2:6

‘মই তেওঁত থাকোঁ’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।

1 যোহন 2:19

খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।

1 যোহন 2:26-27

যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ। আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷

1 যোহন 3:9-11

যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল। ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়। কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বার্তা আপোনালোকে আদিৰে পৰা শুনি আছে।

1 যোহন 3:14

আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।

1 যোহন 3:16-18

যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব? হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।

1 যোহন 4:1

হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।

2 যোহন 1:9-11

যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে। যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব। যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।

3 যোহন 1:9-11

মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে। এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে। হে প্ৰিয়, আপুনি দুষ্কৰ্মৰ অনুকাৰী নহব, কিন্তু সৎ কৰ্মৰ অনুকাৰী হওক। যি জনে সৎ কৰ্ম কৰে, তেওঁ ঈশ্বৰৰ হয়; যি জনে দুষ্কৰ্ম কৰে, তেওঁ ঈশ্বৰক দেখাই নাই।

প্ৰকাশিত বাক্য 1:4

যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক,

প্ৰকাশিত বাক্য 1:20

মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।

প্ৰকাশিত বাক্য 2:1-7

ইফিচত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখাঃ “এই সকলো কথা সেই জনৰ, যি জনে নিজৰ সোঁ হাতত সাতোটা তৰা ধাৰণ কৰে; আৰু যি জনে সাতোটা সোণৰ দীপাধাৰৰ মাজত অহা-যোৱা কৰে, তেওঁ এই কথা কয়, তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷ তোমাৰ ধৈর্যশীলতাৰ স্থায়িত্ব মই জানো, তুমি মোৰ নামৰ কাৰণে গৈ আছা আৰু ক্লান্ত হোৱা নাই। কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কথা আছে, তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা। এতেকে তুমি ক’ৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা। মন-পালটন কৰা আৰু প্রথমে কৰা কার্যকে তুমি কৰা। যদি মন-পালটন নকৰা, তেনেহলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম। কিন্তু এটা গুণ তোমাৰ আছে নীকলাইতীয়া সকলে যি কর্ম কৰে, সেইবোৰক তুমি ঘৃণা কৰা; ময়ো সেইবোৰ ঘৃণা কৰোঁ। যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”

প্ৰকাশিত বাক্য 2:8-11

আৰু স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু পুনৰুত্থিত হ’ল, তেৱেঁ এইবোৰ কথা কলে, “মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)। তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম। যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।

প্ৰকাশিত বাক্য 2:12-17

পৰ্গামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ দুধৰীয়া চোকা তৰোৱাল আছে, তেওঁ এই কথা কয়, মই জানো তুমি ক’ত নিবাস কৰিছা; য’ত চয়তানৰ সিংহাসন আছে, তুমি তাতে নিবাস কৰিছা৷ তথাপি তুমি মোৰ নাম নিবিড় ভাবে ধাৰণ কৰিলা আৰু তোমাৰ বিশ্বাসত মোক অস্বীকাৰ নকৰিলা। তাত তেতিয়া চয়তানে নিবাস কৰিছিল৷ যিদিনা মোৰ সাক্ষী আন্তিপাক বধ কৰা হৈছিল, সেইদিনা মোৰ বিশ্বাসযোগ্য আছিলা। কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে - তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্ৰায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল। একেদৰে তুমিও কিছুমান লোকক ৰাখিছা, যি সকলে নীকলাইতীয়া সকলৰ শিক্ষাক নিবিড় ভাবে ধৰি ৰাখিছে। এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম। যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।

প্ৰকাশিত বাক্য 2:18-29

আৰু থুয়াতীৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনৰ চকু অগ্নিশিখাৰ নিচিনা আৰু চৰণ ঘঁহি চক্‌চকীয়া কৰা পিতলৰ নিচিনা, সেই জনা ঈশ্বৰৰ পুত্ৰই এই কথা কয়, তুমি কৰা কর্ম - তোমাৰ প্রেম, বিশ্বাস, সেৱা আৰু তোমাৰ সহিষ্ণু ধৈর্যশীলতা মই জানো; সাম্প্রতিক তোমাৰ যি পৰিচৰ্যা, সেয়াও প্রথম কর্মতকৈ অধিক। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাববাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে। মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে। চোৱা, মই তেওঁক ৰোগশয্যাত পেলাম; আৰু যি সকলে তেওঁৰে সৈতে ব্যভিচাৰ কৰে, তেওঁলোকক মহা-ক্লেশত পেলাম; যদিহে তেওঁলোকে সেই মহিলাই কৰা কর্মৰ পৰা মন-পালটন নকৰে। মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম। কিন্তু থুয়াতীৰাত অৱশিষ্ট থকা তোমালোকৰ যি সকলে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু কিছুমানে কোৱা চয়তানৰ গভীৰ বিষয়বোৰক তোমালোকৰ যি সকলে নাজানা, তেওঁলোকক মই কওঁ- তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ, কিন্তু তোমালোকৰ যি আছে, মই নাহোঁমানে, তাক ধৰি ৰাখা। যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেইদৰে তেওঁক জাতিবোৰৰ ওপৰত অধিকাৰ দিম; তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক ভাঙি টুকুৰা-টুকুৰ কৰিব৷ আৰু মই যি দৰে পিতৃৰ পৰা গ্ৰহণ কৰিলোঁ, সেইদৰে মই তেওঁক প্ৰভাতীয় তৰা দিম। মণ্ডলীবোৰলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক”।

প্ৰকাশিত বাক্য 3:1-6

চাৰ্দ্দি থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে, তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা, তাত এটা খ্যাতি আছে; কিন্তু তুমি মৃত। জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুর্দিশে মৰা; কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কার্য মই পূর্ণ সমাপ্ত নাপালোঁ। এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা, সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালটোৱা। কাৰণ তুমি যদি জাগ্ৰত নোহোৱা, তেনেহলে মই চোৰৰ নিচিনাকৈ আহিম,আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম, সেই বিষয়ে তুমি নাজানিবা। কিন্তু যি সকলে নিজৰ কাপোৰ মলিন নকৰিলে, এনে কিছুমান লোকৰ নাম চাৰ্দ্দিত আছে। তেওঁলোকে মোৰ সৈতে অহা-যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য। যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম। যদি তোমাৰ কাণ আছে, মণ্ডলী সমূহলৈ আত্মাই কোৱা কথা শুনা”।

প্ৰকাশিত বাক্য 3:7-13

ফিলাদেলফিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন পবিত্ৰ আৰু সত্য, তেওঁ এই কথা কয় যি জনে দায়ুদৰ চাবি ধাৰণ কৰি আছে, যি জনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব। তোমাৰ কৰ্ম মই জানো৷ চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ৷ মই জানো যে, তোমাৰ অলপ শক্তি থকাতো মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা। চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব। তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত, যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসী সকলক পৰীক্ষা কৰিবৰ কাৰণে, গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম। মই বেগাই গৈ আছোঁ; তোমাৰ কিৰীটি যেন কোনেও নলয়, এই কাৰণে তোমাৰ যি আছে, সেইখিনিকে ধৰি ৰাখা। যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰৰ (যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব), নাম আৰু নিজৰ নতুন নাম লিখিম। যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।

প্ৰকাশিত বাক্য 3:14-22

আৰু লায়দিকেয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ “যি জন আমেন, যি জন বিশ্বাসী আৰু সত্য সাক্ষী, যি জন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়, মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ। কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা। এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷ যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা। চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব। মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম। যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।

প্ৰকাশিত বাক্য 7:15

এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে, আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে৷ আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব।

প্ৰকাশিত বাক্য 11:1

পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ’ল; আৰু মোক কোৱা হ’ল, “উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদি আৰু সেইবোৰক প্ৰণিপাত কৰা সকলক জোখা।

প্ৰকাশিত বাক্য 11:19

পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।

প্ৰকাশিত বাক্য 14:12

ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷”

প্ৰকাশিত বাক্য 15:8

ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল; আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।

প্ৰকাশিত বাক্য 18:4

পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ, “হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷

প্ৰকাশিত বাক্য 18:20

“হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”

প্ৰকাশিত বাক্য 19:5-9

তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, “হে ঈশ্বৰৰ দাস সকল, হে তেওঁৰ ভয়কাৰী সকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা৷” পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে। আহা, আমি অতি আনন্দেৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁহক; কিয়নো সেই মেৰ-পোৱালিৰ বিবাহ উপস্থিত হ’ল; আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে।” আৰু পিন্ধিবৰ কাৰণে তাইক সন্মতিৰ সৈতে, শণ সুতাৰ উজ্জল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ’ল; (কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ।) পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”

প্ৰকাশিত বাক্য 21:2-4

আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷ তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।

প্ৰকাশিত বাক্য 21:9-14

তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি কলে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, অৰ্থাৎ মেৰ-পোৱালিৰ ভাৰ্যাক দেখুৱাম।” তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে। সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷ তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷ তাৰে তিনি খনৰ দ্ৱাৰ পূব ফালে, তিনি খন দ্ৱাৰ উত্তৰ ফালে, তিনি খন দ্ৱাৰ দক্ষিণ ফালে আৰু তিনি খন দুৱাৰ পশ্চিম ফালে। আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে।

প্ৰকাশিত বাক্য 21:22

তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ।

প্ৰকাশিত বাক্য 22:16

মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ,উজ্জ্বল প্ৰভাতীয় তৰা।”

Assamese - অসমীয়া - AS

ASIRV'19 - Assamese Indian Revised Version - 2019

This Bible text is from Assamese Indian Revised Version IRV 2019
https://open.bible/bibles/assamese-bridge-text-bible/
provided by: Bridge Connectivity Solutions Pvt Ltd, available by Creative Commons CC-BY-SA-4.0,
and this new compilation is shared as www.creativecommons.org/licenses/by-sa/4.0.
Languages are made available to you by www.ipedge.net