07 – বিচাৰ দিৱস
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: বিচাৰ দিৱস.
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: বিচাৰ দিৱস.
তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।
”আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,
”যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
”অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
”ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
”আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত নির্দোষী হ’ব লাগিব।
”তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।
”তেতিয়া কাঠনিৰ সকলো গছবোৰে যিহোৱাৰ সাক্ষাতে উচ্ছস্বৰে আনন্দ কৰিব, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।
”হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
”কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব। আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম। মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে। যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’ তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”
”দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়, এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
”(ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক;)
”দুষ্টবোৰ তেনেকুৱা নহয়; সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা। এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব, আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব। কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
”কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে। তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
”যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব;
”তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।
”দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে। প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।
”কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)।
”অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে? হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা। তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?
”জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।
”তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।
”যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।
”যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।
”তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
”যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
”ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
”মই মনতে ক’লো, “ঈশ্বৰে ধাৰ্মিক আৰু দুষ্ট এই দুজনৰে বিচাৰ কৰিব; কাৰণ ঈশ্বৰৰ ওচৰত প্ৰত্যেক বিষয় আৰু কৰ্মৰ বাবে এক নিৰ্দিষ্ট সময় আছে।”
”সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।
”সকলোবোৰতো শুনা হ’ল: এতিয়া আহাঁ, আমি সকলোৱে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো মানুহৰ সকলো কৰ্তব্য এয়ে। ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।
”তেওঁলোকে পৃথিৱীলৈ চাব; আৰু সঙ্কট, আন্ধাৰ, আৰু দুখ যাতনা দেখিব। তেওঁলোকক আন্ধকাৰৰ দেশলৈ নিয়া হ’ব।
”মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, মই অহঙ্কাৰীবোৰৰ দৰ্প শেষ কৰিম, আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম।
”তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।
”আপোনাৰ মৃত লোকসকল পুনৰায় জীব,আমাৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধুলিত স্থাপিত হোৱা সকল সাৰ পোৱা আৰু গান কৰা; কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ’ব, আৰু পৃথিৱীয়ে মৃতবোৰক উলিয়াব।
”তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম। আমাৰ মুক্তিদাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা।
”যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে।
”কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ; আৰু পূৰ্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব।
”“কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।” যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।” তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”
”চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
”মই দেখিলোঁ যে, সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল, আৰু প্রাচীন কালে তেওঁৰ আসনত বহিলে; তেওঁৰ বস্ত্ৰ হিমৰ দৰে বগা আছিল, আৰু তেওঁৰ মুৰৰ চুলি বিশুদ্ধ ঊণৰ দৰে আছিল; তেওঁৰ সিংহাসন অগ্নিশিখাৰ আছিল, আৰু তাৰ চক্ৰবোৰ জলন্ত জুইৰ আছিল। তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
”কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।
”মই চাই থাকোঁতে দেখিলোঁ যে, প্রাচীন কালত তেওঁ থকাৰ দৰে, সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায়বিচাৰ দিয়া, পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল, সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে।
”তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব। কিন্তু ন্যায়ালয়ৰ সভা বহিব; আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্রম কাঢ়ি ল’ব; শেষত গ্রাস কৰা হ’ব, আৰু ধ্বংস কৰা হ’ব। ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
”সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক-দূত মীখায়েল থিয় হ’ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সঙ্কট কেতিয়াও হোৱা নাই, তেনে সঙ্কটৰ সময় আহিব। সেই সময়ত পুস্তক খনত নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব। পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব। যিসকল জ্ঞানী, তেওঁলোক আকাশৰ দিপ্তীৰ দৰে প্রজ্বলিত হ’ব, আৰু অনেকক ধাৰ্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব। কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব।”
”তুমি শেষলৈকে নিজৰ পথত চলি থাকা; আৰু তুমি বিশ্ৰাম পাবা। শেষৰ দিনত তোমাক নিযুক্ত কৰা স্থানত তুমি থিয় হ’বা।”
”যিহোৱাৰ দিন দেশবাসী সকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰেই, তোমালৈ কৰা হ’ব, আৰু তুমি কৰা কাৰ্যৰ প্রতিফল তোমাৰ মূৰত পৰিব।
”যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
”গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।
”তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”
”যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল। যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।”
”কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
”ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক। কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।
”সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে? ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে। ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে। যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়। এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।
”যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব। সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।
”যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা। মই তোমালোকক সঁচাকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”
”যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
”কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তুৰ আৰু চীদোনৰ দশা সহিব পৰা হ’ব। তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। কিন্তু মই তোমালোকক কওঁ, সোধ-বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।”
”কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব। কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দ্দোষী বুলি প্ৰমাণিত হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হব।
”পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে চয়তানৰ সন্তান। যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ’ব। মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব। তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব। সেই সময়ত ধাৰ্মিক সকল তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনাকৈ উজ্জ্বল হ’ব। যাৰ কাণ আছে, তেওঁ শুনক।
”“আকৌ স্বৰ্গৰাজ্য এখন জালৰ নিচিনা। সেই জাল সাগৰত পেলোৱা হ’ল আৰু সকলো বিধৰ মাছ সেই জালত উঠিল জাল পৰিপূর্ণ হোৱাত মাছমৰীয়া সকলে তাক টানি বামলৈ তুলিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু বেয়াবোৰ পেলাই দিলে। জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব; তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।”
”কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
”কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে? কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
”“মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
”“স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি, এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
”কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে, ‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল; তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
”হে সৰ্পগণ, কালসৰ্পৰ বংশ, আপোনালোকে নো কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব?
”কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।
”তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব। তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল। কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল’লে; কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ল’লে। পাছত দৰা আহোতে পলম হোৱাত, সকলোৱে কলমটীয়াই টোপনি গ’ল। কিন্তু মাজনিশা যেতিয়া; ‘চোৱা, সৌৱা দৰা! তেওঁক আগবঢ়াই আনিবলৈ ওলোৱাহঁক’, এই বুলি চিঞৰিলে। তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ললে। এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক’লে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে। কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক’লে, ‘কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনাগৈ’। কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ’ল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷ পাছত আন কেইজনী কন্যাই আহি ক’লে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’। কিন্তু তেওঁ উত্তৰ দি ক’লে, ‘মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও’।
”প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
”“যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷ সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ’ব আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক কৰি, মেৰবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ’ব। তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা: উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’। তেতিয়া ধাৰ্মিক সকলে তেওঁক উত্তৰ দি ক’ব, ‘হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলোঁ? পিয়াহ লাগোতে পান কৰাইছিলো? আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো? আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলোঁ’? তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’। তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা। কিয়নো মোৰ ভোক লাগিছিল, তোমালোকে মোক খাবলৈ নিদিলা; পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলা; অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ; মোক চাবলৈ নগ’লা’। তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’? তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’। এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।”
”কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ’ব; সি অনন্ত পাপৰ অধিকাৰী”।
”কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
”কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ, পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
”কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হ’ব। যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল। কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
”তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷
”শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
”“কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই। এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক’লা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ’ব। হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা। কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
”মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব।
”তেতিয়া কোনো এজনে সুধিলে, “প্ৰভু, তাকৰ লোকেহে উদ্ধাৰ পাব নে?” তেতিয়া তেওঁ তেওঁলোকক ক’লে “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷ কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক’বা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি আপোনালোকক ক’ব, ‘তোমালোক কোন ঠাইৰ মানুহ, সেই বিষয়ে মই নাজানো৷’; তেতিয়া তোমালোকে ক’বা, আপোনাৰ সাক্ষাতে আমি ভোজন-পান কৰিলোঁ আৰু আমাৰ আলি বাটতে আপুনি উপদেশ দিলে। কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!’ তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব! তাতে তোমালোকে অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ’ব৷
”কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা। তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”
”তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি ক’লে, “আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।” কিন্তু আনজনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, “তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে? আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷” পাছত তেওঁ ক’লে, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।” যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”
”যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
”কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে। তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল। কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে। কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”
”পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।”
”মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল। আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ। কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে। পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ। এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
”মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
”যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
”মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে।
”যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
”পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
”মাৰ্থাই তেওঁক ক’লে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুণৰায় উঠিব।” যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
”এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;
”যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
”কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহ’লে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।
”জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হবলৈ ঈশ্বৰে যি জনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷
”এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে। কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে। আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
”আৰু ধাৰ্মিক, অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হ’ব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ। এই কাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ।
”তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷ তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ; তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷ তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷ আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
”হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে। আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো। কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে? নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে? কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে। তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব; যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷ কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব; তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷ কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব; কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷
”সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব। কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব; কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়। এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে, আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷
”আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷
”কিন্তু আমাৰ বাবেও লিখা হ’ল আৰু আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনক বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হ’ব। সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল; আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল।
”এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁ। কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ’লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ’ম৷
”কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন। কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।
”এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
”হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
”কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম। কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, “মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।” এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।
”তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিব।
”কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল। এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব। আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।
”এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
”যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়, যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব। আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।
”কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
”কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷ কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল। কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব। কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব। ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব। কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়। আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
”সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি; যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে। এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”। তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল। প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা। সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷ আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
”কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে। চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম। এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম। কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”
”কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব। এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃত্তি কৰাইছোঁ; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ আৰু মই আশা কৰোঁ যে, আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ৷
”কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব; তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
”এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
”আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
”কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
”আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত; আপোনালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা আপোনালোকৰ মাজত নহওক। আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকলক মূৰ্তিপূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই। অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
”এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ; যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷
”কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ; তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।
”তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷ তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
”তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে৷ আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷
”এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷ এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ আহে; পূৰ্বতে আপোনালোকে যেতিয়া এইবোৰত জীয়াই আছিল, তেতিয়া আপোনালোকেও এইবোৰত চলিছিল। কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক৷ ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে;
”কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই।
”ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।
”শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।
”এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হব। ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক ক্লেশ দিব, আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব; তেতিয়া যি সকলে ঈশ্বৰক নাজানে আৰু আমাৰ প্রভু যীচুৰ শুভবার্তা পালন নকৰে, সেই লোক সকলক তেওঁ দণ্ড দিব। তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব। সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।
”কিন্তু বিধান যে কোনো লোকে আইনসংগত ভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো; তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী, ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী, পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে সেই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
”এইবোৰৰ বিষয়ে তুমি আদেশ দিবা, যাতে তেওঁলোক নিৰ্দোষী হয়।
”আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷
”আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আবিৰ্ভাৱ নোহোৱালৈকে, এই আদেশ নিষ্কলঙ্ক আৰু নিৰ্দোষীকৈ ৰাখিবা৷
”এই কথা বিশ্বাসযোগ্য: “আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হম। আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷
”মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ -
”কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
”এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ। কিয়নো যি বাক্য স্বর্গৰ দূত সকলৰ দ্বাৰাই কোৱা হৈছিল, সেই বাক্য সত্য বুলি প্রমাণিত হ’ল; পাপ-আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্রত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে। তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।
”আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,
”তেতিয়া মই কলোঁ, চোৱা মই আহিলোঁ, পুস্তকত মোৰ বিষয়ে যেনেদৰে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ
”সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক; কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক। যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে; কেৱল সোধ-বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা, আৰু ঈশ্বৰৰ বিপক্ষ সকলক গ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব।
”কিয়নো আমি জানো, তেওঁ কৈছে, “প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম;” আৰু কৈছে, “প্ৰভুৱে নিজৰ লোক সকলৰ সোধ-বিচাৰ কৰিব৷” জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা।
”কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷ স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,
”সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
”যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
”কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব। কিয়নো যি সকল মৰিল, তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্ৱৰলৈ জীৱিত৷ কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
”কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
”স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে।
”গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে। এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু:সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে। সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে। কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব। নিজৰ মন্দ কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল আপোনালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে; সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত। এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল। কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ মূর্খ কার্যত বাধা দিছিল। এই লোক সকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
”একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷ কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা। প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷
”কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব। এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত? পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
”এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে, সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে যত্ন কৰক।
”ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷ হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷
”আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে। যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী৷ কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে।
”এই প্ৰেমে আমাৰ ক্ষেত্ৰত এনেদৰে পূর্ণতা পালে যে, আমি সোধ-বিচাৰৰ দিনা আত্মবিশ্ৱাসীহৈ থিয় হব পাৰিম; কিয়নো তেওঁ যেনেকুৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ।
”সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
”আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে। এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে।
”তেওঁলোক নিজৰ লাজ স্বৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ; তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা; সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
”সকলো লোকৰ সোধ-বিচাৰ কৰিবলৈ আৰু ভক্তিহীন সকলে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লঙ্ঘন কৰিলে আৰু ভক্তিহীন পাপী লোকে তেওঁৰ বিৰুদ্ধে যি কঠিন কথা ক’লে, সেই সকলোবোৰ বিষয়ত থকা দোষৰ প্ৰমাণ দিবলৈ আহিল৷”
”আৰু কোনো লোকক, অৰ্থাৎ সংশয় কৰা সকলক দয়া কৰক; কিছুলোকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰক আৰু কিছুমান লোকক ভয়েৰে দয়া কৰক, মাংসৰ দ্বাৰা কলঙ্কিত বস্ত্ৰ ঘিণ কৰক। এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ,
”যেতিয়া মই তেওঁক দেখিছিলোঁ, তেতিয়া মৰা মানুহৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক’লে, “ভয় নকৰিবা৷ মই প্ৰথম আৰু শেষ, আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।
”যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”
”যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।
”যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
”মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
”তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
”পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”।
”আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।” পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
”তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ’ল; তেওঁলোক নিৰ্দোষী।
”তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।”
”তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷ তেওঁলোকৰ যাতনাৰ ধোৱাঁ চিৰকাল উঠি থাকিব৷ সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰা সকলৰ আৰু যি কোনোৱে তাৰ নামৰ ছাব লয়, সেই সকলৰ দিনে-ৰাতিয়ে একো জিৰণি নাই।
”তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা। যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷” পাছত মই বেদিয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।”
”এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷ তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে, ৷” আৰু তেওঁলোকে পুণৰাই ক’লে, “হাল্লিলুয়া! আৰু তাইৰ ধোঁৱা চিৰকাল তাইৰ পৰা উঠি থাকিব।”
”পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।”
”তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।
”পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে। মৃত সকলৰ অৱশিষ্ট লোক সেই হাজাৰ বছৰ পুৰ নহোৱালৈকে জীৱিত নহ’ল। এয়ে প্ৰথম পুনৰুত্থান।
”তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু; আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল।
”তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল। আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷ তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
”পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।” পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম। যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”
”আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷
”যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।” “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷
”