17 – মিছা ধৰ্ম
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: মিছা ধৰ্ম.
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: মিছা ধৰ্ম.
তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য। সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে; কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে; হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে। যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।
”মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক। তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা। সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
”যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ’ব, তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব’।”
”ঈশ্বৰ যিহোৱাই নিৰ্ম্মাণ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?”
”তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।” আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল। যিহোৱাই কৈছিল, “এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব। গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।” এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে। এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
”পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে। মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।”
”অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।” ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম। ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম। কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”
”তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
”তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল। তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে। তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
”কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
”তেতিয়া হাৰোণে মিচৰ দেশৰ সকলো পানীৰ ওপৰত নিজৰ হাত মেলিলে, আৰু ভেকুলীবোৰ উঠি আহি, গোটেই মিচৰ দেশখনক চানি ধৰিলে। কিন্তু শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে, আৰু মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনিলে।
”তেতিয়া তেওঁলোকে সেইদৰে কৰিলে; হাৰোণে নিজৰ লাখুটি লৈ, হাত দাঙি দেশৰ ধুলিত প্ৰহাৰ কৰিলে, আৰু মানুহ আৰু পশুবোৰতো ওকণী হ’ল। গোটেই মিচৰ দেশৰ ধুলিবোৰ ওকণী হ’ল। শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই ওকণী উৎপন্ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে। দেশত মানুহ আৰু পশুবোৰতো ওকণী হ’ল। তেতিয়া শাস্ত্ৰজ্ঞসকলে ফৰৌণক ক’লে, “এই কৰ্ম, ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম।” কিন্তু যিহোৱাই কোৱাৰ দৰে, ফৰৌণৰ মন পুনৰ কঠিন হ’ল, সেয়ে তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
”শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
”মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক। তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা। সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
”তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।
”তোমালোকে মায়াকৰ্ম কৰা সকলক জীয়াই থাকিব নিদিবা।
”যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিঃশেষে বিনষ্ট হ’ব।
”মই তোমালোকক যি সকলো কথা কলোঁ, সেই সকলো কথাত মনোযোগ দিবা। তোমালোকে আন দেৱতাবোৰৰ নাম উল্লেখ নকৰিবা, নাইবা তোমালোকৰ মুখৰ পৰা সেইবোৰৰ নাম শুনা নাযাওক।
”পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।” তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।” সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে। হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”
”তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।” যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক। সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
”মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
”তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা। তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ। তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব। সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব। তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
”তেওঁলোকে যি ছাগলীৰ মূর্তিৰ অনুগামী হৈ ব্যভিচাৰ কৰি আহিছে, সেইবোৰৰ উদ্দেশ্যে আৰু বলিদান কৰিব নালাগে। এয়ে তেওঁলোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি হ’ব’।
”তোমালোকে প্ৰতিমাবোৰৰ ফালে মূৰ নুঘূৰাবা আৰু তোমালোকৰ কাৰণে সাঁচত ঢলা মূৰ্ত্তি নিৰ্ম্মাণ নকৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
”তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
”আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
”ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
”“তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তান সকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব। ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
”আৰু যি কোনো মানুহে ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কোন্দোৱাকৈ চাই, তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
”যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ’ব, তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব’।”
”“তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাসাজিবা, আৰু কটা-মুৰ্ত্তি বা স্তম্ভ স্থাপন নকৰিবা, পৰিসেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশত নক্সা কটা কোনো শিল স্থাপন নকৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
”মই তোমালোকৰ পবিত্র ঠাইবোৰ নষ্ট কৰিম, তোমালোক সুৰ্য্য প্ৰতিমা কাটি পেলাম, আৰু তোমালোকৰ মুৰ্ত্তিবোৰৰ শৱৰ ওপৰত তোমালোকৰ শৱ পেলাম; আৰু মোৰ মনে তোমালোকক ঘিণ কৰিব।
”তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
”যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক। সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি, পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব। আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
”কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
”মোৰ আগত আন কোনো দেৱতা নাথাকক। তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা। সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
”আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব; কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
”নাইবা তেওঁলোকৰ সৈতে বিবাহৰ সম্বন্ধ স্থাপন নকৰিব; আপোনালোকৰ ছোৱালীবোৰক তেওঁলোকৰ পুতেকলৈ বিয়া নিদিব, আৰু নিজৰ ল’ৰাৰ কাৰণেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব। কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব। বৰং আপোনালোকে তেওঁলোকলৈ এই ব্যৱহাৰ কৰিব; তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ পূজাৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, আচেৰা মূৰ্ত্তিবোৰ কাটি পেলাব, আৰু কটা প্ৰতিমাবোৰ জুইত পুৰি পেলাব।
”আপোনালোকে যি জাতিবোৰক উচ্ছেদ কৰিব, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ আপোনালোকে সম্পূর্ণকৈ ধ্বংস কৰিব। তেওঁলোকৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ শিলৰ স্তম্ভবোৰ ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ আচেৰা মূৰ্ত্তিবোৰ জুইত পুৰি পেলাব, তেওঁলোকৰ দেৱতাৰ সকলো কটা-প্ৰতিমাবোৰ কাটি পেলাব আৰু এই দৰে সেই ঠাইৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিব। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উপসনা সেই লোকসকলে কৰাৰ দৰে নকৰিব।
”তেতিয়া সাৱধান হ’ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এইবুলি সুধি ফান্দত নপৰিব “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? শেষত ক’ব ‘ময়ো তেনেকৈ কৰিম’।” আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।
”যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়, আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,” তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
”যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে যিসকল দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলে নাজানে, সেইসকলৰ বাবে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ; পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈৰ লোকসকলে যাক সেৱা কৰে, তেনে যি কোনো দেৱতাৰ পূজা কৰে, তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ’ব আৰু তেওঁৰ কথালৈ কাণ নিদিব; তেওঁলৈ দয়া নেদেখুৱাব; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিব।
”আৰু সেই বোৰৰ আগত প্ৰণিপাত কৰিলে, বা মই নিষেধ কৰা সূৰ্য, চন্দ্ৰ আদি আকাশৰ বাহিনীসকলৰ যি কোনো এজনৰ আগত প্ৰণিপাত কৰে, আৰু সেইবোৰ আপোনালোকৰ আগত কোৱা হ’ল, আৰু আপোনালোকে তাক শুনিলে, এই সকলো আপোনালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিব। ইস্ৰায়েলৰ মাজত তেনে ঘিণলগীয়া কাৰ্য কৰা যদি হৈছে, সেই কথা যদি সঁচা আৰু নিশ্চয় হয়, তেন্তে যি পুৰুষ কি স্ত্ৰীয়ে সেই কুকৰ্ম কৰিলে, সেই পুৰুষ কি স্ত্ৰীক আপোনালোকৰ নগৰৰ দুৱাৰ- মুখলৈ উলিয়াই নি, তেওঁলোক মৰাকৈ তেওঁলোকক শিল দলিয়াই মাৰিব।
”আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে, যি জনে নিজৰ সন্তানক হোমবলি উৎসর্গ কৰে, যি জনে মঙ্গল চায়, যি জনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা, যাদুবিদ্যাৰ অভ্যাস কৰে, যি জনে তন্ত্র-মন্ত্রৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামর্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পর্ক ৰাখে। এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব।
”কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
”‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’
”তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে। ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
”যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
”কিন্তু ইস্রায়েলীয়াসকলে বিচাৰকৰ্ত্তাসকলৰ কথাত কাণ নিদিলে; কিয়নো তেওঁলোক যিহোৱাৰ প্রতি বিশ্বাসী নাছিল আৰু আন আন দেৱ-দেৱীৰ ওচৰত নিজকে বেচি ব্যভিচাৰ কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিছিল; তেওঁলোকৰ ওপৰ পিতৃসকলে যিহোৱাৰ আজ্ঞা পালন কৰি বাধ্যতাৰ যি পথত গমণ কৰিছিল, তেওঁলোকে সেই পথত নচলিলে আৰু অচিৰেই সেই পথৰ পৰা আঁতৰি গ’ল।
”কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
”ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু পলেষ্টীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে। সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
”তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
”তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম। যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।” কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে, “আমি পাপ কৰিলোঁ; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।” তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
”তাৰ পাছত পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে। পাছদিনা অচ্দোদৰ লোকসকলে ৰাতিপুৱাতে উঠি দেখিলে যে, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত দাগোনৰ মূৰ্তিটো তললৈ মুখ কৰি মাটিত পৰি আছে; সেয়ে তেওঁলোকে দাগোনৰ মূৰ্তিক তুলি পুনৰ নিজ ঠাইত ৰাখিলে। তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে, যিহোৱাৰ চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে, আৰু দাগোনৰ মুৰটো আৰু হাত দুখন কটাহৈ দুৱাৰ দলিত পৰি আছে; কেৱল তাৰ গাডোখৰ মাথোন অৱশিষ্ট থাকিল। সেই কাৰণে দাগোনৰ পুৰোহিত আদি কৰি যিমান লোক দাগোনৰ মন্দিৰত সোমায়, তেওঁলোকৰ মাজৰ কোনেও অচ্দোদত থকা দাগোনৰ দুৱাৰ ডলিত আজি পৰ্য্যন্ত ভৰি নিদিয়ে। অচ্দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে। অচ্দোদীয়া সকলে তাকে দেখি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে; কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁৰ হাত ক্লেশদায়ক হৈছে।”
”কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
”চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।
”তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক’লে, “তোমালোকে মোৰ অৰ্থে কোনো প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা; তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম।” পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওক, অয়িন-দোৰত এজনী প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা আছে।” তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্ম-বেশ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়েই সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক’ম, তেওঁক তুলি আনা।” তেতিয়া সেই মহিলাই তেওঁক ক’লে, “চাওক, চৌলে কি কৰিলে, সেই বিষয়ে আপুনি জানে। তেখেতে প্ৰেতাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান্দ পাতিছে?
”কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল। কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷ এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল। সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল। তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷
”কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চীদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তান সকলৰ মিল্কম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
”এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
”কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷ সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
”এলিয়াই লোক সকলৰ ওচৰলৈ আহি ক’লে, “তোমোলোকে কিমান কাললৈকে তোমালোকৰ মন সলনি কৰি থকিবা? যিহোৱা যদি ঈশ্বৰ হয়, তেন্তে তেওঁৰ পাছত চলা; কিন্তু বাল যদি ঈশ্বৰ হয়, তেন্তে তাৰে পাছত চলা।” কিন্তু লোকসকলে তেওঁক কোনো উত্তৰ নিদিলে। তেতিয়া এলিয়াই লোকসকলক ক’লে, “যিহোৱাৰ এজন মাত্ৰ ভাববাদী মইহে অৱশিষ্ট আছোঁ, কিন্তু বালৰ ভাববাদী চাৰিশ পঞ্চাশজন লোক আছে। এই হেতুকে আমাক দুটা ভতৰা দিয়া হওঁক; তেওঁলোকে তেওঁলোকৰ কাৰণে এটা ষাঁড় লওক, আৰু তাক ডোখৰ ডোখৰ কৰি কাটি খৰিৰ ওপৰত থওক, কিন্তু তাৰ তলত জুই নিদিয়ক; আৰু ময়ো আনটো ষাঁড় যুগুত কৰি খৰিৰ ওপৰ ৰাখিম, আৰু তাৰ তলত জুই নিদিম। তেতিয়া তোমালোকে তোমালোকৰ দেৱতাৰ নামেৰে প্ৰাৰ্থনা কৰিবা আৰু মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম; তাতে যাৰ ঈশ্ৱৰে অগ্নিৰ দ্বাৰাই উত্তৰ দিব, তেওঁৱেই ঈশ্বৰ হওঁক।” তাতে সকলো লোকে উত্তৰ দি ক’লে, “এইটো ভাল কথা।”
”তেতিয়া এলিয়াই বালৰ ভাববাদীসকলক ক’লে, “প্ৰথমে তোমালোকে তোমালোকৰ কাৰণে এটা ভতৰা লোৱা, আৰু সেই ভতৰাটো যুগুত কৰা, কিয়নো তোমালোক অনেক লোক আছা। পাছত তোমালোকে তোমালোকৰ ঈশ্ৱৰৰ নামেৰে প্ৰাৰ্থনা কৰিবা, কিন্তু তলত জুই নিদিবা।” তেতিয়া তেওঁলোকক দিয়া ভতৰাটো লৈ তেওঁলোকে যুগুত কৰিলে, আৰু ৰাতিপুৱাৰে পৰা দুপৰীয়ালৈকে “হে বাল, আমাক উত্তৰ দিয়া”, এই বুলি কৈ বালৰ নামেৰে প্ৰাৰ্থনা কৰিলে; কিন্তু তেওঁলোকলৈ কোনো বাণী নহ’ল আৰু কোনেও উত্তৰো নিদিলে। তাৰ পাছত তেওঁলোকে সজা যজ্ঞবেদীৰ চাৰিওফালে দেও দি নাচিবলৈ ধৰিলে। দুপৰীয়া সময়ত এলিয়াই তেওঁলোকক ঠাট্টা কৰি ক’লে, “বৰকৈ ৰিঙিওৱাহঁক! তেওঁ এজন ঈশ্বৰ! হয়তো তেওঁ ধ্যান কৰি আছে বা কোনো ঠাইলৈ যাত্ৰা কৰি আছে, নাইবা টোপনিতে আছে আৰু তেওঁক জগাব প্রয়োজন।” তেতিয়া তেওঁলোকে পুনৰ বৰকৈ আটাহ পাৰি মাতিবলৈ ধৰিলে আৰু তেওঁলোকৰ ৰীতিৰ দৰে, কটাৰী আৰু শূলৰ ধাৰেৰে কাতি তেজ নোবোৱালৈকে নিজকে ক্ষত-বিক্ষত কৰিলে। এইদৰে দুপৰ বেলা পাৰ হ’ল আৰু তেওঁলোকে সন্ধ্যাৰ নৈবেদ্য দিয়ালৈকে ভাববাণী প্ৰচাৰ কৰিলে; তথাপি উত্তৰ দিবলৈ কোনো বাণী ন’হল বা কোনোৱে তেওঁলোকক উত্তৰ দিবলৈ মনোযোগো নকৰিলে।
”তেতিয়া এলিয়াই লোকসকলক ক’লে, “মোৰ ওচৰলৈ আহাঁ”, আৰু সকলো লোক তেওঁৰ ওচৰলৈ গ’ল। তেতিয়া তেওঁ যিহোৱাৰ সেই ভগা যজ্ঞ-বেদী মেৰামতি কৰিলে। “তোমাৰ নাম ইস্ৰায়েল হ’ব”, এই বুলি যি যাকোবৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিছিল, তেওঁৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে এলিয়াই বাৰটা শিল ল’লে। সেই শিলবোৰেৰে তেওঁ যিহোৱাৰ নামেৰে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু বেদীৰ চাৰিওফালে দুই চেয়া বীজ ধৰিব পৰা এটা খাল খান্দিলে। তাৰ পাছত তেওঁ খৰি ৰীতিমতে সজাই, ভতৰাটো ডোখৰ ডোখৰ কৰি কাটি খৰিৰ ওপৰত দিলে। তেতিয়া তেওঁ ক’লে “চাৰি কলহ পানী ভৰাই এই হোম-বলিৰ ওপৰত আৰু খৰিবোৰৰ ওপৰত ঢালি দিয়া।” পুনৰায় তেওঁ ক’লে, “দ্বিতীয়বাৰো তেনে কৰা।” তেতিয়া তেওঁলোকে দ্বিতীয়বাৰো তাকেই কৰিলে। তেওঁ আকৌ ক’লে, “তৃতীয়বাৰো তেনেকৈ কৰা।” তাতে তেওঁলোকে তৃতীয়বাৰো কৰিলে। তেতিয়া বেদীৰ চাৰিওফালে পানী বৈ গ’ল আৰু সেই খালো পানীৰে পুৰ কৰিলে।
”পাছত সন্ধিয়া বেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক’লে, “হে অব্ৰাহামৰ, ইচহাকৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক। হে যিহোৱা, তুমিয়েই যে ঈশ্বৰ আৰু তুমিয়েই যে এওঁলোকৰ মন পুনৰায় তোমালৈ ঘূৰাই আনিছা, সেই বিষয়ে এই লোকসকলে জানিবৰ কাৰণে, হে যিহোৱা, মোৰ এই কথা শুনা।” তেতিয়া যিহোৱাৰ অগ্নি পৰি, সেই হোম-বলি, খৰি, শিল, আৰু মাটি গ্ৰাস কৰিলে, আৰু খালত থকা পানীকো চেলেকি পেলালে। লোক সকলে যেতিয়া এই কাৰ্য দেখিলে, তেতিয়া তেওঁলোকে মাটিলৈ মুখ কৰি পৰি ক’লে, “যিহোৱায়েই ঈশ্বৰ! যিহোৱায়েই ঈশ্বৰ!” তেতিয়া এলিয়াই তেওঁলোকক ক’লে, “তোমালোকে বালৰ ভাববাদীসকলক ধৰা। তেওঁলোকৰ মাজৰ এজনকো পলাই সাৰি যাব নিদিবা।” তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰিলে আৰু এলিয়াই তেওঁলোকক কীচোন জুৰিলৈ নি, সেই ঠাইত তেওঁলোকক বধ কৰিলে।
”আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে।
”যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
”তেওঁলোকে বাল দেৱতাৰ মন্দিৰৰ পৰা পূজাৰ শিলৰ স্তম্ভবোৰ উলিয়াই আনি পুৰি পেলালে। তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।
”যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল; তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
”তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল। তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল। তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল। নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল। এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
”তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
”তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল। আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে। যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
”তেওঁ ওখ ঠাইৰ মঠবোৰ আতৰালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰ কাটি পেলালে। মোচিয়ে নিৰ্ম্মাণ কৰা পিতলৰ সাপটো তেওঁ ডোখৰ ডোখৰ কৈ ভাঙি পেলালে, কিয়নো সেই কালত ইস্ৰায়েলী লোকসকলে তাৰ উদ্দেশ্যে ধূপ জ্বলাইছিল। পিতলৰ সাপটোৰ নাম “নহুষ্টন” ৰখা হৈছিল।
”হে যিহোৱা, এই কথা সত্য যে, অচূৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে। তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নাছিল, মনুষ্যৰ হাতেৰে নির্মিত কেৱল কাঠ আৰু শিলৰ শিল্পকাৰ্য্য মাথোন; সেয়ে, অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
”তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
”“যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।” সেয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “মই শীঘ্রেই যিৰূচালেম আৰু যিহূদালৈ এনে অমঙ্গল আনিম যে, যেয়ে তাক শুনিব, তেওঁলোক সকলো শিয়ৰি উঠিব।
”তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।
”যিহূদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূর্য, চন্দ্র, গ্রহ-নক্ষত্র, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ ৰজাসকলে যি সকলো মূর্তিপূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল, তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আতৰালে। তেওঁ যিহোৱাৰ গৃহৰ পৰা আচেৰা মূৰ্ত্তিটো বাহিৰ কৰি, যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুড়ি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে। যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল। ৰজা যোচিয়াই যিহূদাৰ নগৰবোৰৰ সকলো পুৰোহিতক যিৰূচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰ-চেবা পর্যন্ত যি সকলো ওখ ঠাইৰ মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল, তেওঁ সেই সকলোবোৰ ঠাই অপবিত্র কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাইৰ মঠবোৰ ধ্বংস কৰিলে; যিৰূচালেম নগৰৰ যিহোচূৱা নামৰ এজন ৰাজ্যপালে নির্মাণ কৰা যিহোচূৱা দুৱাৰৰ প্রৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল, তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱা নগৰৰ প্রধান দুৱাৰৰ বাওঁফালে আছিল।
”ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।
”চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল।
”কাৰণ জাতি সকলৰ সকলো দেৱতাবোৰ প্রতিমা মাথোন, কিন্তু তেওঁ যিহোৱা যি জনে আকাশ-মণ্ডল সৃষ্টি কৰিলে।
”যাৰবিয়ামে তেওঁৰ নিজৰ কাৰণে নিজে সজা দামুৰি আৰু ছাগলীৰ প্ৰতিমা আৰু তাৰ বাবে পুৰোহিতসকলক পবিত্ৰ ঠাইবোৰৰ কাৰণে নিযুক্ত কৰিছিল।
”কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আচেৰা মুৰ্ত্তিবোৰ খণ্ড-বিখণ্ড কৰি কাটিছিল৷
”তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ ত্যাগ কৰি, আচেৰা মুৰ্ত্তিবোৰক আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে৷ তেওঁলোকৰ সেই দোষৰ কাৰণে যিহূদালৈ আৰু যিৰূচালেমলৈ ঈশ্বৰৰ ক্ৰোধ আহিল।
”কিয়নো তেওঁ নিজকে পৰাজয় কৰা দম্মেচকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল৷ তেওঁ কৈছিল, “অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে; এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম; তেতিয়া তেওঁলোকে মোকো সহায় কৰিব।” কিন্তু সেইবোৰেই তেওঁৰ আৰু গোটেই ইস্ৰায়েলৰ সৰ্ব্বনাশৰ কাৰণ হ’ল। পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল। তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷
”আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতি সমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে। কিয়নো তেওঁৰ পিতৃ হিষ্কিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে; আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে, আচেৰা মুৰ্ত্তিবোৰ সাজিলে আৰু আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পুজা কৰিলে।
”আৰু তেওঁ নিজৰ সন্তান সকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে। আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম;
”যিসকলে আন দেৱতাক মনোনীত কৰে, তেওঁলোকৰ অধিক যাতনা হ’ব, তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; দেৱতাৰ নামো মোৰ ওঁঠত নলম।
”তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে। এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।
”কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র, কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।
”লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
”তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে, আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল। এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে। তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে, তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে, কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে, গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল।
”তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য। সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে; কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে; হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে। যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।
”জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য। সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে; কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই। সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
”কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে।
”মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে।
”সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব।
”তেওঁলোকে তোমালোকক ক’ব, “যি সকলে গুণমন্ত্র জানে তেনে যাদুকৰ আৰু মধ্যস্থতাকাৰীৰ সৈতে আলোচনা কৰা” কিন্তু লোকসকলে নিজৰ ঈশ্বৰক নুসুধিব নে? তেওঁলোকে জীৱিতসকলৰ হৈ মৃতবোৰক সুধিব নে? সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
”তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা! তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম। মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’ তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল।
”মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।
”তোমালোকে নিজৰ কটা-মূৰ্ত্তিত মৰা ৰূপৰ আৰু সোনৰ পতা অশুচি কৰিবা, তোমালোকে তাক অশুচি বস্তু দৰে পেলাই দি ক’বা, “ইয়াৰ পৰা দূৰ হোৱা।”
”কাৰণ সেই দিনা তোমালোক প্ৰতিজনে পাপেৰে সৈতে নিজৰ হাতেৰে নির্মাণ কৰা ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাই দিবা।
”মই যিহোৱা, এয়ে মোৰ নাম; আৰু মই মোৰ গৌৰৱ আনক, বা মোৰ প্ৰশংসা কটা মুৰ্ত্তিবোৰক নিদিওঁ।
”যিসকলে কটা প্ৰতিমাবোৰত বিশ্বাস কৰে, আৰু যিসকলে সাঁচত ঢলা মুৰ্ত্তিবোৰক কয়, “তোমালোক আমাৰ ঈশ্বৰ,” সেই আটাইলোক সকলে বিমুখ হৈ সম্পূৰ্ণকৈ লাজ্জিত হ’ব।
”যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্বতে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব।
”ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
”কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব। মূল্যহীন দেৱতা বা কটা মূৰ্ত্তি কোনে নিৰ্ম্মাণ কৰিলে? চোৱা, তেওঁৰ সকলো সহযোগী সকল লাজত পৰিব; শিল্পকাৰসকল কেৱল মানুহ মাথোন। তেওঁলোকক একেলগহৈ থিৰে থাকিব দিয়া; তেওঁলোক কাপুৰুষ আৰু তেওঁলোকে লাজ পাব। কমাৰে তেওঁৰ সজুলিৰে সৈতে কাম কৰে, তেওঁ লোহাৰ অস্ত্ৰ আঙঠাৰ ওপৰত দি নিৰ্ম্মাণ কৰে। তেওঁ হাতুৰীৰে তাক গঢ় দিয়ে, আৰু নিজৰ বলবান হাতেৰে তাক বনায়। তেওঁ ভোকাতুৰ হয়, আৰু তেওঁৰ বল হ্রাস পায়, তেওঁ পানী নাখায় আৰু মূৰ্ছা যায়। বাঢ়ৈয়ে কাঠ ৰেখা টানি ৰঙা জোখে, আৰু লিখনিৰে সৈতে তাত চিন দিয়ে। তেওঁ কম্পাচেৰে সৈতে চিন দি সজুলিৰে সৈতে তাক গঢ় দিয়ে, তেওঁ আকৰ্ষণীয় মানুহৰ আকৃতিৰে তাক গঢ় দিয়ে, যাতে তাক মন্দিৰত থ’ব পাৰে। তেওঁ এৰচ গছ কাটে; বা তেওঁ দেবদাৰু (চাইপ্ৰাচ) আৰু ওক গছ বাছি লয়; সি অৰণ্যৰ পৰা গছবোৰ নিজৰ বাবে লয়। ফাৰ গছ ৰোৱে, আৰু বৰষুণে তাক বৃদ্ধি কৰে। তাৰ পাছত মানুহে তাক জুইৰ বাবে ব্যৱহাৰ কৰে, আৰু নিজে শেক লয়। হয়, তেওঁ জুই জ্বলায়; আৰু তাত পিঠা শেকে। তেওঁ তাৰে এটা দেৱতা নিৰ্ম্মাণ কৰি তাৰ আগত প্রণিপাত কৰে, আৰু তেওঁ এটা মূৰ্ত্তি সাজি তাৰ আগত প্ৰণিপাত কৰে।
”তাৰ অৱশিষ্ট কাঠেৰে তেওঁ এক দেৱতা নিৰ্মাণ কৰিলে, তেওঁ তাৰ আগত প্ৰণিপাত কৰে, আৰু তাক সন্মান কৰে, আৰু তাৰ আগত প্ৰশংসা কৰি কয়, “মোক উদ্ধাৰ কৰা; কাৰণ তুমি মোৰ দেৱতা।” তেওঁলোকে নাজানে, আৰু তেওঁলোকে নুবুজে; কাৰণ তেওঁলোক চকু অন্ধ আৰু দেখা নাপায়, আৰু তেওঁলোকৰ হৃদয় অনুভব নকৰে।
”ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই।
”জাতিবোৰৰ মাজৰ শৰণার্থীসকল, তোমালোক একগোটহৈ নিজকে সমবেত কৰা আৰু আহাঁ! যিসকলে কটা প্ৰতিমা ভাৰ বৈ ফুৰে, আৰু ৰক্ষা কৰিব নোৱাৰা দেৱতাৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ কোনো জ্ঞানো নাই।
”লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে। তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।
”যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা। তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া। চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব। সেইবোৰ তোমাৰ কাৰণে একো নহয় কিন্তু কঠোৰ পৰিশ্ৰম মাথো, যিসকলৰ সৈতে সৰু কালৰে পৰা তুমি বেপাৰ বাণিজ্য কৰিলে, তেওঁলোক প্ৰতিজনে দিহাদিহি গুচি যাব, তোমাক উদ্ধাৰকৰিবলৈ কোনো নাথাকিব।
”তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য কৰা? মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ, ‘আমি মুক্তি পালোঁ’ এইবুলি কবা নে? মোৰ নামেৰে প্ৰখ্যাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হল নে? যিহোৱাই ইয়াকেই ঘোষণা কৰিছে, চোৱা! মই, মইয়ো ইয়াকেই দেখিলোঁ।
”মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয়-নৈবেদ্য উৎসৰ্গ কৰিবলৈ লৰা-ছোৱালীসকলে খৰি বোটলে, বাপেকহঁতে জুই জ্বলাই, আৰু মহিলাসকলে মৈদা খচে।
”তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
”কিয়নো জাতিবোৰৰ ৰীতি-নীতিবোৰ অসাৰ। কাৰণ এজন মানুহে কাঠনিৰ পৰা এডাল গছ কাটি উলিয়ায়; সেয়ে কুঠাৰেৰে কৰা মানুহৰ হাতৰ কাৰ্য হৈ উঠে। তেতিয়া তেওঁলোকে তাক ৰূপ আৰু সোণেৰে অলংকৃত কৰে। আৰু সেয়ে নপৰিবৰ বাবে হাতুৰীৰে গজাল মাৰি তাক মজবুত কৰে। সেইবোৰ শিল্পকাৰে খাজুৰ গছৰ আকৃতিৰে কুন্দত কটা কাঠৰ নিচিনা, আৰু কথা কব নোৱাৰে। সেইবোৰক বৈ নিব লগীয়া হয়, কাৰণ সেইবোৰে খোজ কাঢ়িব নোৱাৰে। তোমালোকে সেইবোৰলৈ ভয় নকৰিবা; কাৰণ সেইবোৰে কোনো পাপ কৰিব নোৱাৰে আৰু হিত কৰিবলৈকো সেইবোৰৰ সাধ্য নাই।
”তোমালোকে তেওঁলোকক এই কথা কোৱা, ‘যি দেৱতাবোৰে আকাশ-মণ্ডল স্ৰজন কৰা নাই, সেইবোৰ পৃথিৱীৰ পৰা, আকাশ-মণ্ডলৰ তলৰ পৰা উচ্ছন্ন হব।’
”প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞান-শূন্য, প্ৰতিজন সোণাৰী আৰু কটা-প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়। কাৰণ তাৰ সাঁচত ঢলা মূৰ্ত্তিবোৰ মিছা; সেইবোৰৰ ভিতৰত কোনো নিশ্বাস-প্ৰশ্বাস নাই। সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়াৰ সময়ত সেইবোৰ বিনষ্ট হব।
”এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।
”যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
”তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয় ঠাই কৰিলে, আৰু তেওঁলোক, তেওঁলোকৰ পূৰ্বপুৰুষসকল আৰু যিহূদাৰ ৰজাসকলে নজনা ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে। তেওঁলোকে বালৰ উদ্দেশ্যে হোম-বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ, বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ, বা মোৰ মনত উদয়ো হোৱা নাছিল। এই কাৰণে যিহোৱাই কৈছে, চোৱা, “যি দিনা এই ঠাই তোফৎ, বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি আৰু প্ৰখ্যাত হ’ব, এনে দিন আহিছে।
”গতিকে যিৰূচালেমৰ আৰু যিহূদাৰ ৰজাসকলৰ অশুচি কৰা ঘৰবোৰ, এনে কি, যি ঘৰবোৰৰ চালত তেওঁলোকে আকাশ-মণ্ডলৰ বাহিনীসকলৰ উদ্দেশ্যে ধূপ জ্বলায়, আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালে, সেই ঘৰবোৰ তোফতৰ ঠাইৰ নিচিনা হ’ব’।”
”আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰ আগত প্ৰণিপাত কৰিবলৈ সেইবোৰৰ অনুগামি নহ’বা, আৰু তেওঁলোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ নিদিবা; তেতিয়া মই তোমালোকৰ কোনো অপকাৰ নকৰিম।’
”কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’ কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে।
”কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে। তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
”প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূন্য প্ৰতিজন সোণাৰী তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়; কাৰণ তাৰ সাঁচত ঢলা মুৰ্ত্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস-প্ৰশ্বাস নাই। সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়া কালত সেইবোৰ বিনষ্ট হ’ব।
”এইদৰে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ কাৰণে ওৰণি তৈয়াৰ কৰোঁতা মহিলাসকলৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাসকলৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ কাৰণে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?
”এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ দৰেই তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ দৰেই তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম।
”“হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্রতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম? সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম। মই এইদৰে কৰিম যাতে ইস্ৰায়েলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰায় ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্রতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে!’
”এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মন পালটোৱা আৰু তোমালোকৰ প্রতিমাবোৰৰ পৰা ঘূৰি আহাঁ! আৰু তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যবোৰলৈ পিঠি দিয়া! কিয়নো ইস্ৰায়েল বংশৰ মাজত আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে পৃথকে ৰাখিব, যিজনে নিজৰ প্রতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব - মই যিহোৱাই নিজেই তেওঁক উত্তৰ দিম!
”কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।
”তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, “মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়। কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
”তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।
”পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল।
”যিসকলে অসাৰ দেৱতাবোৰক মানে, তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।
”মই তোমালোকৰ হাতৰ মায়াকর্ম নষ্ট কৰিম, আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব। মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা; মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম, আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।
”কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কৰ্মত বিশ্বাস কৰে। যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ’ব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।
”মই যিহূদাৰ বিৰুদ্ধে আৰু যিৰূচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্রতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম; যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
”কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
”যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্ৰেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে। যি ব্যক্তিয়ে এনেৰূপ কাৰ্য কৰে, তেওঁ যদিও বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰে, তথাপিও যিহোৱাই যাকোবৰ বংশৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিব।
”পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।
”উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।” নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?” যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।” শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়। মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব। বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
”কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে। তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
”যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেৰৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
”যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
”কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
”তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
”সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল। সৰুৰ পৰা ডাঙৰলৈকে সকলো চমৰীয়া বাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল; তেওঁলোকে কৈছিল, “এই জন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি”। তেওঁ ভালেমান দিন ধৰি মায়াকর্ম্মৰে চমক দেখুৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল। কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল। পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।
”এইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিওফালে ফুৰি পাফঃ নগৰলৈকে গ’ল, তাতে বাৰ-যীচু নামেৰে যি এজন যিহুদী মানুহ মায়াবী আৰু ভাঁৰিকোৱা ভাববাদী আছিল, তেওঁক দেখা পালে৷ তেওঁ সেই দ্বীপৰ অধিপতি বুদ্ধিমান চৰ্জ্জিয় পৌলৰ লগত আছিল৷ সেই অধিপতিয়ে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বাৰ্ণব্বাক মাতি পঠিয়ালে৷ কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷ তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ স্হিৰ দৃষ্টিৰে চালে আৰু কলে, “হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপূৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে? আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷” তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ’ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷ এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷
”তেওঁলোকে বার্ণব্বাক “জীউছ” আৰু পৌল যিহেতু প্রধান বক্তা আছিল, সেয়েহে তেওঁক “হেৰমেনাচ” বুলি কবলৈ ধৰিলে। নগৰৰ ঠিক বাহিৰতে জীউছৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল; পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসর্গ কৰিবলৈ বিচাৰিলে। কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে, “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
”এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অশুচি আত্মাই লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুচি আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল। এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।” এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
”তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ। কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ। ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে। মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে। এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে। সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই। কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’ আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে। এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
”আৰু মায়াকর্ম্ম কৰা সকলৰ ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি পঞ্চাশ হাজাৰ ৰূপৰ মুদ্ৰা পালে।
”নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল; আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
”তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।
”মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ খোৱাৰ বিষয়ে কওঁ; আমি জানো যে “জগত খনত দেৱতা বুলি আচলতে একোৱে নাই” আৰু “এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই”। কিয়নো স্বৰ্গতে হওক বা পৃথিৱীতে হওক, দেৱ-দেৱী বুলি কোৱা “বহুতো দেৱতা আৰু বহুতো প্রভু” থাকিলেও,
”এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল সকলো প্ৰকাৰৰ মূৰ্তিপূজাৰ পৰা দূৰৈত থাকক৷
”তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে? তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে। নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?
”আপোনালোকে জানে, যেতিয়া আপোনালোক মূৰ্তিপূজক আছিল, তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল। এই কাৰণে মই আপোনালোকক জনাইছোঁ যে, ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও “যীচুক শাপগ্ৰস্থ বুলি নকয়; আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহ’লে, কোনেও যীচুক ‘প্ৰভু’ বুলিব নোৱাৰে”।
”বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক? আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”
”কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ। এই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।
”খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো। আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে। কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক। আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
”কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু;
”পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
”আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,
”ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।
”যীচু সেই অভিষিক্ত জন বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে।
”হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল। অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ; আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ আত্মা৷ এই বিষয়ে আপোনালোকে শুনিছে, এইবোৰ ইতিমধ্যে জগতত এতিয়া উপস্থিত হৈ আছে।
”আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।
”তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷
”যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে। যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব। যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
”এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে। তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।
”সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
”তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে, আৰু তেওঁলোকে পশুকো প্ৰণিপাত কৰি ক’লে, “এই পশুৰ তুল্য কোন আছে, আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে?”
”তাক সেই পশুৰ প্ৰতিমূৰ্তিত প্ৰাণ-বায়ু দিবলৈ ক্ষমতা দিয়া হ’ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক’ব পাৰে আৰু সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰা সকলক যেন বধ কৰাৰ আদেশ দিব পাৰে৷ তাতে সি গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, প্ৰত্যেকৰে সোঁ হাতত বা কপালত এটা বিশেষ চিহ্নৰ ছাব লবলৈ বাধ্য কৰালে; যি সকলৰ সেই পশুৰ ছাব, অৰ্থাৎ সেই পশুৰ নাম, বা তাৰ নামৰ সংখ্যা নাই, তাক এনে কৰিলে যে, তেওঁ কিনা-বেচা কৰাতো অসম্ভৱ হ’ল৷ ইয়াত জ্ঞানৰ কথা আছে; যদি কাৰোবাৰ বুদ্ধি আছে, তেওঁ সেই পশুৰ সংখ্যা গণনা কৰক; কিয়নো এইটো এজন মানুহৰ সংখ্যা৷ তেওঁৰ সংখ্যা হ’ল ছয় শ ছয়ষষ্টি।
”পাছত আন এজন তৃতীয় স্বৰ্গৰ দূতে, তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক’লে, “কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত ছাব লয়, তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷ তেওঁলোকৰ যাতনাৰ ধোৱাঁ চিৰকাল উঠি থাকিব৷ সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰা সকলৰ আৰু যি কোনোৱে তাৰ নামৰ ছাব লয়, সেই সকলৰ দিনে-ৰাতিয়ে একো জিৰণি নাই।
”সেই মহিলা গৰাকী বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি-মুকুতাৰ অলঙ্কাৰ পৰিধান কৰা; তাইৰ হাতত ঘিণলগীয়া বস্তু আৰু তাইৰ ব্যভিচাৰৰূপ মলিৰে পৰিপূৰ্ণ এক পান-পাত্ৰ আছিল; আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল, পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।” সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
”চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ দৰা আৰু কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।
”কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”
”