28 – এঞ্জেলচ
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: এঞ্জেলচ.
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: এঞ্জেলচ.
যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
”কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?” সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?
”সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”
”এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে।
”যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।” পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে। মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।”
”অব্রাহামে যেতিয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল, তেতিয়া যিহোৱাই তেওঁক এদিন দৰ্শন দিলে। তেওঁ দুপৰীয়াৰ ৰদত নিজৰ তম্বুৰ দুৱাৰ মুখত বহি আছিল; তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে, কিছু দূৰৈত তেওঁৰ সন্মুখত তিনি জন লোক থিয় হৈ আছে; তেওঁলোকক দেখামাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
”তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে। তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা। কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।” তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে। তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”
”তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’লে, “এইয়া মই আছোঁ।” দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”
”পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে। তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলে আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে, মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব। তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
”তেওঁ শুই থাকোতে সপোনত দেখিলে যে পৃথিৱীৰ ওপৰত এডাল জখলা থিয় হৈ আছে আৰু তাৰ মূৰটো গৈ স্বর্গত লাগি আছে। তেওঁ দেখিলে যে তাৰ ওপৰেদি ঈশ্বৰৰ দূতবোৰে উঠা-নমা কৰি আছিল আৰু
”তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’
”পাছত যাকোবেও নিজৰ পথত যাত্রা কৰিলে। বাটত ঈশ্বৰৰ দূতবোৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে। তেওঁলোকক দেখি যাকোবে ক’লে, “এইয়া ঈশ্বৰৰ শিবিৰ।” সেই কাৰণে তেওঁ সেই ঠাইৰ নাম মহনয়িম ৰাখিলে।
”সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই। তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
”ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল। মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।
”যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।
”মোৰ দূত তোমালোকৰ আগে আগে যাব, আৰু ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, কনানীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ দেশলৈ তোমালোকক লৈ যাব। মই তেওঁলোকক ধ্বংস কৰিম।
”তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা। এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মুৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা। কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব। তুমি সেই পাপাবৰণ, সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থ’বা। মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
”এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”
”মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
”পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
”তেতিয়া আমি যিহোৱাৰ আগত কাতৰোক্তি কৰোঁতে, তেওঁ আমাৰ বাক্যলৈ কাণ দিলে, তেওঁ দূত পঠাই মিচৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চোৱা, আমি তোমাৰ দেশৰ সীমাত থকা কাদেচ নগৰত আছোঁ।
”পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল। তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে। তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল। গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে। যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল। তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে। তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, “মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?” বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।” গাধজনীয়ে বিলিয়মক ক’লে, “যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ? মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ?” বিলিয়মে ক’লে, “নাই কৰা।”
”তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল। তেতিয়া যিহোৱাৰ দূতে তেওঁক ক’লে, “তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধকাৰী হৈ ওলাইছোঁ, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা। আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মূখৰ পৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোঁহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোঁহেঁতেন।” বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।” তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোকসকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলেৰে সৈতে গ’ল।
”যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?” তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?” যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷
”যিহোৱাৰ দূতে ইস্ৰায়েলৰ সন্তান সকলক এইবোৰ কথা কোৱাৰ পাছত তেওঁলোক সকলোৱে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
”আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
”এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”
”তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমীৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে। গিদিয়োনে তেতিয়া তেওঁ যে যিহোৱাৰ দূত আছিল সেই বিষয়ে বুজি পাই ক’লে, “অহ, প্ৰভু যিহোৱা, মই যিহোৱাৰ দূতক সন্মুখা-সন্মুখিকৈ দেখা পালোঁ!”
”তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।
”তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্যকৰ!” পাছত মানোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে। কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।
”গতিকে সেই ৰাতিপুৱাৰে পৰা নিৰূপিত সময়লৈকে যিহোৱাই ইস্ৰায়েললৈ মহামাৰী পঠিয়ালে; তাতে দানৰে পৰা বেৰ-চেবালৈকে সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল। পাছত যেতিয়া দূতে যিৰূচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহোৱাই সেই আপদৰ বাবে খেদ কৰি সংহাৰক দূতক ক’লে, “এয়ে জুৰিছে! এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱা সেই দূত যিবুচীয়া অৰৌণাৰ মৰণা মৰা খলাৰ ওচৰত আছিল। পাছত যি দূতে সংহাৰ কৰিছিল, দায়ূদে সেই দূতক দেখি যিহোৱাক ক’লে “মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হলোঁ; কিন্তু এই মেৰ-ছাগবোৰে কি কৰিলে? মই বিনয় কৰোঁ, তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃ-বংশৰ বিৰুদ্ধে হওক!”
”তাৰ পাছত তেওঁ এজোপা ৰোতম গছৰ তলত বাগৰ দি টোপনি গ’ল। হঠাৎ এজন দূতে তেওঁক চুই ক’লে, “উঠা আৰু ভোজন কৰা।” তেতিয়া এলিয়াই নিজ মুৰ-শিতানত, তপত শিলত সিজোৱা এটা পিঠা আৰু এটেকেলি পানী দেখিলে। তেতিয়া তেওঁ ভোজন কৰি পুনৰায় বাগৰ দিলে। পাছত যিহোৱাৰ দূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আহি তেওঁক ষ্পৰ্শ কৰি ক’লে, “উঠা আৰু ভোজন কৰা, কিয়নো এই যাত্ৰাৰ বাবে তোমাক অধিক শক্তিৰ প্রয়োজন।” তেতিয়া তেওঁ উঠি ভোজন-পান কৰিলে আৰু সেই আহাৰৰ শক্তিৰেই চল্লিশ দিন চল্লিশ ৰাতি যাত্ৰা কৰি যিহোৱাৰ পৰ্ব্বত হোৰেব পালে।
”মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
”তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
”তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল। ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
”তাৰ পাছত ইলীচাই এই প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা, মই নিবেদন কৰোঁ, এই দাসে যেন দেখা পায়, আপুনি তেওঁৰ চকু মুকলি কৰি দিব।” যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!
”তাৰ পাছত হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, দুই কৰূবৰ মাজত থকা হে ইস্রায়েলৰ ঈশ্বৰ, পৃথিবীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্র ঈশ্বৰ আপুনিয়েই; আপুনিয়েই আকাশ-মণ্ডল আৰু পৃথিবীৰ সৃষ্টিকর্তা।
”সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।
”সেয়ে যিহোৱাই ইস্ৰায়েলৰ মাজলৈ মহামাৰী পঠালে, আৰু ইস্ৰায়েলৰ সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল। ঈশ্বৰে যিৰূচালেমক ধংস কৰিবলৈ এজন দূত তালৈ পঠালে। যেতিয়া তেওঁ ধংস কৰিবলৈ ল’লে, তেতিয়া যিহোৱাই সেই অনিষ্টৰ বিষয়ে চিন্তা কৰি নিজৰ মন সলনি কৰিলে, আৰু তেওঁ ধ্বংসকাৰী দূতক কলে, “এয়ে জুৰিছে, এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱাৰ দূত যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত থিয় হৈ আছিল। দায়ূদে ওপৰলৈ চাই দেখিলে যে, যিহোৱাৰ দূত পৃথিৱী আৰু আকাশৰ মাজত থিয় হৈ আছে, আৰু যিৰূচালেমৰ ওপৰলৈ হাতত এখন খোলা তৰোৱাল দাঙি ধৰি আছিল। তেতিয়া দায়ূদে আৰু বৃদ্ধ লোকসকলে চট কাপোৰ পিন্ধি মাটিত মুখতল কৰি পৰিল।
”সেই সময়ত, মোচিয়ে মৰুপ্রান্তত নিৰ্ম্মাণ কৰা যিহোৱাৰ আবাস, আৰু হোম-বলিৰ বাবে যজ্ঞবেদি, গিবিয়োনৰ ওখ ঠাইত আছিল। অৱশ্যে দায়ূদে ঈশ্বৰৰ পৰামৰ্শ লবলৈ তেওঁৰ আগলৈ যাব নোৱাৰিছিল; কাৰণ যিহোৱাৰ দূতৰ তৰোৱাললৈ তেওঁ ভয় কৰিছিল।
”সেই অতি পবিত্ৰ গৃহত, তেওঁ খনিকৰৰ কাৰ্যেৰে দুটা কৰূব নিৰ্ম্মাণ কৰিলে আৰু কাৰিকৰৰ দ্ৱাৰাই তাত সোণৰ পতা মাৰিলে। সেই কৰূব দুটাৰ ডেউকা বিশ হাত দীঘল; সেয়ে গৃহৰ দেৱাল ঢুকি পোৱাকৈ এটাৰ এখন ডেউকা পাঁচ হাত দীঘল; সেয়ে দ্বিতীয় কৰূবৰ ডেউকা ঢুকি পোৱাকৈ আনখনো পাঁচ হাত দীঘল।
”কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঢ়িওৱা কানমাৰিবোৰ ঢাকি ধৰিছিল।
”পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে। তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।
”আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
”এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল।
”আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল।
”যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?
”তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা? কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্রজন কৰিলা, গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
”যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।
”তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক। তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক। কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।
”ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব
”লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, স্বৰ্গৰ শস্য তেওঁলোকক দিলে। মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।
”তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
”কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়
”যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক।
”হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা; হে যিহোৱাৰ বাহিনী সমূহ, যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল, তেওঁৰ ধন্যবাদ কৰা।
”তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা
”হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
”উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল। তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল; তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল; তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ ঢাকে, আৰু দুখনেৰে উৰি যায়। প্রতিজনে আন জনক মাতি ক’লে, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।” আটাহ পাৰা সকলৰ মাতত দুৱাৰ আৰু প্রবেশস্থল কঁপিবলৈ ধৰিছে, আৰু গৃহটি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে। মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ। তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল। তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি ক’লে, “চোৱা, ই তোমাৰ ওঁঠত স্পৰ্শ কৰিছে; তোমাৰ অপৰাধ গুচোৱা হ’ল, আৰু তোমাৰ পাপ প্ৰায়শ্চিত্ত হ’ল।”
”“হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
”মই নিজৰ আৰু মোৰ দাস দায়ূদৰ কাৰণে এই নগৰ ৰক্ষা আৰু উদ্ধাৰ কৰিম।” তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।
”তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল। তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল। কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল। তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল। তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল: তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল। তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল। তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে। তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়। সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপ জ্বলি থকা জুইৰ আঙঠা আৰু এঙাৰবোৰৰ নিচিনা; উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বজ্রপাত পৰিছিল। সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।
”মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ। সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখা যায়; সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্রৰ মাজত থকা চক্র যেন দেখা যায়। যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে। চকাৰ আঙঠিবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰ আঙঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা। যেতিয়া প্ৰাণী কেইজন যায়, তেতিয়া চক্র কেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু যেতিয়া প্ৰাণী কেইজনে মাটিৰ পৰা ওপৰলৈ উঠে, তেতিয়া চক্ৰ কেইটাও ওপৰলৈ উঠে। আত্মাই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল। তেওঁলোক গ’লে, সেইবোৰো যায়; তেওঁলোক ৰৈ গ’লে, সেইবোৰো ৰয়; আৰু তেওঁলোক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁলোকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
”আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল। চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল। তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়। তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁলোক ৰৈ থকা সময়ত, তেওঁলোকে নিজ নিজ ডেউকা চপায়।
”তেতিয়া মই জীৱিত প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগ লগাত, তাৰ শব্দ শুনিলো আৰু তাৰে সৈতে অতি বেগেৰে যোৱা চকাবোৰৰ আৰু এটা মহৎ ভূমিকম্পৰ শব্দ শুনিলোঁ।
”তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল। আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল। সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল। তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল। আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল। “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল। তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল। আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
”পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা। আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে। যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে। আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা। সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ। প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ। পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ। কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে। তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।
”পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল। কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল। তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল। প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল। তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।
”তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
”চদ্ৰক, মৈচক আৰু অবেদ-নেগো, এই তিনি জন লোক বন্ধা অৱস্থাতে অগ্নিকুণ্ডৰ ভিতৰত পৰিল। তাৰ পাছত ৰজা নবূখদনেচৰে আচৰিত হৈ বেগাই থিয় হ’ল। তেওঁ তেওঁৰ পৰামৰ্শদাতা সকলক সুধিলে, “আমি তিনি জন মানুহক বান্ধি জুইত পেলোৱা নাছিলো নে?” তেওঁলোকে উত্তৰ দি ক’লে, “হয় মহাৰাজ।” তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।” তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল। প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, আন অধ্যক্ষসকল, আৰু ৰজাৰ পৰামৰ্শদাতাসকল সকলোৱে সেই তিনিজন লোকক চাবলৈ একগোট হ’ল। তেওঁলোকৰ শৰীৰত জুইয়ে একো ক্ষতি কৰা নাছিল, তেওঁলোকৰ মূৰৰ চুলি এডালো পোৰা নাছিল, তেওঁলোকৰ বস্ত্ৰও নষ্ট হোৱা নাছিল, আৰু তেওঁলোকৰ গাত জুইৰ গোন্ধও নাছিল। তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।
”মই মোৰ শয্যাত শুই থকা সময়ত দৰ্শন দেখিলোঁ যে, এজন পবিত্ৰ বাৰ্ত্তাবাহক স্বৰ্গৰ পৰা নামি আহিল।
”এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’
”মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”
”তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
”উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ক’লে, “হে গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা।” তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”
”এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল। তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
”তেতিয়া এখন হাতে মোক চুলে, আৰু মই কঁপি উঠিলো, মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল। সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ। তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল। এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।”
”যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ। তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল। মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।” তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে। তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।” তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব। কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েলৰ বাহিৰে আন কোনো শক্তিশালী নাই।”
”সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক-দূত মীখায়েল থিয় হ’ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সঙ্কট কেতিয়াও হোৱা নাই, তেনে সঙ্কটৰ সময় আহিব। সেই সময়ত পুস্তক খনত নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব।
”তোমালোকে চিয়োনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, কিয়নো যিহোৱাৰ দিন আহি আছে; হয়, সঁচাই সেয়ে ওচৰ পাইছেহি; সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন ব্যাপ্ত, মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই, আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ’ব, আনকি পুৰুষানুক্ৰমে অনেক বছৰলৈকে পুনৰ নহ’ব। তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা, আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়। সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা, আৰু সিহঁত অশ্বাৰোহী সকল দৰে যোৱাৰ দৰে বেগেৰে যায়। সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা, সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা, সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ। সিহঁতৰ আগত জাতিবোৰে যাতনা পায়, আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়। সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে; সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; সিহঁতে নিজ নিজ শাৰীত থাকে, আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে। সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়। সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়। সিহঁতৰ আগত পৃথিৱী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে। যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?
”“মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। তেতিয়া মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?” তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।” তেতিয়া মেন্দি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক’লে, “পৃথিৱীত চাৰিওফালে ফুৰিবলৈ যিহোৱাই পঠোৱা লোক এইসকল।” তেতিয়া তেওঁলোকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা যিহোৱাৰ দূতজনাক উত্তৰ দি ক’লে, “আমি পৃথিৱীৰ সকলো ফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে।” তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?” তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে। তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
”তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমান-জৰী লোৱা এজন পুৰুষক দেখিলোঁ। তেতিয়া মই সুধিলোঁ, “আপুনি ক’লৈ যায়?” তেতিয়া তেওঁ মোক ক’লে, “যিৰূচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান, তাক জুখি নিৰ্ণয় কৰিবলৈ যাওঁ।” তেতিয়া মোৰে সৈতে কথা হোৱা দূতজন আগবাঢ়ি গ’ল, আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল। আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে। কিয়নো যিহোৱাই কৈছে, ‘ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড়, আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ’ম।
”তেতিয়া যিহোৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহোচূৱাক থিয় হৈ থকা দেখুৱালে আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁৰ সোঁহাতে চয়তানক থিয় হৈ থকা যেন তেওঁ মোক দেখুৱালে। তেতিয়া যিহোৱাৰ দূতে চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?” সেই সময়ত যিহোচূৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল, সেইবাবে দূতে ক’লে আৰু তেওঁৰ আগত থিয় হৈ থকাসকলক ক’লে, “এওঁৰ গাৰ পৰা মলিন বস্ত্ৰ সোলোকাই পেলোৱা।” তেতিয়া তেওঁ যিহোচূৱাক ক’লে, “চোৱা! মই তোমাৰ অপৰাধ তোমাৰ পৰা আতৰালোঁ, আৰু মই তোমাক উত্তম বস্ত্ৰ পিন্ধাম।” মই কলোঁ, “তেওঁৰ মূৰত তোমালোকে এটা পাগুৰি পিন্ধাই দিয়া!” এইদৰে যিহোৱাৰ দূত যেতিয়া তেওঁলোকৰ ওচৰত থিয় হৈ আছিল, তেতিয়া তেওঁলোকে যিহোচূৱাৰ মুৰত এটা শুচি পাগুৰি পিন্ধাই দিলে, আৰু তেওঁক বস্ত্ৰ পিন্ধালে। তাৰ পাছত যিহোৱাৰ দূতজনাই যিহোচূৱাক শ্রদ্ধাৰে আজ্ঞা কৰি ক’লে, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তুমি যদি মোৰ পথত চলা, আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা, তেনেহ’লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা; কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত, মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম।
”তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্রশ্ন কৰি ক’লো, “হে মোৰ প্ৰভু, এইবোৰ কি?” দূত-জনে উত্তৰ দি মোক ক’লে, “এইবোৰ হ’ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু।
”কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।” এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়: “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
”তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”
”পাছত যেতিয়া হেৰোদৰ মৃত্যু হ’ল, তেতিয়া প্ৰভুৰ এজন দূতে মিচৰ দেশত থাকোতেই সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, ল’ৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ মৃত্যু হ’ল।”
”আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে, তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”
”তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।
”যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ’ব। মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব। তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব।
”জগতৰ শেষ কালতো এইদৰেই হ’ব। স্বৰ্গৰ দূত সকলে আহি ধাৰ্মিক সকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰিব আৰু জ্বলন্ত অগ্নিত সিহঁতক পেলাব; তাত ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।”
”কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”
”সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
”কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
”তেতিয়া তূৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।
”কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে।
”“যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব৷
”‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?
”চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল। তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল। কিন্তু সেই মহিলা কেইজনীক, দূতে মাত লগাই ক’লে, “তোমালোকে ভয় নকৰিবা; কিয়নো ক্রুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ। তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি। এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো”।
”সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
”কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”
”কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”
”তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
”কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷
”তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ’ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল। কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই। কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”
”এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল। স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল। কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।” তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব। কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব। ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব। তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব। তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।” তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল। চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”
”এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে। এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল। তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।” কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!” স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা। চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা। তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব; যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।” তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।” তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব, আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী। কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।” মৰিয়মে ক’লে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল।
”সেই অঞ্চলত কিছুমান মেষৰখীয়াই ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল। হঠাতে প্ৰভুৰ দূত এজন আহি তেওঁলোকৰ ওচৰত উপস্থিত হ’ল আৰু তেতিয়াই প্রভুৰ মহিমা তেওঁলোকৰ চাৰিওফালে উজ্জ্বল হৈ প্ৰকাশিত হ’ল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰোঁ যে, আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু খ্ৰীষ্ট। তোমালোকলৈ এয়ে চিন হব যে, ল’ৰা জনক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা।” তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ ল’লে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে, “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।” পাছত স্বর্গৰ দূত সকল তেওঁলোকৰ ওচৰৰ পৰা স্বৰ্গলৈ উলটি যোৱাত মেষৰখীয়াবোৰে পৰস্পৰে কোৱা-কুই কৰিলে, “ব’লা, এতিয়া আমি বৈৎলেহমলৈ যাওঁহক; যি ঘটনাৰ কথা প্রভুৱে আমাৰ আগত ঘোষণা কৰিলে, তাকে চাবলৈ যাওঁ ব’লা।”
”কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব’ আৰু ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব’।”
”কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।
”মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব। কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব।
”মই আপোনালোকক কওঁ, সেইদৰে মন-পালটন নকৰা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।
”সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”
”কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷
”তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।
”তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে।
”তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ’ল। পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, “তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?” “তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল! তেওঁ গালীল প্ৰদেশত থাকোতেই, যি কথা কৈছিল, সেই কথা তোমালোকে সোঁৱৰণ কৰা, তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হ’ব আৰু ক্রুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷”
”কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক’লে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জীয়াই উঠিল বুলি কোৱা শুনিলে।
”যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।”
”যিৰূচালেমত মেষ-দ্বাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈথেচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল। সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোক সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়।
”কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে, যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে। তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ ক’লে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক’ত থলে নাজানো।”
”এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে। এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে, “হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
”তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে। কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে, “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”।
”স্বৰ্গৰ দূতবোৰৰ মাধ্যমেদি আপোনালোকে বিধান পায়ো, সেই বিধান পালন নকৰিলে।”
”পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷
”এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত “হে কৰ্ণীলিয়!” বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷ তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই কলে, “কি কয় প্ৰভু?” দূতে তেওঁক কলে, “তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ’ল৷
”এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷ পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷ সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷ দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷” পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷ এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷
”তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷” ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷ তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷ তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷ তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷” কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷
”এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷ তেতিয়া লোক সকলে ৰিঙিয়াই কলে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!” কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷
”কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
”কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে; আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
”আপোনালোকে নাজানে নেকি যে, আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা।
”সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
”যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
”কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।
”কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
”কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;
”কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে, “তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?” আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, “মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?”
”পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে, “ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।”
”স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে, “তেওঁ নিজৰ দুত সকলক বায়ুৰূপে আৰু নিজৰ সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”
”কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?” সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?
”আমি যি ভাবী জগতৰ বিষয়ে কথা কৈছোঁ, সেই বিষয় ঈশ্বৰে স্বর্গৰ দূত সকলৰ অধীনত ৰখা নাই। কিন্তু ইয়াৰ পৰিৱর্তে, কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে, “মানুহনো কি, তুমি যে তেওঁক সোঁৱৰণ কৰা? অথবা মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলৈ দৃষ্টি কৰা? তুমি স্বর্গৰ দূত সকলতকৈ মানুহক অলপহে সৰু কৰিলা; কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা;
”বাস্তৱিক এই কথা নিশ্চিত যে, যীচুৱে স্বর্গৰ দূত সকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱর্তে অব্ৰাহামৰ বংশধৰ সকলকহে সহায় কৰিছে।
”সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল, সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল৷ এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক’বলৈ নোৱাৰিম।
”কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷ স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,
”আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই আলহী সুধিলে।
”এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
”তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷
”সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে।
”হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল। অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;
”কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”
”মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।
”যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম।
”সেই সিংহাসন খনৰ চাৰিওফালে চৌবিশ খন সিংহাসন আছিল; সেই সিংহাসনবোৰৰ ওপৰত বগা বস্ত্ৰ আৰু মুৰত সোণৰ কিৰীটি পিন্ধা চৌবিশ জন পৰিচাৰক বহি আছিল। সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে মাত আৰু মেঘ-গৰ্জ্জন ওলাইছিল; সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছিল, আৰু সেইবোৰেই আছিল ঈশ্বৰৰ সাত আত্মা৷
”সেই সিংহাসনৰ সন্মুখত এখন স্ফটিকৰ দৰে স্ৱচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰেই পৰিপূৰ্ণ আছিল। প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰিৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উড়ি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল। সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে, ‘পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা, যি জন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন৷’ যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিত জনৰ মহিমা, সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই চৌবিশ জন পৰিচাৰকে সিংহাসনত বহা জনৰ আগত দণ্ডৱৎ হৈ চিৰকাল জীৱিত জনৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক’ব, “হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”
”মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”?
”তেতিয়া মই সেই সিংহাসনৰ আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত, হত হোৱাৰ নিচিনা মেৰ-পোৱালি এটা থিয় হৈ থকা দেখিলোঁ; তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল - এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা সাতোটা ঈশ্বৰৰ আত্মা। তেওঁ আহি সিংহাসনত বহি থকা জনৰ সোঁ হাতৰ পৰা সেই নুৰাটো ল’লে৷ যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেৰ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।
”তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷ তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”। আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”। আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।
”তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ। পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে, “আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”
”আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে, আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷”
”আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাত জন স্বৰ্গৰ দূতক দেখিলোঁ; তেওঁলোকক সাতোটা তূৰী দিয়া হ’ল। পাছত সোণৰ ধূপবাতি লোৱা আন এজন দূত আহি বেদিৰ ওচৰত উপস্থিত হ’ল; আৰু সিংহাসনৰ আগত থকা সোণৰ বেদিৰ ওপৰত পবিত্ৰ লোক সকলে প্ৰাৰ্থনাত জ্বলাবলৈ, তেওঁক ভালেমান ধূপ দিয়া হ’ল। তাতে পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল। পাছে দূতে ধূপবাতি লৈ, তাত বেদিৰ পৰা জুই ভৰাই ললে৷ তেতিয়া তেওঁ এইবোৰ পৃথিৱীলৈ পেলাই দিলে, তাতে মেঘ-গৰ্জ্জন, গাজনি, বিজুলী আৰু ভুমিকম্প হ’ল। পাছত সাতোটা তুৰী লোৱা এই সাত জন স্বৰ্গৰ দূতে তূৰী বজাবলৈ নিজক যুগুত কৰিলে।
”পাছত প্ৰথম জন স্বৰ্গৰ দূতে বজাওঁতে, তেজ মিহলি কৰা শিল আৰু জুই উপস্থিত হ’ল৷ সেইবোৰক পৃথিৱীলৈ পেলোৱা হ’ল; তাতে পৃথিৱীৰ তিনি ভাগৰ এভাগ পোৰা হ’ল, গছৰো তিনি ভাগৰ এভাগ পোৰা হ’ল আৰু সকলো কেচা তৃণো পোৰা হ’ল। পাছত দ্বিতীয় দূতে বজাওঁতে অগ্নিৰে জ্বলি থকা মহা-পৰ্ব্বতৰ নিচিনা কিবা এটা সাগৰত পেলোৱা হ’ল৷ তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হ’ল আৰু সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তু তিনি ভাগৰ এভাগ মৰিল, জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হ’ল। পাছত তৃতীয় দূতে বজাওঁতে, আৰিয়াৰ নিচিনা জ্বলি থকা এটা বৰ তৰা আকাশৰ পৰা খহি, নদীৰ তিনি ভাগৰ এভাগত আৰু জলৰ ভুমুকবোৰত পৰিল। সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল। পাছত চতুৰ্থ দূতে বজাওঁতে, সুৰ্য্যৰ তিনি ভাগৰ এভাগ, চন্দ্ৰৰ তিনি ভাগৰ এভাগ আৰু তৰাবোৰৰো তিনি ভাগৰ এভাগ যেন আন্ধাৰ হ’ল; আৰু দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকিয়া হয় আৰু ৰাতিৰো সেইৰূপ হয়, এই কাৰণে সেইবোৰৰ প্ৰত্যেকৰ তিনি ভাগৰ এভাগ আঘাত প্ৰাপ্ত হ’ল। পাছত মই চাওতে চাওতে, এটা ঈগল পক্ষীয়ে আকাশৰ মাজত উৰি উৰি বৰ মাতেৰে এই কথা কোৱা শুনিলোঁ, “যি তিনি জন দূতে তূৰী বজাবলৈ উদ্যত আছে, তেওঁলোকৰ সেই অৱশিষ্ট তূৰী-ধ্বনীত পৃথিৱীত বাস কৰা লোক সকলৰ সন্তাপ, সন্তাপ, সন্তাপ হ’ব”।
”তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল।
”পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ। তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”। তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল। আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;
”তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মুৰত ৰামধনু আছিল৷ তেওঁৰ মুখ সূৰ্য্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা। তেওঁৰ হাতত এটা পুথিৰ সৰু নুৰা আছিল আৰু তেওঁ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি মাটিত আছিল৷ আৰু সিংহৰ গোজঁৰনিৰ দৰে বৰ মাতেৰে ৰিঙিয়ালে; তেওঁ ৰিঙিয়াওঁতে, মেঘ-গৰ্জ্জন সাতোটাই মাত লগালে৷ সেই সাতোটা মেঘ-গৰ্জ্জনে ৰিঙিয়াওঁতে, মই লিখিবলৈ উদ্যত হ’লোঁ; এনেতে এই আকাশী বাণী শুনিলোঁ, “মেঘ-গৰ্জ্জন সাতোটাই যি যি ক’লে, সেইবোৰ ছাব মাৰি ৰাখিবা৷ নিলিখিবা”। পাছত সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ আকাশলৈ নিজৰ সোঁ হাত দঙা এজন দূতক দেখিলোঁ, আকাশমণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্ত্তা চিৰকাল জীয়াই থকা যি জনা, সেই জীৱন্ত জনাৰ নাম লৈ তেওঁ শপত খালে যে, “আৰু পলম নহ’ব৷ কিন্তু সপ্তম দূতে যিটো সময়ত তূৰী বজাবলৈ উদ্যত হ’ব, সেই ধ্বনিৰ সময়ত, ঈশ্বৰৰ নিগূঢ়-তত্ত্ব, তেওঁৰ দাস যি ভাববাদী সকল, তেওঁলোকক ঘোষণা কৰিবলৈ দিয়া শুভ সংবাদ অনুসাৰে সিদ্ধ হ’ব”।
”তেতিয়া মই শুনা সেই আকাশ-বাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক’লে, “সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নুৰা আছে, তুমি গৈ তাক লোৱা”। তাতে মই সেই দূতৰ ওচৰলৈ গৈ পুথিৰ সৰু নুৰাটো মোক দিবৰ বাবে তেওঁক ক’লো। তেতিয়া তেওঁ মোক ক’লে, “পুথিৰ নুৰাটো লোৱা আৰু ইয়াক খাই পেলোৱা; ই তোমাৰ পেট তিতা হবলৈ দিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে সোৱাদ লাগিব”। তেতিয়া মই দূতৰ হাতৰ পৰা সেই পুথিৰ সৰু নুৰাটো লৈ তাক খালোঁ৷ সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল; কিন্তু তাক খোৱাৰ পাছত, মোৰ পেট তিতা হ’ল। পাছত মোক কোৱা হ’ল, “তুমি অনেক লোকৰ, সকলো জাতিৰ, ভাষাৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবোক্তি প্ৰচাৰ কৰিব লাগিব”।
”পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”। আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি, তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।
”এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷ কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে।
”তেওঁলোকে সেই সিংহাসনৰ সন্মূখত থকা সেই চাৰি প্ৰাণী আৰু পৰিচাৰক সকলৰ আগত এটা নতুন গীত গালে; পৃথিৱীৰ পৰা কিনি লোৱা এই এক লাখ চৌৱাল্লিশ হাজাৰ লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে।
”পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷ তেওঁ বৰ মাতেৰে ক’লে, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা; কিয়নো তেওঁৰ সোধ-বিচাৰৰ সময় আহিল৷ যি জনে স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টি কৰিলে, সেই জন সৃষ্টিকৰ্ত্তাক আৰাধনা কৰা।” তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল পৰিল, পৰিল।” পাছত আন এজন তৃতীয় স্বৰ্গৰ দূতে, তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক’লে, “কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত ছাব লয়, তেনেহলে ঈশ্বৰৰ কোপৰ পান-পাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে, তাক তেওঁ পান কৰিব লাগিব৷ যি ব্যক্তিয়ে সেই পান কৰিব, তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সাক্ষাতে আৰু সেই মেৰ-পোৱালিৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব৷
”পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাই, মেঘত বহি থকা জনক বৰকৈ ৰিঙিয়াই ক’লে, “তোমাৰ কাচি লগাই শস্য দোৱা৷ কিয়নো দাবৰ সময় হ’ল; কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ’ল৷” তেতিয়া মেঘত বহি থকা জনে পৃথিৱীত কাচি লগালে; তাতে পৃথিৱীৰ শস্য দোৱা হ’ল।
”পাছত স্বৰ্গত থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাল; তেওঁৰ হাততো এখন চোকা কাচি আছিল। পাছত আন এজন স্বৰ্গৰ দূত যজ্ঞবেদিৰ পৰা ওলাল, জুইৰ ওপৰত তেওঁক ক্ষমতা হৈছিল৷ তেওঁ সেই চোকা কাচি লোৱা জনক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “তোমাৰ চোকা কাচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোকবোৰ কাটি গোটোৱা; কিয়নো তাৰ গুটি ভালকৈ পকিল।” তাতে সেই স্বৰ্গৰ দূতে পৃথিৱীত নিজৰ কাচি লগাই, পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই, ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালত পেলাই দিলে। নগৰৰ বাহিৰত সেই পেৰাশাল গচকাত, শালৰ পৰা তেজ ওলাই, ঘোঁৰাৰ লেকামৰ সমান ওখ হৈ, দুশ মাইলতকে বিয়পি গ’ল।
”তেতিয়া মই স্বৰ্গত আন এটা মহা-আচৰিত চিন অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ; সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।
”সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল। পাছত সেই চাৰি জীৱিত প্ৰাণীৰ এটাই সেই সাত জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পুৰ হোৱা সাতোটা সোণৰ বাটি দিলে। ঈশ্বৰৰ প্ৰতাপ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোৱাঁৰে মন্দিৰ পৰিপূৰ্ণ হ’ল; আৰু সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।
”পাছত পবিত্ৰ মন্দিৰৰ পৰা এটা মহা-বাণী কোৱা শুনিলো আৰু সেই সাত জন দূতলৈ এইদৰে কলে, “তোমালোকে যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সেই সাতোটা বাটি পৃথিৱীত বাকি দিয়া।” তেতিয়া প্ৰথম জন দূতে গৈ পৃথিৱীত নিজৰ বাটি বাকি দিলে; তাতে সেই পশুৰ ছাব থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা লোক সকলৰ গাত জঘন্য আৰু ক্লেশ-দায়ক বিষম ঘা হ’ল। দ্বিতীয় জন দূতে সাগৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হ’ল; আৰু সাগৰত থকা আটাই জীৱিত প্ৰাণী মৰিল। তৃতীয় জন দূতে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে তেজ হৈ বৈ গ’ল। তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা। যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷” পাছত মই বেদিয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।” চতুৰ্থ দূত জনে সুৰ্য্যৰ ওপৰত নিজৰ বাটি বাকি দিলে; আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ’ল। তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হৈ, এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে। পঞ্চম দূত জনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাটি বাকি দিলে; তাতে তাৰ ৰাজ্য অন্ধকাৰময় হ’ল; আৰু তেওঁলোকে মনোকষ্টত নিজ নিজ জিভা কামুৰিলে; আৰু নিজ নিজ বেদনা আৰু ঘা বোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি নিজ নিজ কৰ্মৰ পৰা মন-পালটন নকৰিলে। ষষ্ঠ দূত জনে ফৰাৎ মহা-নদীত নিজৰ বাটি বাকি দিলে; তাতে পূব দিশৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ, সেই নদীৰ পানী শুকাই গ’ল।
”সপ্তম দূত জনে আকাশত নিজৰ বাটি বাকি দিলে; তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা-বাণী ওলাল, ‘এইটো কৰা হ’ল৷’
”পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ, তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।” তেতিয়া দূত জনে মোক আত্মাত মৰুভূমিলৈ লৈ গ’ল; তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু সাতোটা মূৰ, দহোটা শিং থকা এটা উজ্বল ৰঙা বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ।
”এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ; তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱী খন দীপ্তিময় হ’ল।
”পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।
”পাছত সেই চৌবিশ জন পৰিচাৰক আৰু চাৰি জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্ৱৰক দণ্ডৱতে আৰাধনা কৰিলে৷ তেওঁলোকে কলে, “আমেন৷ হাল্লিলুয়া!”
”পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷
”তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল। তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প; যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷
”তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি কলে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, অৰ্থাৎ মেৰ-পোৱালিৰ ভাৰ্যাক দেখুৱাম।” তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে।
”পাছত গড় জুখি, মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে এশ চৌৱাল্লিশ হাত হ’ল।
”মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো। তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাববাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”
”মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ,উজ্জ্বল প্ৰভাতীয় তৰা।”
”