31 – ইভানজেলিজম

এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: ইভানজেলিজম.

শীৰ্ষ 3 টা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ

ৰোমীয়া 10:14-15

এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”

2 কৰি 2:15-16

কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?

মথি 10:14-15

যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা। মই তোমালোকক সঁচাকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”

কেনোনিকেল ক্ৰমৰ প্ৰতিটো শ্লোক – 307 পাঠাংশ

আদি 8:22

যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।”

যাত্ৰা 4:1

মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”

যাত্ৰা 4:10-12

তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।” যিহোৱাই মোচিক ক’লে, “মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰিলে? মই যিহোৱায়ে জানো তাক নকৰোঁ? তেনেহ’লে এতিয়া তুমি যোৱা; মই তোমাৰ মুখত থাকিম, আৰু তুমি কবলগীয়া কথা মই তোমাক শিকাম।”

যাত্ৰা 4:13-16

কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।” তেতিয়া মোচিলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল। তেওঁ ক’লে, “তোমাৰ লেবীয়া ককায়েৰ হাৰোণ ক’ত আছে? মই জানো, তেওঁ ভালকৈ কথা ক’ব পাৰে। অৱশ্যে তেওঁ তোমাক ল’গ পাবলৈ আহি আছে; আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ’ব। তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম। তেওঁ লোক সকলৰ আগত তোমাৰ হৈ কথা ক’ব। তেওঁ তোমাৰ মুখস্থৰূপ হ’ব, আৰু তুমি তেওঁৰ ঈশ্বৰ স্বৰূপ হ’বা।

যিহো 1:3

যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলোঁ৷

1 বংশা 16:23-24

হে সমস্ত পৃথিৱী, যিহোৱাৰ উদ্দেশে গীত গোৱা; প্রতিদিনে তেওঁৰ পৰিত্ৰাণ ঘোষণা কৰা। জাতি সমূহৰ মাজত, তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, জাতি সমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।

গীত 40:9-10

মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই। তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।

গীত 71:15-18

এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম; মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম। হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ। প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।

গীত 96:2-3

যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা। বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা, সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।

গীত 119:46

তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।

গীত 126:5-6

যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব। যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।

গীত 141:3

হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা, মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।

গীত 145:4

এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।

হিতো 11:18

দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।

হিতো 11:30

সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।

হিতো 15:30-33

চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে। যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা। যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে। যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।

হিতো 16:24

সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।

হিতো 17:27-28

জ্ঞানী লোকে ক’ম কথা কয়; আৰু ধীৰ মনৰ লোক বিবেচক। এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়; তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে, তেতিয়া তেওঁ বুধিয়ক বুলি গণিত হয়।

হিতো 18:2

অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।

হিতো 18:6-7

অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই। অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।

হিতো 18:13

যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।

হিতো 18:21

জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।

হিতো 25:25

তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে, দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে।

উপ 3:7

কাপোৰ ফালিবৰ সময় আৰু চিলাই কৰাৰ সময় আছে; মনে মনে থকাৰ সময় আৰু কথা মৈদাম সময় আছে।

উপ 11:4

যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, তেওঁ শস্য দাব নোৱাৰে।

উপ 11:6

ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।

উপ 12:9-10

উপদেশক নিজে জ্ঞানী আছিল আৰু তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰি আৰু পৰীক্ষা কৰি অনেক নীতিবচন ৰচনা কৰিছিল। উপদেশকে সত্যৰ ন্যায় বচন প্রাণৱন্ত ৰূপত ব্যৱহাৰ কৰি লিখিবলৈ বিচাৰিছে।

যিচ 6:8

মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”

যিচ 6:9-11

তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা, ‘তোমালোক শুনা, কিন্তু বুজি নোপোৱা; চোৱা, কিন্তু উপলদ্ধি কৰিব নোৱাৰা। এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা; সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব, আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘুৰি আহিব, আৰু সুস্থ হ’ব।” তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে, যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্রাণী নাবাচে, আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ’ব, আৰু দেশ জনশূন্য হোৱা জাবৰৰ দ্বৰে নহয়,

যিচ 8:20

সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।

যিচ 11:9

মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।

যিচ 40:9

হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”

যিচ 52:7

যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!

যিচ 61:1-3

প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ। যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে। চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।

যিৰি 1:6-9

তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!” যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব। তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো। তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;

যিৰি 16:16

চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।

যিহি 3:1-4

তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, তুমি যি বিচাৰি পাইছা, তাকে খোৱা! এই নুৰিওৱা পুথিখন ভোজন কৰা, তাৰ পাছত ইস্রায়েল পৰিবাৰক গৈ কোৱা।” সেই কাৰণে মই মুখ মেলিলো আৰু তেওঁ মোক সেই নুৰিওৱা পুথিখন খুৱাই দিলে। তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা।” সেই কাৰণে মই তাক খালোঁ আৰু সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল। পাছত তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা। বাক্য কোৱা।

দানি 12:3

যিসকল জ্ঞানী, তেওঁলোক আকাশৰ দিপ্তীৰ দৰে প্রজ্বলিত হ’ব, আৰু অনেকক ধাৰ্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব।

যোন 3:1-2

তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যিহোৱাৰ বাক্য যোনাৰ ওচৰলৈ আহিল। তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”

যোন 3:4-10

যোনাই সেই নগৰত সোমাই এদিনৰ বাট গ’ল আৰু এই কথা ঘোষণা কৰিলে, “চল্লিশ দিনৰ পাছত নীনবি ধ্বংস হৈ যাব।” তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে। শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল। তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক। মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক। কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।” পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।

নহূ 1:15

চোৱা, যি জনে শুভবাৰ্ত্তা আনে আৰু শান্তি প্ৰচাৰ কৰে, সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত আছে! হে যিহূদা, তোমালোকৰ পৰ্ব্ববোৰ পালন কৰা আৰু তোমালোকৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্রমণ নকৰিব; সি নিঃশেষে বিনষ্ট হ’ল।

মথি 3:1-2

সেই কালত বাপ্তাইজক যোহন আহি, যিহুদীয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে। তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”

মথি 3:7-8

যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে? মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।

মথি 4:4

তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”

মথি 4:17

সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে, “তোমালোকে মন-পালটন কৰা; কিয়নো স্বৰ্গৰাজ্য ওচৰ আহি পালে।”

মথি 4:19-22

যীচুৱে তেওঁলোকক ক’লে, “মোক অনুসৰণ কৰি আহা, মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম।” তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ’ল। তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে। তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।

মথি 4:23

যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।

মথি 5:11-13

যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল। তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ’ব।

মথি 5:14-16

তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে। মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।

মথি 6:19-21

যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা; কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা। কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।

মথি 8:21-22

শিষ্য সকলৰ মাজৰ আন এজনে আহি তেওঁক ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দি আহিবলৈ অনুমতি দিয়ক।” যীচুৱে তেওঁক ক’লে, “যি সকল মৃত, তেওঁলোকেই মৃত সকলক মৈদাম দিয়ক, কিন্তু তুমি মোৰ পাছে পাছে আহা।”

মথি 9:9

যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।

মথি 9:35

যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।

মথি 9:37-38

তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ। এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”

মথি 10:7-8

বাটত যাওঁতে যাওঁতে এই কথা প্রচাৰ কৰিবা যে ‘স্বৰ্গৰাজ্য ওচৰ হ’ল।’ অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।

মথি 10:9-13

তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা। বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য। তোমালোকে যেতিয়া কোনো নগৰ বা গাৱঁত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল’বা আৰু আন ঠাইলৈ নোযোৱা পর্যন্ত সেই ঘৰতে থাকিবা। যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মঙ্গলবাদ দিবা। সেই ঘৰ যদি উপযুক্ত হয়, তেনেহলে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক; কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেনেহলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক।

মথি 10:14-15

যদি কোনোৱে তোমালোকক গ্রহণ নকৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা। মই তোমালোকক সঁচাকৈ কওঁ, মহা-বিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদোম আৰু ঘমোৰা নগৰৰ দশা অধিক সহিব পৰা হ’ব।”

মথি 10:16-18

শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা। সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব। মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।

মথি 10:19-20

লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব। কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ ভিতৰৰ পৰা কব।

মথি 10:21-23

ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব। যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।

মথি 10:32-33

এতেকে যি কোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম; কিন্তু মানুহৰ আগত যি কোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম।

মথি 10:34-40

মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ; নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ’ব। যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্রেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে; তেৱোঁ মোৰ উপযুক্ত নহয়। যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব। যি কোনোৱে তোমালোকক গ্ৰহণ কৰে; তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।

মথি 11:1

যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।

মথি 11:5-6

অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে। ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।”

মথি 11:12

বাপ্তাইজক যোহনৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষণভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।

মথি 12:41

বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন-পালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।

মথি 13:3-8

তেতিয়া যীচুৱে তেওঁলোকক দৃষ্টান্তৰ মাধ্যমেদি বহুত বিষয়ৰ ওপৰত কথা কবলৈ ধৰিলে। তেওঁ ক’লে, “এজন খেতিয়কে কঠিয়া সিচিঁবলৈ গ’ল। তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠিয়া বাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে। কিছুমান কঠিয়া শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাত আৰু মাটিও গভীৰ নোহোৱা কাৰণে যদিও সোনকালে গজালি ওলাল, তথাপি সূৰ্য উদয় হোৱাৰ পাছত, শিপা গভীৰ নোহোৱা কাৰণে তাপ লাগি সেইবোৰ লেৰেলি শুকাই গ’ল। আন কিছুমান কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠাত, সেইবোৰ হেচি ধৰি মাৰিলে। আনবোৰ কঠিয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমানত এশ গুণ, কিছুমানত ষাঠি গুণ আৰু কিছুমানত ত্রিশ গুণকৈ শস্য উৎপন্ন হ’ল।

মথি 13:18-23

“এতিয়া তোমালোকে সেই কঠিয়া সিঁচা খেতিয়কৰ দৃষ্টান্তৰ অর্থ শুনা। যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট-আত্মাই অৰ্থাৎ চয়তানে আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ। শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যি জনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে। কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে। কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তাতে তেওঁ বিফল হয়। ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”

মথি 13:31-32

যীচুৱে তেওঁলোকক আন এটা দৃষ্টান্ত দিলে। তেওঁ ক’লে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা; সেই গুটি কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে। সকলো বীজৰ মাজত ই অৱশ্যে আটাইতকৈ সৰু; কিন্তু বৃদ্ধি পোৱাৰ পাছত ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ এজোপা গছ হয় আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে।”

মথি 15:13

যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।

মথি 16:24-27

তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক। কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব। কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে? কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”

মথি 19:29

যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।

মথি 20:1-15

“স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল। তেওঁ এক এক দীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে। প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে, ‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল। আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে। পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা? সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’ পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’ পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈ পালে। তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক এক দীনাৰহে পালে। সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে, “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।” তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা? তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷ যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?

মথি 22:2-7

“স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি, এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে। পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’। কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল। আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে। তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।

মথি 22:8-10

তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল; এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’। তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।

মথি 24:9-11

সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা। তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব। বহুতো মিছা-কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷

মথি 24:14

সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় উপস্থিত হ’ব।

মথি 28:18-20

তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল। এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।

মাৰ্ক 1:4

এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।

মাৰ্ক 1:14-15

যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷ যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।

মাৰ্ক 1:16-18

পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”। তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।

মাৰ্ক 1:38

তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।

মাৰ্ক 2:14

পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক ক’লে, “মোৰ পাছে পাছে আহা”। তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গ’ল।

মাৰ্ক 3:14-15

তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে, আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷

মাৰ্ক 4:3-12

“শুনক, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গ’ল। তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে। কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোনকালে গজিল৷ কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে, সেইবোৰ শুকাই গ’ল। কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷ আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফল উৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।” তেওঁ ক’লে, “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক”। তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে। তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে, যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”

মাৰ্ক 4:13-20

পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা? সেই খেতিয়কে বাক্য সিচেঁ। য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে; সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে, কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়। আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত, সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়। আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”

মাৰ্ক 4:26-29

যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷ তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে। পৃথিৱীয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে। তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”

মাৰ্ক 4:30-32

যীচুৱে পুনৰ ক’লে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম? সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু; কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”

মাৰ্ক 5:19-20

কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি ক’লে, “তুমি ঘৰলৈ গৈ আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনলৈ কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।” তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে, সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।

মাৰ্ক 6:7-10

যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি, এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়; আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক। যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।

মাৰ্ক 6:11-12

কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।” পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন কৰিবলৈ প্রচাৰ কৰিলে;

মাৰ্ক 7:9

তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।

মাৰ্ক 8:7-9

আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে। তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে। তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;

মাৰ্ক 8:34-37

পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব। কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ? কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?

মাৰ্ক 8:38

কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”

মাৰ্ক 10:29-30

যীচুৱে ক’লে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে, তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।

মাৰ্ক 13:9-10

কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা। কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব।

মাৰ্ক 13:11

যেতিয়া তেখেত সকলে তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হ’ব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।

মাৰ্ক 13:12-13

তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক- বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব। মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।

মাৰ্ক 16:15-16

আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা। তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷

মাৰ্ক 16:20

পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।

লূক 1:2

আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।

লূক 1:77

লোক সকলক পাপৰ ক্ষমা লাভৰ দ্বাৰা পৰিত্রাণ পোৱাত সহায় পাবলৈ শিক্ষা দিবা।

লূক 2:10

তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰোঁ যে,

লূক 3:3-6

তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়। ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা। আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব। সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”

লূক 3:18

এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।

লূক 4:18

“প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।

লূক 4:43

কিন্তু তেওঁ তেওঁলোকক ক’লে, “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”

লূক 5:4-11

তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, “এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।” চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।” পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল। ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।” ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল। চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।” পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।

লূক 5:27-28

এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ-সংগ্রহক বহি থকা দেখি তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।” তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল।

লূক 6:23

সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল।

লূক 7:22-23

তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে, আৰু যি জনে মোত বিঘিনি নাপায়, তেওঁ ধন্য৷’”

লূক 8:1

তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল৷

লূক 8:5-10

তাতে বীজ সিচাঁৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে। কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ’ল। কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে। কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷” এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে ক’লে, “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷” পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, “এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?” তাতে তেওঁ ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷

লূক 8:11-15

দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য। বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷। আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে। আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত,এওঁলোকৰ একো ফল সিদ্ধ নহয়। কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে।

লূক 8:39

“তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে, সেই বিষয়ে বৰ্ণনা কৰাগৈ।” তেতিয়া সি তাৰ পৰা গৈ, যীচুৱে তালৈ যি মহৎ কৰ্ম কৰিলে, সেই বিষয়ে গোটেই খন নগৰত ঘোষণা কৰিব ধৰিলে।

লূক 9:1-4

পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷ তেওঁ তেওঁলোকক ক’লে, “যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা; লাখুটি বা মোনা, বা পিঠা বা ধন; বা দুটাকৈ চোলাও নলবা; আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।

লূক 9:5-6

আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।” পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল।

লূক 9:23-25

যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব। কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁহে তাক ৰক্ষা কৰিব। কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো নিজকে নিজে যদি হেৰুৱায় বা হানি কৰে তেনেহলে তেওঁৰ কি লাভ?

লূক 9:26

কিয়নো যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰই যেতিয়া নিজৰ পিতৃ আৰু পবিত্ৰ দূতৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ সেই লোকক লাজ দিব।

লূক 9:59-60

পাছত যীচুৱে আন এজনক ক’লে, “তুমি মোৰ পাছে পাছে আহা।” কিন্তু তেওঁ ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷” তেতিয়া তেওঁ সেই মানুহ জনক কলে, “মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰা।”

লূক 9:61-62

আন এজনে ক’লে, “হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।” যীচুৱে তেওঁক ক’লে, “যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”

লূক 10:1

এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।

লূক 10:2

আৰু তেওঁলোকক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেই কাৰণে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।

লূক 10:3-4

তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেৰ-পোৱালি স্বৰূপে পঠিয়াইছোঁ। তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণ নজনাবা।

লূক 10:10-12

কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা, তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’ মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।

লূক 10:16

যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”

লূক 11:32

মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মন-পালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে।

লূক 12:8-9

মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব। কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব।

লূক 12:11-12

যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷ কিয়নো যি যি কথা সেই সময়ত কবলগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্‌হুর্ত্ততেই তোমালোকক শিকাই দিব।”

লূক 12:33-34

তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷ কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”

লূক 12:51-53

মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ। এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব। পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”

লূক 13:5

মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, আপোনালোকো বিনষ্ট হব।”

লূক 14:16-24

কিন্তু যীচুৱে তেওঁক ক’লে, “এজন মানুহে নিশা বৰ ভোজ পাতি, অনেক লোকক নিমন্ত্ৰণ কৰিলে। পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক ক’লে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে’। তাতে সকলো লোকে একেভাবেৰে ক্ষমা বিচাৰি তেওঁক ক’বলৈ ধৰিলে; প্ৰথম জনে তেওঁক ক’লে, ‘মই এডৰা মাটি কিনিলোঁ; মই তোমাক অনুৰোধ কৰিছোঁ; মই সেই মাটি চাবলৈ যাব লাগে’। আন এজনে ক’লে, ‘মই পাঁচ হাল বলধ কিনিলোঁ; সেই বাবে ময়ো তোমাক অনুৰোধ কৰিছোঁ, মই পথাৰত তাক প্ৰমাণ কৰি চাবলৈ যাওঁ’। আন এজনে ক’লে, ‘মই এগৰাকীক বিয়া কৰালো, এই কাৰণে যাব নোৱাৰো’। তেতিয়া সেই দাসে মহাশয়ৰ আগত লোক সকলে কোৱাৰ দৰে আহি সম্বাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰুদ্ধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এনে লোক সকলক ইয়ালৈ মাতি আনাগৈ। পাছত সেই দাসে ক’লে, হে মহাশয় আপোনাৰ আজ্ঞাৰ দৰে হৈছে; তথাপি এতিয়াও ঠাই আছে। তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ। কিয়নো মই আপোনালোকক কওঁ, ‘সেই নিমন্ত্ৰিত লোক সকলৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব’।”

লূক 14:26-27

“কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে। যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।

লূক 14:33-34

এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে। লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব?

লূক 15:7

মই আপোনালোকক কওঁ, সেইদৰে মন-পালটন নকৰা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।

লূক 15:10

সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”

লূক 19:10

কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”

লূক 20:1

এদিন যীচুৱে যিৰূচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি, লোক সকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰক সকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ ওচৰলৈ আহিল৷

লূক 21:12-13

কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব। সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।

লূক 21:14-15

এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা; কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।

লূক 21:16-17

আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব। তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।

লূক 22:35-36

পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক।

লূক 24:47-48

আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব। তোমালোক এই সকলোৰে সাক্ষী আছা।

যোহন 1:12-13

কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে। তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।

যোহন 1:43

পাছদিনা যীচুৱে যেতিয়া গালীল প্ৰদেশলৈ যাবৰ বাবে ইচ্ছা কৰিলে, তেতিয়া যীচুৱে ফিলিপক দেখা পাই ক’লে, “মোৰ পাছে পাছে আহা।”

যোহন 3:3-8

উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।” নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?” যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।” শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়। মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব। বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”

যোহন 3:11-12

আপোনাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখো সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে। মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?

যোহন 3:16-21

কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে। তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল। কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে। কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”

যোহন 3:36

পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।”

যোহন 4:35-38

তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?’ কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে। যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে। ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’। মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”

যোহন 5:24

মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।

যোহন 8:24

এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”

যোহন 8:31-32

যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য; আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”

যোহন 9:4

আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।

যোহন 10:1

যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেৰৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।

যোহন 12:48-49

যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব। কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, আৰু কেনেদৰে কব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।

যোহন 14:6

যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।

যোহন 20:31

কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।

যোহন 21:6-11

তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “নাৱৰ সোঁফালে জাল পেলোৱা, তেতিয়াহে পাবা”। তাতে তেওঁলোকে জাল পেলালে আৰু বহুত মাছ লাগিল, মাছৰ ভৰত, জাল টানি তুলিবই নোৱাৰিলে। তেতিয়া যীচুৰ প্ৰিয় শিষ্যই পিতৰক ক’লে, “এৱেঁই প্ৰভু”। যেতিয়া চিমোন পিতৰে এই কথা শুনিলে যে, এৱেঁই ঈশ্বৰ, তেতিয়া তেওঁ গাত চোলা পিন্ধি নিজেই জাঁপ মাৰি সাগৰত পৰিল (কিয়নো তেওঁ সাধাৰণভাবে কাপোৰ পিন্ধি আছিল)। কিন্তু আন শিষ্যকেইজনে, মাছে সৈতে জাল টানি টানি নাৱেৰে আহিল; তেওঁলোক বাম পাবলৈ বেছি দুৰ নাছিল, কিয়নো তেওঁলোক বামৰ পৰা দুশ হাত মানৰ অধিক আতৰত নাছিল। পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷ যীচুৱে তেওঁলোকক ক’লে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ”। তেতিয়া চিমোন পিতৰে নাৱত উঠি, এশ দুইকুৰি তেৰ টা; বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমানবোৰ মাছ লাগিলতো, জাল নাফাটিল।

পাঁচনি 1:8

কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”

পাঁচনি 2:21

কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’

পাঁচনি 2:38-40

তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷ কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব। ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”

পাঁচনি 2:41

তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷

পাঁচনি 2:47

আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।

পাঁচনি 3:19-21

এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে; আৰু আপোনালোকৰ কাৰণে নিৰূপিত যি জন খ্রীষ্ট, সেই জন যীচুক যেন তেওঁ পঠিয়াই দিয়ে। ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে।

পাঁচনি 4:4

কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।

পাঁচনি 4:12

তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”

পাঁচনি 4:13

পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।

পাঁচনি 4:18-20

তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে। কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব? কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।

পাঁচনি 4:29-31

হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা। তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”। এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।

পাঁচনি 4:33

পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল।

পাঁচনি 5:27-29

পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে, “এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।” তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।

পাঁচনি 5:40-42

তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে। পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল। ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।

পাঁচনি 8:4-5

কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে। ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে।

পাঁচনি 8:12

কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল।

পাঁচনি 8:25

এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে।

পাঁচনি 8:35-38

তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে। এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?” ফিলিপে কলে, “যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেনেহলে বাধা নাই।” তেতিয়া বিষয়াজনে কলে, “যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।” তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে।

পাঁচনি 8:40

কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।

পাঁচনি 9:27-29

কিন্তু বাৰ্ণব্বাই তেওঁক পাঁচনি সকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে। চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা-যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে। তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল।

পাঁচনি 10:36-37

যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে, আৰু যোহনে বাপ্তিস্মৰ কথা ঘোষণা কৰাৰ পাছত, গালীল প্ৰদেশৰ পৰা আৰম্ভ হৈ গোটেই যিহুদীয়ালৈকে বিয়পি গ’ল, সেই বাক্য আপোনালোকে নিজেও বুজি আছে৷

পাঁচনি 10:42-44

জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হবলৈ ঈশ্বৰে যি জনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷ তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷ পিতৰে এই কথা কৈ থাকোতেই, শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল৷

পাঁচনি 11:1

পাছত পাঁচনি সকল আৰু যিহুদীয়াত থকা ভাই সকলে শুনিবলৈ পালে যে, অনা-ইহুদী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে৷

পাঁচনি 11:13-14

তাতে তেওঁ আমাক কলে, কেনেকৈ এজন দূতে তেওঁৰ ঘৰত থিয় হৈ কৈছিল যে, “যাফোলৈ মানুহ পঠাই, যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমোনক মাতি পঠোৱা৷ তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক কব৷”

পাঁচনি 11:18

এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷”

পাঁচনি 11:20-21

কিন্তু তেওঁলোকৰ মাজৰ কুপ্র আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷ আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ’ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷

পাঁচনি 13:24

যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷

পাঁচনি 13:32

গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:

পাঁচনি 13:44

তাৰ পাছৰ বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷

পাঁচনি 13:46-47

তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷ কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্রাণস্বৰূপ হোৱা৷”

পাঁচনি 13:48-49

অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷ এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ’ল৷

পাঁচনি 13:50-51

কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে। তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷

পাঁচনি 14:1-2

পাছত পৌল আৰু বার্ণব্বাই ইকনিয় নগৰত সোমাই, দুয়ো একেলগে ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল। তাত তেওঁলোকে এনেকৈ কথা ক’লে যে, ইহুদী আৰু গ্রীক সকলৰ বহুলোকে বিশ্বাস কৰিলে। কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।

পাঁচনি 14:3

সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি, তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে।

পাঁচনি 14:15

“ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।

পাঁচনি 14:21-22

সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহু লোক যীচুৰ শিষ্য হ’ল। পুনৰ তেওঁলোক লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল। তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”

পাঁচনি 15:7

বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷

পাঁচনি 16:6-10

পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফিৰুগিয়া আৰু গালাতীয়াৰ অঞ্চলবোৰৰ মাজেদি গ’ল। আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়া গাওঁলৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে। সেয়েহে, তেওঁলোকে মূচিয়া পাৰ হৈ ত্রোৱা নগৰলৈ গুচি গ’ল। নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।” পৌলে এই দর্শন পোৱাৰ পাছত আমি শীঘ্রেই মাকিদনিয়ালৈ যাবৰ কাৰণে প্রস্তুত হ’লো। কাৰণ, আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোক সকলৰ আগত শুভবার্তা প্রচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে।

পাঁচনি 16:29-31

তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল। তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্ৰাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?” তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব।”

পাঁচনি 17:2-4

পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম-বাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে। তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।” তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।

পাঁচনি 17:11

থিচলনীকিৰ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।

পাঁচনি 17:22-31

তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ। কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ। ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে। মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে। এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে। সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই। কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’ আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে। এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে। কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।

পাঁচনি 18:24-26

সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল। তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল। পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।

পাঁচনি 19:8-10

পাছত পৌল নাম-ঘৰলৈ গ’ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷ কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ’ল৷ তেওঁলোকে লোক সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁ তেওঁলোকক তাতে এৰি শিষ্য সকলক পৃথকে তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে। এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল, আৰু এচিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীক সকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে।

পাঁচনি 20:20-24

আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো, আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে। আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো; কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে। কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।

পাঁচনি 22:15

কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ’বা৷

পাঁচনি 23:11

তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”

পাঁচনি 26:16

এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পাছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ’বৰ বাবে তোমাক দাস ৰূপে মনোনীত কৰিবলৈ মই দর্শন দিলোঁ;

পাঁচনি 26:18

এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈআৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ৷’”

পাঁচনি 26:22-23

এনেতে ঈশ্ৱৰৰ পৰা উপকাৰ পাই, আজিলৈ থিৰে আছোঁ আৰু সকলোৰে সন্মূখত সাক্ষ্য দিছোঁ৷ সেই মহান জনাৰ বিষয়ে ক’বলৈ যাওতে ভাববাদী সকলে আৰু মোচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই; আৰু খ্ৰীষ্ট দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ক’লো৷”

পাঁচনি 28:30-31

পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷ তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্ৱৰৰ ৰাজ্য আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্রচাৰ কৰি থাকিল৷

ৰোমীয়া 1:8

প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷

ৰোমীয়া 1:14-16

গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷ এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ। কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।

ৰোমীয়া 5:8

কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।

ৰোমীয়া 6:23

কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।

ৰোমীয়া 10:9-13

কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব। কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।

ৰোমীয়া 10:14-15

এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”

ৰোমীয়া 10:16

কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?”

ৰোমীয়া 10:17-18

এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”

ৰোমীয়া 15:19

তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷

ৰোমীয়া 16:25-26

এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্রচাৰ কৰিলোঁ, সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷ সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদী সকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ’ল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনা-ইহুদী লোকৰ আগত জনোৱা হ’ল৷

1 কৰি 1:17-19

কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্ৰুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই। বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ। কাৰণ এইদৰে লিখা আছে: “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম; মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম”

1 কৰি 1:21-25

সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল। ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে। কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ। কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ। কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।

1 কৰি 2:1-5

হে প্রিয় ভাই আৰু ভনী সকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ। কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম। মই আপোনালোকৰ ওচৰত দূৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলোঁ। তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল, সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।

1 কৰি 2:6-9

তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়; কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল। এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন; কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,

1 কৰি 2:10-13

কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে; কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে; এনে কি, ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে। কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে। আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ। আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।

1 কৰি 2:14-16

কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়। কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়। “কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে।

1 কৰি 3:1-2

প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক’লো। মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে;

1 কৰি 3:6-9

মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো। যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব। কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ।

1 কৰি 3:10-15

ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়। কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল। এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব। আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।

1 কৰি 9:16

কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰোঁ; তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় ৷

1 কৰি 9:17-18

কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ, তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰোঁ৷ তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷

1 কৰি 9:19-22

যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷ ইহুদী সকলক জয় কৰিবৰ কাৰণে, ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হ’লো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হ’লো৷ বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হ’লোঁ৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ৷ দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ৷

1 কৰি 13:2-3

মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।

1 কৰি 15:1-2

হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে; আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।

1 কৰি 15:10-11

তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে। এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।

1 কৰি 15:36-37

হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে; আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;

2 কৰি 2:14-16

কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে। কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?

2 কৰি 2:17

কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।

2 কৰি 3:7-11

কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰৰ লিখনিৰে প্ৰমাণিত হ’ল, সেয়ে এনে প্ৰতাপযুক্ত হৈছিল যে, ইস্ৰায়েলৰ সন্তান সকলে মোচিৰ মূখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই প্ৰতাপ ক্ৰমান্বয়ে কমি গৈছিল, তেনেহলে আত্মাৰ পৰিচৰ্যা তাতকৈয়ো প্ৰতাপযুক্ত নহ’ব নে? কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি প্ৰতাপযুক্ত হয়, তেনেহলে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈয়ো অধিক প্ৰতাপযুক্ত হয়! কাৰণ এনে অতিৰিক্ত প্ৰতাপৰ কাৰণে এই বিষয়ে সেই প্ৰতাপযুক্ত পৰিচৰ্যাৰ গৌৰৱ নাইকিয়া হ’ল। কাৰণ লুপ্ত হৈ যোৱাটো যদি কান্তিযুক্ত, তেনেহলে সদায় থকাটো তাতকৈ অধিক প্ৰতাপযুক্ত।

2 কৰি 3:12

আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ,

2 কৰি 5:18-19

কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে; সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগত খনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে; আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে।

2 কৰি 5:20

এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!”

2 কৰি 6:2

কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্রাণৰ দিন৷

2 কৰি 6:3

সেই পৰিচৰ্যা পদ যেন কলঙ্কিত নহয়, এই কাৰণে আমি কোনো কথাত বিঘিনি নজন্মাও।

2 কৰি 7:10

কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্রাণলৈ মন-পালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে।

2 কৰি 9:6

কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।

2 কৰি 9:10

যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;

2 কৰি 10:16

অামি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবার্তাৰ প্ৰচাৰ কৰিব পাৰিম৷ আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৌৰৱ নকৰিম৷

2 কৰি 11:7

আপোনালোক বৰ হ’বলৈ, মই নিজকে সৰু কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা আপোনালোকৰ আগত প্ৰচাৰ কৰোঁতে, মই পাপ কৰিলোঁ নে?

গালাতীয়া 1:8-9

কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক। আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”

গালাতীয়া 1:10-11

মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ। ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়।

গালাতীয়া 2:20

মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।

গালাতীয়া 6:7-8

আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।

ইফিচীয়া 2:17

এই বাবেই খ্রীষ্টই আহি আপোনালোক যি সকল দূৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।

ইফিচীয়া 4:11-14

সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে। ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে। যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম। তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।

ইফিচীয়া 5:2

খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।

ইফিচীয়া 6:19-20

মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷ কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷

ফিলিপীয়া 1:14-18

আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহস কৰিছে। কোনো কোনোৱে ঈৰ্ষাৰে আৰু বিবাদেৰে আৰু কোনো কোনোৱে সদ্ভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে৷ এভাগে প্ৰেমৰ কাৰণে ঘোষণা কৰে, ইয়াৰ চিন স্বৰূপে মই শুভবাৰ্তাৰ পক্ষত উত্তৰ দিবলৈ নিযুক্ত হৈছোঁ বুলি জানিছোঁ। কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীন ভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে, তেখেত সকলে শুদ্ধ ভাবেৰে নহয়, কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে। তাতেই বা কি হ’ল? কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে; ইয়াতে মই আনন্দহে কৰিছোঁ, আৰু আনন্দ কৰি থাকিম।

কলচীয়া 1:23-28

আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷ এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ। সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰীবাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ৷ সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে; ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷ সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷

কলচীয়া 3:24

আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে৷ আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱাকৰ্ম কৰক।

কলচীয়া 4:3-6

আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে খ্ৰীষ্টৰ যি নিগূঢ়-তত্বৰ কাৰণে অামি বন্ধ হৈ আছোঁ; সেই নিগূঢ়-তত্ব ক’বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্যৰ দুৱাৰ মেলি দিয়ে৷ আৰু প্ৰাৰ্থনা কৰক যাতে, মই যি দৰে কোৱা উচিত, সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ৷ বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব। আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আস্বাদযুক্ত লোণৰদৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন আপোনালোকে জানি লওঁক৷

1 থিচলনীকীয়া 1:5-6

কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল। বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’ল।

1 থিচলনীকীয়া 2:2-9

আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ। কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অশুচিতামূলক উদ্দেশ্যৰ পৰাওঁ নহয় বা ছলনাযুক্ত নহয়; কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী। আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷ মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও আপোনালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ। এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়। ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।

2 থিচলনীকীয়া 1:10

সেইদিনা যীচু যেতিয়া নিজৰ পবিত্ৰ লোক সকলৰ দ্বাৰা মহিমাম্বিত হবলৈ আহিব, তেতিয়া বিশ্বাস কৰা সকলোৱে আচৰিত হ’ব; আপোনালোকো সেই বিশ্বাসী সকলৰ মাজত আছে, কাৰণ আপোনালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰিলে।

2 থিচলনীকীয়া 2:14-15

আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হয়। এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।

1 তীমথিয় 6:12

বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷

2 তীমথিয় 1:8-12

এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা, কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে; সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে। এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।

2 তীমথিয় 2:2

আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।

2 তীমথিয় 2:10-12

এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ। এই কথা বিশ্বাসযোগ্য: “আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হম। আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷

2 তীমথিয় 2:14-16

তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে। তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুনহবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা। কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷

2 তীমথিয় 4:2-5

তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা। কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব। তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব। কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।

2 তীমথিয় 4:17

কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ।

তীত 2:11

কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;

ফিলীমন 1:6-8

তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ। হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল। গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে,

ইব্ৰী 4:1-3

এতেকে, আমি সতর্ক হ’ব লাগে যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়। ইস্ৰায়েলৰ লোক সকলৰ আগত যেনেকৈ ঈশ্বৰৰ বিশ্রামৰ বিষয়ে শুভবার্তা ঘোষণা কৰা হৈছিল, তেনেকৈ আমাৰ আগতো কৰা হৈছে। কিন্তু, সেই শুভবাৰ্তাৰ শিক্ষা শুনিও তেওঁলোকৰ কোনো লাভ নহ’ল; কাৰণ তেওঁলোকে সেইবোৰ শুনি বিশ্বাসেৰে গ্রহণ নকৰিলে। আমি যি সকলে বিশ্বাস কৰিছোঁ, আমিয়ে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ সক্ষম; যি দৰে কোৱা হৈছে: “মই ক্রুদ্ধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” যদিও জগতৰ আৰম্ভণীৰ পৰাই সৃষ্টি কার্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল।

ইব্ৰী 4:12-13

কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা। সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।

ইব্ৰী 10:35

এতেকে আপোনালোকে সাহস নেহেৰুৱাব, সেই সাহসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷

ইব্ৰী 11:6

কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।

যাকোব 1:5

কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।

যাকোব 1:26

কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।

যাকোব 5:19-20

হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে, তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷

1 পিতৰ 1:12

এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷

1 পিতৰ 1:23-25

কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে। কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে; কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।

1 পিতৰ 2:2-3

নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্রাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক, যদিহে আপোনালোকে প্ৰভু স্নেহশীল বুলি আস্বাদ পালে৷

1 পিতৰ 2:7-8

এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল, আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।

1 পিতৰ 2:9

কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে

1 পিতৰ 3:15-16

ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷ যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।

2 পিতৰ 1:16

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমণ সম্বন্ধে আপোনালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্প-কথা কোৱা নাছিলো। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলোঁ।

2 পিতৰ 3:9

প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷

1 যোহন 1:9

কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।

1 যোহন 3:9-10

যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল। ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।

1 যোহন 4:6

আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।

1 যোহন 5:9-11

আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই। সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।

প্ৰকাশিত বাক্য 1:2

যোহনে ঈশ্বৰৰ বাক্য আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে, অৰ্থাৎ যি যি দৰ্শন পালে, সেই সকলোৰে বিষয়ে সাক্ষ্য দিলে।

প্ৰকাশিত বাক্য 3:20

চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ৷ কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহলে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম, আৰু তেৱোঁ মোৰে সৈতে ভোজন কৰিব।

প্ৰকাশিত বাক্য 7:10

আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্রাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ-পোৱালিৰ।”

প্ৰকাশিত বাক্য 11:3-6

মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।” তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ। তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব। তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।

প্ৰকাশিত বাক্য 11:7-11

তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব। তাতে চদোম আৰু মিচৰ এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্রুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব। নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব। আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল। চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল।

প্ৰকাশিত বাক্য 12:11

তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।

প্ৰকাশিত বাক্য 12:17

তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰি বলৈ গ’ল৷ তেতিয়া সেই ড্ৰেগন গৈ সমুদ্ৰৰ তীৰত থিয় হ’ল।

প্ৰকাশিত বাক্য 14:5

তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ’ল; তেওঁলোক নিৰ্দোষী।

প্ৰকাশিত বাক্য 19:1

এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷

প্ৰকাশিত বাক্য 19:9-10

পাছত দূত জনে মোক ক’লে, “তুমি এই কথা লিখা: মেৰ-পোৱালিৰ বিবাহৰ ভোজলৈ যি সকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য।” তেওঁ মোক পুনৰ ক’লে, “এইবোৰ ঈশ্বৰৰ সত্য বাক্য।” তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”

প্ৰকাশিত বাক্য 20:4

পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।

প্ৰকাশিত বাক্য 22:12

“চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷

Assamese - অসমীয়া - AS

ASIRV'19 - Assamese Indian Revised Version - 2019

This Bible text is from Assamese Indian Revised Version IRV 2019
https://open.bible/bibles/assamese-bridge-text-bible/
provided by: Bridge Connectivity Solutions Pvt Ltd, available by Creative Commons CC-BY-SA-4.0,
and this new compilation is shared as www.creativecommons.org/licenses/by-sa/4.0.
Languages are made available to you by www.ipedge.net