26 – চৰকাৰ

এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: চৰকাৰ.

শীৰ্ষ 3 টা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ

2 ৰাজা 21:16

তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

গীত 2:1-4

কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।

প্ৰকাশিত বাক্য 11:15-18

পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”। আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি, তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা। আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”

কেনোনিকেল ক্ৰমৰ প্ৰতিটো শ্লোক – 419 পাঠাংশ

আদি 2:7

ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।

আদি 9:6

ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;

আদি 10:32

এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।

আদি 11:1-9

সেই সময়ত গোটেই পৃথিৱীৰ মানুহে কেৱল এটা ভাষাতে কথা কৈছিল। পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে। তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক।” এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে। তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।” আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল। যিহোৱাই কৈছিল, “এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব। গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।” এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে। এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।

আদি 12:2

মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।

আদি 35:11

ঈশ্বৰে তেওঁক আৰু ক’লে, “ময়েই সৰ্ব্বশক্তিমান ঈশ্বৰ; তুমি বহুবংশ হৈ বাঢ়ি বাঢ়ি যোৱা; তোমাৰ পৰা এক জাতি, এনে কি, জাতি সমূহৰ এক সমাজ গঠন হ’ব; তোমাৰ বংশত অনেক ৰজাসকলৰ জন্ম হ’ব।

আদি 41:40-44

তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ’ব লাগে; মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব; কেৱল সিংহাসনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ’ম।” ফৰৌণে যোচেফক পুনৰ ক’লে, “চোৱা, গোটেই মিচৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ।” পাছত ফৰৌণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙঠি সোলোকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি শণ সূতাৰ কাপোৰ পিন্ধাই, ডিঙিত সোণৰ অলঙ্কাৰও দিলে। তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে। ফৰৌণে যোচেফক ক’লে, “মই ফৰৌণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিচৰ দেশত কোনেও হাত, ভৰি লৰচৰ কৰিব নোৱাৰিব।”

যাত্ৰা 7:10-13

তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল। তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে। তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।

যাত্ৰা 11:4-8

মোচিয়ে ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই মাজ নিশামানত মিচৰ দেশৰ মাজেৰে যাম। তেতিয়া মিচৰ দেশৰ সকলো প্রথম পুত্রৰ মৃত্যু হ’ব। সিংহাসনত বহা ৰজা ফৰৌণৰ প্রথম পুত্ৰৰ পৰা জাঁত ঘৰুৱা দাসীৰ প্রথম পুত্রলৈকে, আৰু মিচৰ দেশত থকা সকলো প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ’ব। তেতিয়া সমগ্র মিচৰ দেশত এনে ক্ৰন্দন হ’ব যে, তেনে ক্রন্দন কেতিয়াও হোৱা নাছিল, আৰু পুনৰ কেতিয়াও নহ’ব। কিন্তু যিহোৱাই যে মিচৰীয়া আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’ ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।

যাত্ৰা 12:29-30

মাজ নিশা সিংহাসনত বহা ফৰৌণৰ জেষ্ঠ পুত্ৰৰ পৰা বন্দীশালত থকা লোকৰ বৰ পুত্ৰলৈকে মিচৰ দেশত প্ৰথমে জন্মা সকলোলোক আৰু পশুবোৰৰ প্ৰথমে জন্মাবোৰকো আক্ৰমণ কৰিলে। সেয়ে ফৰৌণ, তেওঁৰ দাসবোৰ আৰু মিচৰৰ সকলোলোক ৰাতিয়েই উঠিল। মিচৰত সেয়ে মহাক্ৰন্দন হ’ল; কাৰণ এনে এটা ঘৰ নাছিল য’ত প্ৰথমা জন্মা পুএৰ মৃত্যু হোৱা নাছিল।

যাত্ৰা 15:18

যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।”

যাত্ৰা 18:19-22

মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা। তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা। তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা। তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।

যাত্ৰা 18:25-26

মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে। তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।

যাত্ৰা 19:6-7

মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।” সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে।

যাত্ৰা 22:28

তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা।

লেবীয়া 18:24-28

তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ’ল। আৰু সেই দেশখনো অশুচি হ’ল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো আৰু সেই দেশে নিজ নিবাসীসকলক বতিয়াই পেলালে। এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশীয়েই হওঁক, তোমালোকে সেই সকলো ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা। কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল। কিয়নো সাৱধান, তোমালোকে সেই দেশ অশুচি কৰিলে, তোমালোকৰ পূৰ্বে থকা সেই জাতিক বতিয়াই পেলোৱাৰ নিচিনাকৈ, সেই দেশে তোমালোককো বতিয়াই পেলাব।

লেবীয়া 20:22-24

এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ সন্মূখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি-নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত, মই তেওঁলোকক ঘিণ কৰিলোঁ। কিন্তু মই তোমালোকক ক’লোঁ, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌ-জোল বৈ থকা দেশ দিম। আন জাতি সমূহৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।

লেবীয়া 26:46

চীনয় পৰ্ব্বতত যিহোৱাই মোচিৰ দ্বাৰাই নিজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত এইবোৰ বিধি, শাসন-প্ৰণালী আৰু ব্যৱস্থা স্থাপন কৰিলে।

দ্বি.বি. 17:14-17

আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া ক’ব, “মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে মইও মোৰ ওপৰত এজন ৰজা পাতোঁ।” তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি জনক মনোনীত কৰিব, সেইজনকেই আপোনালোকৰ ওপৰত ৰজা পাতিব। আপোনালোকৰ নিজৰ ভাইসকলৰ মাজৰ পৰা এজনক বাচি লৈ আপোনালোকৰ ওপৰত ৰজা পাতিব। যি জন আপোনালোকৰ ভাই নহয়, এনে অনা-ইহুদী লোকক আপোনালোকৰ ওপৰত ৰজা পাতিব নোৱাৰিব। কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব, বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰায় মিচৰলৈ নপঠাব। কিয়নো যিহোৱাই আপোনালোকক কৈছিল, ইয়াৰ পাছত “আপোনালোকে সেই বাটেদি পুনৰায় উলটি নাযাব।” আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।

দ্বি.বি. 17:18-20

যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব, তেতিয়া তেওঁ নিশ্চয়কৈ লেবীয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থব। ইস্রায়েলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তান সকল দীৰ্ঘজীৱি হবৰ কাৰণে তেওঁ যেন ভাইসকলৰ সন্মুখত অহংকাৰ নকৰে আৰু এই আজ্ঞাৰ সোঁ কি বাওঁফালে যেন নুঘুৰে। এই কাৰণে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য, আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।

দ্বি.বি. 32:8

সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।

বিচাৰ 8:22-23

পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।” তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”

বিচাৰ 17:6

সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল; সেয়ে যেয়ে যিহকে উচিত দেখিছিল, তেওঁ তাকেই কৰিছিল।

1 চমূ 8:1-3

চমূৱেল বৃদ্ধ হোৱাৰ পাছত, তেওঁৰ পুত্ৰ সকলক ইস্ৰায়েলৰ ওপৰত তেওঁ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে। তেওঁৰ প্ৰথম পুত্ৰৰ নাম যোৱেল, দ্বিতীয় পুত্ৰৰ নাম অবিয়া আছিল; তেওঁলোকে বেৰ-চেবাত বিচাৰ কৰিছিল। তেওঁৰ পুত্ৰসকল পিতৃৰ পথত চলা নাছিল, কিন্তু অসৎ পথত চলিছিল। তেওঁলোকে ভেটী খাই অন্যায় বিচাৰ কৰিছিল৷

1 চমূ 8:6-7

যি সময়ত তেওঁলোকে কৈছিল, “আমাৰ বিচাৰ কৰিবলৈ আমাক এজন ৰজা দিয়ক” সেই সময়ত চমূৱেলে অসন্তুষ্ট হৈ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে৷ যিহোৱাই চমূৱেলক ক’লে, “এইলোক সকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা; কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে, এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আশয়েৰে মোকেই অগ্ৰাহ্য কৰিলে।

1 চমূ 8:9-18

সেয়েহে, এতিয়া সিহঁতৰ কথা শুনা; কিন্তু নম্ৰভাৱে সিহঁতক সাৱধান কৰা আৰু সিহঁতৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, সেই ৰজাৰ নিয়ম প্ৰণালী সিহঁতক বুজাই দিয়া।” তাৰ পাছত যি লোকসকলে চমূৱেলক ৰজা খুজিছিল, তেওঁলোকৰ আগত তেওঁ যিহোৱাৰ সেই সকলো কথা জনালে। আৰু ক’লে, “তোমালোকৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব তেওঁৰ নিয়ম প্ৰণালী এইদৰে হ’ব; তোমালোকৰ পুত্ৰ সকলক নিজৰ ৰথ আৰু ঘোঁৰাৰ ওপৰত নিযুক্ত কৰিব, আৰু সিহঁত তেওঁৰ ৰথৰ আগে আগে দৌৰি যাব; আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি পঞ্চাশপতি পাতিব; আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ, আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্ত কৰি ল’ব। তেওঁ আপোনালোকৰ জীয়ৰী সকলকো সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ, ৰান্ধিবলৈ, আৰু চুলাত সেকি খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব। তেওঁ উত্তম শস্যক্ষেত্ৰ, দ্ৰাক্ষাবাৰী, আৰু জিত গছৰ বাগিছাবোৰ তোমালোকৰ পৰা লৈ নিজ দাস সকলক দিব। তোমালোকৰ শস্যৰ আৰু দ্ৰাক্ষাবাৰীৰ ফলৰ দহ ভাগৰ এভাগ লৈ নিজৰ কৰ্মচাৰী আৰু দাস সকলক দিব। তেওঁ তোমালোকৰ পুৰুষ আৰু মহিলা দাস সকলক ল’ব আৰু সকলোতকৈ উত্তম ডেকা পুৰুষসকলক আৰু গাধবোৰকো লৈ নিজৰ কামত লগাব। তেওঁ তোমালোকৰ মেৰ-ছাগ আৰু ছাগলীবোৰৰ দহ ভাগৰ এভাগ ল’ব; আৰু তোমালোক তেওঁৰ বন্দী হ’বা। সেই দিনা তোমালোকে নিজে মনোনীত কৰি লোৱা ৰজাৰ কাৰণে কান্দিবা; কিন্তু যিহোৱাই সেইদিনা তোমালোকক উত্তৰ নিদিব।”

1 চমূ 8:19-20

কিন্তু লোকসকলে চমূৱেলৰ কথা নামানিলে; তেওঁলোকে তেওঁক ক’লে, “নহয় নহয়! আমাৰ ওপৰত এজন ৰজা হবই লাগিব। আমি আন জাতিৰ দৰে হ’বলৈ, আমাৰ বিচাৰ কৰিবলৈ আৰু আমাৰ আগে আগে গৈ আমাৰ পক্ষে যুদ্ধ কৰিবলৈ, আমাক এজন ৰজা লাগে।”

1 চমূ 9:17

যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”

1 চমূ 10:1

তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?

1 চমূ 10:19

কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”

1 চমূ 10:24-25

তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱি হওঁক!” তাৰ পাছত চমূৱেলে লোকসকলৰ আগত ৰাজ্যৰ ৰীতি-নীতি ব্যাখ্যা কৰিলে, আৰু এখন পুস্তকত এই সকলো লিখি যিহোৱাৰ সন্মুখত ৰাখিলে। তাৰ পাছত চমূৱেলে লোকসকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিলে।

1 চমূ 10:26-27

চৌলেও নিজৰ ঘৰ গিবিয়ালৈ গ’ল; আৰু ঈশ্বৰে যিসকলৰ হৃদয় স্পৰ্শ কৰিলে, এনে কেইজন মান শক্তিমান পুৰুষ তেওঁৰ লগত গ’ল। কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।

1 চমূ 11:6-7

সেই বাতৰি শুনাৰ লগে লগে ঈশ্বৰৰ আত্মাই চৌলত স্থিতি ল’লে আৰু তেওঁৰ অতিৰিক্ত খং উঠিল। তেওঁ বলধ গৰুৰ পৰা যুৱঁলী ডাল আতৰালে আৰু ডোখৰ ডোখৰ কৰি কাটি বাৰ্তাবাহকৰ দ্বাৰাই ইস্ৰায়েল দেশৰ চাৰিওফালে পঠিয়াই দিলে। তেওঁ ক’লে, “যিসকলে চৌল আৰু চমূৱেলৰ পাছত ওলাই নাহে, তেওঁলোকৰ বলধ গৰুবোৰলৈকো এইদৰে কৰা হ’ব।” তাতে যিহোৱাৰ ভয়ত লোক সকল এজন মানুহৰ দৰে একেলগে বাহিৰলৈ ওলাই আহিল।

1 চমূ 11:12

সেয়ে লোকসকলে চমূৱেলক ক’লে, “চৌল আমাৰ ওপৰত ৰজা হ’বনে বুলি কোৱা লোকসকল কোন?’ সেই মানুহসকলক আনা, “আমি তেওঁলোকক প্ৰাণদণ্ড দিওঁ।”

1 চমূ 11:15

তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে যিহোৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে; সেই ঠাইতে চৌল আৰু ইস্ৰায়েলৰ সকলো লোক আনন্দত উল্লাসিত হ’ল।

1 চমূ 12:12-15

অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’। তোমালোকে মনোনীত কৰা আৰু তোমালোকে বিচাৰা ৰজা এইজন; যিহোৱাই তোমালোকৰ কাৰণে ৰজা নিযুক্ত কৰি দিলে। তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা। কিন্তু যদি তোমালোকে যিহোৱাৰ বাক্য পালন নকৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰা, তেন্তে, যিহোৱাৰ হাত যেনেকৈ তোমালোকৰ ওপৰ পিতৃসকলৰ বিৰুদ্ধে আছিল তেনেকৈ তোমালোকৰো বিৰুদ্ধে হ’ব।

1 চমূ 12:19-20

তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰণে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।” চমূৱেলে উত্তৰ দি ক’লে, ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।

1 চমূ 12:25

কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।

1 চমূ 13:8-14

চমূৱেলে নিৰূপন কৰাৰ দৰে চৌলে সাতদিন অপেক্ষা কৰিলে; কিন্তু চমূৱেল হ’লে গিলগললৈ নাহিল আৰু লোকসকল চৌলৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল। চৌলে ক’লে, “মোৰ ওচৰলৈ হোম-বলি আৰু মঙ্গলাৰ্থক বলিবোৰ আনা।” তাৰ পাছত তেওঁ হোমবলি উৎসৰ্গ কৰিলে। হোমবলি উৎসৰ্গ কৰাৰ পাছত চমূৱেল আহি পালেহি; তাতে চৌলে তেওঁক মঙ্গলবাদ কৰিবলৈ আগবাঢ়ি গ’ল। চমূৱেলে ক’লে, “তুমি কি কৰিলা?” চৌলে ক’লে, “মই যেতিয়া দেখিলোঁ লোকসকল মোৰ পৰা ছিন্ন-ভিন্ন হৈ গৈছে আৰু আপুনি নিৰূপিত সময়ত আহি পোৱা নাই, আনফালে পলেষ্টীয়াসকল আহি মিকমচত গোট খাই আছে; তেতিয়া মই কলোঁ, পলেষ্টীয়াসকল এতিয়া মোৰ বিৰুদ্ধে গিলগললৈ নামি আহিছে, আৰু মই যিহোৱাৰ দয়া নিবিছাৰিলোঁ। সেই কাৰণে মই সাহস কৰি হোম-বলি উৎসৰ্গ কৰিলোঁ।” সেয়ে চমূৱেলে চৌলক ক’লে, “তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি আজ্ঞা দিছিল, তাক পালন নকৰিলা। কৰা হ’লে যিহোৱাই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলহেঁতেন। কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ’ব। যিহোৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্ত কৰিব কাৰণ যিহোৱাই তোমাক যি আজ্ঞা কৰিছিল, তুমি সেয়া পালন নকৰিলা।”

1 চমূ 15:22-23

চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম। কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”

1 চমূ 15:24-26

তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলোঁ; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ। এতিয়া, মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘুৰি আহক যাতে মই যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।” চমূৱেলে চৌলক ক’লে, “মই তোমাৰ লগত ঘুৰি নাযাওঁ; কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহোৱায়ো তোমাক ইস্ৰায়েলৰ ওপৰত হোৱা ৰজাপদৰ পৰা অগ্ৰাহ্য কৰিলে।”

1 চমূ 16:13

তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।

1 চমূ 24:5-8

তাৰ পাছত দায়ূদৰ হৃদয় ব্যাকুল হ’ল কাৰণ তেওঁ চৌলৰ চোলাৰ এডোখৰ কাটি লৈছিল। তেওঁ তেওঁৰ লোকসকলক ক’লে, “যিহোৱাৰ অভিষিক্ত মোৰ প্ৰভুলৈ এনে কাম কৰিবলৈ, তেওঁৰ বিৰুদ্ধে হাত দাঙিবলৈ যিহোৱাই মোক নিষেধ কৰক; কিয়নো তেওঁ যিহোৱাৰ অভিষিক্ত লোক।” এই কথাৰে দায়ূদে তেওঁৰ লোকসকলক চৌলৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ বাধা দিলে। তাৰ পাছত চৌল গুহাৰ পৰা ওলাই নিজ বাটেদি গুচি গ’ল। দায়ূদেও গুহাৰ পৰা বাহিৰ ওলাই, “হে মোৰ প্ৰভু মহাৰাজ,” এই বুলি চৌলক ৰিঙিয়াই মাতিলে। যেতিয়া চৌলে তেওঁলৈ ঘূৰি চালে তেতিয়া দায়ূদে মাটিলৈ তল মূৰ কৰি প্ৰণিপাত কৰিলে আৰু তেওঁক সন্মান দিলে।

1 চমূ 24:20-22

এতিয়া মই জানিছোঁ যে, তুমি নিশ্চয় ৰজা হ’বা, আৰু ইস্ৰায়েলৰ ৰাজ্য তোমাৰ হাতত স্থাপন কৰা হ’ব।” সেয়ে তুমি মোৰ পাছত মোৰ বংশ উচ্ছন্ন নকৰিবলৈ, আৰু মোৰ পিতৃ বংশৰ পৰা মোৰ নামো লুপ্ত নকৰিবলৈ যিহোৱাৰ নামেৰে মোৰ আগত শপত খোৱা। তাতে দায়ূদে চৌলৰ আগত শপত খালে। তাৰ পাছত চৌল নিজৰ ঘৰলৈ গ’ল, কিন্তু দায়ুদ আৰু তেওঁৰ লোকসকল দুৰ্গলৈ গ’ল।

1 চমূ 26:9-12

দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?” দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব। মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।” এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।

2 চমূ 1:14-16

দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?” দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল। তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”

2 চমূ 2:4

তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”

2 চমূ 7:12-17

তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম। মোৰ নামৰ কাৰণে তেওঁহে এটা গৃহ নিৰ্ম্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম। মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্য সন্তান সকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷ কিন্তু মই যি জনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব। আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব৷ তোমাৰ সিংহাসন চিৰস্থায়ী হ’ব’।” এই সকলো বাক্য আৰু এই গোটেই দৰ্শন অনুসাৰে নাথনে দায়ূদক ক’লে।

2 চমূ 8:15

এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।

2 চমূ 23:3

ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,

1 ৰাজা 1:23

তেতিয়া দাসবোৰে ৰজাক ক’লে, “চাওঁক, নাথন ভাববাদী আহিছে।” পাছত ভাববাদী নাথন ৰজাৰ সন্মূখলৈ গ’ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে।

1 ৰাজা 1:39-40

পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱি হওক!” তাৰ পাছত সকলো লোক তেওঁৰ পাছে পাছে উঠি আহিল আৰু লোক সকলে এনেদৰে বাঁহী বজালে আৰু মহা আনন্দ কৰিলে যে, তাৰ শব্দত পৃথিৱী কপিঁ উঠিল।

1 ৰাজা 3:3-4

চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল। পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।

1 ৰাজা 3:5-14

গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।” তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে। এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো। আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা। এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?” চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে। তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা, এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব। ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব। তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”

1 ৰাজা 8:22-23

চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হৈ স্বৰ্গৰ ফাললৈ হাত মেলিলে। তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; আৰু সকলো হৃদয়েৰে তোমাৰ আগত আচৰণ কৰোঁতা তোমাৰ দাস সকললৈ, আপুনি দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা;

1 ৰাজা 10:23

এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল।

1 ৰাজা 11:1-8

সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷ যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল। চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল। কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল। কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷ এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল। সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল। তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷

1 ৰাজা 11:9-11

যিহোৱা চলোমনৰ ওপৰত ক্ৰুদ্ধ হ’ল, কিয়নো তেওঁৰ মন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পৰা অপথে গ’ল, যদিও তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল, আৰু যি বিষয়ে তেওঁক আজ্ঞা দি অন্য দেৱতাবোৰৰ পাছত যাবলৈ বাধা দিছিল; কিন্তু যিহোৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে। সেই কাৰণে যিহোৱাই চলোমনক ক’লে, “কিয়নো তুমি এনে কর্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম-চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেই বাবে মই নিশ্চয়ে তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম।

1 ৰাজা 12:12-14

পাছত “তৃতীয় দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি কৰি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল। তেতিয়া ৰজাই লোকসকলক টান শব্দৰ কথাৰে উত্তৰ দিলে আৰু তেওঁক বৃদ্ধলোক সকলে দিয়া পৰামৰ্শবোৰ তেওঁ অৱজ্ঞা কৰিলে৷ সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক এই কথা ক’লে, “মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধুৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম৷”

1 ৰাজা 12:31-32

যাৰবিয়ামে পবিত্ৰ ঠাইবোৰত মন্দিৰ সাজিলে; আৰু যিসকল লেবীৰ সন্তান নাছিল, সেই লোকসকলৰ মাজৰ পৰাও পুৰোহিত পাতিলে। পাছত যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ দৰে এক উৎসৱ পাতি যজ্ঞবেদীলৈ উঠি গ’ল৷ তেওঁ বৈৎএলত এই দৰে কৰিলে আৰু নিজে নিৰ্ম্মাণ কৰা দামুৰি দুটাৰ আগত বলি উৎসৰ্গ কৰিলে আৰু বৈৎএলত নিজে সজা পবিত্ৰ ঠাইবোৰত পুৰোহিতসকলক ৰাখিলে।

1 ৰাজা 13:4-5

যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে। আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।

1 ৰাজা 13:33-34

এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল। এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।

1 ৰাজা 14:9-10

কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা। এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷

1 ৰাজা 14:16

যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”

1 ৰাজা 15:1-3

নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷ তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; অবীচালোমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল। তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।

1 ৰাজা 15:11-14

আচাই তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকেই কৰিছিল। তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে। আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে। কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷

1 ৰাজা 15:25-26

যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল। তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।

1 ৰাজা 15:30

যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।

1 ৰাজা 15:33-34

যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাচাই তিৰ্চাত গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ ছাবিশ বছৰলৈ ৰাজত্ব কৰিছিল। তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু যাৰবিয়ামৰ পথত চলি, যাৰবিয়ামে যি পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেৱোঁ চলিছিল।

1 ৰাজা 16:4

বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”

1 ৰাজা 16:7

হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷

1 ৰাজা 16:12-13

এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে। বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।

1 ৰাজা 16:18-19

যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে। তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।

1 ৰাজা 16:25-26

কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল। কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷

1 ৰাজা 16:30-33

তেওঁৰ পূর্বে যিসকল লোক আছিল, সেই সকলোতকৈ অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁ চমৰিয়াত নিৰ্মাণ কৰা বালৰ গৃহত বালৰ কাৰণে এটা যজ্ঞবেদীও স্থাপন কৰিলে। তাতে আহাবে এটা আচেৰা মূৰ্তি সাজিলে। এইদৰে ইস্ৰায়েলৰ পূৰ্বৰ সকলো ৰজাতকৈ তেওঁ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাবলৈ অধিক কাৰ্য কৰিলে।

1 ৰাজা 18:4

কিয়নো যি সময়ত ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰি আছিল, সেই সময়ত ওবদিয়াই এশ ভাববাদীক লৈ পঞ্চাশজন পঞ্চাশজনকৈ গুহাত লুকুৱাই ৰাখি, অন্ন-জল দি তেওঁলোকক প্ৰতিপালন কৰিছিল।

1 ৰাজা 18:17-19

যেতিয়া আহাবে এলিয়াক দেখিলে তেতিয়া তেওঁ ক’লে, “ইস্ৰায়েলক দুখ দিয়া লোকজন তুমি হয় নে?” এলিয়াই উত্তৰ দি ক’লে, “মই ইস্ৰায়েলক দুখ দিয়া নাই, কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশইহে দুখ দিছা, তোমালোকে যিহোৱাৰ আজ্ঞা ত্যাগ কৰিলা আৰু বাল দেৱতাৰ মুৰ্ত্তিবোৰৰ পাছত চলি আছা। এতিয়া তুমি মানুহ পঠিয়াই, ইস্ৰায়েলৰ সকলো লোকৰ লগতে ঈজেবলৰ মেজত ভোজন কৰোঁতা বালৰ চাৰিশ পঞ্চাশজন ভাববাদী আৰু সেই আচেৰাৰ চাৰিশ ভাববাদীক এতিয়াই কৰ্মিল পৰ্বতত মোৰ ওচৰত এক গোট কৰা।”

1 ৰাজা 19:1-2

পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে। তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”

1 ৰাজা 21:17-24

সেই সময়ত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে, “উঠা, চমৰিয়া-নিবাসী ইস্ৰায়েলৰ ৰজা আহাবৰ লগত সাক্ষ্য কৰিবলৈ যোৱা। তেওঁ নাবোতৰ দ্ৰাক্ষাবাৰীত আছে; তেওঁ তাক অধিকাৰ কৰিবলৈ সেই ঠাইলৈ গ’ল। তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।” তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ শত্ৰু, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা। যিহোৱাই তোমাক এই কথা কৈছে: মই তোমালৈ অমঙ্গল ঘটাম আৰু তোমাক সম্পূৰ্ণৰূপে ধংস কৰিম আৰু তোমাৰ সম্বন্ধীয়া প্ৰতিজন পুৰুষক বা ইস্ৰায়েলৰ মাজত বন্দী বা মুক্ত অৱস্থাত থকা দুয়োকে উচ্ছন্ন কৰিম। আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’ আৰু যিহোৱাই ঈজেবলৰ বিষয়েও কৈছে বোলে, ‘যিজ্ৰিয়েলৰ গড়ৰ কাষত ঈজেবলক কুকুৰবোৰে খাব।’ আহাবৰ বংশৰ যি জন লোকৰ যেতিয়া নগৰত মৃত্যু হ’ব- তেওঁক কুকুৰবোৰে খাব। আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”

1 ৰাজা 21:25-29

কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল। আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে। যেতিয়া আহাবে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত চট কাপোৰ পিন্ধি লঘোন দিলে আৰু চটত শয়ন কৰি অতি দুখী হ’ল। পাছত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে, “আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”

1 ৰাজা 22:38-39

পাছত লোকসকলে চমৰিয়াৰ পুখুৰীৰ পাৰত তেওঁৰ ৰথ ধুই থাকোতে, যিহোৱাৰ বাক্য অনুসাৰে, কুকুৰবোৰে তেওঁৰ সেই তেজ চেলেকি খালে; এইটোৱেই সেই ঠাই, য’ত বেশ্যাবোৰে গা ধুইছিল। আহাবৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁৰ সকলো কাৰ্য, তেওঁ নিৰ্ম্মাণ কৰা হাতী দাঁতৰ গৃহৰ আৰু তেওঁ সজা আটাই নগৰবোৰৰ কথা জানো ইস্ৰায়েলৰ ইতিহাস পুস্তকখনত লিখা নাই?

1 ৰাজা 22:43-44

যিহোচাফটে নিজ পিতৃ আচাৰ পথত চলিলে; তেওঁ সেইবোৰৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিলে। তথাপি পবিত্র ঠাইবোৰ গুচুউৱা হোৱা নাছিল; লোকসকলে তেতিয়াও সেই পবিত্ৰ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল। ইস্ৰায়েলৰ ৰজাৰ লগত যিহোচাফট মিলেৰে আছিল।

1 ৰাজা 22:51-53

যিহূদাৰ যিহোচাফট ৰজাৰ ৰাজত্ৱৰ সপ্তদশ বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল। তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁ নিজ পিতৃ-মাতৃৰ পথত আৰু নবাটৰ পুত্র যাৰবিয়ামে যিদৰে ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল, সেই পথতে চলিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ উত্তেজিত কৰিবলৈ, তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে, আৰু তাক পূজাও কৰিলে।

2 ৰাজা 1:16-17

তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।” যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।

2 ৰাজা 3:1-3

যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে। যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল। তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।

2 ৰাজা 8:16-18

যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে। তেওঁ যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বত্ৰিশ বছৰ আৰু তেওঁ আঠ বছৰ ধৰি যিৰূচালেমত ৰাজত্ব কৰিছিল। যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।

2 ৰাজা 8:26-27

অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক। অহজিয়াই আহাবৰ বংশৰ লোকসকলৰ পথত চলিলে আৰু তেওঁলোকৰ দৰেই কার্য কৰি যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে; কিয়নো অহজিয়া আহাবৰ বংশৰ জোঁৱায়েক আছিল।

2 ৰাজা 9:5-8

সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।” তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ। তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ। আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।

2 ৰাজা 9:30-37

তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে। যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?” তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে। যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে; তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।” লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে। সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব, আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”

2 ৰাজা 10:18-24

তাৰ পাছত যেহূৱে সকলো লোকক গোটাই তেওঁলোকক ক’লে, “আহাবে বাল দেৱতাক সামান্য ভাৱে পূজা কৰিলে; কিন্তু যেহূৱে তেওঁৰ পূজা অধিক বেছিকৈ কৰিব। এতিয়া বাল দেৱতাৰ সকলো ভাববাদী, উপাসক আৰু পুৰোহিতসকলক মোৰ ওচৰলৈ মাতি আনক। চাব যেন কোনো নহাকৈ নাথাকে, কিয়নো বাল দেৱতাৰ উদ্দেশ্যে মই এক মহাবলি উৎসর্গ কৰিব লাগিব। কোনোবা যদি নাহে, তেন্তে তেওঁ জীয়াই নাথাকিব।” কিন্তু আচলতে যেহূৱে বাল দেৱতাৰ উপাসকসকলক বিনষ্ট কৰাৰ আশয়েৰে এই ছলনা কৰিলে। যেহূৱে আজ্ঞা দিলে, “বাল দেৱতাৰ উদ্দেশ্যে এটা দিন ঠিক কৰি এক পবিত্ৰ মহাসভাৰ ঘোষণা কৰা।” সেই লোকসকলে সেই কথা প্রচাৰ কৰিলে। যেহূৱে তেতিয়া ইস্ৰায়েলৰ সকলো ঠাইলৈ এই বার্তা পঠাই দিলে। তাতে বাল দেৱতাৰ সকলো উপাসক আহি উপস্থিত হ’ল। কোনোৱে নহাকৈ নাথাকিল। তেওঁলোক বাল দেৱতাৰ মন্দিৰত সোমোৱাৰ পাছত মন্দিৰৰ ইমুৰৰ পৰা সিমুৰলৈকে লোকেৰে ভৰি পৰিল। তেতিয়া যেহূৱে পুৰোহিতৰ পোছাক-ৰক্ষকজনক ক’লে, “বাল দেৱতাৰ উপাসকসকলৰ কাৰণে কাপোৰ লৈ আহা।” তাতে লোকজনে তেওঁলোকৰ কাৰণে কাপোৰ উলিয়াই আনিলে। তাৰ পাছত যেহূ আৰু ৰেখবৰ পুত্ৰ যিহোনাদব বাল দেৱতাৰ মন্দিৰত সোমাল। যেহূৱে বাল দেৱতাৰ উপাসকসকলক ক’লে, “আপোনালোকে ভালদৰে চাওঁক যাতে যিহোৱাৰ দাসবোৰৰ মাজৰ কোনো আপোনালোকৰ মাজত নাথাকে, কেৱল বাল দেৱতাৰহে উপাসকসকল থাকিব।” তেতিয়া তেওঁলোক বলি আৰু হোমবলি উৎসর্গ কৰিবলৈ ভিতৰলৈ সোমাই গ’ল। যেহূৱে বাহিৰত থিয় হৈ থকা আশী জন লোকক মনোনীত কৰি এই বুলি সাৱধান কৰি ক’লে, “মই তোমালোকৰ হাতত যিসকল লোকক আনি দিছোঁ, তেওঁলোকৰ এজনকো যদি কোনোৱে পলাই যাবলৈ দিয়ে তেন্তে সেই জনৰ প্ৰাণৰ সলনি, তেওঁৰে প্রাণ লোৱা হ’ব।”

2 ৰাজা 10:27

তাৰ পাছত তেওঁলোকে বাল দেৱতাৰ স্তম্ভ আৰু মন্দিৰটো ভাঙি পেলালে আৰু তাক পাইখানা ঘৰ হিচাবে ব্যৱহাৰ কৰিলে। ই আজিলৈকে আছে।

2 ৰাজা 10:31

তথাপি যেহূৱে নিজৰ সকলো চিত্তে সৈতে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলিবলৈ সাৱধান নহ’ল; যাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেইবোৰ পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।

2 ৰাজা 11:14

তেওঁ চাই দেখিলে যে, তাত ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে। শত-সেনাপতিসকল আৰু শিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে; সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু শিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!”

2 ৰাজা 12:2-3

পুৰোহিত যিহোয়াদাই পৰামর্শ দি থকাৰ কাৰণে যোৱাচে সকলো সময়তে যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল। কিন্তু ওখ ঠাইৰ প্রার্থনাৰ মঠবোৰ ধ্বংস কৰা নাছিল; লোকসকলে তেতিয়াও সেই ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।

2 ৰাজা 13:1-2

যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।

2 ৰাজা 13:10-11

যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল। তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।

2 ৰাজা 14:1-4

ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহোৱাদ্দন। তেওঁ যিৰূচালেম নগৰৰ বাসিন্দা আছিল। যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল; তথাপিও তেওঁৰ পূর্বপুৰুষ দায়ূদৰ নিচিনা নাছিল; তেওঁ তেওঁৰ পিতৃ যোৱাচৰ দৰে সকলো কৰ্ম কৰিছিল। কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোমবলি দিছিল আৰু ধূপ জ্বলাই আছিল।

2 ৰাজা 14:23-24

যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে। তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল।

2 ৰাজা 15:1-5

ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্ব কালৰ সাতাইশ বছৰত যিহূদাৰ ৰজা অমচিয়াৰ পুত্ৰ অজৰিয়া ৰজা হ’ল। তেওঁ ষোল্ল বছৰ বয়সত ৰজা হৈ যিৰূচালেমত বাৱন্ন বছৰ ধৰি ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিখলিয়া। তেওঁ যিৰূচালেমৰ বাসিন্দা আছিল। পিতৃ অমচিয়াৰ নিদর্শনেৰে তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল। কিন্তু, তেওঁ ওখ ঠাইৰ মঠবোৰ হ’লে আঁতৰ নকৰিলে। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল। পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।

2 ৰাজা 15:8-9

যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত যাৰবিয়ামৰ পুত্ৰ জখৰিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ ছমাহ ৰাজত্ব কৰিলে। তেওঁ তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া কার্য, তাকেই কৰিলে। নবাটৰ পুতেক যাৰবিয়ামে যি পাপবোৰৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেই সকলো পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।

2 ৰাজা 15:13-14

যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত যাবেচৰ পুত্ৰ চল্লুম ৰজা হ’ল আৰু তেওঁ চমৰিয়াত সম্পূৰ্ণ এমাহ ৰাজত্ব কৰিলে। পাছত গাদীৰ পুত্ৰ মনহেমে তিৰ্চাৰ পৰা চমৰিয়ালৈ গৈ যাবেচৰ পুত্ৰ চল্লুমক আক্রমণ কৰি তেওঁক বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।

2 ৰাজা 15:17-18

যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত গাদীৰ পুত্ৰ মনহেম ইস্রায়েলৰ ৰজা হ’ল। তেওঁ চমৰিয়াত দহ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কৰাইছিল, তেওঁৰ জীৱনকালত সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল।

2 ৰাজা 15:23-24

যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ পঞ্চাশ বছৰত মনহেমৰ পুত্ৰ পকহিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ দুবছৰ ৰাজত্ব কৰিলে। যিহোৱাৰ দৃষ্টিত যি বেয়া, পকহিয়াই তাকে কৰিলে। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰ হোৱা নাছিল।

2 ৰাজা 15:27-28

যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ বাৱন্ন বছৰত ৰমলিয়াৰ পুত্ৰ পেকহ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ বিশ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, পেকহ সেই সকলো পাপ কার্যৰ পৰা আঁতৰ হোৱা নাছিল।

2 ৰাজা 15:32-35

ৰমলিয়াৰ পুত্র ইস্ৰায়েলৰ ৰজা পেকহৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ যোথমে ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিৰূচা। তেওঁ চাদোকৰ জীয়েক আছিল। তেওঁৰ পিতৃ উজ্জিয়াৰ নিদর্শনত চলি যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোথমে তাকে কৰিছিল। কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ দূৰ কৰা নাছিল। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল। যোথমে যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰখন নিৰ্ম্মাণ কৰিলে।

2 ৰাজা 16:1-4

ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল। আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল। কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল। তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।

2 ৰাজা 17:1-2

যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।

2 ৰাজা 18:1-6

এলাৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ তৃতীয় বছৰত, যিহূদাৰ ৰজা আহজৰ পুত্ৰ হিষ্কিয়াই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল অবী। তেওঁ জখৰীয়াৰ জীয়েক আছিল। হিষ্কিয়াই তেওঁৰ পূর্বপুৰুষ দায়ুদে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি ভাল সেই সকলোকে কৰিছিল। তেওঁ ওখ ঠাইৰ মঠবোৰ আতৰালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰ কাটি পেলালে। মোচিয়ে নিৰ্ম্মাণ কৰা পিতলৰ সাপটো তেওঁ ডোখৰ ডোখৰ কৈ ভাঙি পেলালে, কিয়নো সেই কালত ইস্ৰায়েলী লোকসকলে তাৰ উদ্দেশ্যে ধূপ জ্বলাইছিল। পিতলৰ সাপটোৰ নাম “নহুষ্টন” ৰখা হৈছিল। হিষ্কিয়াই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত ভাৰসা কৰিছিল। তেওঁৰ আগত বা পাছত যিহূদাৰ ৰজাসকলৰ মাজত তেওঁৰ নিচিনা কোনো নাছিল। যিহোৱাৰ লগত তেওঁ লাগি আছিল আৰু তেওঁৰ পাছত চলিবলৈ এৰা নাছিল। যিহোৱাই মোচিক যি যি আজ্ঞা দিছিল, সেই সকলো তেওঁ পালন কৰিছিল।

2 ৰাজা 18:14-16

তাতে যিহূদাৰ ৰজা হিষ্কিয়াই লাখীচত থকা অচূৰৰ ৰজাৰ ওচৰলৈ এই বুলি কৈ পঠালে, “মই অপৰাধ কৰিলোঁ; আপুনি মোৰ ৰাজত্বৰ পৰা উলটি যাওঁক; আপুনি যি বিচাৰিব মই তাক দিবলৈ প্রস্তুত আছোঁ।” তাতে অচূৰৰ ৰজাই যিহূদাৰ ৰজা হিষ্কিয়াৰ পৰা তিনিশ কিক্কৰ ৰূপ আৰু ত্ৰিশ কিক্কৰ সোণ দাবী কৰিলে। সেয়ে, ৰজা হিষ্কিয়াই যিহোৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল, সকলোবোৰ তেওঁক দিলে। তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।

2 ৰাজা 20:13-17

হিষ্কিয়াক সেই চিঠিবোৰ পঢ়ি শুনালে। তাৰ পাছত ৰজাই সেই বার্তাবাহকসকলক সম্পূর্ণ ৰাজপ্রাসাদটো দেখুউৱাৰ লগতে নিজৰ বহুমূল্য দ্ৰব্য, যেনে ৰূপ, সোণ, সুগন্ধি মছলা, মূল্যৱান তেল আৰু তেওঁৰ অস্ত্র-সস্ত্র আদি ভঁৰালৰ আটাই বস্তু তেওঁলোকক দেখুৱালে। হিষ্কিয়াৰ ৰাজগৃহত বা তেওঁৰ গোটেই ৰাজ্যত এনে একোৱেই নাথাকিল, যি তেওঁ তেওঁলোকক নেদেখুৱালে। তেতিয়া যিচয়া ভাববাদীয়ে হিষ্কিয়া ৰজাৰ ওচৰলৈ আহি সুধিলে, “সেই মানুহবোৰে আপোনাক কি কথা কলে? তেওঁলোক ক’ৰ পৰা আহিছিল?” হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বেবিলনৰ পৰা মোৰ ওচৰলৈ আহিছিল।” যিচয়াই সুধিলে, “আপোনাৰ ৰাজগৃহত তেওঁলোকে কি কি দেখিলে?” হিষ্কিয়াই ক’লে, “মোৰ ৰাজগৃহৰ সকলোবোৰেই তেওঁলোকে দেখিলে; মোৰ বহুমূল্য দ্ৰব্যবোৰৰ মাজত এনে কোনো বস্তু নাই যি মই তেওঁলোকক দেখুউৱা নাই।” তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, “যিহোৱাৰ কথা শুনক। ‘শুনক, এনে দিন আহিব যেতিয়া আপোনাৰ ৰাজগৃহত যি সকলো আছে আৰু আপোনাৰ পূর্বপুৰুষসকলে সঞ্চয় কৰা যি যি আজি পর্যন্ত আছে, সকলো বেবিলনলৈ লৈ যোৱা হ’ব। যিহোৱাই কৈছে, একোৱেই বাকী নাথাকিব।

2 ৰাজা 21:1-7

মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা। যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। তেওঁৰ পিতৃ হিষ্কিয়াই ওখ ঠাইৰ যি মঠবোৰ বিনষ্ট কৰিছিল, সেইবোৰ তেওঁ পুনৰ সাজিছিল; ইস্ৰায়েলৰ ৰজা আহাবে যেনেকৈ কৰিছিল, তেনেকৈ তেৱোঁ বাল দেৱতাৰ উদ্দেশ্যে বেদীবোৰ নির্মাণ কৰিছিল আৰু এটা আচেৰা মুর্তিও সাজিছিল; তেওঁ আকাশৰ তৰাবোৰক প্রণাম জনাইছিল আৰু সেইবোৰৰ সেৱাপূজা কৰিছিল। যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল। যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল। তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল। তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।

2 ৰাজা 21:16

তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

2 ৰাজা 21:19-22

বাইশ বছৰ বয়সত আমোন ৰজা হৈছিল আৰু যিৰূচালেমত তেওঁ দুই বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল মচুল্লেমৎ; তেওঁ যটবা নিবাসী হাৰূচৰ জীয়েক আছিল। আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল। তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল। তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।

2 ৰাজা 22:1-2

আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল। যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।

2 ৰাজা 22:8-13

প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে। তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।” লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে। ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে। ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে, “আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”

2 ৰাজা 23:12-14

ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে। ভ্রষ্টাচাৰ পাহাৰৰ দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল। ৰজা যোচিয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰো কাটি পেলালে। সেই ঠাইবোৰ মানুহৰ অস্থিৰে পূর্ণ কৰি ঢাকি দিলে।

2 ৰাজা 23:24-26

ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল। তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল। তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।

2 ৰাজা 23:31-32

তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল। যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।

2 ৰাজা 23:36-37

যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল। যিহোৱাকীমে তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।

2 ৰাজা 24:8-9

ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল। যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

2 ৰাজা 24:13-16

যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল। তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল। নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল। বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে।

2 ৰাজা 24:18-20

একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল। যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল। যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।

2 ৰাজা 25:6-7

তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে। সৈন্যসকলে চিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্রসকলক বধ কৰিলে। তাৰ পাছত চিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ’ল।

1 বংশা 10:13-14

চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল। তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।

1 বংশা 11:1-2

তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়। আগেয়ে যেতিয়া চৌল আমাৰ ওপৰত ৰজা আছিল, তেতিয়া আপুনিয়েই ইস্ৰায়েলৰ সৈন্যসকলক নেতৃত্ব দিছিল। আপোনাৰ ঈশ্ৱৰ যিহোৱাই আপোনাক কৈছিল, ‘তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ৰখীয়া হবা, আৰু তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত শাসনকৰ্ত্তা হ’বা।’”

1 বংশা 28:4-5

তথাপি যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে; ইস্ৰায়েলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃপৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে। তেওঁ নেতৃত্ব দিবৰ বাবে যিহূদা জাতিক মনোনীত কৰিলে। যিহূদাৰ জাতি, মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্রৰ মাজৰ পৰা তেওঁ মোক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ মনোনীত কৰিলে। যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।

1 বংশা 28:6-8

তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম। আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম। এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।

1 বংশা 29:26-28

যিচয়ৰ পুত্ৰ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল। তেওঁ চল্লিশ বছৰ ইস্রায়েলৰ ৰজা আছিল। তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ৱ কৰিছিল। তেওঁ সম্পূৰ্ণ বয়স পায়, দীঘলীয়া জীৱন সা-সম্পতি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হ’ল।

2 বংশা 1:1-4

দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে। পাছত চলোমনে গোটেই ইস্ৰায়েলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইস্ৰায়েলৰ মাজত থকা প্ৰতিজন মূখ্যলোকৰ সৈতে কথা ক’লে। পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল। কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।

2 বংশা 6:12-14

পাছত চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হ’ল আৰু তেওঁ হাত দুখন মেলিলে৷ কিয়নো চলোমনে পাঁচ হাত দীঘল, পাঁচ হাত বহল আৰু তিনি হাত ওখ এনে এখন পিতলৰ মঞ্চ সাজিছিল আৰু সেই মঞ্চটো চোতালৰ মাজ-মজিয়াত ৰাখিছিল৷ তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ইস্ৰায়েলৰ সকলো মণ্ডলীৰ সাক্ষাতত আঠুকাঢ়ি স্বৰ্গৰ ফালে হাত মেলিলে। তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, স্বৰ্গ আৰু পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; সকলো হৃদয়েৰে আপোনাৰ আগত আচৰণ কৰোঁতা আপোনাৰ দাসবোৰৰ বাবে আপুনি দয়া আৰু নিয়ম ৰক্ষা কৰোঁতা;

2 বংশা 7:1-5

যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল। তেতিয়া পুৰোহিতসকলে যিহোৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে; কিয়নো যিহোৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল। অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তাৰ পাছত ৰজা আৰু সকলো প্ৰজাই যিহোৱাৰ আগত বলিদান কৰিলে। ৰজা চলোমন বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে।

2 বংশা 7:12-14

পাছত যিহোৱাই ৰাতি চলোমনক দৰ্শন দি ক’লে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মোৰ যজ্ঞগৃহ বুলি এই ঠাই মনোনীত কৰিলোঁ। মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ, তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।

2 বংশা 12:13-14

ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল। কিন্তু তেওঁ কু-আচৰণ কৰিছিল, কিয়নো তেওঁ যিহোৱাক বিচাৰ কৰিবলৈ নিজৰ মন স্থিৰ কৰা নাছিল।

2 বংশা 13:17

অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।

2 বংশা 13:20

অবিয়াৰ দিনত যাৰবিয়াম কেতিয়াও বলৱান হ’ব নোৱাৰিলে৷ পাছত যিহোৱাই তেওঁক প্ৰহাৰ কৰাত, তেওঁৰ মৃত্যু হ’ল।

2 বংশা 14:2-5

আচাই ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে কৰিছিল। কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আচেৰা মুৰ্ত্তিবোৰ খণ্ড-বিখণ্ড কৰি কাটিছিল৷ তেওঁ যিহূদাক তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক পাবৰ বাবে ব্যৱস্থা আৰু আজ্ঞাবোৰ পালন কৰিবলৈ আদেশ দিছিল। আনকি তেওঁ যিহূদাৰ সকলো নগৰৰ পৰা ওখ ঠাই আৰু সূৰ্যৰ প্ৰতিমাবোৰো আতৰাই পেলাইছিল৷ আৰু তেওঁৰ ৰাজ্য সুস্থিৰে আছিল।

2 বংশা 15:17

কিন্তু ইস্ৰায়েলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচুউৱা নহ’ল৷ তথাপিও আচা’ৰ মন নিজ আয়ুসৰ সকলো কালত সমৰ্পিত আছিল।

2 বংশা 16:10

তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে।

2 বংশা 16:12

আচা’ৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত তেওঁৰ ভৰিত বেমাৰ হ’ল; তেওঁৰ বেমাৰ অতিশয় টান হ’ল৷ তথাপি তেওঁ বেমাৰৰ কালতো যিহোৱাক নিবিচাৰি, বেজসকলকহে বিচাৰিছিল।

2 বংশা 17:3-6

যিহোৱা যিহোচাফটৰ লগত আছিল, কিয়নো তেওঁ নিজ ওপৰ পিতৃ দায়ূদৰ প্ৰথম কালৰ পথত চলি বাল দেৱতাবোৰলৈ ঘূৰা নাছিল৷ কিন্তু তাৰ পৰিৱর্তে তেওঁৰ পৈতৃক ঈশ্বৰক বিচাৰিলে আৰু ইস্ৰায়েলৰ দৰে আচৰণ নকৰি তেওঁৰ সকলো আজ্ঞা অনুসাৰে চলিলে। এই হেতুকে যিহোৱাই তেওঁৰ হাতত ৰাজ্য স্থাপিত কৰিলে; আৰু গোটেই যিহূদাই যিহোচাফটলৈ উপহাৰ আনিলে; আৰু তেওঁৰ ধন ও সন্মান অতি অধিক হ’ল। তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।

2 বংশা 18:18-22

তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল। তেতিয়া যিহোৱাই ক’লে, ‘ইস্ৰায়েলৰ আহাব ৰজা গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক প্ৰলোভিত কৰিব?’ তেতিয়া কোনোৱে এক ভাবে আৰু আন কোনোৱে আন ভাবে উত্তৰ দিলে। তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’ এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে।

2 বংশা 18:23-27

তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?” তাতে মীখায়াই ক’লে, “চোৱা, যি দিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালিলৈ সোমাই যাবা, সেই দিনাই সেই বিষয়ে জানিবা।” পাছত ইস্ৰায়েলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা৷ আৰু ক’বা, ‘ৰজাই এইদৰে কৈছে, এই জন ব্যক্তিক বন্দীশালত বন্ধ কৰি থ’বা আৰু মই নিৰাপদে ঘূৰি নহালৈকে তেওঁক খাবৰ বাবে সামান্য অন্ন আৰু সামান্য জল দিবা’৷” মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।”

2 বংশা 18:33-34

কিন্তু কোনো এজন লোকে তেওঁৰ ধনুৰ জোঁৰ টানি দৈবক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কৱচ আৰু উদৰ-ৰক্ষাৰ জোৰতে কাড় মাৰিলে; তেতিয়া তেওঁ সাৰথিক ক’লে, “তোমাৰ হাত ঘূৰোৱা আৰু মোক এই সৈন্যৰ মাজৰ পৰা উলিয়াই লৈ যোৱা; কিয়নো মই বৰকৈ আহত হ’লো। সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।

2 বংশা 20:35-37

ইয়াৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ অতি দুৰাচাৰী অহজিয়া ৰজাৰ লগত যোগ দিলে। বিশেষকৈ তেওঁ সাগৰলৈ যাবৰ কাৰণে জাহাজ সজাৰ অৰ্থে, তেওঁৰ লগত যোগ দিলে৷ তেওঁলোকে ইচিয়োন-গেবৰত কেইবাখনো জাহাজ সাজিলে। তেতিয়া মাৰেচাৰ দোদাবাহুৰ পুত্ৰ ইলীয়েজৰে যিহোচাফটৰ বিৰুদ্ধে এই ভাববাণী প্ৰচাৰ কৰিলে; তেওঁ ক’লে, “কিয়নো তুমি অহজিয়াৰ লগত যোগ দিলা, এই কাৰণে যিহোৱাই তোমাৰ কাৰ্যবোৰ ধংস কৰিলে।” তাতে সেই জাহাজবোৰ ভগ্ন হ’ল যাতে তেওঁলোক অন্য দেশলৈ যাব নোৱাৰে।

2 বংশা 21:5-6

যিহোৰামে ৰাজত্ৱ আৰম্ভন কৰাৰ সময়ত তেওঁৰ বয়স বত্ৰিশ বছৰ আছিল আৰু তেওঁ যিৰূচালেমত আঠ বছৰলৈ ৰাজত্ব কৰিছিল। তেওঁ আহাবৰ বংশৰ নিচিনাকৈ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; কিয়নো তেওঁ আহাবৰ জীয়েকক তেওঁৰ পত্নীৰূপে লৈছিল; আৰু তেওঁ যিহোৱাৰ দৃষ্টিত কেৱল কু-আচৰণ কৰিছিল।

2 বংশা 21:16-19

যিহোৱাই যিহোৰামৰ অহিতে পলেষ্টীয়া আৰু কুচীয়াৰ ওচৰত থকা আৰবীয়া লোকসকলৰ মন উচটাই পেলালে৷ তাতে তেওঁলোকে যিহূদাৰ বিৰুদ্ধে আহি গড় ভংগ কৰি, ৰাজ-গৃহত পোৱা সকলো সম্পত্তিবোৰ লৈ গ’ল৷ আনকি তেওঁলোকে তেওঁৰ পুত্ৰসকল আৰু লগতে তেওঁৰ পত্নীসকলকো লৈ গ’ল৷ তাতে তেওঁৰ কনিষ্ঠ পুত্ৰ যিহোৱাহজৰ বাহিৰে তেওঁৰ এটাও পুত্ৰ অৱশিষ্ট নাথাকিল। এই সকলো ঘটনাৰ পাছত, সুস্থ কৰিব নোৱাৰা নাড়ীৰ ৰোগেৰে যিহোৱাই তেওঁক আঘাত কৰিলে। তাতে কালক্ৰমে দুবছৰৰ পাছত তেওঁৰ নাড়ী-ভুৰু সেই ৰোগত ওলাই পৰিল আৰু তেওঁৰ অতিশয় যাতনাৰে মৃত্যু হ’ল৷। তেওঁৰ পূর্ব-পুৰুষসকলৰ কাৰণে যেনেকৈ সুগন্ধি বস্তু জ্বলাইছিল, তেনেকৈ তেওঁৰ প্ৰজাসকলে তেওঁৰ কাৰণে নকৰিলে।

2 বংশা 22:2-4

অহজিয়াই বিয়াল্লিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত এবছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃৰ নাম অথলিয়া আছিল; তেখেত অম্ৰীৰ নাতিয়েক আছিল। তেওঁৰ মাতৃয়ে তেওঁক মন্ত্রণা দিছিল, আৰু তেওঁ আহাবৰ বংশৰ পথত চলি কু-আচৰণ কৰিছিল। আহাবৰ বংশৰ লোকসকলৰ নিচিনাকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল, কাৰণ তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকেই তেওঁৰ পৰামর্শ দিওঁতা অাছিল, আৰু তেওঁলোকেই তেওঁক বিনাশ কৰিলে।

2 বংশা 22:9

পাছত তেওঁ অহজিয়াক বিচাৰিলে; লোকসকলে তেওঁক চমৰিয়াত লুকাই থকা অৱস্থাত ধৰি যেহূৰ ওচৰলৈ আনি তেওঁক বধ কৰিলে৷ লোকসকলে তেওঁক মৈদাম দি ক’লে বোলে, “যি যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল, তেওঁ সেই জনৰ সন্তান৷” তাতে সেই ৰাজ্যভাৰ ল’বলৈ অহজিয়াৰ বংশৰ মাজত কাৰো সমর্থ নাছিল।

2 বংশা 23:12-13

যেতিয়া অথলিয়াই লোকসকলক লৰাঢাপৰা কৰা আৰু ৰজাক প্ৰশংসা কৰি চিঞৰ-বাখৰ কৰা শুনিলে তেতিয়া তেওঁ যিহোৱাৰ গৃহলৈ লোকসকলৰ ওচৰলৈ আহিল; আৰু চাই দেখিলে যে, সোমোৱা ঠাইত ৰজা নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰী বজোৱাসকল ৰজাৰ ওচৰত আছে৷ দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰী বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি, “ৰাজদ্ৰোহী! ৰাজদ্ৰোহী!” বুলি চিঞৰি চিঞৰি ক’লে।

2 বংশা 23:16-18

তাৰ পাছত লোকসকলে যেন যিহোৱাৰ প্ৰজা হয়, এই ভাবেৰে যিহোয়াদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে। তেতিয়া সকলো লোক বালৰ ঘৰলৈ গৈ সেই ঘৰ ভাঙি পেলালে৷ তাতে তাৰ বেদী ও মূৰ্ত্তিবোৰ ডোখৰ ডোখৰ কৰিলে আৰু বেদীবোৰৰ আগত বালৰ পুৰোহিত মত্তনক বধ কৰিলে। আৰু দায়ূদৰ আদেশ অনুসাৰে, আনন্দেৰে আৰু গানেৰে সৈতে, মোচিৰ ব্যৱস্থাত লিখামতে, যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ, দায়ূদে যিহোৱাৰ গৃহত যি লেবীয়া পুৰোহিতসকলক ভাগ ভাগ কৰি দিছিল, তেওঁলোকৰ হাতত যিহোয়াদাই যিহোৱাৰ গৃহৰ কাৰ্য্যভাৰৰ বাবে তেওঁলোকক নিযুক্ত কৰিলে।

2 বংশা 24:1-2

যোৱাচে সাত বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিলে; তেওঁৰ মাক বেৰ-চেবা-নিবাসিনী চিবিয়া আছিল। যিহোয়াদা পুৰোহিতৰ জীৱনৰ সকলো কালত, যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোৱাচে তাকে কৰিলে।

2 বংশা 24:20-22

পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷” কিন্তু লোকসকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে; ৰজাৰ আজ্ঞাৰে যিহোৱাৰ গৃহৰ চোতালতে তেওঁক শিল দলিয়াই বধ কৰিলে। তেওঁৰ পিতৃ যিহোয়াদাই যে ৰজালৈ দয়া কৰিছিল, তাক যোৱাচ ৰজাই সোঁৱৰণ নকৰি যিহোৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে৷ জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, “যিহোৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওঁক।”

2 বংশা 25:1-2

অমচিয়াই পঁচিশ বছৰ বয়সত ৰাজপদ লৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃ যিৰূচালেম-নিবাসিনী যিহোৱাদ্দন আছিল। যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল, কিন্তু সিদ্ধ মনেৰে কৰা নাছিল।

2 বংশা 25:27

অমচিয়াই যিহোৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে যিৰূচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল৷ সেয়ে তেওঁ লাখীচলৈ পলাই গৈছিল, কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে।

2 বংশা 26:3-5

উজ্জিয়াই ষোল্ল বছৰ বয়সত তেওঁৰ ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত বাৱন্ন বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাতৃ যিখলিয়া, যিৰূচালেম নিবাসিনী আছিল। তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য অনুসৰণ কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি ন্যায় সেয়ে কৰিছিল। তেওঁ জখৰিয়াৰ জীৱন কালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল; তেওঁ ঈশ্ৱৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল৷ তেওঁ যিমান কাল ঈশ্বৰক বিচাৰিলে, সিমান কাল ঈশ্বৰে তেওঁক সফল হ’বলৈ দিছিল।

2 বংশা 26:16-21

কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল। তাতে অজৰিয়া পুৰোহিত আৰু তেওঁৰ লগত যিহোৱাৰ আশীজন সাহসিয়াল পুৰুষ পুৰোহিত তেওঁৰ পাছত সোমাল। তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সন্মান নাপাব।” তাতে উজ্জিয়াৰ বৰ খং উঠিল৷ সেই সময়ত ধূপ জ্বলাবৰ বাবে তেওঁৰ হাতত এটা ধূপাধাৰ আছিল৷ পুৰোহিতসকললৈ তেওঁৰ খং উঠাৰ সময়ত, মন্দিৰত পুৰোহিতসকলৰ সন্মুখত ধূপবেদীৰ ওচৰত তেওঁৰ কপালত কুষ্ঠ ৰোগ ওলাই পৰিল। তেতিয়া অজৰিয়া, প্ৰধান পুৰোহিত আৰু আন পুৰোহিতসকলে তেওঁলৈ চালে আৰু তেওঁৰ কপালত কুষ্ঠ ৰোগ হোৱা দেখিলে। তেতিয়া তেওঁক সেই ঠাইৰ পৰা বেগাই খেদি দিলে; তেওঁ নিজেও বাহিৰলৈ যাবৰ বাবে খৰখেদা কৰিলে; কিয়নো যিহোৱাই তেওঁক আঘাত কৰিছিল৷ তেতিয়াৰে পৰা ৰজা উজ্জিয়া মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল৷ তেওঁ বেলেগ ঘৰত বাস কৰিছিল; কিয়নো তেওঁ কুষ্ঠৰোগী আছিল। তেওঁক যিহোৱাৰ মন্দিৰৰ পৰা বিচ্ছেদ কৰা হৈছিল; তাতে তেওঁৰ পুত্ৰ যোথমে ৰাজগৃহৰ অধ্যক্ষ হৈ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।

2 বংশা 27:1-2

যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল। তেওঁ নিজ পিতৃ উজ্জিয়াৰ সকলো কাৰ্যৰ দৰেই, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে৷ আনকি তেওঁ যিহোৱাৰ মন্দিৰত ধূপ জলাবলৈ সোমোৱা নাছিল৷ কিন্তু লোকসকলে কু-আচৰণ কৰিয়েই থাকিল।

2 বংশা 28:1-3

আহজে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল, বিশ বছৰ; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, সেয়া তেওঁ নকৰিলে৷ তাৰ পৰিৱর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; আনকি তেওঁ বাল দেৱতাৰ প্ৰতিমাবোৰ কেচাঁ লো সাঁচত ঢালি সাজিছিল। তাৰ ওপৰি যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা দূৰ কৰা জাতি সমূহৰ ঘিণলগা ৰীতিৰ দৰে, তেওঁ হিন্নোমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁৰ নিজৰ সন্তান সকলক জুইত দগ্ধ কৰিছিল।

2 বংশা 28:22-25

ৰজা আহজে তেওঁৰ দুখৰ কালতো যিহোৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল। কিয়নো তেওঁ নিজকে পৰাজয় কৰা দম্মেচকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল৷ তেওঁ কৈছিল, “অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে; এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম; তেতিয়া তেওঁলোকে মোকো সহায় কৰিব।” কিন্তু সেইবোৰেই তেওঁৰ আৰু গোটেই ইস্ৰায়েলৰ সৰ্ব্বনাশৰ কাৰণ হ’ল। পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল। তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷

2 বংশা 29:1-3

হিষ্কিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ অবিয়া, জখৰিয়াৰ জীয়েক আছিল। তেওঁ ওপৰ পিতৃ দায়ূদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল, তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিল। তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।

2 বংশা 32:20-23

পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে। তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে। সেইদৰে যিহোৱাই হিষ্কিয়াক আৰু যিৰূচালেম নিবাসীসকলক অচুৰীয়াৰ ৰজা চনহেৰীবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে। তেতিয়া অনেক লোকে যিৰূচালেমলৈ বুলি যিহোৱাৰ উদ্দেশ্যে উপহাৰ আৰু যিহূদাৰ ৰজা হিষ্কিয়াৰ ওচৰলৈ বহুমুল্য বস্তু আনিলে যাতে তেতিয়াৰে পৰা এইদৰে তেওঁ সকলো জাতি সমূহৰ দৃষ্টিত মহান হ’ব।

2 বংশা 32:31

কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ’লে, ঈশ্বৰে তেওঁৰ মনৰ সকলো ভাব জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে।

2 বংশা 33:1-9

মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিলে। আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতি সমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে। কিয়নো তেওঁৰ পিতৃ হিষ্কিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে; আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে, আচেৰা মুৰ্ত্তিবোৰ সাজিলে আৰু আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পুজা কৰিলে। আৰু যিহোৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে, “মোৰ নাম যিৰূচালেমত চিৰকাললৈকে থাকিব,” যিহোৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞ বেদী নিৰ্ম্মাণ কৰিলে। এইদৰে তেওঁ যিহোৱাৰ গৃহৰ দুয়োখন চোতালত আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে। আৰু তেওঁ নিজৰ সন্তান সকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে। আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম; আৰু মই তেওঁলোকক দিয়া সকলো আজ্ঞা, অৰ্থাৎ মোচিৰ হতুৱাই দিয়া গোটেই ব্যৱস্থা আৰু বিধি ও শাসন-প্ৰণালীবোৰ যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেনেহলে মই তোমালোকৰ ওপৰ-পিতৃসকলৰ বাবে নিৰূপণ কৰা দেশৰ পৰা ইস্ৰায়েলৰ ভৰি আৰু নুগুচাম।” তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।

2 বংশা 33:10-13

আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে। এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল। তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে। তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু বিনয় কৰিবলৈ ধৰিলে; ঈশ্বৰে তেওঁৰ বিনয় শুনি তেওঁৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে আৰু তেওঁক পুনৰাই যিৰূচালেমত তেওঁৰ ৰাজ শাসনলৈ ঘূৰাই আনিলে৷ তেতিয়া যিহোৱাইহে যে ঈশ্বৰ তাক মনচিয়ে জানিলে।

2 বংশা 33:15-17

আৰু তেওঁ যিহোৱাৰ গৃহৰ পৰা বিজাতীয় দেৱতাবোৰ, প্ৰতিমাটো আৰু যিহোৱাৰ গৃহৰ পৰ্বতত আৰু যিৰূচালেমত নিজে নিৰ্ম্মাণ কৰা যজ্ঞবেদিবোৰ গুচাই নগৰৰ বাহিৰলৈ আনি দুৰৈত পেলাই দিলে। তেওঁ যিহোৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মঙ্গলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ যিহূদাক আজ্ঞা দিলে। তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যেহে কৰিছিল।

2 বংশা 33:21-23

আমোনে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স বাইশ বছৰ আছিল৷ তেওঁ যিৰূচালেমত দুবছৰ কাল ৰাজত্ব কৰিলে। তেওঁৰ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁৰ পিতৃ মনচিয়ে কৰা আটাই কটা-প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা-পুজা কৰিলে। আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে।

2 বংশা 34:1-4

যোচিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল আঠ বছৰ; তেওঁ যিৰূচালেমত একত্ৰিশ বছৰ কাল ৰাজত্ত্ব কৰিছিল। যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিলে; তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘুৰিলে। কিয়নো তেওঁৰ ৰাজত্ত্বৰ অষ্টম বছৰত তেওঁ অলপ বয়সীয়া হৈয়ো, তেওঁৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে৷ দ্বাদশ বছৰত, ওখ ঠাইবোৰ, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহূদা আৰু যিৰূচালেম শুচি কৰিবলৈ ধৰিলে। আৰু তেওঁৰ সাক্ষাতে লোকসকলে বাল দেৱতাৰ যজ্ঞবেদিবোৰ ভাঙি পেলালে; সেইবোৰতকৈ ওখ ঠাইত স্থাপন কৰা সূৰ্য্য-প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে; আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুড়ি কৰি, সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাসকলৰ মৈদামৰ ওপৰত সেই ধুলিবোৰ ছটিয়াই পেলালে।

2 বংশা 34:15-21

আৰু হিল্কিয়াই লিখক চাফনক উত্তৰ দি ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” পাছত হিল্কিয়াই সেই ব্যৱস্থা পুস্তকখন চাফনক দিলে। চাফনে আকৌ সেই ব্যৱস্থা পুস্তকখন ৰজাৰ গুৰিলৈ লৈ গ’ল আৰু ৰজাৰ আগত বাতৰি দি ক’লে, “আপোনাৰ এই দাসবোৰক আদেশ কৰা সকলো কাৰ্য তেওঁলোকে কৰি আছে৷ আৰু আপোনাৰ এই দাসবোৰে যিহোৱাৰ গৃহত পোৱা সকলো ধন চন্দুকৰ পৰা ঢালি, কাৰ্য্যাধ্যক্ষ আৰু কাম কৰোঁতা সকলৰ হাতত দিলে।” পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে, “পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিলে।” তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে। তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিবলৈ ধৰিলে। আৰু ৰজাই হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখাৰ পুত্ৰ আব্দোনক, লিখক চাফনক আৰু ৰজাৰ দাস অচায়াক এই আজ্ঞা কৰিলে বোলে, “তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”

2 বংশা 34:24-27

“যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম; কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ, তেওঁলোকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষোৱ যাব, নুমুৱা নাযাব।’” কিন্তু যিহোৱাৰ ইচ্ছা সুধিবলৈ তোমালোকক পঠোৱা যিহূদাৰ ৰজাৰ আগত এই কথা ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তুমি যি যি বাক্য শুনিলা সেইবোৰৰ বিষয়ে মোৰ কথা এই, এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।

2 বংশা 34:31-33

পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহোৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে, তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহোৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে। আৰু যিৰূচালেম আৰু বিন্যামীনৰ যিমান লোক উপস্থিত আছিল, তেওঁ সেই সকলোকে নিয়মটি পালন কৰিবলৈ প্ৰতিজ্ঞা কৰালে; তাতে যিৰূচালেমৰ নিবাসীসকলে তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰৰ নিয়মটিৰ অনুসাৰে কাৰ্য কৰিলে। যোচিয়াই ইস্ৰায়েলৰ সন্তান সকলে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দুৰ কৰিলে আৰু ইস্ৰায়েলৰ মাজত থকা সকলো লোকক ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰালে। তেওঁলোকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ পাছত চলিবলৈ নেৰিলে।

2 বংশা 36:2

যোৱাহজে তেইশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ ৰাজত্ব কৰিলে।

2 বংশা 36:5

যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।

2 বংশা 36:9

যিহোয়াখীনে ওঠৰ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ দহ দিন ৰাজত্ব কৰিলে৷ তেওঁ যিহোৱাৰ সাক্ষাতে কু-অচৰণ কৰিলে।

2 বংশা 36:10

পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।

2 বংশা 36:11-14

চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে। তেওঁ তেওঁৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁ যিহোৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাববাদী যিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে। আৰু যি ৰজা নবূখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল। বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।

2 বংশা 36:16-21

কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল। এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে। আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল। আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে। আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷ যিৰিমিয়াৰ মুখে কোৱা যিহোৱাৰ বাক্য সাম্ফল কৰিবৰ অৰ্থে, দেশে নিজৰ ভোগ কৰিব লগীয়া বিশ্ৰাম-কাল ভোগ নকৰিলে অৰ্থাৎ লোকসকল তেওঁৰ আৰু তেওঁৰ সন্তান সকলৰ দাস হৈ থাকিল৷ সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে।

2 বংশা 36:22-23

পাছত পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিৰিমিয়াৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যৰ সিদ্ধিৰ বাবে, যিহোৱাই পাৰস্যৰ কোৰচ ৰজাৰ মন উদগালে৷ তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননী লিখি, এই আজ্ঞা প্ৰচাৰ কৰিলে৷ তেওঁ ক’লে, “পাৰস্যৰ ৰজা কোৰচে এই কথা কৈছে: স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে৷ তেৱেঁই যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক৷ আৰু সেই দেশলৈ তেওঁ উঠি যাওঁক।”

ইজ্ৰা 1:1-3

পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিহোৱাই যিৰিমিয়াৰ দ্বাৰা কোৱা বাক্য সিদ্ধ কৰিবৰ বাবে ৰজা কোৰচৰ মন উদগালে। তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰিলে, আৰু জাননী লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে যে, “পাৰস্যৰ ৰজা কোৰচে, এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দিলে, আৰু তেওঁ যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ অৰ্থে এটা গৃহ নিৰ্ম্মাণ কৰিবৰ বাবে মোক নিযুক্ত কৰিলে। তেওঁৰ লোকসকলৰ পৰা অহা তোমালোকৰ মাজত যি কোনো লোক ইয়াত আছে, তেওঁৰ ঈশ্বৰ তেওঁৰ লগত থাকক, আৰু যিহূদা দেশৰ যিৰূচালেমলৈ উঠি গৈ, যি জন যিৰূচালেমৰ ঈশ্ৱৰ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্মাণ কৰিব।

ইজ্ৰা 10:14

সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”

ইষ্ট 3:1-4

এই ঘটনাৰ পাছত, ৰজা অহচবেৰোচে অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক উন্নত কৰি উচ্চ পদত প্রতিষ্ঠিত কৰিলে, আৰু তেওঁৰ লগত থকা সকলো কৰ্মচাৰীৰ ওপৰত তেওঁক ক্ষমতা দিলে। ৰাজ-দুৱাৰত থকা ৰজাৰ দাস সকলে হামনৰ আগত আঠুকাঢ়ি প্ৰণিপাত কৰিছিল; কাৰণ ৰজাই তেওঁলোকক সেইদৰে কৰিবলৈ আজ্ঞা দিছিল। কিন্তু মৰ্দখয়ে আঠু নাকাঢ়িছিল আৰু প্ৰণিপাতো নকৰিছিল। তাৰ পাছত ৰাজদুৱাৰত থকা ৰজাৰ দাস সকলে মৰ্দখয়ক ক’লে, “আপুনি কিয় ৰজাৰ আজ্ঞা পালন কৰা নাই?” এইদৰে প্রতিদিনে তেওঁক কোৱাৰ পাছতো তেওঁ তেওঁলোকৰ দাবী মানিবলৈ অমান্তি হ’ল। তাতে তেওঁলোকে মৰ্দখয়ৰ কথা একেদৰে থাকিব নে নাই সেই কথা জানিবলৈ তেওঁলোকে হামনক এই বিষয়ত জনালে। কাৰণ মৰ্দখয় যে এজন যিহুদী লোক, সেই বিষয়ে তেওঁ তেওঁলোকক কৈছিল।

ইষ্ট 3:12-15

তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল। একে দিনতে দ্বাদশ মাহৰ (অদৰ মাহত) তেৰ দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে, ল’ৰা-ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ, বধ, আৰু ধ্বংস কৰা হ’ব, আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ’ব, এই বুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ’ল। সেই দিনৰ বাবে সকলো লোক যেন যুগুত হয়, সেয়ে প্ৰত্যেক প্ৰদেশত হুকুম জাৰি কৰিবলৈ আৰু সকলো লোকৰ আগত প্রচাৰ কৰিবলৈ, সেই পত্রৰ নকল যুগুত কৰা হ’ল। ৰজাৰ হুকুম মতে ডাকোৱাল সকল বেগাই ওলাই গ’ল, আৰু সেই পত্র বিলাই দিলে। সেই আজ্ঞা চুচন ৰাজপ্রসাদতো বিলোৱা হ’ল। তাৰ পাছত ৰজা আৰু হামনে দ্ৰাক্ষাৰস পান কৰিবলৈ বহিল, কিন্তু চুচন নগৰত হ’লে বিক্ষোভ হ’ল।

ইষ্ট 5:1-3

তিনি দিনৰ পাছত, ৰাণী ইষ্টেৰে ৰাজবস্ত্ৰ পিন্ধি ৰাজপ্রসাদৰ ৰাজগৃহত থকা ভিতৰ চোতালৰ সন্মুখত থিয় হ’ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰবেশ স্থানৰ ফালে মুখ কৰি ৰাজ সিংহাসনত বহি আছিল। ৰজাই যেতিয়া চোতালত থিয় হোৱা ৰাণী ইষ্টেৰক দেখা পালে, তেতিয়া তেওঁৰ ইষ্টেৰৰ প্রতি মৰম লাগিল; আৰু ৰজাই নিজৰ হাতত থকা সোণাময় দণ্ডডালি ৰাণী ইষ্টেৰৰ ফালে মেলি দিলে। সেয়ে ইষ্টেৰে ওচৰ চাপি সোণাময় দণ্ডডালিৰ আগ ভাগ চুলে। তাৰ পাছত ৰজাই তেওঁক ক’লে, “ৰাণী ইষ্টেৰ, তোমাক কি লাগে? তোমাৰ কি প্রাৰ্থনা আছে কোৱা? যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ’ব।”

ইয়ো 9:24

পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?

ইয়ো 34:17

ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা?

ইয়ো 34:18

ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?

গীত 2:1-4

কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।

গীত 2:6-11

যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।” ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ। তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব। লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।” গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন কৰা।

গীত 9:17-20

যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব। হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক। হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।

গীত 10:16

যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।

গীত 11:5

যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।

গীত 22:27-28

পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব। কিয়নো ৰাজ্য যিহোৱাৰেই, সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।

গীত 24:10

সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা)।

গীত 33:10-12

যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে। যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী। ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।

গীত 47:2-8

সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা। তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে। তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা) ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে। তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা। কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা। সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।

গীত 95:3

কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।

গীত 98:6

তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।

গীত 102:15

যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।

হিতো 8:15-16

মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই। অধিপতি, অভিজাত, আৰু যিসকলে ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে।

হিতো 14:34-35

সৎ কাৰ্য কৰা দ্বাৰাই দেশৰ উন্নতি হয়; কিন্তু পাপ যি কোনো লোকৰ বাবে কলঙ্কস্বৰূপ। জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে; কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।

হিতো 16:10-15

ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়। সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি। যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়, কাৰণ তেওঁৰ সিংহাসন সৎ কাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে। ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়। ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে। ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে।

হিতো 19:10-12

অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত! মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ। ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।

হিতো 20:2

ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; যিজনে তেওঁৰ খং তোলে, তেওঁ নিজৰ জীৱন হেৰুৱাই।

হিতো 20:8

সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।

হিতো 21:1

ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।

হিতো 24:21-22

হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা। কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব, তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?

হিতো 25:2-7

বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ; কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ। উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে, সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়। ৰূপৰ পৰা ধাতুমল দূৰ কৰা; ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে; তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা; ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হ’ব। ৰজাৰ সন্মুখত নিজকে নিজে প্রশংসা নকৰিবা; আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহ’বা। উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ, “ইয়ালৈ আহাঁ”, এই বুলি তেওঁ তোমাক কোৱা ভাল। তোমাৰ সাক্ষ্য কি আছিল,

হিতো 28:15-16

গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে, দৰিদ্র লোকৰ ওপৰত দুষ্ট শাসনকৰ্ত্তাও তেনে। বিবেচনা শক্তি নথকা শাসনকৰৰ্ত্তা অত্যাচাৰী হয়; কিন্তু যিজনে অসাধুতাক ঘিণ কৰে, তেওঁ দীৰ্ঘজীৱি হয়।

হিতো 29:2-4

সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়। যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে; কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে। ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে; কিন্তু যিজনে উপহাৰ দাবী কৰে, সেই জনে দেশ নষ্ট কৰে।

হিতো 29:12-14

যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়। দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে। যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়।

হিতো 31:4-5

হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত; তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব।

উপ 8:2-4

মই তোমাক উপদেশ দিওঁ যে ৰজাক প্রতিৰক্ষা দিয়া ঈশ্বৰৰ শপতৰ কাৰণে তুমি ৰজাৰ আজ্ঞা পালন কৰা। তেওঁৰ আগৰ পৰা লৰালৰিকৈ গুছি নাযাবা; মন্দ একোৰে লগত যুক্ত নহ’বা; কাৰণ ৰজাই তেওঁৰ ইচ্ছা অনুসাৰে কার্য কৰে। ৰজাৰ কথাতে যেতিয়া সামর্থ্য আছে, তেতিয়া কোনে তেওঁক ক’ব পাৰে, “আপুনি কি কৰিছে?”

উপ 10:20

ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।

যিচ 1:7-10

তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে। দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে, আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন-জীয়ৰী পৰিত্যক্ত হৈছে। বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোঁহেঁতেন। হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।

যিচ 1:13-14

অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া; তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ। তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।

যিচ 2:4

তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব।

যিচ 8:12

এই লোকসকলে যি বিষয়ক ষড়যন্ত্র বুলি কয়, তেনে কোনো বিষয়ক ষড়যন্ত্র বুলি নকবা, তেওঁলোকে যি ভয় কৰে, তুমি তালৈ ভয় নকৰিবা, আৰু আতংকিত নহবা।

যিচ 9:6-7

কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব। দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।

যিচ 13:19-20

আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘমোৰাৰ দৰে হ’ব। সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।

যিচ 14:4-5

তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল! যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব,

যিচ 24:5-6

পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে। সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।

যিচ 32:1

চোৱা, এজন ৰজাই ধাৰ্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব।

যিচ 33:22

কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।

যিচ 44:28

যি জনাই কোৰচৰ বিষয়ে কয়, ‘তেওঁ মোৰ মেৰ-ছাগ ৰখীয়া, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিব,’ তেওঁ যিৰূচালেমৰ বিষয়েও কয়, ‘তাক পুনৰ নিৰ্মাণ কৰা হওক,’ আৰু মন্দিৰৰ বিষয়ে কয়, ‘তোমাৰ ভিত্তিমূল স্থাপন কৰা হওক’,”

যিচ 45:1

যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে,

যিচ 60:12

কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;

যিৰি 1:10

চোৱা, উঘালিবলৈ আৰু ভাঙিবলৈ, বিনষ্ট কৰিবলৈ আৰু উৎপাত কৰিবলৈ, সাজিবলৈ আৰু ৰুবলৈ, জাতিবোৰৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰিলোঁ।

যিৰি 5:11

কিয়নো এয়েই যিহোৱাৰ ঘোষণা, কাৰণ ইস্ৰায়েল বংশ আৰু যিহূদা বংশই মোৰ অহিতে অতিশয় বিশ্বাসঘাতকতা কৰিলে।

যিৰি 5:15

যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম। তেওঁলোক বলৱান জাতি! তুমি সেই জাতিৰ ভাষা নাজানা, বা তেওঁলোকৰ কথাও নুবুজা!

যিৰি 6:13

কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত, আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।

যিৰি 10:10

কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।

যিৰি 12:17

যদি তেওঁলোকে নুশুনে, তেন্তে মই সেই জাতিক উঘালি পেলাম। আৰু নিশ্চয়কৈ উঘালি পেলাই তাক নষ্ট কৰিম। এইয়েই যিহোৱাৰ ঘোষণা।”

যিৰি 18:5-10

তেতিয়া যিহোৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক’লে, যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ?” “হে ইস্ৰায়েল-বংশ, চোৱা! যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা। যি মুহুৰ্ত্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ, মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম। আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ, সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।

যিৰি 25:26-27

প্ৰভেদ নৰখাকৈ উত্তৰ দেশৰ ওচৰত কি দূৰত থকা সকলো ৰজাক, পৃথিৱীৰ ওপৰত থকা জগতৰ সকলো ৰাজ্যক পান কৰোৱালোঁ; আৰু তেওঁলোকৰ পাছত চেচক ৰজাই পান কৰিব।” ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আৰু তুমি তেওঁলোকক এই কথা ক’বা, তোমালোকে পান কৰি মতলীয়া হৈ বঁতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে পতিত হোৱা, আৰু নুঠিবা’।”

যিৰি 25:32-36

বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব, আৰু পৃথিৱীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব। সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব। হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা। মেৰ-ছাগ ৰখীয়াবোৰে পলাবলৈ, বা মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব। মেৰ-ছাগ ৰখীয়াবোৰৰ কাতৰোক্তি আৰু মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলৰ হাহাঁকাৰৰ শব্দ শুনা গৈছে; কিয়নো যিহোৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে।

যিৰি 29:7

আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ’ব।

যিৰি 50:23

গোটেই পৃথিৱীৰ হাতুৰীতোঁ কগগেনে চিন্ন আৰু ভগ্ন হ’ল। জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল।

যিৰি 51:6-7

তোমালোকে বাবিলৰ মাজৰ পৰা পলোৱা, আৰু প্ৰতিজনে নিজ নিজ প্ৰাণ ৰক্ষা কৰা, তাৰ দোষত বিনষ্ট নহ’বা; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰৰ সময়, তেওঁ তাক প্ৰতিফল দিব। বাবিল, সমস্ত পৃথিৱীক মতলীয়া কৰা যিহোৱাৰ হাতত থকা সোণৰ এক পান-পাত্ৰ; জাতিবিলাকে তাৰ দ্ৰাক্ষাৰস পান কৰিলে, সেই নিমিত্তে জাতিবিলাক পগলা হ’ল।

যিৰি 51:53

যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।

যিৰি 51:57-58

আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিঃশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব।

দানি 2:21

তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।

দানি 2:36-45

এয়ে আপোনাৰ সপোন আছিল। এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ। হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য্য, পৰাক্ৰম, আৰু সন্মান দিছে। মানুহ বাস কৰা ঠাই, হাবিত থকা জন্তু, আৰু আকাশৰ চৰাইবোৰক, তেওঁ আপোনাৰ হাতত দিলে, আৰু সেই সকলোৰে ওপৰত আপোনাক শাসনকৰ্ত্তা পাতিলে; সেই মূৰ্তিটোৰ সোণৰ মুৰ আপুনিয়েই। আপোনাৰ পাছত, আন এটা ৰাজ্য আহিব, যি আপোনাতকৈ নিকৃষ্ট হ’ব; আৰু তাৰ পাছত পিতলৰ দৰে আন এক তৃতীয় ৰাজ্য আহিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব। আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ’ব; কাৰণ লোহাই আন বস্তু ডোখৰ ডোখৰ কৰি ভাঙে, আৰু সকলো বস্তু গুড়ি কৰে, সেয়ে সকলো বস্তু ভাঙিব, আৰু সেইবোৰ গুড়ি হ’ব। আপুনি দেখাৰ দৰে, ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু পৰিমাণে শেকা মাটিৰ আৰু কিছু পৰিমাণে লোহাৰে তৈয়াৰী আছিল; সেয়ে এয়া বিভক্ত ৰাজ্য হ’ব; এই ৰাজ্যত কিছু লোহাৰ শক্তি থাকিব, আৰু আপুনি দেখাৰ দৰে লোহাৰ সৈতে কোমল মাটি মিহলি হৈ থাকিব। ভৰিৰ আঙুলিবোৰ কিছু লোহাৰ আৰু কিছু মাটিৰ দ্বাৰাই তৈয়াৰী আছিল, সেই দৰে ৰাজ্যও এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হ’ব। আপুনি কোমল মাটিৰ সৈতে মিহলোৱা লোহা দেখাৰ দৰে সেই ৰাজ্যৰ লোকসকল সংমিশ্রণ হৈ থাকিব; কিন্তু যেনেকৈ লোহা মাটিত লাগি নাথাকে, তেনেকৈ তেওঁলোক একেলগে বাস নকৰিব। আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব। আপুনি দেখাৰ দৰে পৰ্বতৰ পৰা এটা শিল কাটি উলিওৱা হৈছিল; কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়। সেই শিল লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে ডোখৰ ডোখৰকৈ ভাঙিছিল। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ইয়াৰ পাছত কি ঘটিব সেই বিষয়ে জনালে; সপোনটো সঁচা আৰু তাৰ ফলিতাও বিশ্বাসযোগ্য।”

দানি 2:46-49

তেতিয়া ৰজা নবূখদনেচৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল, আৰু সন্মান জনালে; আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে। ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।” তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল। দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলে, আৰু ৰজাই চদ্ৰক, মৈচক, আৰু অবেদ-নেগোকো বাবিল প্ৰদেশৰ ওপৰত ৰাজকার্যত নিযুক্ত কৰিলে; কিন্তু দানিয়েল ৰাজ প্রাসাদত থাকিল।

দানি 3:1-7

ৰজা নবূখদনেচৰে ষাঠি হাত ওখ আৰু ছহাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দূৰা নামৰ সমথলত স্থাপন কৰিলে। তাৰ পাছত ৰজা নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবৰ বাবে, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী সকলক একত্রিত হৈ, আহিবলৈ বাৰ্ত্তা পঠিয়ালে। নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবলৈ, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী একত্রিত হৈ আহিল; আৰু মূৰ্তিৰ আগত উপস্থিত হ’ল। তাৰ পাছত ঘোষণাকাৰীয়ে উচ্চস্বৰে চিঞৰিলে, “হে সকলো দেশ লোক, আৰু সকলো ভাষাৰ লোকসকল, আপোনালোকক আজ্ঞা দিয়া হৈছে যে, যি সময়ত আপোলোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিবলৈ পাব, সেই সময়তেই ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মূৰ্তিত আপোনালোক সকলোৱে উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব। যি সকলে সেই মুহূৰ্তত উবুৰি নহ’ব আৰু সেৱা নকৰিব, তেওঁলোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।” সেয়ে সকলো লোকে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিলে, তেতিয়াই দেশৰ সকলো লোকে, আৰু সকলো ভাষাৰ লোকসকলে ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মুৰ্ত্তিক উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিলে।

দানি 3:8-15

সেই সময়ত কলদীয়া মানুহ কেইজনমান আহিল, আৰু যিহূদীসকলৰ অহিতে অভিযোগ কৰিলে। তেওঁলোকে ৰজা নবূখদনেচৰক ক’লে, “মহাৰাজ চিৰজীৱি হওক! হে মহাৰাজ আপুনি এই আজ্ঞা কৰিছিল যে, প্রতিজন ব্যক্তিয়ে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিব, তেতিয়াই সকলোৱে সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব। কিন্তু যি জনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা চদ্ৰক, মৈচক, আৰু অবেদ-নেগো নামেৰে কেইজনমান যিহূদীলোক আছে; তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাবোৰক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰে।” ইয়াকে শুনি নবূখদনেচৰে খং আৰু ক্রোধেৰে পৰিপূৰ্ণ হ’ল, আৰু চদ্ৰক, মৈচক আৰু অবেদ-নেগোক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিলে। তেতিয়া তেওঁলোকে সেই লোক কেইজনক ৰজাৰ ওচৰলৈ আনিলে। নবূখদনেচৰে তেওঁলোকক ক’লে, “হে চদ্ৰক, মৈচক আৰু অবেদ-নেগো, আপোনালোকে মোৰ দেৱতাবোৰক সেৱা কৰা নাই, আৰু মই স্থাপন কৰা সোণৰ মূৰ্তিত সাষ্টাঙ্গে প্রণিপাত কৰা নাই, এই কাৰ্য আপোনালোকে জানিয়ে কৰিছে নে? এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”

দানি 3:16-23

তেতিয়া চদ্ৰক, মৈচক আৰু অবেদ-নেগোৱে ৰজাক উত্তৰ দি ক’লে, “হে নবূখদনেচৰ, আপোনাক এই বিষয়ে উত্তৰ দিয়া আমাৰ একো প্ৰয়োজন নাই। ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে। কিন্তু যদি উদ্ধাৰ নকৰেও, তথাপিও হে মহাৰাজ, আপোনাক জনাওঁ যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰোঁ, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰোঁ।” তাৰ পাছত নবূখদনেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ অহিতে মুখমণ্ডল বিকৃত কৰিলে। তেওঁ অগ্নিকুণ্ডৰ জুই নিয়মিত পৰিমাণতকৈ সাত গুণ বেছি প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে। তাৰ পাছত তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কিছুমান বলী মানুহক চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে। তেতিয়া সেই কেইজনক চোলা, জামা, পাগুৰি, আৰু আন আন বস্ত্রৰ সৈতে তেওঁলোকক বান্ধি অগ্নিকুণ্ডত পেলাই দিয়া হ’ল। ৰজাৰ আজ্ঞা যথাযথভাবে পালন কৰা হৈছিল, আৰু অগ্নিকুণ্ড অতিশয় তপত আছিল, সেয়ে চদ্ৰক, মৈচক আৰু অবেদ-নেগোক লৈ যোৱা মানুহ কেইজনক সেই অগ্নিশিখাই গ্রাস কৰিলে। চদ্ৰক, মৈচক আৰু অবেদ-নেগো, এই তিনি জন লোক বন্ধা অৱস্থাতে অগ্নিকুণ্ডৰ ভিতৰত পৰিল।

দানি 3:24-27

তাৰ পাছত ৰজা নবূখদনেচৰে আচৰিত হৈ বেগাই থিয় হ’ল। তেওঁ তেওঁৰ পৰামৰ্শদাতা সকলক সুধিলে, “আমি তিনি জন মানুহক বান্ধি জুইত পেলোৱা নাছিলো নে?” তেওঁলোকে উত্তৰ দি ক’লে, “হয় মহাৰাজ।” তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।” তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল। প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, আন অধ্যক্ষসকল, আৰু ৰজাৰ পৰামৰ্শদাতাসকল সকলোৱে সেই তিনিজন লোকক চাবলৈ একগোট হ’ল। তেওঁলোকৰ শৰীৰত জুইয়ে একো ক্ষতি কৰা নাছিল, তেওঁলোকৰ মূৰৰ চুলি এডালো পোৰা নাছিল, তেওঁলোকৰ বস্ত্ৰও নষ্ট হোৱা নাছিল, আৰু তেওঁলোকৰ গাত জুইৰ গোন্ধও নাছিল।

দানি 3:28-30

তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে। সেই কাৰণে মই এই আজ্ঞা দিছোঁ যে, যিকোনো লোক, যিকোনো দেশ, বা যিকোনো ভাষাৰ লোকে চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক’ব, তেওঁলোকক ডোখৰ ডোখৰকৈ কটা যাব, আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দ’মৰ দৰে কৰা হ’ব; কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই।” তেতিয়া ৰজাই চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বাবিল প্ৰদেশত উচ্চ পদত নিযুক্ত কৰিলে।

দানি 4:1-3

পৃথিৱীত থকা সকলো লোক, দেশ, আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবূখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, “আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক! সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভবিলোঁ। তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।”

দানি 4:17

এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’

দানি 4:25

মানুহৰ ৰাজ্য যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ব, আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব, আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব, আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব, এইদৰে আপোনাৰ ওপৰত সাত বছৰৰ অতিবাহিত হ’ব।

দানি 4:27

এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।

দানি 4:28-33

এই সকলো ৰজা নবূখদনেচৰত ঘটিলে। বাৰ মাহৰ পাছত তেওঁ বাবিলৰ ৰাজ-গৃহত তেওঁ খোজ কাঢ়ি আছিল, ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?” ৰজাই এই কথা কৈ থাকোঁতেই, আকাশীবাণী হ’ল, হে ৰজা নবূখদনেচৰ তোমাৰ বিৰুদ্ধে আজ্ঞা দিয়া হৈছে যে; এই ৰাজ্য দীৰ্ঘদিন তোমাৰ হৈ নাথাকিব। মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।” এই আজ্ঞা সেই মুহূৰ্ত্ততে নবূখদনেচৰৰ বিৰুদ্ধে ফলিয়ালে। তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ল, আৰু তেওঁ গৰুৰ দৰে ঘাঁহ খালে, তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিলে; তেওঁৰ চুলি ঈগল চৰাইৰ পাখিৰ দৰে দীঘল হ’ল, আৰু তেওঁৰ নখ চৰাইৰ নখৰ দৰে বাঢ়িল।

দানি 4:34-37

সেই দিনবোৰৰ শেষত মই নবূখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে। তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।” সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপদ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মূখ্য লোকসকলে মোৰ অনুগ্রহ বিচাৰিলে; মোৰ সিংহাসন মোক পুনৰায় দিয়া হ’ল, এনে কি, মোৰ মহত্বও মোক দিয়া হ’ল। এতিয়া মই নবূখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহংকাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।

দানি 5:11

পবিত্ৰ দেৱতাবোৰৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাবোৰৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবূখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।

দানি 5:18-21

হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবূখদনেচৰক ৰাজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল। ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল। যেতিয়া তেওঁৰ হৃদয় অহংকাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল। তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল, তেওঁৰ হৃদয় জন্তুৰ সদৃশ হৈছিল, আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল, তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল; মানুহৰ ৰাজ্যত যে, সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যিজনক তেওঁ ইচ্ছা কৰে, সেই জনকে তাৰ ওপৰত নিযুক্ত কৰে, এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল।

দানি 5:22-31

হে বেলচচৰ, আপুনি তেওঁৰেই পুত্ৰ, আপুনি এই সকলো জানিও, আপোনাৰ হৃদয় নম্ৰ কৰা নাই। স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে। সেই বাবে ঈশ্বৰৰ সন্মুখৰ পৰা এখন হাত পঠালে, আৰু এই কথাখিনি লিখা হ’ল। লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।” কথাখিনিৰ অৰ্থ এই: মিনে, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি, তাৰ অন্ত কৰিলে; তিকেল, আপোনাক তুলাচনীত জোখা হ’ল, আৰু কম পোৱা গ’ল; পিৰেচ, আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীসকলক দিয়া হৈছে।” তাৰ পাছত বেলচচৰে আজ্ঞা দিলে, আৰু তেওঁলোকে দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ, তেওঁৰ ডিঙিত সোণৰ হাৰ পিন্ধালে; আৰু ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা তেওঁৰ থাকিব বুলি ৰজাই ঘোষণা কৰিলে। সেই ৰাতিয়েই কলদীয়াৰ ৰজা বেলচচৰক হত্যা কৰা হৈছিল। তাৰ পাছত মাদীয়াৰ দাৰিয়াবচৰ প্ৰায় বাষষ্টি বছৰ বয়সত তেওঁ সেই ৰাজ্য পাইছিল।

দানি 6:1-9

তাৰ পাছত দাৰিয়াবচে উচিত দেখি, গোটেই ৰাজ্যৰ ওপৰত এশ বিশ জন প্রাদেশিক অধ্যক্ষ নিযুক্ত কৰিলে। তেওঁলোকৰ ওপৰত তিনি জন প্রধান বিষয়া নিযুক্ত কৰিলে, আৰু তেওঁলোকৰ মাজত দানিয়েল এজন আছিল। ৰজাই যাতে কোনো প্রকাৰৰ ক্ষতি বহন কৰিবলগীয়া নহয় সেই বাবে এই প্রশাসক সকলৰ ওপৰত তত্ত্বাৱধান কৰিবলৈ প্রাদেশিক সকলক নিযুক্ত কৰিছিল। দানিয়েলৰ অন্তৰত অসাধাৰণ আত্মা থকাৰ বাবে তেওঁ আন প্ৰধান বিষয়াতকৈ আৰু প্রাদেশিক অধ্যক্ষতকৈ তেওঁ বিশিষ্ট আছিল; সেয়ে ৰজাই তেওঁক সমগ্র ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ চিন্তা কৰিলে। তাৰ পাছত আন প্ৰধান বিষয়া আৰু প্রাদেশিক অধ্যক্ষসকলে, ৰাজ্যৰ বাবে কৰা কাৰ্যবোৰত দানিয়েলৰ ভুল বিচাৰিলে, কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ’ল; তেওঁত কোনো ভুল বা অৱহেলা পোৱা নগ’ল। তেতিয়া সেই লোকসকলে ক’লে, “আমি এই দানিয়েলৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ কোনো বিষয় বিচাৰি নাপালোঁ। তেওঁৰ ঈশ্বৰৰ বিধানৰ বিষয়ে ভুল বিচাৰি নাপোৱালৈকে, আমি তেওঁৰ বিৰুদ্ধে আন কোনো ভুল বিচাৰি নাপাম। তাৰ পাছত সেই বিষয়া আৰু অধ্যক্ষসকলে ৰজাৰ আগত এটা পৰিকল্পনাৰ কথা আনিলে, “মহাৰাজ দাৰিয়াবচ, চিৰজীৱি হওক! হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্রাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা, আৰু দেশাধক্ষ্যসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে, মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত; সেয়ে এই যে, হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশ দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেই জনক সিংহৰ গাতত পেলোৱা হ’ব। এতিয়া মহাৰাজ এই আজ্ঞা জাৰি কৰক, আৰু এই নথি-পত্রত চহী কৰক; যাতে মাদীয়া ও পাৰসীকসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয়। সেয়ে ৰজা দাৰিয়াবচে নথী-পত্রত চহী কৰি সেই ৰাজ আজ্ঞা বিধানত সন্নিবিষ্ট কৰিলে।

দানি 6:10-15

যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিড়িকিবোৰ যিৰূচালেমৰ ফালে খোলা আছিল, আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে। তেতিয়া যিসকল লোকে একলগ হৈ ষড়যন্ত্র কৰিছিল, তেওঁলোকে আহি দানিয়েলক তেওঁৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু সহায় বিচাৰি অনুৰোধ কৰি থকা দেখা পালে। তাৰ পাছত তেওঁলোকে ৰজাৰ ওচৰলৈ গ’ল আৰু তেওঁৰ আজ্ঞাৰ বিষয়ে ক’লে, “হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশদিনলৈকে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তেওঁক সিংহৰ গাতত পেলোৱা যাব, এনে আজ্ঞা আপুনি দিয়া নাছিল নে?” ৰজাই উত্তৰ দিলে, হয়, মাদীয়া আৰু পাৰসীসকলৰ বিধানৰ অনুসাৰে সেই কথা স্থিৰ কৰা হৈছিল; এই আজ্ঞা সলনি কৰা নহব।” তেতিয়া তেওঁলোকে ৰজাৰ আগত উত্তৰ দি ক’লে, “হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক, বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে তিনিবাৰ প্ৰাৰ্থনা কৰে।” ৰজাই সেই কথা শুনি, অতিশয় বেজাৰ পালে আৰু দানিয়েলক সেই নিয়মৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ চিন্তা কৰিলে। ৰজাই বেলি মাৰ নোযোৱালৈকে দানিয়েলক উদ্ধাৰ কৰিবলৈ অনেক চেষ্টা কৰিলে। তাৰ পাছত যি লোকসকল একলগ হৈ ষড়যন্ত্র কৰিছিল, তেওঁলোক ৰজাৰ ওচৰলৈ গ’ল আৰু ক’লে, “হে মহাৰাজ, আপুনি জানে যে, ৰজাই জাৰি কৰা কোনো আজ্ঞা বা বিধি মাদীয়া আৰু পাৰসীয়াসকলৰ বিধান অনুসাৰে সলনি হ’ব নোৱাৰে।”

দানি 6:16-18

তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাতত পেলোৱা হ’ল। ৰজাই দানিয়েলক ক’লে, “তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।” তাৰ পাছত এটা শিল আনি গাতৰ মুখত দিয়া হ’ল; আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয়, সেই বাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে, আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত ছাব মাৰিলে। ৰজাই নিজৰ ৰাজ গৃহলৈ গ’ল, আৰু গোটেই ৰাতি লঘোনে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া ন’হল, আৰু তেওঁৰ টোপনি নাহিল।

দানি 6:19-23

ৰজাই দোকমোকালিতে উঠি বেগাই সিংহৰ গাতৰ ওচৰলৈ গ’ল। তেওঁ গাতৰ ওচৰ পাই দুখেৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক’লে, “হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?” তেতিয়া দানিয়েলে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক! মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।” তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাতৰ পৰা তুলিবলৈ আজ্ঞা দিলে, তাতে দানিয়েলক গাতৰ পৰা তোলা হ’ল। দানিয়েল নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁৰ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগল।

দানি 6:24-28

ৰজাই আজ্ঞা দিয়াত, দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তান সকল, আৰু ভাৰ্যা সকলক সিংহৰ গাতত পেলোৱা হ’ল। তাতে তেওঁলোক গাতৰ তলত নাপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে। তেতিয়া ৰজা দাৰিয়াবচে গোটেই পৃথিৱীত বাস কৰা সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে: “তোমালোকৰ মাজত শান্তি বৃদ্ধি হওক। মই এই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক; আৰু তেওঁক ভয় কৰক; কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকে; আৰু তেওঁৰ ৰাজ্য উচ্ছন্ন নহ’ব, তেওঁৰ ৰাজত্ব শেষলৈকে থাকিব। তেওঁ আমাক সুৰক্ষিত কৰে, আৰু উদ্ধাৰ কৰে; স্বৰ্গ আৰু পৃথিৱীত, তেওঁ আচৰিত কাৰ্য কৰে; তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে।” সেয়ে দাৰিয়াবচৰ আৰু পাৰস্যৰ কোৰচৰ ৰাজত্বৰ সময়ত দানিয়েলৰ উন্নতি হ’ল।

দানি 7:14

তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।

দানি 7:17-18

এই প্রকাণ্ড জন্তু চাৰিটা হ’ল, পৃথিৱীৰ পৰা আহিব লগা চাৰিজন ৰজা। কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।

দানি 7:19-20

তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। তাৰ মুৰত থকা দহোটা শিঙ আৰু তিনিটা শিং উঘলাৰ পূৰ্বে গজা আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গর্বৰ কথা কোৱা মুখ থকা আৰু নিজৰ সঙ্গীসকলকৈ অধিক গৰ্ব্বী দেখুউৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ।

দানি 7:23-24

সেই পুৰুষজনে চতুর্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়া, এয়ে পৃথিৱীৰ চতুৰ্থ ৰাজ্য হ’ব, বাকী সকলো আন ৰাজ্যতকৈ এই ৰাজ্য পৃথক হ’ব, এই ৰাজ্যই সমগ্র পৃথিৱীক গ্ৰাস কৰিব, ই ভৰিৰে গচকিব, আৰু ডোখৰ ডোখৰ কৰি ভাঙিব। সেই দহটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহ জন ৰজা উৎপন্ন হ’ব; তেওঁলোকৰ পাছত আন এজন ৰজা উৎপন্ন হ’ব; তেওঁ আগৰ জনতকৈ পৃথক হ’ব, আৰু তেওঁ তিনিও জন ৰজাক জয় কৰিব।

দানি 7:25-26

তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কালৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব। কিন্তু ন্যায়ালয়ৰ সভা বহিব; আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্রম কাঢ়ি ল’ব; শেষত গ্রাস কৰা হ’ব, আৰু ধ্বংস কৰা হ’ব।

দানি 7:27

ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।

দানি 11:27

আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।

দানি 12:1

সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক-দূত মীখায়েল থিয় হ’ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সঙ্কট কেতিয়াও হোৱা নাই, তেনে সঙ্কটৰ সময় আহিব। সেই সময়ত পুস্তক খনত নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব।

হোচ 8:4

মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।

হোচ 13:9-11

হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰীৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম, এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা, “মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?” সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।

যোন 3:5-8

তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে। শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল। তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক। মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক।

মীখ 3:1-3

মই কলোঁ, “যাকোবৰ মূখ্য লোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে? তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা, তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, তেওঁলোকৰ হাড় ভাঙা, পাত্রৰ বাবে মাংস, আৰু কেৰাহীত দিয়া মাংসৰ দৰে, তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।

মীখ 3:9-10

সকলো সৎ কৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মূখ্য লোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা; তোমালোকে ৰক্তপাতেৰে চিয়োন, আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা;

মীখ 4:3

তেওঁ অনেক লোকৰ মাজত বিচাৰ কৰিব, আৰু দূৰত থকা বহুতো দেশবাসীৰ বিষয়ে সিদ্ধান্ত ল’ব; তেওঁলোকে তেওঁলোকৰ তৰোৱাল ভাঙি নাঙলৰ ফাল, আৰু তেওঁলোকৰ যাঠী ভাঙি কলম দিয়া কটাৰী গঢ়াই ল’ব; এটা দেশে আন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, অথবা তেওঁলোকে যুদ্ধবিদ্যা পুনৰ নিশিকিব।

মীখ 5:2

কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;

জখ 14:9

যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব।

জখ 14:16-19

আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব। পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব। আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব। এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব।

মথি 2:1-6

হেৰোদ যেতিয়া যিহুদীয়াৰ ৰজা আছিল, তেতিয়া যিহুদীয়াৰ বৈৎলেহম নামৰ ঠাইত যীচুৰ জন্ম হ’ল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে, “যিহুদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালোঁ, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছোঁ।” এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল। তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলক মাতি একগোট কৰিলে আৰু তেওঁলোকক সুধিলে, “খ্ৰীষ্টই ক’ত জন্ম গ্রহণ কৰিব?” তেওঁলোকে তেওঁক ক’লে, “যিহুদীয়া প্রদেশৰ বৈৎলেহম নামৰ ঠাইত; কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে, ‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’”

মথি 2:13-15

তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।” সেই নিশাই যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ গ’ল, আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো” এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।

মথি 2:16

তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দি পঠিয়াই দিলে।

মথি 4:8-10

তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে। চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।” তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”

মথি 6:24

কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।

মথি 7:12

এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।

মথি 10:17-20

সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব। মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা। লোক সকলে যেতিয়া তোমালোকক শোধাই দিব, তেতিয়া কেনেকৈ, কি কথা ক’ব লাগে, সেই বিষয় লৈ চিন্তা নকৰিবা; কিয়নো তেতিয়া যি কথা ক’ব লাগে, সেই বিষয়বোৰ সেই মুহূৰ্ত্ততে তোমালোকক দিয়া হ’ব। কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ ভিতৰৰ পৰা কব।

মথি 10:23

যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।

মথি 14:1-2

সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে। তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।

মথি 14:3-11

কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল। কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্যা হিচাপে ৰখা বিধান সন্মত নহয়।” সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল। পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে। সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব। ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই ক’লে, “এখন থালত বাপ্তাইজক যোহনৰ মূৰটো আনি মোক দিয়ক।” তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে। তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে। পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।

মথি 17:24-27

যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, “তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?” তেওঁ ক’লে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?” পিতৰে ক’লে “বিদেশী সকলৰ পৰা”, যীচুৱে তেওঁক ক’লে, “তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত। তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”

মথি 22:17-21

গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?” যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে? কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে। যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”

মথি 23:34

এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্রুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।

মথি 24:6-9

তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহ’বা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব। জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷ এই সকলো মাথোন প্ৰসৱ যাতনাৰ আৰম্ভণিহে। সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা।

মথি 26:59-60

তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷ অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,

মথি 26:67-68

তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে; আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?

মথি 27:11-14

পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, ‘তুমি ইহুদী সকলৰ ৰজা নে’? যীচুৱে তেওঁক ক’লে, ‘ঠিক তুমিয়েই কৈছা’। কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁক অপবাদ দিয়াতো, তেওঁ একো উত্তৰ নিদিলে। তেতিয়া পীলাতে তেওঁক ক’লে, ‘এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাই নে’? কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে।

মথি 27:27-31

তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিটৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে; আৰু তেওঁৰ গাৰ কাপোৰ গুচাই, উজ্বল বৰণৰ ৰাজবস্ত্ৰ পিন্ধাই দিলে৷ কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে- “হে, ইহুদী সকলৰ ৰজা, জয় হওক”! তাতে তেওঁলোকে যীচুৰ গাত থুই পেলালে আৰু দণ্ড ডাল লৈ মুৰত কোবালে। এইদৰে তেওঁক বিদ্ৰূপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্রুচত দিবলৈ লৈ গ’ল।

মথি 27:37

তেওঁৰ এই অপবাদ লিখি, মুৰত এখন ফলক আৰি দিলে, “এই জন ইহুদী সকলৰ ৰজা যীচু৷”

মথি 27:42

“তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।

মথি 28:18

তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।

মাৰ্ক 1:14-15

যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷ যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।

মাৰ্ক 6:14-16

এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”। কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”। কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”।

মাৰ্ক 6:17-28

কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷ আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”। এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল। কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল। কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷ তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”। আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷” তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।” তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।” তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে, তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে, আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে।

মাৰ্ক 12:14-17

তেওঁলোকে আহি তেওঁক ক’লে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?” কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি আনক, মই চাওঁ৷” তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?” তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক; আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।

মাৰ্ক 13:7-8

তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহ’বা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই। কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হ’ব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।

মাৰ্ক 13:9-11

কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা। কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব। যেতিয়া তেখেত সকলে তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হ’ব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।

মাৰ্ক 14:53-56

পাছত তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গ’ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ লগত আহি গোট খালে। আৰু তেতিয়াই পিতৰে আতৰে আতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল। তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে। কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল।

মাৰ্ক 14:63-65

তেতিয়া মহা-পুৰোহিতে নিজৰ চোলা ফালি ক’লে, “সাক্ষীত আমাৰ কি প্ৰয়োজন আছে? তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা; এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা?” তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে। পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই ক’লে, “ভাবোক্তি প্ৰচাৰ কৰোঁতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।

মাৰ্ক 15:1-5

পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে। তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা হয় নে?” তাতে তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।” এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহুত অপবাদ দিলে। তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!” কিন্তু যীচুৱে কোনো দিঘলীয়া উত্তৰ নিদিলে আৰু তাতে তেওঁ বিস্ময় মানিলে।

মাৰ্ক 15:9

পীলাতে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকৰ বাবে মই ইহুদী সকলৰ ৰজাক যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে?”

মাৰ্ক 15:12-13

পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, “তেনেহলে তোমালোকে যি জনক ইহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?” তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”

মাৰ্ক 15:15-20

তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে। তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গ’ল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে। পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে; মানুহবোৰে তেওঁক নমস্কাৰ জনাই ক’লে “হে ইহুদী সকলৰ ৰজা, জয় হওক!” তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে। এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্রুচত দিবৰ বাবে বাহিৰলৈ লৈ গ’ল।

মাৰ্ক 15:26

আৰু “ইহুদী সকলৰ ৰজা৷” এই বুলি তেওঁৰ অপৰাধৰ জাননী ওপৰত লিখি দিলে।

মাৰ্ক 15:32

হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; তাতে আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷” তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে।

লূক 1:32-33

তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব; যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।”

লূক 2:1-3

সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক। চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল। সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গ’ল।

লূক 3:1-2

তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা। হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।

লূক 3:19-20

ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে। তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।

লূক 9:7-9

সেই সময়ত হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ’ল, আৰু আন কিছুমান লোকে কব ধৰিলে যে, “এলিয়া পুণৰ আবির্ভুত হৈছে” আৰু কিছুমানে ক’লে যে, “পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জীয়াই উঠিছে৷” হেৰোদে ক’লে “মই যোহনৰ মুণ্ডচ্ছেদ কৰিলোঁ; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনি আছোঁ?” তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে।

লূক 11:49-50

ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷ সেই কাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাববাদী হত্যা কৰা হৈছে, তেখেত সকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোক সকল দায়ী৷

লূক 12:58

কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব।

লূক 16:13

কোনো চাকৰে দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আন জনক হেয়ঞ্জান কৰিব৷ আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে কৰ্ম কৰিব নোৱাৰা৷”

লূক 19:26-27

‘মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হ’ব;কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব। কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”

লূক 20:22-25

কিন্তু বিধানৰ মতে আমি চীজাৰক কৰ দিব পায় নে নাপায়?” যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক’লে, “মোক এটা আধলিদেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?” তেওঁলোকে ক’লে, “চীজাৰৰ।” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেই চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”

লূক 21:12

কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।

লূক 22:30

মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।

লূক 22:63-67

পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে; আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?” আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে। পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে, তেওঁলোকে ক’লে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক ক’লে, “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা,

লূক 23:2-4

তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে, এই মানুহজন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷” তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা নে?” তাতে যীচুৱে উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।” তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক ক’লে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।”

লূক 23:36-38

সেনাবোৰেও ওচৰলৈ আহি, তেওঁক চিৰকা যাচি ঠাট্টা কৰি ক’লে, “আপুনি যদি ইহুদী সকলৰ ৰজা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।” আৰু “এওঁ ইহুদী সকলৰ ৰজা”। এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে।

যোহন 1:17

কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।

যোহন 1:49

নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”

যোহন 3:1-3

ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল। এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।” উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”

যোহন 5:16

এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।

যোহন 6:15

যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।

যোহন 12:12-13

পাছদিনা নিস্তাৰপৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷ তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”

যোহন 18:33-39

এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?” যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?” পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?” যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।” তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷” পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷ তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”

যোহন 19:3

ইয়াৰ পাছত তেওঁৰ ওচৰলৈ আহি কবলৈ ধৰিলে, “অভিনন্দন, হে ইহুদী সকলৰ ৰজা, জয় হওক!” এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে।

যোহন 19:8-12

তেতিয়া পীলাতে এই কথা শুনি বৰ ভয় পালে, তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷ তেতিয়া পীলাতে তেওঁক ক’লে, “তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?” যীচুৱে তেওঁক উত্তৰ দিলে, “ওপৰৰ পৰা ক্ষমতা নিদিয়া হ’লে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ’লহেঁতেন; এই কাৰণে, যি জনে তোমাৰ হাতত মোক শোধাই দিলে; তেওঁৰেই পাপ গুৰুতৰ।” এই উত্তৰ শুনি পীলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে; কিন্তু ইহুদী সকলে আটাহ পাৰি ক’লে, “যদি এওঁক এৰি দিয়ে, তেনেহলে আপুনি চীজাৰৰ বন্ধু নহয়; যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ চীজাৰৰ বিৰুদ্ধে কথা কয়।”

যোহন 19:14-15

তেতিয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা” তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”

যোহন 19:19-22

পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷” এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে। এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, “ইহুদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই ইহুদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, ইয়াকে লিখক।” পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁৱেই”।

পাঁচনি 4:18-21

তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে। কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব? কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”। পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷

পাঁচনি 4:23-29

পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে। এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই। তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে? ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল। তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।। হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।

পাঁচনি 5:17-18

কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।

পাঁচনি 5:19-29

কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে, “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”। আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহা-পুৰোহিত আৰু তেওঁৰ সংগী সকলে আহি ইস্ৰায়েলী সকলৰ জেষ্ঠ লোকৰ এক মহাসভা মাতিলে আৰু পাঁচনি সকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে। কিন্তু সেই বিষয়া সকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে, “আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।” এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল। তেনেতে কোনোবা এজনে আহি জনালে যে, “আপোনালোকে যি সকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোক সকলক উপদেশ দি আছে।” তেতিয়া সেনাপতি জনে তেওঁৰ লোক সকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনি সকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনি সকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে। পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে, “এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।” তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।

পাঁচনি 5:41

পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।

পাঁচনি 12:1-5

সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷ এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷ পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷ এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷

পাঁচনি 12:6-17

পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷ সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷ দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷” পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷ এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷ তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷” ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷ তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷ তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷ তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷” কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷ পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷

পাঁচনি 12:18-19

পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷ তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷

পাঁচনি 12:20-23

তুৰীয়া আৰু চীদোনীয়া সকলৰ প্ৰতি হেৰোদৰ অতিশয় ক্ৰোধ আছিল৷ কিন্তু তেওঁলোকে একে আলোচনাৰে তেওঁৰ আগলৈ গৈ, ব্লাস্ত নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁলোকৰ ফলীয়া কৰি, শান্তি স্হাপন কৰিবলৈ নিবেদন কৰিলে, কাৰণ এই ৰজাৰ দেশৰ পৰাই তেওঁলোকৰ দেশলৈ খোৱা বস্তুবোৰ আহিছিল৷ এটা নিৰূপিত দিনত হেৰোদে ৰাজকীয় বস্ত্ৰ পিন্ধি বিচাৰৰ আসনত বহিছিল আৰু সেইদিনা তাৰ পৰা তেওঁলোকলৈ ভাষণ দিছিল৷ তেতিয়া লোক সকলে ৰিঙিয়াই কলে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!” কিন্তু সেই প্ৰশংসা ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেতিয়াই তেওঁক আঘাত কৰিলে আৰু পোকে খোৱাত, তেওঁ প্ৰাণ ত্যাগ কৰিলে৷

পাঁচনি 16:22-24

তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে। অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে। কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।

পাঁচনি 16:25-30

তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল। এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল। কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল। কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।” তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল। তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্ৰাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?”

পাঁচনি 16:35-40

পিছদিনা পুৱা শাসনকর্তা সকলে পৰীয়া সকললৈ এই বার্তা দি পঠালে, “সেই মানুহকেইজনক এৰি দিয়া।” কাৰাগাৰৰ অধ্যক্ষই সেই কথা পৌলক জনাই ক’লে, “শাসনকর্তা সকলে আপোনালোকক এৰি দিবৰ কাৰণে আমাৰ ওচৰলৈ বার্তা পঠাইছে; গতিকে আপোনালোক এতিয়া ওলাই আহক আৰু শান্তিৰে গুছি যাওঁক।” কিন্তু পৌলে তেওঁলোকক ক’লে, “আমি ৰোমান নাগৰিক; আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ’ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব।” পৰীয়া সকলে শাসনকর্তা সকলৰ ওচৰলৈ গৈ এই সম্বাদ দিলে। তেতিয়া এই সম্বাদ পাই তেওঁলোকে পৌল আৰু চীলক ৰোমান লোক বুলি জানিলে আৰু তেওঁলোকে ভয় খালে। পাছত শাসনকর্তা সকলে আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এৰি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে। পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল।

পাঁচনি 17:6-8

কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি কবলৈ ধৰিলে, “যি লোক সকলে সমগ্র পৃথিৱী উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে, আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।” এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকর্তা সকল উদ্বিগ্ন হৈ পৰিল।

পাঁচনি 17:26

এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।

পাঁচনি 22:24-30

হাজাৰৰ সেনাপতিয়ে পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে আৰু তেওঁৰ অহিতে মানুহবোৰে কি কাৰণত এনেদৰে আটাহ পাৰিছে, সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে৷ পাছত তেওঁক চাবুকেৰে কোবাবলৈ চামৰাৰ ফিটাৰে বন্ধা হ’ল, তেতিয়া পৌলে ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক কলে, “বিনা দণ্ডাজ্ঞাৰে ৰোমীয়া মানুহক চাবুকেৰে কোবাবলৈ আইন মতে আপোনালোকৰ ক্ষমতা আছে নে?” এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, “আপুনি কি কৰিবলৈ উদ্যত হৈছে? কিয়নো এই মানুহ জন এগৰাকী ৰোমীয়া নাগৰিক৷” তেতিয়া হাজাৰৰ সেনাপতিয়ে আহি তেওঁক কলে, “মোক কোৱাচোন, তুমি এগৰাকী ৰোমীয়া নাগৰিক নে?” পৌলে কলে, “হয়”৷ হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে, “মই ভালেমান ধন ভৰিহে নাগৰিকত্ব লাভ কৰিছিলোঁ৷” কিন্তু পৌলে কলে, “মই জন্মতেই এজন ৰোমীয় নাগৰিক৷” তেতিয়া যি সকলে তেওঁৰ সোধ-বিচাৰ কৰিবলৈ উদ্যত হৈছিল, তেওঁলোকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ’ল আৰু হাজাৰৰ সেনাপতিয়ে পৌল এগৰাকী ৰোমীয়া নাগৰিক বুলি জানি ভয় খালে, কাৰণ তেওঁ নিজে তেওঁক বন্ধাইছিল৷ পাছদিনা ইহুদী সকলে পৌলক কি অপবাদ দিছিল, হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে৷ গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিত সকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে৷ পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে৷

পাঁচনি 23:1-5

পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷” এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷ তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?” তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?” পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”

পাঁচনি 23:6-10

পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷” তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷ কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷ তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;” তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷

পাঁচনি 25:6-12

পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চীজাৰিয়ালৈ গুচি গ’ল৷ পাছদিনা তেওঁ বিচাৰৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে। পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে, কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে। তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।” কিন্তু ফীষ্টে ইহুদীসকলৰ প্ৰিয়পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক ক’লে, “তুমি যিৰূচালেমলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?” পৌলে ক’লে, “মই চীজাৰৰ বিচাৰৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদীসকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে। এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেনেহলে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেতসকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেনেহলে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।” তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক ক’লে, “তুমি চীজাৰত আপীল কৰিলা; এতিয়া তোমাক চীজাৰৰ আগলৈ লৈ যোৱা হ’ব৷”

পাঁচনি 25:20-21

তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলো, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে? কিন্তু পৌলে ৰাজাধিৰাজৰ ওচৰত সোধ-বিচাৰৰ পৰা নিস্পত্তি পাবৰ বাবে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চীজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ।”

পাঁচনি 26:25-32

কিন্তু পৌলে ক’লে, “হে মহামহিম ফীষ্ট, মই বলীয়া হোৱা নাই; সত্য আৰু সুবোধৰ কথাহে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ কিয়নো ৰজায়ো এই বিষয়ে জানে; এই কাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ৷ মই সুনিশ্চিত যে, এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে৷ এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি কাৰণ ইয়াক গোপনে কৰা হোৱা নাই৷ হে ৰজা আগ্ৰিপ্প, আপুনি ভাৱবাদী সকলৰ কথা বিশ্বাস কৰে নে? মই জানো আপুনি বিশ্ৱাস কৰে৷” তেতিয়া আগ্ৰিপ্পই পৌলক ক’লে, “তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰবৃত্তি জন্মাব খুজিছা৷” কিন্তু পৌলে ক’লে, “অকল আপুনিয়েই নহয়, যি সকলে আজি মোৰ কথা শুনিছে, সেই সকলোৱে অলপ কথাৰে হওক, বা বহু কথাৰে হওক, এই শিকলিৰ বন্ধনৰ বাহিৰে, সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্ৱৰৰ আগত এই প্ৰার্থনা মই কৰিছোঁ৷” তেতিয়া ৰজা, দেশাধিপতি, বৰ্ণীকী আৰু তেওঁলোকৰ সৈতে বহা লোক সকলে উঠি, আতৰ হৈ গৈ পৰষ্পৰে কথা-বাৰ্ত্তা কৰি ক’লে, “এই মানুহ জনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কর্ম কৰা নাই৷” তেতিয়া আগ্ৰিপ্পই ফীষ্টক কলে, “এই মানুহ জনে চীজাৰৰ ওচৰত আপীল নকৰা হ’লে মুকলি হব পাৰিলেহেঁতেন৷”

পাঁচনি 27:23-24

কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে; আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’

পাঁচনি 28:16-19

ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷ পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাইসকল, মই মোৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয়া লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলো৷ তেখেত সকলে মোৰ সোধ-বিচাৰ কৰি মোক মুক্ত কৰিবলৈ কামনা কৰিলে, কিয়নো মোক প্ৰাণদণ্ড দিয়াৰ একো কাৰণ নাছিল৷ কিন্তু যেতিয়া ইহুদী সকলে আপত্তি কৰিলে, মই চীজাৰৰ ওচৰত আপীল কৰিবলৈ বাধ্য হলোঁ; কিন্তু এনে নহয় যে, মই মোৰ জাতিক কোনো অপবাদ দিছিলোঁ৷

ৰোমীয়া 13:1-7

প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে। কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব; কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। এই কাৰণে বশীভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয়; বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হ’ব লাগে। আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে। যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।

1 কৰি 2:6-8

তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়; কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল। এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন;

1 কৰি 6:12

“মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম।

1 কৰি 10:23

সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে।

1 কৰি 15:24-25

ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।

গালাতীয়া 3:28-29

এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক। আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।

গালাতীয়া 4:30-31

কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’। এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।

গালাতীয়া 5:1

খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ; এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফান্দত নপৰিব।

গালাতীয়া 5:14

কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’

গালাতীয়া 5:22-23

কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস, মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।

ইফিচীয়া 1:21-22

সকলো শাসন, ক্ষমতা, পৰাক্ৰম, আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায়, সেই সকলো নামৰ উর্দ্ধত খ্রীষ্টৰ নাম স্থাপিত হ’ল। ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;

ইফিচীয়া 2:12

সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল।

ইফিচীয়া 2:19

হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।

ইফিচীয়া 6:12

কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।

ফিলিপীয়া 2:9-11

এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে, যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীচুৰ নামত আঁঠু লয়৷ আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷

ফিলিপীয়া 3:20

কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ;

কলচীয়া 1:16

কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷

কলচীয়া 2:8

কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।

1 তীমথিয় 1:8-10

কিন্তু বিধান যে কোনো লোকে আইনসংগত ভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো; তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী, ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী,

1 তীমথিয় 1:17

এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।

1 তীমথিয় 2:1-2

মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷ ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ;

1 তীমথিয় 6:15

সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।

2 তীমথিয় 2:12

আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷

তীত 3:1-2

তুমি তেখেত সকলক সোঁৱৰাবা; তেখেত সকলে যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোক সকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে, আৰু কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷

ইব্ৰী 1:8

কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।

ইব্ৰী 8:1-2

এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷ তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷

ইব্ৰী 11:36-38

আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে; তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল; (এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;

ইব্ৰী 13:17

আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব।

1 পিতৰ 2:9

কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে

1 পিতৰ 2:11-18

হে প্ৰিয় সকল, আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷ আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক। আপোনালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰাই স্থাপিত সকলো ৰীতিৰ বশীভূত হওক; যেনেদৰে ৰজা সকলোৰে ওপৰ, আৰু দেশাধিপতি সকলক, দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰী সকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হওক। আপোনালোকে সৎ কৰ্ম কৰি কৰি যেন নিৰ্ব্বোধ লোক সকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰে, ঈশ্বৰৰ এই ইচ্ছা৷ আপোনালোকে স্বাধীন লোকৰ দৰে হয়; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰক। সকলোকে সমাদৰ কৰক৷ ভাইমাত্ৰকে প্ৰেম কৰক৷ ঈশ্বৰৰলৈ ভয় ৰাখক৷ ৰজাক সমাদৰ কৰক। হে দাস সকল, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা; কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱী সকলৰ নহয়, কিন্তু কুটিল-মনৰ লোক সকলৰো বশীভূত হোৱা।

2 পিতৰ 2:6-8

চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে। কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল। সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল।

2 পিতৰ 2:10-11

এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু:সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে। সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে।

1 যোহন 3:4

যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ বিধান লঙ্ঘন কৰে; আৰু বিধান-লঙ্ঘন কৰাই পাপ।

যিহূদা 1:8

তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে।

প্ৰকাশিত বাক্য 1:4-6

যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক, আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক, তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।

প্ৰকাশিত বাক্য 3:21

মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।

প্ৰকাশিত বাক্য 4:2-6

তেতিয়াই মই আত্মাত আছিলোঁ আৰু মই দেখা পালোঁ, স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল, তাতে কোনো এজন লোক বহি আছিল৷ সেই বহি থকা জন দেখিবলৈ সুৰ্য্যকান্ত আৰু চাৰ্দ্দীয়া মণিৰ নিচিনা৷ সেই সিংহাসনৰ চাৰিওফালে এখন ৰামধনু আছিল, সেই ৰামধনু খন দেখিবলৈ মৰকত মণিৰ নিচিনা আছিল৷ সেই সিংহাসন খনৰ চাৰিওফালে চৌবিশ খন সিংহাসন আছিল; সেই সিংহাসনবোৰৰ ওপৰত বগা বস্ত্ৰ আৰু মুৰত সোণৰ কিৰীটি পিন্ধা চৌবিশ জন পৰিচাৰক বহি আছিল। সেই সিংহাসনৰ পৰা বিজুলীৰ দৰে মাত আৰু মেঘ-গৰ্জ্জন ওলাইছিল; সেই সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছিল, আৰু সেইবোৰেই আছিল ঈশ্বৰৰ সাত আত্মা৷ সেই সিংহাসনৰ সন্মুখত এখন স্ফটিকৰ দৰে স্ৱচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰেই পৰিপূৰ্ণ আছিল।

প্ৰকাশিত বাক্য 4:9-10

যেতিয়া সেই প্ৰাণীবোৰে চিৰকাল সিংহাসনত বহা সেই জীৱিত জনৰ মহিমা, সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই চৌবিশ জন পৰিচাৰকে সিংহাসনত বহা জনৰ আগত দণ্ডৱৎ হৈ চিৰকাল জীৱিত জনৰ আগত প্ৰণিপাত কৰি, সেই সিংহাসনৰ আগত তেওঁলোকৰ কিৰীটিবোৰ পেলাই ক’ব,

প্ৰকাশিত বাক্য 5:10-13

আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব”। তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷ তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”। আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।

প্ৰকাশিত বাক্য 7:9-11

এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল; আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “পৰিত্রাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ আৰু মেৰ-পোৱালিৰ।” আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে,

প্ৰকাশিত বাক্য 7:15

এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে, আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে৷ আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব।

প্ৰকাশিত বাক্য 11:15-18

পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”। আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি, তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা। আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”

প্ৰকাশিত বাক্য 13:1-2

তেতিয়া মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ৷ তাৰ দহোটা শিং, সাতোটা মূৰ আছিল৷ তাৰ শিঙত দহোটা কিৰীটি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল। সেই যি পশু মই দেখিলোঁ, সি নাহৰফুটুকী বাঘৰ নিচিনা আছিল৷ তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ৷ সেই ড্ৰেগনে নিজৰ শক্তি সেই পশুক দিলে, আৰু তাৰ নিজৰ সিংহাসন আৰু ক্ষমতা চলাবলৈ অধিকাৰো তাক দিলে৷

প্ৰকাশিত বাক্য 14:8

তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল পৰিল, পৰিল।”

প্ৰকাশিত বাক্য 16:19-20

তাতে মহা-নগৰ খন তিনি ভাগত বিভক্ত হ’ল আৰু অনা-ইহুদী সকলৰ নগৰবোৰ পৰিল; আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পান-পাত্ৰ সেই মহান বাবিলক দিবলৈ, ঈশ্বৰৰ দৃষ্টিতে তাক সোঁৱৰণ কৰা গ’ল। আৰু আটাই দ্বীপ নোহোৱা হ’ল, পৰ্বতবোৰো পুনৰ পোৱা নগ’ল।

প্ৰকাশিত বাক্য 17:1-2

পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ, তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”

প্ৰকাশিত বাক্য 17:9-13

ইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলা গৰাকী বহি আছে, সেই সাতোটা মুৰ হৈছে সাতোটা পৰ্বত; আৰু সেইবোৰেই সাত জন ৰজাও৷ তেওঁলোকৰ পাঁচ জন পতিত হ’ল, এজন বৰ্তমান আছে, আৰু আন জন এতিয়াও অহা নাই; কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব। আৰু যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি নিজেই অষ্টম ৰজা আৰু সেই শ্ৰেণীৰে সাত জনৰ এজন; সি বিনাশৰ ঠাইলৈ যাব। আৰু তুমি দেখা সেই দহোটা শিঙেই, দহ জন ৰজা; তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই; কিন্তু এক ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই কেইজনেও ৰাজ অধিকাৰ পাব। তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পশুক দিব।

প্ৰকাশিত বাক্য 17:14-18

তেওঁলোকে মেৰ-পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেৰ-পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী।” সেই দূত জনে মোক আকৌ ক’লে, “তুমি যি পানী দেখিলা, অৰ্থাৎ য’ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোক সকল। তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব। কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজা সকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ।

প্ৰকাশিত বাক্য 18:2-3

তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল। কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”

প্ৰকাশিত বাক্য 18:9-10

পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷ তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, “হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।”

প্ৰকাশিত বাক্য 18:21

পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।

প্ৰকাশিত বাক্য 19:15

তেওঁ জাতি সকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব; আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ পেৰাশাল তেৱেঁই গচকে।

প্ৰকাশিত বাক্য 19:16

তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷”

প্ৰকাশিত বাক্য 19:17-19

পাছত মই সুৰ্য্যত থিয় হোৱা এজন দূত দেখিলোঁ; তেওঁৰ মুৰৰ ওপৰত আকাশত উড়ি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক’লে, “আহা, তোমালোকে ঈশ্ৱৰৰ ভোজনৰ বাবে একলগ হোৱা৷ তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।” পাছত সেই পশু আৰু পৃথিৱীৰ ৰজা সকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠা জনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল৷

প্ৰকাশিত বাক্য 20:6

যি জনে এই প্ৰথম উত্থানৰ ভাগী হয়, তেওঁ ধন্য আৰু পবিত্ৰ লোক৷ তেওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই; তেওঁলোক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেৱেঁ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব।

প্ৰকাশিত বাক্য 20:11-13

তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।

প্ৰকাশিত বাক্য 21:5-6

পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।” পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।

প্ৰকাশিত বাক্য 22:1-5

পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী, তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে। তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷ তেওঁলোকে তেওঁৰ মুখ দেখা পাব; আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব। তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব।

Assamese - অসমীয়া - AS

ASIRV'19 - Assamese Indian Revised Version - 2019

This Bible text is from Assamese Indian Revised Version IRV 2019
https://open.bible/bibles/assamese-bridge-text-bible/
provided by: Bridge Connectivity Solutions Pvt Ltd, available by Creative Commons CC-BY-SA-4.0,
and this new compilation is shared as www.creativecommons.org/licenses/by-sa/4.0.
Languages are made available to you by www.ipedge.net