18 – মিছা শিক্ষক
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: মিছা শিক্ষক.
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: মিছা শিক্ষক.
অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব। অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব। তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
”আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
”কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
”ঈশ্বৰ যিহোৱাই নিৰ্ম্মাণ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?” নাৰীয়ে সৰ্পক ক’লে, “বাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ; কিন্তু বাৰীৰ মাজত থকা গছ জোপাৰ ফলৰ বিষয়ে হ’লে আমাক ঈশ্বৰে ক’লে, ‘তোমালোকে তাক নাখাবাও, নুচুবাও; তাকে কৰিলে তোমালোকৰ মৃত্যু হ’ব’।” তেতিয়া সৰ্পই নাৰীক ক’লে, “দৰাচলতে তোমালোকৰ মৃত্যু নহয়। কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।”
”তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা?” নাৰীয়ে ক’লে, “সৰ্পই মোক ছলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালো।” ঈশ্বৰ যিহোৱাই সৰ্পক ক’লে, “তোৰ এই কার্যৰ কাৰণে ভূমিৰ সকলো ঘৰচীয়া আৰু বনৰীয়া প্রাণীবোৰৰ মাজত কেৱল তোকে অভিশপ্ত কৰা হ’ল। তই পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধুলি খাবি। মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”
”সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ। কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও।
”তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা। তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
”তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।
”তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা। তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
”ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
”আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
”এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
”আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল। ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
”এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব। আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব।
”আপোনালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু আপোনালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিব, তাৰ বাবে আপোনালোক নিজৰ বিষয়ে সাৱধান হ’ব;
”মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।
”যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়, আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,” তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
”কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
”“কোনো কথাত আপোনালোকে হয়তো মনতে ভাৱিব পাৰে, ‘এই বার্তা যিহোৱাই কৈছে নে নাই, তাক আমি কেনেকৈ জানিম?’ কোনো ভাববাদীয়ে যদি যিহোৱাৰ নামেৰে কথা ক’য় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে, সেই কথা যিহোৱাই কোৱা নাই; সেই ভাৱবাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।”
”কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
”তেতিয়া এক আত্মাই ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক উত্তেজিত কৰাম।’ তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’ এই হেতুকে চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসকলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথাও ক’লে।”
”তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’ এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে।
”তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল; কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
”কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
”কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।
”যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা; যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।
”মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই। সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে। সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম, সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।
”এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই; যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই। তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
”অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
”তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।
”কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে? কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।
”তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা; তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]। হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা। কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)
”তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।
”তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
”ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।
”তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
”মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
”যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
”“হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? হে নিন্দকসকল কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হবা? আৰু হে অজ্ঞানীসকল কিমান দিন জ্ঞানক ঘিণ কৰিবা? মোৰ অনুযোগলৈ মনোযোগ দিয়া; মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, মই মোৰ কথা তোমালোকক জানিবলৈ দিম।
”তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব। তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
”তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা, আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা।
”তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা। তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব। সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”
”যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক। গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত, বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি, মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
”যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়। তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব। জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
”যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
”সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।
”মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।
”বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়। নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়; কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়। অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
”সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে; কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
”নিন্দক লোকে অনুযোগত বিৰক্তি পায়; তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।
”যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে।
”মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
”মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।
”নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
”কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা; আৰু তোমাৰ মুখেৰে প্ৰতাৰণা নকৰিবা।
”লুকুৱাই ৰখা প্ৰেমতকৈ, প্ৰকাশিত অনুযোগ ভাল। বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়; কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে।
”যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়।
”ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়। তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
”সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।
”হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।” হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তান সকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে। তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
”বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
”যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব। যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
”তোমালোকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত। তেঁৱেই পবিত্ৰ স্থান হ’ব, কিন্তু তেওঁ এটা ক্ষুদ্র পদক্ষেপ দিয়া শিল আৰু উজুটি খোৱা শিল হ’ব, যিৰূচালেম নিবাসী লোকৰ বাবে ইস্রায়েলৰ দুয়োটা বংশ ফান্দ আৰু জালৰ দৰে হ’ব।
”সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
”তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা! তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম। মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’ তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল। তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
”মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।
”কিন্তু দ্ৰাক্ষাৰসেৰে ভ্ৰান্ত, আৰু সুৰাপানেৰে বিপথগামী হৈছে; পুৰোহিত আৰু ভাববাদী সুৰাপানেৰে ভ্ৰান্ত হৈছে, আৰু তেওঁলোক দ্ৰাক্ষাৰসেৰে নষ্ট হৈছে, সুৰাপানেৰে বিপথগামী হৈছে, আৰু দৰ্শনত ভ্ৰান্ত হৈছে আৰু বিচাৰত বিচলিত হৈছে।
”যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
”তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা! কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয় নে? “তেওঁ মোক নিৰ্ম্মাণ কৰা নাই,” এই বুলি নিৰ্ম্মিত বস্তুৱে নিৰ্ম্মণকৰ্ত্তাৰ বিষয়ে ক’ব পাৰে নে? “তেওঁ বুজা নাই,” গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক’ব পাৰে নে?
”ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰা সকলে জ্ঞান শিকিব।”
”কিয়নো এওঁলোক বিদ্ৰোহী, আৰু মিছলীয়া সন্তান, এওঁলোক যিহোৱাৰ শিক্ষা নুশুনা সন্তান।
”তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খুচামোদি বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা। গতিপথৰ পাৰ ঘূৰি আহাঁ, পথৰ পৰা ঘূৰি আহাঁ; ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা।” এই হেতুকে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই কৈছে, “তোমালোকে এই বাক্য হেয়জ্ঞান কৰিছা, আৰু উপদ্ৰৱ আৰু বিপৰীত আচৰণত বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভয় কৰিছা; সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ত্ততে হ’ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফিত অংশ পৰিবলৈ প্রস্তুত হোৱাৰ দৰে, এই পাপ তোমালোকলৈ হ’ব।”
”যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।
”তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়। সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা মেৰ-ছাগ ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
”তোমালোকে কাক আনন্দেৰে উপহাস কৰিছা? কাৰ বিৰুদ্ধে মুখ মেলিছা আৰু জিভা উলিয়াইছা? তোমালোক বিদ্রোহী আৰু প্রৱঞ্চকৰ সন্তান নোহোৱানে?
”কিয়নো এয়েই যিহোৱাৰ ঘোষণা, কাৰণ ইস্ৰায়েল বংশ আৰু যিহূদা বংশই মোৰ অহিতে অতিশয় বিশ্বাসঘাতকতা কৰিলে। তেওঁলোকে মোক অস্বীকাৰ কৰিলে। আৰু ক’লে, ‘এওঁ আচল নহয়। আমালৈ অমঙ্গল নঘটিব, আমি তৰোৱাল কি আকাল নেদেখিম। ভাববাদীসকল বায়ুস্বৰূপ হ’ল, তেওঁলোকৰ মাজত যিহোৱাৰ বাক্য ঘোষণা কৰিবলৈ কোনো নাই। তেওঁলোকৰ আশংকা তেওঁলোকতেই হওঁক’।”
”দেশৰ মাজত এক আচৰিত আৰু নোম শিয়ৰি উঠা ঘটনাবোৰ ঘটিছে। ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
”কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত, আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে। যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
”আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়। তোমাৰ বসতিৰ ঠাই ছলৰ মাজত আছে; যিহোৱাই কৈছে, তেওঁলোকে ছলৰ কাৰণে মোক জানিবলৈ অমান্তি হয়।
”তেওঁলোকৰ জিভা প্ৰাণনাশক বাণস্বৰূপ, সেয়ে ছলৰ কথা কয়; তেওঁলোক প্ৰতিজনে মুখেৰে ওচৰ-চুবুৰীয়াৰ লগত শান্তিৰ কথা কয়, কিন্তু অন্তৰত তাৰ বাবে খাপ দি থাকে।
”তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে। এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।
”যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ শাপগ্ৰস্ত; তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়।
”মন সকলোতকৈ কপটময়। তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে? মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।
”ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
”কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ। এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
”মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।” এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
”বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’ মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
”যিহোৱাই কাৰ্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব। তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা। মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
”‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ। মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব? তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে। সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি? যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
”যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ। যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
”যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম। তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে?’ বা ‘যিহোৱাই কি ক’লে?’ “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।
”কিন্তু “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,’ আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম। আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”
”কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’ কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে।
”‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে। কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে। পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
”কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা। কিয়নো তেওঁলোকে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰে; যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই।
”মোৰ প্ৰজাবিলাক হেৰোৱা মেৰ-ছাগ স্বৰূপ হ’ল; তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্ব্বতবোৰত তেওঁবিলাকৰ বাট হেৰুৱালে; তেওঁবিলাক এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈ গ’ল, তেওঁবিলাকে নিজৰ শোৱা ঠাই পাহৰিলে।
”‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম। কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম। আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”
”কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব।
”পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, “হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীসকলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতা সকলক কোৱা, ‘তোমালোকে যিহোৱাৰ বাক্য শুনা! প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব!
”হে ইস্ৰায়েল, তোমাৰ ভাববাদীসকল উচ্ছন্ন ঠাইৰ শিয়ালৰ নিচিনা। যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে দেৱালৰ ভঙা বাটত উঠা নাই বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে দেৱাল নিৰ্ম্মাণ কৰা নাই; যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে। তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? “তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা?”
”এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে অনৰ্থক বাক্য কৈছা আৰু মিছা দৰ্শন পাইছা; চোৱা, মই তোমালোকৰ বিপক্ষ - এই কাৰণে, প্ৰভু যিহোৱাই এইদৰে কৈছে।
”“মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীসকলৰ বিপক্ষ হ’ব। তেওঁলোক মোৰ প্ৰজাসকলৰ সভাত নাথাকিব বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত তেওঁলোকৰ নাম লিখা নহ’ব; তেওঁলোক কোনোমতে ইস্ৰায়েল দেশত সোমাব নোৱাৰিব। কাৰণ মই যে প্ৰভু যিহোৱা, এই বিষয়ে তোমালোকে জানিবা! শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে। এই হেতুকে চূণেৰে লিপি থকা লোকসকলক তুমি কোৱা: ‘এইবোৰ পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; এইবোৰ পৰিবলৈ মই বৃষ্টিৰ মহাশিল আৰু ভাঙিবলৈ মহা বতাহ পঠিয়াম। চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?” এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই মোৰ ক্ৰোধত মহা বতাহেৰে তাক ভাঙিম, প্লাবন কৰোঁতা মহাবৃষ্টি মোৰ কোপত আহিব, আৰু মোৰ ক্ৰোধত নষ্ট কৰিবলৈ মহাশিলাবৃষ্টি হ’ব! এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ইয়াৰ ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম। গতিকে সেয়ে পৰিব আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা। তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা! মোৰ ক্ৰোধেৰে দেৱালৰ ওপৰত আৰু চূণেৰে লিপাবোৰ নিৰ্মূল কৰিম, মই এইদৰে সিদ্ধ কৰিম আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো, অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’
”আৰু হে মনুষ্য সন্তান, তোমাৰ জাতিৰ যি জীয়াৰীবোৰে নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰে, তেওঁলোকৰ অহিতে তুমি মুখ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
”মই দুখ নিদিয়া ধাৰ্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে, তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!”
”যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।
”এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, এই কাৰণে চোৱা, মই বিদেশীসকলক তোমাৰ বিৰুদ্ধে আনিম, যি সকল আন জাতিবোৰৰ মাজৰ ভয়ানক মানুহ! তেওঁলোকে তোমাৰ জ্ঞান-কান্তিৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল উলিয়াব আৰু তোমাৰ উজ্জ্বলতা অশুচি কৰিব!
”তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে! তেতিয়া যদি সেই লোকসকলে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁলোকক বধ কৰে, তেনেহ’লে তেওঁলোকৰ ৰক্তপাতৰ দোষ প্রতিজনৰ নিজৰ মূৰতে পৰিব। যদি কোনো এজন লোকে তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ’লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব। কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু লোকসকলক সতৰ্ক হ’বলৈ সুযোগ নিদিয়ে, আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকৰ প্রাণ লৈ, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণেই হ’ব, কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।’
”এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা। যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম! কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
”পুনৰায় যেতিয়া মই দুষ্টক কওঁ, “তুমি অৱশ্যে মৰিবা!” তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে- যদি তেওঁ বন্ধক ওলোটাই দিয়ে, বা চুৰ কৰা বস্তু পুনৰায় ঘূৰাই দিয়ে, আৰু কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চ’লে, তেন্তে তেওঁ নিশ্চয়ে জীয়াই থাকিব; তেওঁ নমৰিব।
”তথাপি তোমাৰ জাতিৰ সন্তান সকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়! যেতিয়া ধাৰ্মিক জনে নিজ ধাৰ্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব। আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব! তথাপি তোমালোকে কোৱা, “প্ৰভুৰ পথ ন্যায় নহয়!” হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ প্রতিজনৰ বিচাৰ কৰিম’!”
”“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে? তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা। তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা। তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”
”প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা: “প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”
”আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম!
”এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম, তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা! এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম!
”আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
”জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।
”মোৰ লোকসকলে এডোখৰ কাঠৰ মূর্তিৰ ওচৰত পৰামর্শ বিচাৰে, তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নির্দেশনা দিয়ে, কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকক বিপথে লৈ গৈছে। তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে।
”ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব। দৰ্শকসকলক লাজত পেলোৱা হ’ব, আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;”
”তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
”তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ: প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা। তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে।
”কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
”হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।
”বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম। তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ’লে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ক’ব, ‘তই জীয়াই নাথাকিবি, কিয়নো তই যিহোৱাৰ নাম লৈ মিছা কথা কৱ!’ আৰু সি প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক খুচি মাৰিব। তেতিয়া এনে ঘটিব যে, সেই দিনা প্রত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ’ব আৰু তেওঁলোকে ছল কৰিবৰ অৰ্থে নোমাল হোলৌচোলা পুনৰ নিপিন্ধিব। কিয়নো তেওঁ ক’ব, “মই ভাববাদী নহয়! মই কেৱল খেতিয়কহে; কিয়নো ল’ৰা কালৰে পৰা মই খেতি কৰি আহিছোঁ।
”এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক। কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে। “সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলোঁ; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।”
”ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ। যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
”নাভাবিবা যে মই বিধান বা ভাববাদী সকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছোঁ, কিন্তু সিদ্ধ কৰিবলৈহে আহিলোঁ। কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব। এই হেতুকে যি কোনোৱে এই আজ্ঞাবোৰৰ মাজৰ সৰু এটিও উলঙ্ঘন কৰে আৰু আন লোকক সেইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি গণ্য হব; কিন্তু যি কোনোৱে সেইবোৰ পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি গণ্য হ’ব।
”তুমি নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা? তোমাৰ নিজৰ চকুত এডাল চতি লাগি থাকোতেই, তোমাৰ ভাইক “আহা, তোমাৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ দিয়া” এই কথা কেনেকৈ কব পাৰা? হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি ডাল উলিয়াই পেলোৱা, তেতিয়াহে তোমাৰ ভাইৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ ভালকৈ দেখিবা। কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।
”ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক। কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।
”ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
”যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়। এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।
”যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব। সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।
”মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা ক’লে, তেওঁক ক্ষমা কৰা হ’ব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা ক’লে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব।
”সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও। এইদৰে যিচয়া ভাৱবাদীয়ে কোৱা এই ভাৱবাণী তেওঁলোকলৈ পূর্ণ হৈছে, ‘তোমালোকে শুনোতে শুনিবা, কিন্তু কোনোমতে নুবুজিবা; দেখোতে দেখিবা, কিন্তু কোনোমতে নাজানিবা;
”“এতিয়া তোমালোকে সেই কঠিয়া সিঁচা খেতিয়কৰ দৃষ্টান্তৰ অর্থ শুনা। যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট-আত্মাই অৰ্থাৎ চয়তানে আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ। শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যি জনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে। কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে। কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তাতে তেওঁ বিফল হয়। ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”
”যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?”
”“এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে; তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে। কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।”
”যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব। তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
”মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।” তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
”কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
”কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা। কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়। যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
”যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
”তেতিয়া যীচুৱে লোক সকলক আৰু তেওঁৰ শিষ্য সকলক ক’লে, তেওঁ ক’লে “বিধানৰ অধ্যাপক আৰু ফৰীচী সকল মোচিৰ আসনত বহি আছে৷ এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে যি দৰে কয়, সেইদৰে নকৰে। হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে। তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷
”ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন, হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’ সম্বোধন কৰিলে তেওঁলোকে ভালপায়। কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’ বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই। পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ। আৰু তোমালোকে আচাৰ্য্য বুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য। কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব। যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।
”কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে। হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! আপোনালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰে আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, এই হেতুকে আপোনালোকে অধিক দণ্ড পাব। হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে এজনক ইহুদী ধৰ্ম দিবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰে।
”হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল। হে অন্ধ পথদৰ্শক সকল, আপোনালোকে পোক এটাকে ছেকি পেলাই, কিন্তু উটকে গিলি খায়! হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰে, কিন্তু ভিতৰফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ। হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব। হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফাল দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷ সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে।
”হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল। আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছে, আৰু ধাৰ্মিক সকলৰ মৈদাম শোভিত কৰিছে৷ আপোনালোকে কয় যে, ‘আমাৰ পূৰ্ব-পুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সঙ্গী নহলোহেঁতেন’। এইদৰে, আপোনালোক যে ভাববাদী সকলক বধ কৰোঁতা সকলৰ সন্তান, এই বিষয়ে আপোনালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা। এই হেতুকে চোৱা, আপোনালোকেও নিজৰ পূৰ্বপুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰক। হে সৰ্পগণ, কালসৰ্পৰ বংশ, আপোনালোকে নো কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব? এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্রুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব। তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
”তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা। কিয়নো অনেকে মোৰ নামেৰে আহি, ‘মই খ্ৰীষ্ট’ বুলি অনেকক ভুলাব।
”তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব। বহুতো মিছা-কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷ কাৰণ অধৰ্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব।
”কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব। চোৱা, এই কথা মই আগেয়ে তোমালোকক কলোঁ।
”আকাশ আৰু পৃথিৱী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহ’ব।
”তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল। এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা; মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।
”সেই খেতিয়কে বাক্য সিচেঁ। য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে; সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে, কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়। আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত, সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়। আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
”তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল - ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে। তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’
”আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে”। তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।
”কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷ সেয়েহে তোমালোক সাৱধান হোৱা! কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে কলোঁ।
”আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।
”যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।”
”যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।
”পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, এজন অন্ধই জানো আন এজন অন্ধক বাট দেখুৱাই নিব পাৰে? দুয়ো খাৱৈত নপৰিব নে? গুৰুতকৈ শিষ্য উর্দ্ধত নহয়; কিন্তু শিক্ষা সম্পূর্ণ হলে প্রতিজন শিষ্য নিজৰ গুৰুৰ দৰে হৈ উঠে।
”দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য। বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷। আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে। আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত,এওঁলোকৰ একো ফল সিদ্ধ নহয়। কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে।
”কিয়নো যি প্ৰকাশিত নহ’ব, এনে কোনো লুকুৱাই থোৱা বস্তু নাই; আৰু যিহক জনা নহ’ব, আৰু যি অপ্ৰকাশিত হৈ থাকিব, এনে কোনো গুপুত বস্তু নাই। এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব; কিয়নো যিয়ে শুনিছে, তেখেতক পুণৰ দিয়া হ’ব; কিন্তু যিয়ে শুনা নাই, তেখেতে যি আছে বুলি নিজে ভাবে, সেয়াও তেখেতৰ পৰা নিয়া হ’ব।”
”কিন্তু বিধানৰ এক বিন্দু লুপ্ত হোৱাতকৈ আকাশ আৰু পৃথিৱী লুপ্ত হোৱা সহজ৷
”তাতে যীচুৱে ক’লে, “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা। কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।
”স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।
”কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল। মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।
”তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল। কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
”কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে। ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
”যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।” যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
”মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে? লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
”উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”
”ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
”যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য; আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
”আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই। চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
”যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷”
”যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।” কেইজনমান ফৰীচীও যীচুৰ লগত আছিল। তেওঁলোকে ইয়াকে শুনি যীচুক সুধিলে, “আমিও অন্ধ নেকি?” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অন্ধ হ’য়, তেনেহলে আপোনালোকৰ কোনো পাপেই নহ’লহেঁতেন; কিন্তু তোমালোকে এতিয়া কৈছা, ‘আমি দেখিছোঁ;’ গতিকে তোমালোকৰ পাপ থাকি গ’ল।
”যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেৰৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত। যি জনে দুৱাৰেদি সোমায়, তেওঁ মেৰৰখীয়া। দ্বাৰ-ৰক্ষকে মেৰৰখীয়াক দুৱাৰ মেলি দিয়ে। মেৰবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ মেষবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। নিজৰ সকলো মেষক বাহিৰ কৰাৰ পাছত তেওঁ মেৰবোৰৰ আগে আগে যায় আৰু মেষবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়। সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
”কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে মেৰৰখীয়া নহয় আৰু মেৰবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, মেৰবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে। এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেৰবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
”সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে; যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল, “হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?” কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল, “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
”যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
”যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
”তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
”সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
”কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।
”কিন্তু পিতৃৰ পৰা ওলোৱা সেই সহায়কর্তা আহিব, সেই অগ্রসৰ হোৱা সত্যৰ আত্মাক মই যেতিয়া তোমালোকলৈ পঠাম, তেতিয়া তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব।
”কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
”তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।
”তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা? সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
”হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।
”আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
”মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব; আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ। এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
”এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ’বলৈআৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ ক্ষমতাৰ অধীনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, তাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ৷’”
”যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়;
”কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে; কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
”নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল;
”তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।
”কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব;
”কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হ’লেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, “তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ’বা, আৰু সকলো বিচাৰত জয়ী হ’বা।”
”বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷ সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই। সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে৷
”এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম।
”মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,
”ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়। কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল। কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷
”এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
”এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”
”যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
”হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷ কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
”সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল। ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে। কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ। কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ। কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।
”হে প্রিয় ভাই আৰু ভনী সকল, যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্রচাৰ কৰিছিলোঁ, তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ। কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম। মই আপোনালোকৰ ওচৰত দূৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলোঁ। তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল, সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয়।
”তথাপি যি সকল লোক পৰিপক্ক, সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ; সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয়; কিন্তু আমি নিগূঢ়-তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল। এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল। কিয়নো, জনা হ’লে, তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্রুচত নিদিলেহেঁতেন;
”কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে, আন কোনেও নাজানে। আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ বুজি পাওঁ। আমি সেই দানবোৰৰ বিষয়ে কওঁতে, মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ।
”কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা। তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে। কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয়। কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে; তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়। “কিয়নো, প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে?” কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে।
”কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল।
”কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক। কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, ‘তেওঁ জ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’। পুনৰায়, “জ্ঞানী সকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।”
”তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷
”তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ।
”কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
”কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ। কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
”এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব। কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক। কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে। এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল। কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন। কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।
”তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবো। হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক। বিধান-শাস্ত্ৰত লিখা আছে, “প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই, আৰু বিদেশী সকলৰ ওঁঠৰ দ্বাৰাই, মই এই লোকক কথা ক’ম; কিন্তু তাক কৰিলেও, তেওঁলোকে মোৰ কথা নুশুনিব।”
”কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত, তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক; কিয়নো কথা ক’বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেইদৰেই কয়। কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেনেহলে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়। নতুবা, ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে? বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিল নে? কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক। কিন্তু কোনোৱে যদি নাজানে, তেনেহলে তেওঁ নাজানক।
”হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে; আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
”আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে। ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
”কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
”কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে। কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে? কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।
”তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
”কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল। কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে। কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘুৰে, তেতিয়া সেই ওৰণি আতৰাই দিয়া হয়।
”কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ। কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়; ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে।
”কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷ আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ; আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ’লে, সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ।
”কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধূৰ্ত্ততাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাব আছে, সেই ভাব যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়৷ কিয়নো যি জন যীচুৰ কথা আমি ঘোষণা কৰোঁ, এনে আন কোনো যীচুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে বা আপোনালোকে যি আত্মা পোৱা নাই এনে অন্যবিধ আত্মাও যদি পোৱা নাইবা যি শুভবাৰ্তা আপোনালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰে, তেনেহলে আপোনালোকে সেয়া ভালকৈ সহন কৰক৷
”কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ। এই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে। এতেকে তাৰ দাস সকলেও ধাৰ্মিক দাস সকলৰ বেশ ধৰাটো বৰ মহৎ বিষয় নহয়; কিন্তু তেওঁলোকৰ শেষ, তেওঁলোকৰ নিজ কৰ্মৰ দ্ৱাৰাই হব৷
”আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
”খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো। আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
”কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক। আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
”মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ। ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়। কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
”গুপ্তচৰৰ দৰে পঠোৱা কেইজনমান ভণ্ড খ্রীষ্টিয়ান ভাইৰ কাৰণে এনে হ’ল। খ্ৰীষ্ট যীচুৰ বিশ্বাসী হিচাপে আমাৰ যি স্বাধীনতা আছে, তাত দোষ উলিয়াবলৈ তেওঁলোক গোপনে সোমাইছিল যাতে আমাক ইহুদী ৰীতি-নীতিৰ দাস কৰিব পাৰে। কিন্তু শুভবার্তাৰ সত্য যেন আপোনালোকৰ লগত থাকে, সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহ’লো।
”কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ; কাৰণ তেওঁ দোষ কৰিছিল। কিয়নো যাকোবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে, কৈফাই অনা-ইহুদী সকলৰ সৈতে খোৱা-বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱা লোক সকললৈ ভয় কৰি কৈফাই অনা-ইহুদী সকলৰ সঙ্গ এৰি নিজক পৃথকে ৰাখিছিল। অন্যান্য বিশ্বাসী ইহুদী সকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল। এনে কি বাৰ্ণব্বাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্রভাৱিত হৈছিল। কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”
”হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?
”হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷ আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক। কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
”যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক। আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
”তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ। কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম।
”এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ। কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।
”সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।
”আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
”অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
”কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক। কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল। ইয়াৰ দ্বাৰাই আপোনালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিব পাৰিব।
”আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক;
”কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।
”এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক। যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক: পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক।
”আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷ মই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে নিৰ্দোষী আৰু নিৰ্বিঘ্ন হওক৷
”কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
”কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।
”কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
”যদি আপোনালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিল, তেনেহলে কিয় জগতৰ বিশ্বাসত জীৱন-যাপন কৰি বশীভূত হৈ আছে: “সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবাও?” লোক সকলৰ বাবে এই আজ্ঞা আৰু শিক্ষা সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰেণেহে হৈছে৷ এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।
”ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে; আৰু যি নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰোঁৱা হৈ আছে, সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলে৷
”সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
”আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
”চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব; বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে। সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব। যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
”এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।
”ভাইসকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আপোনালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি এলেহুৱা হৈ অনিয়মত চলে আৰু আমাৰ পৰা আপোনালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰক।
”মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলোঁ, এতিয়াও সেই বিষয়ে কওঁ তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুণৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা ৷ কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্বাসৰ দ্ৱাৰা হয়৷ এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷ এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷ তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷
”তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু; তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷ এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সঁচা কথা কওঁ; মই মিছা নকওঁ৷
”মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক। শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ। কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল; আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণভাৱে ভুলাই অপৰাধত পেলালে;
”পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব, কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷
”এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷ কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা।
”তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা। তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা। মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা। যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল। এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব। তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।
”যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক। কিয়নো ধৰ্মশাস্ত্ৰত কৈছে “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।”
”পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা। আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা। ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।। কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
”কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷ তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ-বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়৷ সেইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷ মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে।
”হে তীমথিয়, তোমাক যি গতাই দিয়া হ’ল, তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা৷ তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা-বতৰা আৰু তর্ক-বিতর্কৰ মাজলৈ নাযাবা কোনো কোনোৱে সেই ধৰণৰ জ্ঞান প্রকট কৰি স্বীকাৰ কৰা বিশ্বাসৰ পথৰ পৰা এফলীয়া হৈ গ’ল৷ ঈশ্বৰৰ অনুগ্রহ তোমালোক সকলোৰে লগত থাকক।
”তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
”তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুনহবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা। কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷
”এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীতো আছে, তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে। তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
”কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷ প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ, বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।
”কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা, বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হব৷ তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা।
”কিয়নো তেওঁলোকৰ কিছুমান মানুহে, ছলেৰে পৰৰ ঘৰত সোমাই, নির্ব্বুদ্ধি তিৰোতা সকলক মোহিত কৰি বন্দীনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানা বিধ অভিলাষেৰে চালিত কৰিলে৷ এই তিৰোতা সকলে সদায় নতুন শিক্ষা পাবৰ বাবে চেষ্টা কৰে, কিন্তু সত্যৰ তত্ব-জ্ঞান পাবলৈ হলে কেতিয়াও সমর্থ নহয়৷
”যেনেকৈ যান্নি আৰু যামব্ৰিয়ে মোচিৰ বিৰোধীতা কৰিছিল, তেনেকৈ এই মিছা শিক্ষক সকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল৷ তেখেত সকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক৷। কিন্তু তেখেত সকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো সেই দুজনৰ দৰে, তেখেত সকলৰো মূর্খতা সকলোৰে আগত প্ৰকাশিত হব।
”আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব। কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে কিছুমান লোকক বিপথে লৈ যাব আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব।
”কিন্তু তুমি যি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, সেই শিক্ষাতে স্থিৰে থাকা, কিয়নো কোন ব্যক্তিৰ পৰা সেই শিক্ষা পালা, সেই বিষয়ে তুমি জানা। আৰু যি পবিত্ৰ বিধান-শাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্রাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা। সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক; যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷
”তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা। কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব। তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব।
”আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ’বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে। কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷ তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে। তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে “ক্ৰীতীৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।” এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা। ইহুদী সকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷ নিৰ্মল সকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিত আৰু অবিশ্বাসী সকলৰ বাবে একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত। ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।
”কিন্তু তুমি নিৰাময় শিক্ষাৰ সৈতে উপযুক্ত কথা ক’বা৷ বৃদ্ধ সকল যেন পৰিমিত ভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্যত নিৰাময় হয়৷
”সেইদৰে বৃদ্ধ মহিলা সকলেয়ো যেন সকলো সময়তে পবিত্ৰ লোক সকলৰ দৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়৷ যি যি উত্তম, সেই শিক্ষা তেওঁলোকে দিয়ক৷ ইয়াৰ দ্বাৰা যুৱতী সকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুস্হিৰ হয়, পতিক প্ৰেম কৰোঁতা আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত হয়, এইদৰে বিবেচক হবলৈ, নিৰ্দোষী, ঘৰ-ধৰোতা, সৎ স্বভাৱৰ, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷
”সেইদৰে যুৱক সকলকো সুবোধ হবলৈ উদগোৱা৷ নিজে সকলো বিষয়তে সৎ কর্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধ, ধীৰ আৰু অনিন্দনীয় হৈ নিৰাময় বাক্য প্ৰকাশ কৰিবা; তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব।
”দাস সকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষদায়ক হব লাগে, কিন্তু উত্তৰা-উত্তৰি নকৰি আৰু হাত লৰ নহৈ, বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, তাতে আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক৷
”কিন্তু মূঢ় বাদ-বিবাদ, বংশাৱলী বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক। দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেনেলোকক অগ্ৰাহ্য কৰিবা; তেনেধৰণৰ মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, সেই বিষয়ে তুমি জানা।
”এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ। কিয়নো যি বাক্য স্বর্গৰ দূত সকলৰ দ্বাৰাই কোৱা হৈছিল, সেই বাক্য সত্য বুলি প্রমাণিত হ’ল; পাপ-আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্রত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে। তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।
”ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়।
”ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, “এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?” যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে? ইয়াতে আমি দেখো যে, অবিশ্বাসৰ কাৰণেই তেওঁলোক সোমাব নোৱাৰিলে।
”কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা। সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।
”কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷ কিন্তু যি সকলে ঈশ্বৰৰ মঙ্গলবাক্যৰ আস্বাদ পালে, ভাবী যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে আৰু তাৰ পাছত ধৰ্ম ভ্ৰষ্ট হ’ল, তেওঁলোকক নতুনকৈ মন-পৰিৱর্তনৰ অর্থে পুণৰায় গঢ় দিয়া অসাধ্য; কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুণৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে।
”যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে; কেৱল সোধ-বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা, আৰু ঈশ্বৰৰ বিপক্ষ সকলক গ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব। যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে, নিৰ্দয়ভাবে মৰিব লগা হয়। তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব!
”পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়; বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা। কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে।
”আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ’ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ’ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷
”কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে। এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷ কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
”কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক। কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়; কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।
”হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব। কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
”সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়! সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়।
”এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল, আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
”“কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;
”ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷ যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।
”সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে। তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
”সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী, ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে; ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।
”অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব। অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব। তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
”কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ মন্দতাৰ পৰা হাত সাৰি অহাৰ পাছতো যেতিয়া সেই একেই পাপৰ জীৱনলৈ পুণৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হব। কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল।
”আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
”এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক, আপোনালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্তি পথত নাযাব, নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয়, এই কাৰণে সাৱধানে থাকক। আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
”আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই। সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ, তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷
”আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ। কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷ কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ। ‘মই তেওঁত থাকোঁ’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।
”যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ। আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷
”হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল। অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ; আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ আত্মা৷ এই বিষয়ে আপোনালোকে শুনিছে, এইবোৰ ইতিমধ্যে জগতত এতিয়া উপস্থিত হৈ আছে।
”এই আত্মাবোৰ জগতৰ; এই কাৰণে জগতৰ কথাহে কয় আৰু জগতৰ লোক সকলেও এইবোৰৰ কথা শুনে। আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।
”আৰু প্ৰেম এইটোৱে হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ৷ এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।
”কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি। আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
”যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে। যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব। যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
”মই মণ্ডলীলৈ কিছু কথা লিখিছিলো; কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী দিয়ত্ৰিফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে। এই কাৰণে মই যদি যাওঁ, তেতিয়া তেওঁ কৰা সকলো কর্ম মই তেওঁক সোঁৱৰাম, তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰ ভাবে অসৎ কথাবোৰ কয়; আৰু এই কর্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত, তেওঁলোকে নিজেও ভাই সকলক গ্ৰহণ নকৰে আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে।
”হে প্ৰিয় সকল, আমাৰ সকলোৰে পৰিত্রাণৰ বিষয়ে লিখিবলৈ মই প্রয়োজন বোধ কৰোঁতে, ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ ওপৰত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ দৃঢ় আহ্বান কৰি আপোনালোকলৈ লিখিলোঁ। কিয়নো কোনো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাল; তেওঁলোক যে দণ্ডৰ পাত্ৰ হ’ব, এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক। তেওঁলোকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক, অৰ্থাৎ যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।
”তোমাৰ কৰ্ম, পৰিশ্ৰম আৰু ধৈৰ্য মই জানো, যে, তুমি দুষ্ট সকলক সহিব নোৱাৰা; যি সকলে নিজকে পাঁচনি বোলে, কিন্তু পাঁচনি নহয়, তেওঁলোকক পৰীক্ষা কৰি অসত্য পালা৷
”“মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)।
”কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে - তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্ৰায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল। একেদৰে তুমিও কিছুমান লোকক ৰাখিছা, যি সকলে নীকলাইতীয়া সকলৰ শিক্ষাক নিবিড় ভাবে ধৰি ৰাখিছে। এতেকে মন-পালটন কৰা, যদি নকৰা; মই তোমাৰ ওচৰত আহিবলৈ পলম নকৰিম আৰু তোমালোকৰ বিৰুদ্ধে মই মুখৰ পৰা ওলোৱা তৰোৱালেৰে যুদ্ধ কৰিম।
”তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাববাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে।
”মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ। কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।
”যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।
”সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল। তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ: “এতিয়া পৰিত্রাণ, শক্তি - আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল৷ কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ’ল। তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
”পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ, “হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷
”চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ দৰা আৰু কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।
”তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।
”তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প; যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷ তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব।
”আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।
”কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”
”আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷
”কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।
”এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ: কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনৰ ওপৰত যোগ কৰিব; আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব।
”