12 – যৌন অনৈতিকতা
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: যৌন অনৈতিকতা.
এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: যৌন অনৈতিকতা.
কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
”আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷
”সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
”সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
”তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে; সেইবাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।” তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল। অব্ৰাহামে যিহোৱাৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, “আপুনি দুষ্টৰ লগত ধাৰ্মিককো বিনষ্ট কৰিব নে? সেই নগৰৰ মাজত যদি পঞ্চাশজন ধাৰ্মিক লোক আছে, সেই পঞ্চাশ জনৰ কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিব নে? ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?” তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।” অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ; যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।” অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।” তেতিয়া অব্রাহামে ক’লে, “মোৰ প্ৰভুৱে যেন ক্ৰোধ নকৰে, মই পুনৰ কওঁ যদি তাত ত্ৰিশজনকো পোৱা যায়?” তেওঁ ক’লে, “মই যদি তাত ত্ৰিশজনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ।” অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।” অৱশেষত অব্রাহামে ক’লে, “প্ৰভুৱে যেন মোক ক্ৰোধ নকৰে; মই কেৱল আৰু এবাৰহে মাথেন কওঁ, তাত যদি দহজনকো পোৱা যায়?” তেতিয়া তেওঁ ক’লে, “সেই দহজনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ।”
”সেইদিনা সন্ধিয়া দুজন দূত চদোম নগৰলৈ আহিল। লোট তেতিয়া চদোম নগৰৰ প্রৱেশ দুৱাৰত বহি আছিল। তেওঁলোকক দেখা পাই লোটে উঠি সাক্ষাৎ কৰিবলৈ গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে। তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।” কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে। কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি। তেওঁলোকে লোটক মাতি ক’লে, “আজি ৰাতি যি কেইজন লোক তোমাৰ ইয়াত সোমাল, তেওঁলোক ক’ত আছে? তেওঁলোকক আমাৰ ওচৰলৈ উলিয়াই আনা; আমি সিহঁতৰ পৰিচয় লওঁ।” তেতিয়া লোটে দুৱাৰৰ বাহিৰত ওলাই গৈ দুৱাৰখন জপাই ক’লে, “হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব; চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।” তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল। তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে; তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।
”তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা। কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।” তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে। তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।” লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে। সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”
”তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
”কিন্তু পাছত গৈ থকা লোটৰ ভার্য্যাই পাছফালে উভটি চালে, তাতে তেওঁ লোণৰ এটা স্তম্ভ হৈ গ’ল।
”কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
”তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে।
”এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।
”তেওঁলোকে হমোৰ আৰু চিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দীনাক উলিয়াই আনিলে। ভনীয়েকক ভ্রষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে।
”তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?”
”তেতিয়া যিহূদাই তাইক দেখি বেশ্যা বুলি জানিলে; কিয়নো তাই নিজ মুখ ঢাকি ৰাখিছিল। তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ, তাইক নিজ পো-বোৱাৰীয়েক বুলি নেজানি তাইক ক’লে, “আহাঁ, মই তোমাৰ লগত শয়ন কৰোঁ।” তাতে তামাৰে ক’লে, “মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব?” তেওঁ ক’লে, “মোৰ জাকৰ পৰা এটা ছাগলী পোৱালি পঠাই দিম।” তাতে তাই ক’লে, “তাক পঠাই নিদিয়েমানে মোৰ ইয়াত কিবা বন্ধক ৰাখি যাবনে?” যিহূদাই ক’লে, “কি বন্ধক ৰাখিম?” তাই ক’লে, “জৰীডালেৰে সৈতে আপোনাৰ মোহৰটো আৰু আপোনাৰ হাতত থকা লাখুটিডাল ৰাখক।” তেতিয়া তেওঁ তাইক সেইবোৰ দি তাইৰ লগত শয়ন কৰিলে; তাৰফলত তাই তেওঁৰ দ্বাৰা গৰ্ভৱতী হ’ল। পাছত তামাৰে উঠি গুচি গ’ল আৰু ওৰণি গুচাই নিজৰ বিধৱা-বস্ত্ৰ পিন্ধিলে। যিহূদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকোলাই নিবলৈ, তেওঁৰ বন্ধু অদুল্লমীয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে। তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, “ঐনয়িমৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল, তাই ক’ত?” তেওঁলোকে ক’লে, “ইয়াত কোনো দেৱদাসী নাই।” তেতিয়া তেওঁ যিহূদাৰ ওচৰলৈ উভটি গৈ ক’লে, “মই তাইক বিচাৰি নাপালোঁ। সেই ঠাইৰ মানুহেও ক’লে যে, ‘তাত কোনো দেৱদাসী নাই’।” যিহূদাই ক’লে, “তেন্তে সেই বন্ধকৰ বস্তুবোৰ তাইৰ লগতে থাকক, নহলে আমাক লাজত পেলাব; মইতো ছাগলী পোৱালি পঠায়েই দিছিলোঁ, কিন্তু তুমি তাইক বিচাৰি নাপালা।” ইয়াৰ তিনি মাহৰ পাছত যিহূদাই এই খবৰ পালে যে, “আপোনাৰ বোৱাৰী তামাৰে ব্যভিচাৰ কৰিছে; ব্যভিচাৰত তাই গৰ্ভৱতীও হ’ল।” তেতিয়া যিহূদাই ক’লে, “তাইক উলিয়াই আনি পুৰি পেলোৱা হওঁক।” পাছে তাইক যেতিয়া বাহিৰলৈ অনা হ’ল, তাই শহুৰেকলৈ এই বার্তা পঠালে, “মোৰ গর্ভত যিজনৰ সন্তান আছে, এইবোৰ তেওঁৰ বস্তু।” তাই আৰু ক’লে, “দয়া কৰি এই জৰীৰে সৈতে মোহৰ আৰু লাখুটি কাৰ, তাক এবাৰ পৰীক্ষা কৰি চাওঁক।” তেতিয়া যিহূদাই সেইবোৰ চিনি পাই ক’লে, “তাই মোৰ তুলনাত অধিক ধাৰ্মিক; কিয়নো মই তাইক মোৰ পুত্ৰ চেলাৰ সৈতে বিয়া নিদিলোঁ।” তাৰ পিছত যিহূদাই আৰু তাইৰ সৈতে পুনৰ শয়ন নকৰিলে।
”কিছুদিনৰ পাছতে, যোচেফৰ ওপৰত তেওঁৰ প্ৰভুৰ ভার্য্যাৰ দৃষ্টি পৰিল। তেওঁ যোচেফক ক’লে, “মোৰ লগত শয়ন কৰাহি।” কিন্তু তেওঁ সেই কথাত ৰাজী নহ’ল। তেওঁ নিজ প্ৰভুৰ ভার্য্যাক ক’লে, “চাওঁক, এই ঘৰত মই যি কৰোঁ, মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়; তেওঁ মোৰ হাতত তেওঁৰ সৰ্ব্বস্ব শোধাই দিলে। এই ঘৰত মোৰ ওপৰত আন কোনো নাই; তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ৰখা নাই; কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্যা; তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?” পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল। এদিনাখন নিজৰ কোনো কার্যৰ বাবে যোচেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল। পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ’ল।
”তাতে তাইৰ হাতত যোচেফে নিজৰ কাপোৰ এৰি থৈ বাহিৰলৈ পলাই যোৱা দেখি, তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ; মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।” যোচেফৰ প্রভু ঘৰলৈ নহা পর্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে। পাছত তাই পোটিফৰৰ ওচৰত এই কথা কবলৈ গৈ ক’লে, “তুমি যি ইব্ৰীয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল; কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।” যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল। সেয়ে, তেওঁ যোচেফক ধৰি নি যি ঠাইত ৰজাৰ বন্দীবোৰক ৰখা হয়, তেওঁক সেই কাৰাগাৰত আটক কৰি থলে; তাতে তেওঁ কাৰাগাৰতে থাকিল।
”কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা।
”তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”
”পশুৰ সৈতে যৌন সম্পৰ্ক কৰা লোকক অৱশ্যে প্ৰাণদণ্ড দিয়া হ’ব।
”তোমালোকে কোনেও উলঙ্গতা অনাবৃত কৰিবলৈ, নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা; মই যিহোৱা। তুমি নিজ পিতৃক, তোমাৰ মাতৃৰ উলঙ্গতাৰেই অনাবৃত নকৰিবা; তেওঁ তোমাৰ মাতৃ; তেওঁক লজ্জিত নকৰিবা। তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা। তোমাৰ বাই, ভনী, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্মাই হওঁক বা আন ঠাইতে জন্মা হওঁক, তেওঁলোকৰ উলঙ্গতা অনাবৃত নকৰিবা। তোমাৰ পো-নাতিয়েৰ বা জী-নাতিয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তেওঁলোকৰ উলঙ্গতা তোমাৰ নিজৰেই উলঙ্গতা। তোমাৰ পিতৃৰ ঔৰসত জন্মা তোমাৰ পিতৃৰ ভাৰ্য্যাৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ ভনী। তোমাৰ পিতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ পিতৃৰ ওচৰ সম্বন্ধীয়া। তোমাৰ মাতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয়া। তোমাৰ পিতৃৰ ককায়েক বা ভায়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তুমি তেওঁৰ ভাৰ্য্যাৰ ওচৰলৈ নাযাবা; তাই তোমাৰ বৰমা, বা খুৰী। তোমাৰ বোৱাৰীয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ পো’ৰ ভাৰ্য্যা। তাইৰ উলঙ্গতা অনাবৃত নকৰিবা। তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলঙ্গতা। কোনো মহিলা আৰু তাইৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ পো-নাতিয়েক বা জী-নাতিয়েকক বিয়া নকৰিবা। তেওঁলোক ওচৰ সম্বন্ধীয়া; এইয়ে লম্পটতা। নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।
”আৰু কোনো মহিলাৰ মাহেকীয়া অশৌচেৰে অশুচি হৈ থকা সময়ত, তাইৰ উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ ওচৰলৈ নাযাবা। আৰু তুমি নিজকে অশুচি কৰিবলৈ ওচৰ-চুবুৰিয়াৰ ভাৰ্য্যাৰ লগত সহবাস নকৰিবা। তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা। তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম। আৰু তুমি নিজকে অশুচি কৰিবলৈ, কোনো জন্তুত পতিত নহ’বা; আৰু কোনো মহিলাই নিজৰে সৈতে সংসৰ্গ কৰিবলৈ, কোনো জন্তুৰ আগত থিয় নহ’ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য।
”তুমি নিজ জীয়েৰাক বেশ্যা হ’বলৈ দি তাইক ভ্ৰষ্ট নকৰিবা; কিয়নো তেনে কৰিলে দেশ ব্যভিচাৰত পতিত হ’ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ’ব।
”যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব। যদি কোনো লোকে নিজ নিজ পো-বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ’ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব। আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব। কোনো লোকে যদি কোনো মহিলাক আৰু তাইৰ মাকক গ্ৰহণ কৰে, তেন্তে সেয়ে কুকৰ্ম; তোমালোকৰ মাজত যেন এনে কুকৰ্ম নহয়, এই কাৰণে তেওঁক আৰু তেওঁলোকক তিনিওটাকে জুইত পুৰি ভস্ম কৰা হ’ব। যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা। যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
”যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক, অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ে উভয়ৰ উলঙ্গতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়। তেওঁলোক নিজ জাতিৰ সন্তান সকলৰ সাক্ষাতে উচ্ছন্ন হ’ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব। যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব। তুমি নিজ মাতৃৰ বা পিতৃৰ বায়েক কি ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। কিয়নো ইয়াকে কৰিলে, নিজ ওচৰ-সম্বন্ধীয়াৰ উলঙ্গতা অনাবৃত কৰা হয়; তেওঁলোক দুয়ো নিজ নিজ অপৰাধৰ ফল ভোগ কৰিব। আৰু যদি কোনো মানুহে নিজ বৰ-মাক বা খুৰীয়েকেৰে সৈতে শয়ন কৰে, তেন্তে তেওঁ নিজ বৰ-বাপেকৰ বা দদায়েকৰ উলঙ্গতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব; তেওঁলোক নিঃসন্তান হৈ মৰিব। আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁলোক নিঃসন্তান হৈ থাকিব।
”পুৰোহিতে বেশ্যা বা ভ্ৰষ্টা মহিলা গ্ৰহণ নকৰিব আৰু স্বামীয়ে ত্যাগ কৰা মহিলা গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ। এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ‘ভক্ষ্য দ্ৰব্য’ উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ’ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা যি মই, মই পবিত্ৰ। কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়; তাইক জুইত পোৰা যাব।
”বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব।
”“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে; অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই,
”এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি।
”পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
”তোমালোকে ব্যভিচাৰ নকৰিবা।
”আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’
”পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক।
”কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালীজনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়, তেন্তে তেওঁলোকে ছোৱালীজনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব, আৰু নগৰৰ পুৰুষসকলে তাইক শিল দলিয়াই বধ কৰিব। কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকাৰ সময়ত ব্যভিচাৰ কৰি ইস্ৰায়েলীয়া সকলৰ মাজত ভীষণ ঘৃণণীয় কাম কৰিলে। এইদৰেই ইস্ৰায়েলীয়া সকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
”যদি আন কোনো লোকৰ ভার্যাৰ লগত কোনো পুৰুষে শয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলাগৰাকীৰ লগত শয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণ দণ্ড হ’ব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
”যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পাই তাইৰ লগত শয়ন কৰে, তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
”কিন্তু যদি কোনো বাগদত্তা ছোৱালীক পথাৰৰ নির্জন ঠাইত পাই, বলেৰে ধৰি কোনো পুৰুষে তাইৰ লগত শয়ন কৰে, তেন্তে যি পুৰুষে শয়ন কৰে, কেৱল তেওঁৰহে প্ৰাণদণ্ড হ’ব; কিন্তু ছোৱালীজনীক হ’লে আপোনালোকে একো নকৰিব। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই; কিয়নো, ই এজনে আন এজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়। পুৰুষজনে পথাৰতহে তাইক পালে, সেই বাগদত্তা ছোৱালীজনীয়ে যদিও চিঞঁৰ মাৰিছিল, কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
”বাগদত্তা নোহোৱা এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পাই বলেৰে ধৰি তাইৰ লগত শয়ন কৰে আৰু যদি তেওঁলোক ধৰা পৰে, তেন্তে তাইৰ লগত শয়ন কৰা পুৰুষে ছোৱালীজনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
”পুৰুষে বাপেকৰ কোনো ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।
”কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
”ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়। পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।
”যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
”যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
”যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
”যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
”এদিন চিমচোন গাজালৈ গৈছিল আৰু তাত এজনী বেশ্যা তিৰোতা দেখি তাইৰ ওচৰলৈ গ’ল।
”যি সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল, সেই সময়ত ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ শেষ ভাগত এজন লেবীয়া লোকে প্ৰবাস কৰিছিল; তেওঁ যিহূদাৰ বৈৎলেহেমত এজনী উপপত্নী ৰাখিছিল; পাছত তেওঁৰ সেই উপপত্নীয়ে তেওঁৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক এৰি যিহূদাৰ বৈৎলেহেমত থকা নিজৰ বাপেকৰ ঘৰলৈ গৈ তাতে চাৰি মাহমান থাকিল।
”এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।” তেতিয়া ঘৰৰ গৰাকীয়ে বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ ওচৰলৈ গৈ ক’লে, “হে মোৰ ভাইসকল, মই বিনয় কৰিছোঁ, তোমালোকে দুষ্কৰ্ম নকৰিবা! সেই পুৰুষ মোৰ ঘৰত অতিথিহৈ আহিছে, এই হেতুকে তেওঁলৈ এনে মুৰ্খতাৰ কৰ্ম নকৰিবা। চোৱা, ইয়াত মোৰ এজনী কুমাৰী জী আৰু তেওঁৰ উপপত্নী আছে; মই সিহঁতক বাহিৰ কৰি আনো, তোমালোকে সিহঁতৰে মন ভ্ৰষ্ট কৰা; সিহঁতলৈ তোমালোকৰ যি ইচ্ছা তাকে কৰা; কিন্তু সেই পুৰুষলৈ তোমালোকে মুৰ্খতাৰ কৰ্ম নকৰিবা।” তথাপি সিহঁতে প্ৰাপ্ত বয়স্ক জনৰ কথা শুনিবলৈ অসন্মত হ’ল; তেতিয়া সেই পুৰুষে তাৰ উপপত্নীক ধৰি সিহঁতৰ আগলৈ উলিয়াই দিলে; তাতে সিহঁতে তাইৰ পৰিচয় ল’লে আৰু গোটেই ৰাতি তাইক ধর্ষণ কৰিলে; পাছত ৰাতিপুৱা সিহঁতে তাইক এৰি গুচি গ’ল। পাছত তিৰোতাজনীয়ে নিজৰ গিৰীয়েকে আলহী হৈ থকা প্ৰাপ্ত বয়স্ক লোকজনৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ আহি পোহৰ নোহোৱালৈকে দুৱাৰমুখত পৰি থাকিল। পাছত ৰাতিপুৱা সেই তিৰোতাৰ গৰাকীয়ে যেতিয়া নিজ পথত যাবৰ বাবে ঘৰৰ দুৱাৰ-ডলি বাহিৰ হৈ আহিল, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ উপপত্নী হাত পেলাই পৰি আছে। তেওঁ তাইক ক’লে, “উঠি, আমি যাওঁ;” কিন্তু তাই একো উত্তৰ নিদিলে; পাছত সেই পুৰুষে গাধৰ ওপৰত তাইক তুলি লৈ যাত্ৰা কৰি নিজ ঠাইলৈ গ’ল। যেতিয়া তেওঁ নিজৰ ঘৰ পালে, তেওঁ এখন কটাৰী লৈ সেই উপপত্নীক ধৰি হাড়েৰে সৈতে বাৰডোখৰ কৰি কাটি, ইস্ৰায়েলৰ আটাই অঞ্চললৈ পঠিয়াই দিলে। যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে নিজৰ মাজতে ক’লে, “ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”
”আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।” এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।
”সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে।
”পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল। তেতিয়া কোনে এই মহিলা গৰাকীৰ বিষয়ে জানিব, তাৰ বুজ-বিচাৰ ল’বলৈ দায়ূদে মানুহ পঠিয়ালে৷ কোনো এজনে ক’লে, “তেওঁ ইলীয়ামৰ জীয়েক বৎচেবা আৰু হিত্তীয়া ঊৰিয়াৰ পত্নী জানো নহয়?” তেতিয়া দায়ূদে দূত পঠিয়াই তেওঁক অনোৱালে আৰু যেতিয়া তেওঁ দায়ূদৰ ওচৰলৈ আহিল, তেতিয়া দায়ূদে তেওঁৰ লগত শয়ন কৰিলে, কিয়নো সেই মহিলাই নিজ অশৌচৰ পৰা শুচি হৈছিল৷ তাৰ পাছত তাই নিজৰ ঘৰলৈ উভটি গ’ল। পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হোৱাত, তেওঁ মানুহ পঠিয়াই দায়ূদক এই বাতৰি দি ক’লে বোলে, “মই গৰ্ভৱতী হ’লো।”
”তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা। এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব। কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ’লে সকলো ইস্ৰায়েলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম’।”
”যেতিয়া তাই পিঠা লৈ তেওঁৰ ওচৰলৈ আনিলে, তেতিয়া অম্নোনে তাইক ধৰি ক’লে, “হে মোৰ ভনী, আহা মোৰ লগত শয়ন কৰা।” তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা! মই কলৈ গৈ মোৰ মুখ ঢাকিম? আৰু তুমিও ইস্ৰায়েলৰ মাজত এজন লজ্জাহীন মুৰ্খৰ নিচিনা হ’বা। এই হেতুকে এতিয়া মই বিনয় কৰোঁ, তুমি ৰজাৰ আগত জনোৱা কিয়নো তেওঁ মোক তোমালৈ বিয়া দিবলৈ অসন্মত নহ’ব।” কিন্তু অম্নোনে তাইৰ কথা শুনিবলৈ অসন্মত হ’ল আৰু নিজে তাইতকৈ বলী হোৱা হেতুকে, তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে।
”সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷ যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল। চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল। কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল। কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷ এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।
”সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
”তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে।
”তেওঁৰ পিতৃ আচাৰ ৰাজত্ৱৰ কালত যি নট লোকসকল অৱশিষ্ট আছিল, তেওঁ সেই লোকসকলক দেশৰ পৰা দূৰ কৰিলে।
”যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।
”মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?
”দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে। তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে।
”কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ। কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
”কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?
”অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে, তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা। বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে। কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে? কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে? সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
”যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
”প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা। মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ। আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ। সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল- সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত। আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
”তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে। তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল। যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল। আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া। তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা। তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি। তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ।
”যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
”ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
”কাৰণ বেশ্যা দ গাতৰ দৰে, আৰু অন্য লোকৰ ভাৰ্যা ঠেক নাদৰ দৰে। তেওঁ ডকাইতৰ দৰে খাপ দি থাকে, আৰু মনুষ্যসকলৰ মাজত বিশ্বাসঘাতকতৰ দল বৃদ্ধি কৰে।
”যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে; কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে।
”এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
”মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী, যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ। যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁ তাইৰ হাতৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।
”কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ।
”কিন্তু তন্ত্র-মন্ত্র কৰা লোকৰ পুত্রসকল, ব্যভিচাৰী আৰু যি মহিলাই নিজকে বেশ্যা কৰিলে, তেওঁলোকৰ সন্তান সকল ওচৰলৈ আহা।
”মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে। “চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা। সেইবাবেই বছৰৰ নিৰূপিত সময়ত হ’ব লগীয়া বৃষ্টি মই আটক কৰিলোঁ, যেতিয়া তোমালোকে ইয়াৰ প্রয়োজন বোধ কৰিছিলা। তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি, লজ্জিত হবলৈ অস্বীকাৰ কৰিলা।
”যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে। মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক’লোঁ, ‘মোলৈ ঘূৰি আহাঁ!’ কিন্তু তেওঁলোকে উলটি নাহিল। আৰু তেওঁলোকৰ বিশ্বাস-ঘাতকিনী যিহূদাই তাক দেখিলে। আৰু মই দেখিলোঁ, যে, বিপথদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলোঁ। মই তেওঁলোকক কি কৰিলোঁ, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰোঁ, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
”কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
”ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তান সকলে মোক ত্যাগ কৰি অনীশ্বৰবোৰৰ নামেৰে শপত খালে। মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁলোকে পৰস্ত্ৰীগমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল। তেওঁলোকে ৰাতিপুৱাতে উঠি, দানা খুউৱা মতা ঘোঁৰাৰ নিচিনাকৈ প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াৰ পত্নীলৈ ঢেকঢেকায়।
”তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য কৰা?
”চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কুকৰ্ম দেখিলোঁ, হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?
”মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
”কিয়নো তেওঁলোকে ইস্ৰায়েলৰ মাজত অজ্ঞানতাৰ কাৰ্য কৰিলে, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে।’ যিহোৱাই কৈছে: ‘ময়েই জানো, আৰু ময়েই সাক্ষী আছোঁ।’
”শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
”কিন্তু তুমি নিজ সৌন্দৰ্য্যত নির্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম কৰিলা; তাৰহে ভোগ হ’ল। আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ, তাৰে নিজৰ বাবে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও। মই তোমাক দিয়া মোৰ সোণ আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ কাৰণে তাৰে পুৰুষাকৃতিৰ মূৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম কৰিলা।
”“ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীসকললৈ, গ্ৰাস কৰিবৰ বাবে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্মবোৰ সামান্য বিষয় আছিল নে? যে তুমি মোৰ সন্তান সকলক বধ কৰিলা আৰু সেইবোৰৰ উদ্দেশ্যে তেওঁলোকক জুইৰ মাজেদি গমন কৰাই উৎসৰ্গ কৰিলা? তোমাৰ আটাই ঘিণলগীয়া কাৰ্যত আৰু বেশ্যাকৰ্মত তুমি আসক্ত থকাত, বিবস্ত্ৰা আৰু উলঙ্গিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰোৱা তোমাৰ সেই যৌৱন কালৰ দিন তুমি সোঁৱৰণ নকৰিলা।
”তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য্য ঘৃণাৰ বিষয় কৰিলা, প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা আৰু তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা। তোমাৰ ওচৰ-চুবুৰীয়া স্থুলকায় মিচৰীয়াসকলৰ লগতো তুমি বেশ্যাকৰ্ম কৰিলা; আৰু তুমি মোক বেজাৰ দিবলৈ তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা। এই হেতুকে চোৱা,মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ আৰু তোমাৰ বেশ্যা চাবৰ কাৰণে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াসকলৰ জীয়াৰীসকলৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ। তুমি তৃপ্ত নোহোৱাত অচূৰীয়াসকলে সৈতেও বেশ্যাকৰ্ম কৰিও তৃপ্ত নথ’লো। তুমি বাণিজ্যদেশ কলদীয়াসকললৈ তোমাৰ বেশ্যালি বঢ়ালা; তথাপি তুমি তাৰেও তৃপ্ত নথ’লো।
”প্ৰভু যিহোৱাই কৈছে, তোমাৰ অন্তৰ কেনে কামাতুৰ! কাৰণ তুমি স্বেচ্ছাচাৰিণী বেশ্যা স্ত্রীৰ দৰে এই আটাইবোৰ কাৰ্য কৰিছা; তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মাণ কৰিছা আৰু তুমি বেশ্যা কৰ্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা। তুমি ব্যভিচাৰিণী, তোমাৰ স্বামীৰ সলনি পৰক গ্ৰহণ কৰোঁতা ঘৈণী। আটাই বেশ্যাক লোকে ধন দিয়ে; কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া আৰু তোমাৰ লগত বেশ্যাকৰ্ম কৰিবলৈ, চাৰিওফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ কাৰণে তেওঁলোকক ভেটী দিয়া। বেশ্যাকৰ্ম কৰিবলৈ কোনেও তোমাৰ পাছে পাছে নাযায়, তোমাৰ বেশ্যাকৰ্মৰ এই কথাত আন স্ত্রীতকৈ তুমি বিপৰীত; তুমি বেচ দিয়া, কিন্তু তোমাক কোনেও বেচ নিদিয়ে, সেইবাবে তুমি বিপৰীত।
”এই হেতুকে হে বেশ্যা, যিহোৱাৰ বাক্য শুনা! প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি প্ৰচুৰ পৰিমাণে অশুচি কাৰ্য কৰাৰ বাবে আৰু তোমাৰ প্ৰেমকাৰীসকলৰ লগত কৰা তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পোৱা বাবে আৰু তোমাৰ ঘিণলগীয়া আটাই মূৰ্ত্তিবোৰৰ আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তান সকলৰ ৰক্তপাতৰ কাৰণে, চোৱা! তুমি যিসকলৰ সৈতে আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম। আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।
”এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা। তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তেতিয়া তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম। তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা! প্ৰভু যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম” - আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।
”ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে! তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে। কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ স্ত্রীৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে।
”যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, “হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক। তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল। তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম। কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী, নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল! সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে। কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল। এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ! তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে। তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল! অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল। আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে। তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে, তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়। যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে। তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল। এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে, তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল! তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল! সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল, যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য। তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল। কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ!
”এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম। তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব! তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব।
”এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।” যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা। কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে! তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে। কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে!
”তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা। আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা। আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে। তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’ পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে! কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে।
”এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব। তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
”হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
”তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, তোমালোকে বিবাদ কৰা; কিয়নো তাই মোৰ ভার্যা নহয়, আৰু মইও তাইৰ স্বামী নহয়। তাই নিজৰ চকুৰ চাৱনীৰ পৰা পতিতা আৰু তাইৰ স্তনৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক। সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম। মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান। তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে। কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”
”কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
”মোৰ লোকসকলে এডোখৰ কাঠৰ মূর্তিৰ ওচৰত পৰামর্শ বিচাৰে, তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নির্দেশনা দিয়ে, কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকক বিপথে লৈ গৈছে। তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে। তেওঁলোকে পর্বতৰ উচ্চ চূড়াবোৰত বলি উৎসর্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসর্গ কৰে, অলোন, লিবনি, আৰু এলা গছৰ তলত, য’ত আৰামদায়ক ছাঁ আছে, তাত ধূপ জ্বলায়। সেই কাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয়, আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে। তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব
”মই ইফ্ৰয়িমক জানো; ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; ইস্ৰায়েল অশুচি হ’ল। তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে, আৰু তেওঁলোকে যিহোৱাক নাজানে।
”হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা; তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা, মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।
”তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে, ল’ৰাক বিক্রী কৰি তাৰ সলনি বেশ্যা ল’লে, আৰু ছোৱালীক বিক্রী কৰি পান কৰিবৰ অভিপ্ৰায়েৰে দ্ৰাক্ষাৰস কিনিলে।
”এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।
”তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা। যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব। “কিয়নো মই ভাৰ্য্যা ত্যাগ ঘিণ কৰোঁ” ইয়াক ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে। বাহিনীগণৰ যিহোৱাই কৈছে, “যিজনে নিজৰ বস্ত্র অত্যাচাৰেৰে ঢাকে, তেওঁক মই ঘিণ কৰোঁ;” সেয়ে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওঁক, বিশ্বাস-ঘাতকতা নকৰিব।
”বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
”“তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’। কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
”কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।
”কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
”সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
”পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”।
”কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ, পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়। এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”
”তাতে তেওঁ তেওঁলোকক ক’লে, “যি মানুহে নিজৰ ভাৰ্যাক ত্যাগ কৰি আন এজনীক বিয়া কৰায়, তেওঁ তাইৰ বিৰুদ্ধে ব্যভিচাৰ কৰে৷ আৰু যদি তাই নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে বিয়া হয়, তেনেহলে তায়ো ব্যভিচাৰ কৰে।”
”তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
”যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে তেৱোঁ ব্যভিচাৰ কৰে৷
”তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
”তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ কৰ্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে। তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল। এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?” এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে। কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।” পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে। এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল। যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?” তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
”বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
”আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
”কিন্তু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
”এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে। তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন। এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে; সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে।
”তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷ তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ;
”আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
”এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷ নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।
”আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
”এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়। সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল। কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
”কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
”এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে। বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷ তেওঁ সেইটোৱে কৰিলে, যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়; সেয়েহে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলোঁ আহক৷ কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি, কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷ যি সকলে মাংসৰ বশত আছে, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে।
”এতেকে হে ভাই সকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ। কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহলে আপোনালোক জীৱ।
”এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
”কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”
”ৰঙ্গৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক। কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
”আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।
”মই মোৰ পত্রত লিখিছিলো যে, আপোনালোকে যেন ব্যভিচাৰী মানুহৰে সৈতে আলাপ-ব্যৱহাৰ নকৰে। কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হ’লে, আপোনালোক জগতৰে বাহিৰ হব লগা হব। মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব। কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে? কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। “আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।”
”যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়, যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব। আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।
”“পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
”আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক। যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”। কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়। ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
”এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল, সেই বিষয়ে উত্তৰ দিওঁ; এজন পুৰুষে বিয়া নকৰাই ভাল; কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক। শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক। ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে। আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
”কিন্তু ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল।
”তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়।
”তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক।
”এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক। যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
”কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।
”এই হেতুকে, হে প্ৰিয় ভাই আৰু ভনী সকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
”তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
”কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব। কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী। কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধীন নহয়। এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
”আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷
”আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
”আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।
”তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।
”আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত; আপোনালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা আপোনালোকৰ মাজত নহওক। আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকলক মূৰ্তিপূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।
”এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷
”কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে। আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে। ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে।
”কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।
”তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী, ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী,
”কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷
”কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা, বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হব৷ তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা। কিয়নো তেওঁলোকৰ কিছুমান মানুহে, ছলেৰে পৰৰ ঘৰত সোমাই, নির্ব্বুদ্ধি তিৰোতা সকলক মোহিত কৰি বন্দীনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানা বিধ অভিলাষেৰে চালিত কৰিলে৷
”আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু সৎ ভাবেৰে এই বর্তমান সংসাৰত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে।
”বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।
”সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
”যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে। কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়। তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
”আপোনালোকে বিচাৰে, আৰু বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্য ৰাখি বিচাৰে৷ আপোনালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰে৷ হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
”আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহব৷
”হে প্ৰিয় সকল, আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷
”এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷ এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীর্ঘ সময় জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷ যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
”স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে। ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল। চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে। কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল। সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল। গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে। এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু:সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে।
”সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।
”কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
”প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷
”কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।
”কিয়নো কোনো কোনো মানুহ গোপনে আপোনালোকৰ মাজত সোমাল; তেওঁলোক যে দণ্ডৰ পাত্ৰ হ’ব, এই বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁলোক ভক্তিহীন লোক। তেওঁলোকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত সলনি কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক, অৰ্থাৎ যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।
”আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে। এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে। তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে।
”কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে - তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্ৰায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।
”তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে - যি জনীয়ে নিজকে ভাববাদিনী বুলি কয়, সেই ঈজেবল মহিলাক তুমি সহন কৰি আছা। সেই মহিলাই মোৰ দাস সকলক ব্যভিচাৰ কৰিবলৈ শিকালে আৰু মূর্তিলৈ বলিদান কৰা প্রসাদ খাবলৈ দি ভুল পথে পৰিচালনা কৰিলে। মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে। চোৱা, মই তেওঁক ৰোগশয্যাত পেলাম; আৰু যি সকলে তেওঁৰে সৈতে ব্যভিচাৰ কৰে, তেওঁলোকক মহা-ক্লেশত পেলাম; যদিহে তেওঁলোকে সেই মহিলাই কৰা কর্মৰ পৰা মন-পালটন নকৰে।
”তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।
”তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল পৰিল, পৰিল।”
”পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ, তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”
”কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”
”পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷
”তেওঁৰ সকলো সোধ-বিচাৰ, সত্য আৰু ন্যায়; তেওঁ সেই মহা-বেশ্যাৰ বিচাৰ কৰিলে সেই বেশ্যাই নিজৰ বেশ্যা-কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল৷ যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাস সকলৰ ৰক্তপাতৰ প্ৰতিশোধ ল’লে, ৷”
”কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”
”