25 – ধন

এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: ধন.

শীৰ্ষ 3 টা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ

মথি 6:19-21

যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা; কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা। কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।

1 তীমথিয় 6:6-10

কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে। আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷ সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷ কিন্তু যি সকলে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়। ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।

মাৰ্ক 10:23-27

পাছত যীচুৱে চাৰিওফালে চাই শিষ্য সকলক ক’লে, “ধনী লোকে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য!” তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক’লে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য! ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু।” তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱা-কুই কৰি তেওঁক সুধিলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?” যীচুৱে তেওঁলোকৰ ফালে চাই ক’লে, “মানুহৰ বাবে অসাধ্য হয়; কিন্তু ঈশ্বৰৰ বাবে নহয়; কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য।”

কেনোনিকেল ক্ৰমৰ প্ৰতিটো শ্লোক – 384 পাঠাংশ

আদি 4:3-5

পাছত এটা সময়ত কয়িনে যিহোৱাৰ উদ্দেশ্যে তেওঁৰ ভূমিত উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে; হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে; কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল।

আদি 13:2

এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।

আদি 13:6

অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।

আদি 14:20

যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।

আদি 24:35

যিহোৱাই মোৰ প্ৰভুক অতিশয়ৰূপে আশীৰ্ব্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। যিহোৱাই তেওঁক মেৰ-ছাগ, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস-দাসী, উট, গাধ এই সকলো দিছে।

আদি 24:53

পাছত সেই দাসে সোণ, ৰূপৰ অলংকাৰ আৰু বস্ত্র উলিয়াই ৰিবেকাক দিলে, আৰু তেওঁৰ ককায়েক আৰু মাককো বহুমূলীয়া উপহাৰ দিলে।

আদি 26:12-14

সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল; আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল। আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।

আদি 28:22

তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”

আদি 41:49

এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে, তাক পাছত লেখিবলৈকে এৰিলে; কিয়নো সেয়ে অসংখ্য হৈছিল।

আদি 41:56-57

তেতিয়া গোটেই দেশতে আকাল হ’ল, যোচেফে সকলো ঠাইৰ ভঁৰালবোৰ খুলিলে আৰু মিচৰীয়াসকলৰ ওচৰত শস্য বেচিবলৈ ধৰিলে। সেই সময়ত মিচৰ দেশত ভয়ংকৰ আকাল হ’ল। সকলো দেশৰ মানুহবোৰে শস্য কিনিবৰ কাৰণে মিচৰ দেশত থকা যোচেফৰ ওচৰলৈ আহিল; কিয়নো গোটেই পৃথিৱীত ভীষণ আকাল হ’বলৈ ধৰিলে।

আদি 47:12

যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।

আদি 47:13-21

পাছত আকাল ইমান ভীষণ হ’ল যে, গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ’ল। আকালৰ কাৰণে মিচৰ আৰু কনান দেশ বিধ্বস্ত হৈ পৰিল। মিচৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্রী কৰি পোৱা যি ধন সেই দুই দেশত আছিল, যোচেফে তাক গোটাই ফৰৌণৰ ৰাজকাৰেঙলৈ আনিলে। যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?” যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।” তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আৰু গাধবোৰৰ সলনি তেওঁ তেওঁলোকক শস্য দিলে; এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে। সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই। মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।” তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল। ফৰৌণৰ দাস হ’বৰ কাৰণে যোচেফে লোকসকলক মিচৰ দেশৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত তুলি আনিলে।

যাত্ৰা 3:22

প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”

যাত্ৰা 16:4-5

তেতিয়া যিহোৱাই মোচিক ক’লে, “লোকসকলে মোৰ ব্যৱস্থা মানি চলিব নে নাই, তাৰ পৰীক্ষা কৰিবৰ অৰ্থে, ‘মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম’ আৰু লোকসকলে ওলাই গৈ প্রতি দিনৰ আহাৰ প্রতি দিনে গোটাব। তেওঁলোকে প্রতিদিনে যিমান আহাৰ গোটাইছিল প্রতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব, তাকে ৰান্ধিব।”

যাত্ৰা 16:19-20

তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব।” তথাপিও তেওঁলোকে মোচিৰ কথা নুশুনিলে। কিছুমানে ৰাতিপুৱালৈকে সেইবোৰৰ কিছু অৱশিষ্ট ৰাখি থলে; কিন্তু সেইবোৰত পোক জন্মিল, আৰু দুৰ্গন্ধময় হ’ল; তেতিয়া তেওঁলোকৰ ওপৰত মোচিৰ খং উঠিল।

যাত্ৰা 20:15

কাৰো পৰা চুৰ নকৰিবা।

যাত্ৰা 20:17

তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”

যাত্ৰা 20:23

তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।

যাত্ৰা 21:16

কোনোৱে যদি কোনো মানুহক অপহৰণ কৰি বিক্রী কৰে বা সেই মানুহক যদি অপহৰণকাৰীৰ হাতত পোৱা যায়, তেনেহ’লে তেওঁৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।

যাত্ৰা 22:7-8

কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থ’বলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব। কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমান কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব।

যাত্ৰা 22:25

তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহ’বা।

যাত্ৰা 25:2

“মনৰ ইচ্ছাৰে প্রভাৱিত হোৱা প্রতিজন ইস্ৰায়েলী লোকৰ পৰা মোৰ অৰ্থে দান গ্রহণ কৰিবলৈ ক’বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্রহণ কৰিবা।

যাত্ৰা 35:5

যিহোৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল;

যাত্ৰা 35:22

পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে।

যাত্ৰা 36:5-7

তেওঁলোকে মোচিক ক’লে, “যিহোৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল, সেই কাৰ্যৰ বাবে প্রয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে।” সেয়ে মোচিয়ে নিৰ্দেশ দিলে যে, তম্বুত থকা লোকসকলে পবিত্ৰ-স্থানৰ কাৰ্যৰ বাবে আৰু উপহাৰ আনিব নালাগে। তেতিয়া লোকসকলে উপহাৰ অনা বন্ধ কৰিলে। কিয়নো সকলো কাৰ্য কৰিবৰ অর্থে তেওঁলোকৰ যথেষ্ট বস্তু আছিল, এনেকি প্রয়োজনতকৈ অধিক আছিল।

লেবীয়া 6:2-3

“কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়,

লেবীয়া 19:9-11

যেতিয়া তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা। আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা; তুমি দুখীয়া আৰু বিদেশীৰ কাৰণে তাক এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা। তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।

লেবীয়া 19:13

তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।

লেবীয়া 19:35-36

তোমালোকে বিচাৰত, পৰিমাণত বা ওজনত বা দ্ৰব্যৰ জোখত অন্যায় নকৰিবা; তোমালোকে সঠিক পাল্লা, সঠিক দগা, ঠিক ঐফা আৰু ঠিক হীন ৰাখিবা; মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।

লেবীয়া 23:22

আৰু তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ কালত, খেতিৰ চুকত থকা শস্যৰ সম্পূৰ্ণৰূপে নথকাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা। তুমি সেইবোৰ দুখীয়া আৰু বিদেশীৰ কাৰণে এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”

লেবীয়া 25:3-5

তুমি ছবছৰ নিজ পথাৰত গুটি ববা, আৰু ছবছৰ নিজ বাৰীৰ দ্ৰাক্ষালতাবোৰ পৰিষ্কাৰ কৰিবা, আৰু তাৰ গুটি চপাবা। কিন্তু সপ্তম বছৰ যিহোৱাৰ উদ্দেশ্যে ভুমিৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-কাল হ’ব; সেই বছৰত তুমি নিজ পথাৰত গুটি নব’বা, আৰু দ্ৰাক্ষালতা পৰিষ্কাৰ নকৰিবা। তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা, আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা; সেয়ে ভুমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ’ব।

লেবীয়া 25:8-12

তুমি নিজৰ কাৰণে সাত বিশ্ৰাম-বছৰ, সাত গুণ সাত বছৰ লেখ কৰিবা; তাতে সাত বিশ্ৰাম-বছৰৰ কাল ঊনপঞ্চাশ বছৰ হ’ব। তেতিয়া সপ্তম মাহৰ দশম দিনা দেশৰ সকলো ফালে বৰ মাতৰ শিঙা বজাবা; প্ৰায়শ্চিত্তৰ দিনা তোমালোকৰ দেশৰ সকলো ফালে শিঙা বজাবা। তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা। সেই পঞ্চাশ বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব; সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যও নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা। কিয়নো সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰ; সেয়ে তোমালোকলৈ পবিত্ৰ হ’ব। তোমালোকে সেই বছৰত নিজে উৎপন্ন হোৱা শস্য পথাৰৰ পৰা আনি খাবা।

লেবীয়া 25:35

আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;

লেবীয়া 25:36-37

তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে। তুমি সুতলৈ তাক ধন নিদিবা, বা বাঢ়িলৈ তাক অন্ন নিদিবা।

লেবীয়া 27:30

আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।

গননা 18:20-21

পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই। আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।

গননা 18:25-29

পাছত যিহোৱাই মোচিক কলে, “তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা। তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব। তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ পৰা যি দশম ভাগ গ্ৰহণ কৰিবা, তাৰ পৰা তোমালোকেও এইদৰে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা; তাৰ পৰা যিহোৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰোণ পুৰোহিতক দিবা। যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।

গননা 27:4-11

আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।” তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে। তেতিয়া যিহোৱাই মোচিক কলে, “চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা। আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা। যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা। যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধিকাৰ দিবা। যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”

গননা 31:50

এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰুপে আনিলোঁ।”

গননা 36:9

তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”

দ্বি.বি. 5:19

তোমালোকে চুৰ নকৰিবা।

দ্বি.বি. 5:21

আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’

দ্বি.বি. 8:9

সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই আপোনালোকে পাব। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব।

দ্বি.বি. 8:12-18

অন্যথা, এনেকুৱা নহওঁক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ’ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব। যেতিয়া আপোনালোকৰ গৰু-ছাগলী, মেৰ-ছাগ জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব, তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব। তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোঁৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল। তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়। আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।” কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।

দ্বি.বি. 10:17-18

কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়। তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।

দ্বি.বি. 12:6

আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।

দ্বি.বি. 12:11

তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।

দ্বি.বি. 12:17

আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ নাইবা গৰু-ছাগলী, মেৰ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব;

দ্বি.বি. 14:22-23

বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব। যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।

দ্বি.বি. 15:1-3

আপোনালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব। সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল। আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব।

দ্বি.বি. 15:6

কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।

দ্বি.বি. 15:7-8

ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব। কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।

দ্বি.বি. 15:9-11

সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব। আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব। কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই আপোনাক এই আজ্ঞা দিছোঁ, যে, আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব।

দ্বি.বি. 16:10

আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব।

দ্বি.বি. 16:17

ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।

দ্বি.বি. 17:17

আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।

দ্বি.বি. 18:2

ইস্রায়েলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰপ্রাপ্তি বুলি একো নাথাকিব। যিহোৱাই কৰা প্রতিজ্ঞা অনুসাৰে যিহোৱাই হ’ব তেওঁলোকৰ উত্তৰাধিকাৰ।

দ্বি.বি. 19:14

আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আধিপত্যৰ অৰ্থে আপোনালোকক প্রৱেশ কৰিবলৈ দিব, প্রতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাব। বহুদিনৰ আগেয়ে সেই চিহ্নবোৰ তাত ৰখা হৈছিল।

দ্বি.বি. 23:19-20

আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক। অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।

দ্বি.বি. 24:7

কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব।

দ্বি.বি. 24:21

আপোনালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিব। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিব।

দ্বি.বি. 26:9-11

তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে। সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।

দ্বি.বি. 26:12-13

প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপুনি এই কথা ক’ব, ‘মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্র অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ; আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই।

দ্বি.বি. 28:11-12

যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব — পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব। আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব।

যিহো 6:19

সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”

যিহো 13:33

কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।

1 চমূ 2:7-8

যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷ তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।

2 চমূ 12:1-6

তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ। সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল; কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল। এদিন সেই ধনৱান জনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে। তাতে দায়ূদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যি জন মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যু পোৱাৰ যোগ্য৷ কিয়নো দৰিদ্ৰ জনৰ প্ৰতি তেওঁৰ কোনো দয়াই নাথাকিল, সেই কাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালিৰ সলনি তেওঁ চাৰিগুণ ওভোটাই দিব লাগিব৷”

2 চমূ 24:24-25

ৰজাই অৰৌণাক ক’লে, “সেয়ে হ’ব নোৱাৰে, মই মূল্য দি তোমাৰ পৰা সকলো কিনিহে লম; মই নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বিনামূল্যে হোম-বলি উৎসৰ্গ নকৰোঁ।” এই বুলি দায়ূদে পঞ্চাশ চেকল ৰূপ দি, সেই মৰণা মৰা খলা আৰু গৰুবোৰ কিনি ল’লে। আৰু দায়ূদে সেই ঠাইতে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে যিহোৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইস্ৰায়েলৰ পৰা মহামাৰী গুচিল।

1 ৰাজা 6:21-22

এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে। তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।

1 ৰাজা 6:30

আৰু গৃহৰ মজিয়াত বাহিৰে-ভিতৰে সোণৰ পতা মাৰিলে।

1 ৰাজা 7:48-50

চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷ অন্তঃস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মান কৰোঁৱাইছিল। নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।

1 ৰাজা 10:14

সেই সময়ত এবছৰত চলোমনলৈ ছশ ছয়ষষ্ঠী কিক্কৰ সোণ আহিছিল।

1 ৰাজা 10:21-23

ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল। সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল। এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল।

1 ৰাজা 17:11-16

তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁলৈ পানী আনিবলৈ যাওঁতে, তেওঁ তাইক আকৌ মাতি ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কাৰণে এডোখৰ পিঠাও হাতত লৈ আহিবা।” তেতিয়া তাই ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ ঘৰত এটি পিঠাও নাই; কেৱল বয়ামত এমুঠিমান আটাগুড়ি আৰু টেকেলিত এটোপমান তেল আছে৷ চোৱা, মোৰ আৰু মোৰ ল’ৰাটিৰ কাৰণে তাৰে ৰান্ধিবলৈ মই দুডালমান খৰি যোগাৰ কৰি আছোঁ; আৰু এইখিনি খোৱাৰ পাছতে আমাৰ মৃত্যু হ’ব। তেতিয়া এলিয়াই তাইক ক’লে, “ভয় নকৰিবা। তুমি যি ক’লা, তাকেই কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ কাৰণে এটি সৰু পিঠা তৈয়াৰ কৰা, তাৰ পাছত তোমাৰ আৰু তোমাৰ ল’ৰাটিৰ কাৰণে তৈয়াৰ কৰিবা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে যে, “যিহোৱাই পৃথিৱীত বৰষুণ নেপেলোৱালৈকে সেই বয়ামৰ আটাগুড়ি উদং নহ’ব আৰু সেই টেকেলিৰ তেলো শেষ নহ’ব।” তেতিয়া তাই গৈ এলিয়াৰ বাক্যৰ দৰেই কৰিলে আৰু তেতিয়াৰে পৰা এলিয়া, তাই আৰু তাইৰ ল’ৰাটিয়ে বহুদিনলৈকে খাবলৈ পালে। যিহোৱাৰ বাক্য অনুসাৰে এলিয়াৰ দ্ৱাৰাই কোৱা সেই কথাৰ দৰে সেই বয়ামৰ আটাগুড়ি উদং নহ’ল আৰু সেই টেকেলিৰ তেলৰো ওৰ নপৰিল।

2 ৰাজা 4:2-7

ইলীচাই তেওঁক সুধিলে, “মইনো তোমাক কিদৰে সহায় কৰিব পাৰোঁ? বাৰু, মোক কোৱাচোন, তোমাৰ ঘৰত কি আছে?” মহিলাগৰাকীয়ে ক’লে, “এবাটি তেলৰ বাহিৰে আপোনাৰ দাসীৰ ঘৰত একোৱেই নাই।” তেতিয়া ইলীচাই ক’লে, “তুমি তোমাৰ সকলো প্রতিবেশীসকলৰ পৰা কিছুমান খালী পাত্র ধাৰলৈ আনিবলৈ ওলাই যোৱা। যিমান সম্ভৱ হয়, সিমান বেছিকৈ আনিবা। তাৰ পাছত তুমি তোমাৰ ল’ৰা দুজনৰে সৈতে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিবা আৰু সেই পাত্ৰবোৰত তেল ঢালিবা। এটা এটাকৈ পাত্ৰবোৰ ভৰি পৰাৰ পাছত একাষৰিয়াকৈ থবা।” তেতিয়া মহিলাগৰাকী ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল; তেওঁ নিজৰ ল’ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল’ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্রবোৰ আনিবলৈ ধৰিলে আৰু তেওঁ সেইবোৰত তেল ঢালিয়েই থাকিল। সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক’লে, “আন এটা পাত্ৰ লৈ আনা।” ল’ৰাজনে ক’লে, “আৰু একো পাত্ৰই বাকী নাই।” তেতিয়া তেল পৰা বন্ধ হৈ গ’ল। তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক’লে; তেওঁ ক’লে, “যোৱা, সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা আৰু অৱশিষ্ট যি থাকিব, তাৰে তোমাৰ আৰু ল’ৰাহঁতৰ জীৱিকা চলাবা।”

2 ৰাজা 18:15-16

সেয়ে, ৰজা হিষ্কিয়াই যিহোৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল, সকলোবোৰ তেওঁক দিলে। তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।

2 ৰাজা 24:13-14

যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল। তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।

1 বংশা 4:10

যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।

1 বংশা 12:40

ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।

1 বংশা 22:14

এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।

1 বংশা 29:2-3

মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ। মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।

1 বংশা 29:7-9

তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্য কাৰণে পাঁচ হাজাৰ কিক্কৰ সোণ, অদৰ্কোণ নামেৰে দহ হাজাৰ সোণৰ মোহৰ, দহ হাজাৰ কিক্কৰ ৰূপ, ওঠৰ হাজাৰ কিক্কৰ ৰূপ পিতল, আৰু এক লাখ কিক্কৰ লোহা দিলে। যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে। তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে।

1 বংশা 29:12

আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।

1 বংশা 29:14

কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।

1 বংশা 29:16

হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা।

2 বংশা 1:11-12

তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা। এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”

2 বংশা 1:15

ৰজাই যিৰূচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।

2 বংশা 31:4-5

আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে। এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।

নহি 5:1-13

তাৰ পাছত লোকসকলে আৰু তেওঁলোকৰ ভাৰ্য্যাসকলে তেওঁলোকৰ যিহুদী ভাই সকলৰ কাৰণে উচ্চ স্ৱৰে কান্দিলে। তেওঁলোকৰ মাজৰ কিছুমানে ক’লে, “আমি আমাৰ ল’ৰা-ছোৱালীৰ সৈতে বহুতো আছোঁ। সেয়ে আমি খাই জীয়াই থাকিবলৈ আমাক শস্য লাগে।” তাত থকা কিছুলোকে ক’লে, “আমি আমাৰ পথাৰবোৰ, দ্ৰাক্ষাবাৰীবোৰ, আৰু আকালৰ সময়ত খাদ্যৰ বাবে আমাৰ ঘৰবোৰকো বন্ধক দিলোঁ। আন কিছুলোকে ক’লে, “আমি আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰৰ ৰাজহ-কৰ দিবলৈ ধন ধাৰে আনিলোঁ। যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল। মই যেতিয়া তেওঁলোকৰ কথা আৰু কাতৰোক্তি শুনিলোঁ, তেতিয়া মোৰ বৰ খং উঠিছিল। তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ, আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰী সকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক’লো, “আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সূত বেছিকৈ দাবী কৰি লৈছে।” মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ, আৰু তেওঁলোকক ক’লোঁ, “দেশবোৰলৈ বিক্রী কৰা আমাৰ যিহুদীসকলক আমি সাধ্য অনুসাৰে মুকলি কৰি আনিলোঁ, কিন্তু তাৰ উপৰিও আপোনালোকে আপোনালোকৰ ভাই-ভনীসকলক বিক্রী কৰি আছে, সেই সকলক হয়তো আমালৈকে ঘূৰাই বিক্রী কৰিছে!” তাতে তেওঁলোক নিমাত হ’ল, আৰু একো উত্তৰ দিব নোৱাৰিলে। মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে? মই আৰু মোৰ ভাইসকলে, আৰু মোৰ দাসবোৰেও তেওঁলোকক ধন আৰু শস্য ধাৰে দিছোঁ। কিন্তু আমি এই ধাৰৰ সূত লোৱা ব্যৱস্থা বন্ধ কৰা উচিত। তেওঁলোকৰ পথাৰ, দ্ৰাক্ষাবাৰী, জিত গছৰ বাৰী, ঘৰবোৰ, আৰু তেওঁলোকৰ পৰা আদায় কৰা ধন, শস্য, নতুন দ্ৰাক্ষাৰস আৰু তেল যিবোৰ আপোনালোকে দাবী কৰি লৈছিল সেই সকলো আজিয়েই তেওঁলোকক ওভটাই দিয়ক।” তেতিয়া তেওঁলোকে ক’লে, “আমি তেওঁলোকৰ পৰা যিবোৰ লৈছোঁ সেইবোৰ ওভটাই দিম, আৰু তেওঁলোকৰ পৰা একো নিবিচাৰোঁ। আপুনি কোৱাৰ দৰেই আমি কৰিম।” তাৰ পাছত মই পুৰোহিতসকলক মাতি আনিলোঁ, আৰু তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰে কৰিবলৈ তেওঁলোকক শপত খুৱালোঁ। মই মোৰ কাপোৰৰ ভাজ জোকাৰি ক’লো, “সেয়ে যি কোনোৱে এই প্রতিজ্ঞা পালন নকৰে, ঈশ্ৱৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক।” গোটেই সমাজে ক’লে, “আমেন,” আৰু তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে।

নহি 10:34-39

বিধানত লিখা অনুসাৰে আমাৰ ঈশ্ৱৰ যিহোৱাৰ পবিত্র বেদিত খৰি জ্ৱলাবলৈ পুৰোহিত, লেবীয়া আৰু লোকসকলে খৰিৰ বাবে চিঠি খেলালে। আমাৰ পৰিয়াল অনুসাৰে বছৰে বছৰে নিৰূপণ কৰা সময়ত আমাৰ ঈশ্বৰৰ যিহোৱাৰ গৃহলৈ খৰি আনিবলৈ চিঠি খেলাৰ যোগেদি বাছনি হ’ল। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ আগভাগ আৰু সকলো প্ৰকাৰ গছৰ ফলৰ আগভাগ বছৰে বছৰে যিহোৱাৰ গৃহলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ। বিধানত লিখাৰ দৰে, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰ-ছাগ, আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ, আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ। আমি আমাৰ আটাৰ লদাৰ আগভাগ, শস্য নৈবেদ্য, প্রত্যেক গছৰ ফল, নতুন দ্ৰাক্ষাৰস, তেল, আমাৰ ঈশ্বৰৰ গৃহৰ গুদামলৈ আৰু পুৰোহিতসকলৰ ওচৰলৈ আনিম। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবীয়া সকলৰ ওচৰলৈ আমি আনিম, কাৰণ আমি কাম কৰা নগৰ বোৰৰ পৰা লেবীয়াসকলে দশমভাগ আদায় কৰে। লেবীয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰোণৰ বংশৰ এজন পুৰোহিত লেবীয়াসকলৰ লগত থকা উচিত। লেবীয়া সকলে দশম ভাগৰ দশম ভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে। পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।

নহি 13:5

পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।

নহি 13:12

তেতিয়া সকলো যিহুদী লোকে শস্য, নতুন দ্ৰাক্ষাৰসৰ, আৰু তেলৰ দশমভাগ ভঁৰাললৈ আনিলে।

ইয়ো 1:3-4

তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল। তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে।

ইয়ো 1:21

“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”

ইয়ো 20:15

সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব; ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব।

ইয়ো 20:19

সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে; এই হেতুকে যি ঘৰ কাঢ়ি ল’লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব।

ইয়ো 21:13

সিহঁতে সুখেৰে নিজ নিজ দিন কটায়; পাছত এক নিমিষতে চিয়োললৈ নামি যায়।

ইয়ো 22:6-7

কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা। তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা।

ইয়ো 22:25

তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব।

ইয়ো 24:2-10

কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়। সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়। সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়। চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচাৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানসকলৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে। সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়। সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই। সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে, আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে। কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়। তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে, আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়।

ইয়ো 31:23-25

কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ, মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ, মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,

ইয়ো 34:19

তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।

ইয়ো 42:10

যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।

ইয়ো 42:15

ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে।

গীত 2:8

তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।

গীত 9:18

অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।

গীত 10:3

দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে

গীত 15:5

যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।

গীত 16:5-6

যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে। মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।

গীত 23:1

যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।

গীত 34:9

হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।

গীত 35:10

মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।

গীত 37:3-4

যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা। যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।

গীত 37:25-26

মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই। ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।

গীত 37:29

ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব; তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।

গীত 40:17

কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।

গীত 41:1-2

ধন্য সেই লোক, যি লোকে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে। যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব; তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা।

গীত 49:6-8

সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে। কোনেও কাকো কোনো প্রকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে। কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,

গীত 52:7

“চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে

গীত 62:10

তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।

গীত 72:12-13

কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।

গীত 82:3-4

তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”

গীত 84:11

কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।

গীত 102:17

সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।

গীত 112:3

তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।

গীত 112:5

যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।

গীত 113:7-8

তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে, যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।

গীত 115:4

তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য।

গীত 115:14-15

যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক। যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।

গীত 116:12

যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম?

গীত 145:15-16

সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া; তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।

হিতো 1:19

সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।

হিতো 2:4-5

ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা; তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।

হিতো 3:9-10

আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা। সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।

হিতো 3:13-15

যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, আৰু তেওঁ সুবিবেচনাও লাভ কৰে। ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। আৰু ইয়াৰ লাভ সোণতকৈও উত্তম। প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।

হিতো 3:27-28

তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা। যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক “যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা

হিতো 6:1-5

হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা, তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা। হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা। তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা। হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।

হিতো 6:30-31

চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে; কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।

হিতো 8:18-21

ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে। সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম। মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়। সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।

হিতো 10:2-5

দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে। যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে। এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে। গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।

হিতো 10:15

ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।

হিতো 10:20-22

যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে। সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়। যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।

হিতো 11:1

ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।

হিতো 11:15-16

যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে। দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।

হিতো 11:24-28

যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে। দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়। যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে। যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়। যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।

হিতো 13:4

এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।

হিতো 13:7-8

এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে; আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্রকৃততেই ধনৱান। এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়।

হিতো 13:11

অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।

হিতো 13:22

ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়।

হিতো 14:20-23

দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে। যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়। যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব। সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।

হিতো 14:31

যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।

হিতো 15:6

যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।

হিতো 15:16-17

বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল। হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।

হিতো 15:27

ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।

হিতো 16:8

অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল।

হিতো 16:16

সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।

হিতো 17:1-3

বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, শান্তিৰে সৈতে শুদাই এগৰাহ খোৱাই ভাল। এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব। ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।

হিতো 17:18

জ্ঞানশূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়; আৰু চুবুৰীয়াৰ ধাৰৰ দ্বায়ীত্ব লয়।

হিতো 18:23

দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে; কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে।

হিতো 19:17

যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।

হিতো 20:4

এলেহুৱা লোকে শৰৎ কালত হাল নাবায়; আৰু তেওঁ শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়।

হিতো 20:10

পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ, এই দুয়োটাকে যিহোৱাই ঘিণ কৰে।

হিতো 20:17

প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়।

হিতো 20:21

উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়; কিন্তু শেষত সেয়ে ভাল নহব।

হিতো 21:5-6

পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে। মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে,

হিতো 21:13

যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে, সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব।

হিতো 21:17-20

যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব। সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়; আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্রায়শ্চিত হয়। দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল। জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।

হিতো 21:25-26

এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়। ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।

হিতো 22:1-2

প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম। ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।

হিতো 22:7-9

ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়। যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব। উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।

হিতো 22:16

নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।

হিতো 22:22-23

দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা। কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।

হিতো 22:26-27

ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়। যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?

হিতো 23:4-5

ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা। যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।

হিতো 23:21

কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়।

হিতো 24:3-4

প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়। জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।

হিতো 24:33-34

“অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে, দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।

হিতো 25:11

ভাল কথা কোৱাটো ৰূপত খটোৱা সোণৰ আপেলৰ দৰে,

হিতো 25:21-22

তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া। কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব, আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব।

হিতো 27:24

কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?

হিতো 28:6-8

কুটিল পথত চলা ধনী মানুহতকৈ, ন্যায়পৰায়ণতাত চলা দৰিদ্ৰ লোকেই শ্ৰেষ্ঠ। যি জনে বিধান পালন কৰে, তেওঁ সুবিবেচনা থকা সন্তানৰ দৰে; কিন্তু যি জনৰ ভোজনবিলাসী সঙ্গী থাকে, তেওঁ নিজৰ পিতৃক লাজ দিয়ে। যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে, সেই জনে দৰিদ্র লোকক দয়া কৰা লোকৰ বাবে সেই ধন সাঁচে।

হিতো 28:11

ধনী লোক নিজৰ দৃষ্টিত জ্ঞানী হ’ব পাৰে; কিন্তু বিবেচনা শক্তি থকা দৰিদ্ৰ লোকে তেওঁক বিচাৰি উলিয়াব।

হিতো 28:19-24

যি কোনোৱে নিজৰ মাটিত কাম কৰে, তেওঁ জোৰাওকৈ আহাৰ পায়, কিন্তু যিজন নিষ্কৰ্মা লোকৰ অনুগামী হয়, সেই জনৰ প্রচুৰ পৰিমাণে অভাৱ হয়। বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়; কিন্তু যিজন শীঘ্রে ধনী হয়, সেই জনে দণ্ড নোপোৱাকৈ নাথাকে। পক্ষপাত কৰা ভাল নহয়; কিন্তু এডোখৰ ৰুটিৰ বাবেও মানুহে ভুল কৰে। কৃপণ লোকে ধনী হ’বলৈ অগ্রসৰ হয়; কিন্তু দৰিদ্ৰতা যে তেওঁৰ ওচৰলৈ আহি আছে, সেই বিষয়ে তেওঁ নাজানে। কথাৰে খুচামোদ কৰা লোকতকৈ, কোনো এজনক অনুযোগ কৰা জনে পৰৱৰ্তি সময়ত অধিক অনুগ্ৰহ পায়। যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,” তেওঁ বিনাশকাৰীৰ সঙ্গী হয়।

হিতো 28:27

যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।

হিতো 29:7

ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়।

হিতো 29:24

যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে; শাও দিয়া শুনিও তেওঁ একো নকয়।

হিতো 30:8-9

অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া। কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।

হিতো 31:9-10

আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা, আৰু দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে আত্মসমৰ্থন কৰা। প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।

হিতো 31:20

তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।

উপ 2:4-11

মই কিছুমান মহৎ কাৰ্য কৰিলোঁ; মই নিজৰ কাৰণে অনেক ঘৰ সাজিলোঁ আৰু দ্ৰাক্ষাবাৰী পাতিলো; মই ঠায়ে ঠায়ে অনেক বাগিছা আৰু উদ্যান তৈয়াৰ কৰি তাত সকলো ধৰণৰ ফল ধৰা গছ ৰুলোঁ; গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খান্দিলোঁ; মই অনেক দাস আৰু দাসীক কিনি ল’লো; মোৰ ৰাজপ্রাসাদতো অনেক দাস-দাসীৰ জন্ম হৈছিল; মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, তেওঁলোক সকলোতকৈ মোৰ অনেক বেছি গৰু-ছাগলী আৰু মেৰ-ছাগ আদি পশুধনৰ জাক আছিল; মই অনেক ৰূপ আৰু সোণ, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন-সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ; মোৰ কাৰণে অনেক গায়ক-গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল। মোৰ আগেয়ে যিৰূচালেমত যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেচি মহান আৰু ঐশ্বর্যশালী হ’লো। তেতিয়াও প্রজ্ঞা মোৰ লগত আছিল। মোৰ চকুত যি ভাল লাগে, মই সেইবোৰৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কার্যত মোৰ মনে আনন্দ কৰে; আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল। তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।

উপ 5:10

যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।

উপ 5:15

মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।

উপ 5:19

তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান।

উপ 6:2

ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি আৰু সন্মান দান কৰে যে, তেওঁৰ অভিলাষৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে; আন লোকে তেওঁৰ বস্তুবোৰ ভোগ কৰে। ইও অসাৰ আৰু ভীষণ দুঃখজনক।

উপ 10:19

আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।

উপ 11:6

ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।

যিচ 2:7-8

তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন। মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে।

যিচ 10:2

তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!

যিচ 32:8

কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব।

যিচ 55:1-2

“হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।

যিচ 58:7

ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।

যিচ 58:10

যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব;

যিচ 60:5-6

সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব। উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব।

যিচ 60:17

মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম; আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে, আৰু ন্যায়বিচাৰক শাসনকৰ্ত্তাৰ দৰে নিযুক্তি কৰিম।

যিৰি 4:30

এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।

যিৰি 15:13

মই তোমাৰ সম্পত্তি আৰু তোমাৰ বহুমুল্য বস্তু বিনামূল্যে লুটদ্ৰব্যস্বৰূপে দিম। এনে কি, তোমাৰ পাপ সমূহৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে তাক কৰিম।

যিৰি 51:13

হে বহুজল-নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ হ’ল।

বিলা 1:11

তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।

যিহি 7:19

তেওঁলোকৰ নিজ নিজ ৰূপ বাটত পেলাই দিব আৰু তেওঁলোকৰ সোণ অশুচি বস্তু যেন হ’ব। তেওঁলোকৰ সোণ আৰু ৰূপ যিহোৱাৰ ক্ৰোধৰ দিনা সেইবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰা নহ’ব, আৰু তেওঁলোকৰ উদৰ পূৰ কৰা নহ’ব, কিয়নো তেওঁলোকৰ অপৰাধবোৰেই তেওঁলোকৰ বিঘিনি হৈ পৰিছে।

যিহি 16:49-50

চোৱা! তোমাৰ ভনী চদোমৰ এই অপৰাধ আছিল: যে, তাইৰ আৰু তাইৰ জীসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল। তেওঁলোক গৰ্ব্বী আছিল আৰু মোৰ আগত ঘিণলগীয়া কাৰ্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি তেওঁলোকক দূৰ কৰিলোঁ।

যিহি 18:7-9

আৰু কাকো অন্যায় কৰা নাই কিন্তু তাৰ সলনি তেওঁৰ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰোৱাই দিছে - কাৰো বস্তু বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে; তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বঢ়াই নিদিয়ে - বা অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি, মোৰ বিধি বোৰত চ’লে, আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্মিক; তেওঁহে অৱশ্যে জীব!” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।

যিহি 18:12-13

সি যদি দুখী-দৰিদ্ৰক অন্যায় কৰে, বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰোৱাই নিদিয়ে, প্রতিমাবোৰলৈ চকু তোলে বা ঘিণলগীয়া কাৰ্য কৰে; সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।

যিহি 22:12

ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।

যিহি 22:29-30

দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে। আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।

যিহি 28:4-7

তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা। তোমাৰ বাণিজ্য, তোমাৰ জ্ঞান আছিল; তুমি ধন-সম্পত্তি বঢ়ালা আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল! এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, এই কাৰণে চোৱা, মই বিদেশীসকলক তোমাৰ বিৰুদ্ধে আনিম, যি সকল আন জাতিবোৰৰ মাজৰ ভয়ানক মানুহ! তেওঁলোকে তোমাৰ জ্ঞান-কান্তিৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল উলিয়াব আৰু তোমাৰ উজ্জ্বলতা অশুচি কৰিব!

যিহি 38:11-13

আৰু তুমি ক’বা, ‘লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ, বৰ্ত্তমানে বাস কৰা; আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবোৰৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী, আদি বস্তু অৰ্জ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ, গড় নোহোৱা গাওঁ থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা, সমূলি গড়, ডাং কি কপাট নোহোৱাকৈ বাস কৰা লোকসকলৰ তালৈ যাম। চিবা, দদান, তৰ্চীচৰ বণিকসকল আৰু তাৰ আটাই ডেকা সিংহবোৰে তোমাক ক’ব, ‘আপুনি লুট কৰিবলৈ জানো অহা নাই? বস্তু কাঢ়ি নিবলৈ, সোণ আৰু ৰূপ লৈ যাবলৈ, গৰু, মেৰ-ছাগ আদি অধিক লুটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দলসমূহক গোটোৱা নাই?’

দানি 5:2-4

বেলচচৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, যিৰূচালেম মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবূখদনেচৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত যাতে ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে পান কৰিব পাৰে, সেই বাবে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে। যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ মন্দিৰৰ পৰা অনা সেই সোণৰ পাত্ৰবোৰ দাস সকলে আনিলে। ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে সেই পাত্রবোৰত পান কৰিলে। তেওঁলোকে দ্ৰাক্ষাৰস পান কৰি তেওঁলোকৰ সোণ, ৰূপ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে।

হোচ 4:7

পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে, সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে; মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম।

হোচ 12:7-8

যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী; তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়। ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’

যোৱে 2:25-26

“আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম। তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।

আমো 5:11-12

তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা। কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।

আমো 8:4-6

তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা। তোমালোকে কোৱা যে, “ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম। ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম। সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।”

মীখ 2:2

তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰিক অত্যাচাৰ কৰে।

হব 2:6-7

এই লোকসকল তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক বাক্য নক’ব নে? তেওঁলোকে ক’ব, ‘যি নিজৰ নহয়, তেনে সন্তাপ যিজনে বৃদ্ধি কৰে! তেনেদৰে তুমি কিমান দিন প্ৰতিজ্ঞাৰ বোজাৰ ভাৰ বৃদ্ধি কৰিবা? যিজনে তোমাৰ অহিতে দাঁতকৰচে, সেই জনে অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতঙ্কিত কৰে, সেই জনে জাগ্রত নহ’ব নে? তুমি তেওঁলোকৰ বাবে প্রতাৰিত লোক হ’বা!

চফ 1:13

তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।

চফ 1:18

যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।

হ্গ্গ 2:8

বাহিনীসকলৰ যিহোৱাই কৈছে, ৰূপ আৰু সোণবোৰ মোৰ।

জখ 11:12-13

মই তেওঁলোকক কলোঁ, “যদি তোমালোকে ভাল দেখা, তেন্তে মোক মোৰ বেচ দিয়া; যদি ভাল নেদেখা তেন্তে নালাগে।” তেতিয়া তেওঁলোকে মোৰ বেচৰ অৰ্থে ত্ৰিশ চেকল ৰূপ জুখি মোক দিলে। তেতিয়া যিহোৱাই মোক ক’লে, “সেই ৰূপ ধন-ভঁৰালত জমা দিয়া, তেওঁলোকৰ বিবেচনাত এয়ে উচিত মূল্য!” তেতিয়া মই সেই ত্ৰিশ চেকল ৰূপ লৈ যিহোৱাৰ গৃহত কুমাৰৰ আগত জমা দিলোঁ।

মলা 3:8-10

মানুহে ঈশ্বৰক ঠগাব নেকি? কিন্তু তোমালোকেতো মোক ঠগাইছা। তথাপিও তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাক ঠগাইছোঁ?’ আয়ৰ দশম ভাগত আৰু দানৰ বিষয়ত তোমালোকে মোক ঠগাইছা। তোমালোক এক অভিশাপত অভিশপ্ত; কিয়নো তোমালোকে মোকেই ঠগাইছা, এনে কি গোটেই জাতিয়েই ঠগাইছে। তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।

মথি 2:11

তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণিপাত কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।

মথি 5:3

আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।

মথি 5:6

ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল ধন্য; কিয়নো তেওঁলোক তৃপ্ত হব।

মথি 5:40-42

কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা ল’ব খোজে, তেনেহলে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা। যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা। যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।

মথি 6:1-4

সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা। এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা; কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।

মথি 6:11-12

আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।

মথি 6:19-21

যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা; কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা। কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।

মথি 6:24

কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।

মথি 6:25-34

এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে? আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে? আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলি ফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়; তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল। এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে? এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা। কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব। এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।

মথি 7:7-8

খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব। কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।

মথি 7:11

তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?

মথি 8:20

যীচুৱে তেওঁক ক’লে, “শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।”

মথি 10:9-10

তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ, ৰূপ বা তাম নাইবা পইচাও নিনিবা। বাটত যোৱাৰ কাৰণে কোনো জোলোঙা, দুটা চোলা, পাদুকা বা লাখুটি এইবোৰও নলবা; কিয়নো বনুৱা নিজৰ পাৰিশ্রমিক পোৱাৰ যোগ্য।

মথি 10:42

যি কোনোৱে এই সাধাৰণ লোক সকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।

মথি 13:8

আনবোৰ কঠিয়া ভাল মাটিত পৰিল আৰু শস্য উৎপন্ন কৰিলে। তাতে কিছুমানত এশ গুণ, কিছুমানত ষাঠি গুণ আৰু কিছুমানত ত্রিশ গুণকৈ শস্য উৎপন্ন হ’ল।

মথি 13:22-23

কাঁইটনিত পৰা কঠিয়াবোৰ এনে ধৰণৰ লোক, তেওঁলোকে বাক্য শুনে কিন্তু সংসাৰৰ চিন্তা-ভাৱনা আৰু ধন-সম্পত্তিৰ মায়াই সেই বাক্যক হেচি ধৰে; তাতে তেওঁ বিফল হয়। ভাল মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে লোক যি জনে বাক্য শুনে, বাক্য বুজে আৰু প্রকৃতার্থত উন্নত কৰি ফল উৎপন্ন কৰে। তাতে কোনোৱে এশ গুণ, কোনোৱে ষাঠি গুণ, কোনোৱে ত্রিশ গুণ ফল দিয়ে।”

মথি 13:44-46

“স্বৰ্গৰাজ্য, পথাৰৰ মাজত লুকুৱাই থোৱা ভঁৰালৰ নিচিনা; এজন মানুহে সেইবোৰ বিচাৰি পোৱাৰ পাছত পুনৰ লুকুৱাই থলে। তাৰ পাছত তেওঁ আনন্দ মনেৰে গুছি গ’ল আৰু তেওঁৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই পথাৰ কিনি ল’লে।” “পুণৰ স্বৰ্গৰাজ্য এনে এজন সদাগৰৰ নিচিনা, যি জনে উত্তম মুকুতা বিচাৰিছিল। যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেওঁ গৈ নিজৰ যি যি আছিল, সৰ্ব্বস্ব বেচি সেই মুকুতাটো কিনি ল’লে।”

মথি 16:26

কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?

মথি 17:24-27

যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, “তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?” তেওঁ ক’লে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?” পিতৰে ক’লে “বিদেশী সকলৰ পৰা”, যীচুৱে তেওঁক ক’লে, “তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত। তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”

মথি 18:23-35

স্বর্গৰাজ্যক এনেদৰে তুলনা দিয়া হয়; যেনেকৈ, এজন ৰজাই নিজৰ দাস সকলৰ ওচৰত হিচাব বিচাৰিলে৷ যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ’ল যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰ ঋণ আছিল। কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়। তেতিয়া সেই দাসে মাটিত পৰি ৰজাৰ ভৰিত ধৰি ক’লে, ‘হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।’ তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে। পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰা ঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’। তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি ক’লে, ‘ধৈর্য ধৰছোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম’। কিন্তু তেওঁ সন্মত নহ’ল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে। তেতিয়া তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুঃখিত হ’ল৷ সিহঁতে ৰজাৰ ওচৰলৈ গৈ যি যি ঘটিল, সেই সকলো বিষয় তেওঁক জনালে। তেতিয়া ৰজাই সেই দাসক মাতি কলে, ‘দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ তেনেহলে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে’? তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে। ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেনেহলে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।”

মথি 19:21-22

যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”। এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।

মথি 19:23-26

তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন। পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।” এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?” যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”

মথি 19:27-29

তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?” যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা। যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।

মথি 20:1-16

“স্বৰ্গৰাজ্য এজন গৰাকীৰ নিচিনা৷ তেওঁ এদিন নিজৰ দ্ৰাক্ষাবাৰীৰ কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱা সকলক বিচাৰি ওলাই গ’ল। তেওঁ এক এক দীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে। প্রায় নটা বজাত তেওঁ আকৌ ওলাই গ’ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক’লে, ‘তোমালোকেও মোৰ দ্ৰাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা। তোমালোককো মই উচিত মজুৰী দিম।’ তেতিয়া সিহঁতেও কাম কৰিবলৈ গ’ল। আকৌ প্রায় বাৰটা আৰু তাৰ পাছত তিনিটা বজাত তেওঁ ওলাই গৈ, সেই একেদৰেই কৰিলে। পুণৰ প্রায় পাঁচ মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, ‘তোমালোকে একো কাম নকৰাকৈ গোটেই দিনতো ইয়াত কিয় থিয় হৈ আছা? সিহঁতে তেওঁক ক’লে, ‘কোনেও আমাক কামত লগোৱা নাই।’ তেতিয়া তেওঁ সিহঁতক ক’লে, ‘তোমালোকো মোৰ দ্ৰাক্ষাবাৰীৰ কামলৈ যোৱা।’ পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’ পাঁচ মান বজাত যি সকলক বনুৱাক কামত লগোৱা হৈছিল, সিহঁতে আহি এক দীনাৰকৈ পালে। তাতে যি সকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল, সিহঁতে বেচিকৈ মজুৰী পাব বুলি মনে মনে ভাবিলে; কিন্তু সিহঁতেও এক এক দীনাৰহে পালে। সিহঁতে নিজৰ মজুৰী পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক’লে, “আমি গোটেই দিনটো ৰ’দৰ তাপত কাম কৰিলোঁ; কিন্তু এই শেষত অহা বনুৱা সকলে মাত্ৰ এঘন্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে।” তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, “বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই; তোমালোকে জানো মোৰ লগত এক দীনাৰত কাম কৰিবলৈ বন্দবস্ত কৰা নাছিলা? তোমালোকক যিমান দিছোঁ, এই শেষৰ কেইজনকো সিমান দিবলৈ মোৰ ইচ্ছা; নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা৷ যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে? এইদৰে পাছ হোৱা সকল আগ হ’ব আৰু আগ হোৱা সকল পাছ হ’ব।”

মথি 21:12-13

পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে। যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”

মথি 22:17-21

গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?” যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে? কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে। যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”

মথি 23:23

হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।

মথি 25:14-30

কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়। তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এক গাগৰি, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে। তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে। সেইদৰে যি জনে দুই গাগৰি পাইছিল, তেৱোঁ পুনৰ দুই গাগৰি লাভ উলিয়ালে। কিন্তু যি জনে এক গাগৰি পাইছিল, সি গৈ মাটিত গাত খান্দি প্ৰভুৰ ধন লুকাই থ’লে। বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাব কৰিলে। তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি ক’লে, ‘হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলোঁ’। প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’ পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওক মই আৰু দুই গাগৰি লাভ কৰিলোঁ’। তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’। পাছত যি জনে এক গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলোঁ; আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়; সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ৷ চাওক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে’। কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, ‘হেৰ দুষ্ট আৰু এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা; তেনেহলে ধন ভৰালীৰ ওচৰত মোৰ ধন থব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন। এই কাৰণে এওঁৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে, তেওঁক দিয়া। কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব। এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।’

মথি 25:34-40

তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা: উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’। তেতিয়া ধাৰ্মিক সকলে তেওঁক উত্তৰ দি ক’ব, ‘হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলোঁ? পিয়াহ লাগোতে পান কৰাইছিলো? আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো? আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলোঁ’? তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।

মথি 25:41-45

তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা। কিয়নো মোৰ ভোক লাগিছিল, তোমালোকে মোক খাবলৈ নিদিলা; পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলা; অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলা; উদঙে আছিলোঁ, মোক কাপোৰ নিপিন্ধালা; নৰিয়া আৰু বন্দীশালত পৰিছিলোঁ; মোক চাবলৈ নগ’লা’। তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’? তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।

মথি 26:7-11

এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি। শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা? কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’। কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে। কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷

মথি 26:15-16

আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷ তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।

মথি 27:3-10

তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যিহূদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ত্ৰিশ টা ৰূপৰ মুদ্ৰা ওভোতাই দিলে; আৰু ক’লে, “নিৰ্দোষীৰ তেজ শোধাই দি মই পাপ কৰিলোঁ”; কিন্তু তেওঁলোকে ক’লে, ‘তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা’। তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল’লে। পাছত প্ৰধান পুৰোহিত সকলে সেই ৰূপ লৈ ক’লে, “এই ৰূপ তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থোৱা বিধান সন্মত নহয়”। তাতে তেওঁলোক একত্ৰিত হৈ পৰামৰ্শ কৰিলে আৰু বিদেশী সকলক মৈদাম দিবলৈ সেই ৰূপেৰে কুমাৰৰ পথাৰ কিনিলে। এই কাৰণে আজিলৈকে সেই পথাৰ ‘তেজৰ মাটি’ বুলি জনাজাত। তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ‘ইস্ৰায়েলৰ সন্তানৰ কোনো কোনোৱে যি জনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰা জনৰ ত্রিশ টা ৰূপৰ মুদ্ৰা সিহঁতে ললে, অাৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে’, এই বচন সিদ্ধ হ’ল।

মাৰ্ক 4:8

আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফল উৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”

মাৰ্ক 4:18-20

আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত, সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়। আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”

মাৰ্ক 6:37-44

কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”? কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”। তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে। তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল। তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদকৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে। তাতে সকলোৱে খাই তৃপ্ত হ’ল। পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে। সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।

মাৰ্ক 7:22-23

পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়। এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”

মাৰ্ক 8:35-37

কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব। কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ? কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?

মাৰ্ক 10:21-22

তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি ক’লে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোক অনুসৰণ কৰা।” সেই কথাত তেওঁৰ মুখ ক’লা পৰিল, আৰু তেওঁ বৰ দুখিত হৈ গুচি গ’ল, কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল।

মাৰ্ক 10:23-27

পাছত যীচুৱে চাৰিওফালে চাই শিষ্য সকলক ক’লে, “ধনী লোকে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য!” তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক’লে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য! ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু।” তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱা-কুই কৰি তেওঁক সুধিলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?” যীচুৱে তেওঁলোকৰ ফালে চাই ক’লে, “মানুহৰ বাবে অসাধ্য হয়; কিন্তু ঈশ্বৰৰ বাবে নহয়; কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য।”

মাৰ্ক 10:28-30

পিতৰে তেওঁক ক’বলৈ ধৰিলে, “চাওক, আমি সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ।” যীচুৱে ক’লে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে, তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।

মাৰ্ক 11:15-17

পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে; তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে। তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?, ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা’।”

মাৰ্ক 12:14-17

তেওঁলোকে আহি তেওঁক ক’লে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?” কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি আনক, মই চাওঁ৷” তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?” তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক; আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।

মাৰ্ক 12:41-44

পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে। পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে। তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে। কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।”

মাৰ্ক 14:3-7

পাছত তেওঁ যেতিয়া বৈথনিয়া গাঁৱৰ চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তাতে তেওঁ ভোজনৰ মেজ পুনৰ পৰিষ্কাৰ কৰিলে; তেতিয়া এজনী তিৰোতাই বহুমুলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল লৈ আহিল৷ তাতে তাই সেই টেমাটো ভাঙি যীচুৰ মুৰত তেল বাকী দিলে। সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে- সিজনক ক’ব ধৰিলে, “এনেদৰে নষ্ট হোৱাৰ কাৰণ কি? কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলি তকৈয়ো অধিক পালোহেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।” তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে। কিন্তু যীচুৱে ক’লে, “তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে। দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা।

মাৰ্ক 14:11

তেখেত সকলে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীচুক সুবিধা অনুসৰি শোধাই দিবলৈ উপায় বিচাৰিলে।

লূক 3:11

তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”

লূক 3:12-14

তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?” তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।” কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”

লূক 6:20-21

পাছত তেওঁ শিষ্য সকলৰ ফালে চাই ক’লে, “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ। ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা।

লূক 6:24-25

কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা। হায় হায় যি সকল এতিয়া তৃপ্ত, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে পাছত ক্ষুধার্ত হবা। হায় হায় যি সকলে এতিয়া হাঁহিছা, তোমালোক সন্তাপৰ পাত্র! কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা।

লূক 6:29-30

কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও ল’বলৈ বাধা নিদিবা। যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।

লূক 6:32-33

তোমালোকক প্ৰেম কৰা সকলকহে যদি তোমালোকে প্ৰেম কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে। তোমালোকক উপকাৰ কৰা সকলকে যদি তোমালোকে কেৱল উপকাৰ কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰ্ম কৰে।

লূক 6:34-35

ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুণৰ ঘূৰাই পোৱাৰ আশা কৰে। কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হ’ব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হ’বা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়।

লূক 6:38

দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।

লূক 10:30

তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।

লূক 10:35

পাছদিনা তেওঁ দুটা দীনাৰী উলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।

লূক 11:3

আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া।

লূক 11:13

এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”

লূক 11:41-42

ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব। কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷

লূক 12:13-15

তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক ক’লে, “হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।” কিন্তু যীচুৱে তেওঁক ক’লে, “হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?” তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”

লূক 12:16-21

পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল। তাতে তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?’ পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম৷ সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’। তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’। কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব? ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়,তেওঁ তেনেকুৱা লোক।”

লূক 12:22-31

পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া! আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা? পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল। কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে! তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা। কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে। কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।

লূক 12:33

তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷

লূক 12:34

কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”

লূক 14:12-14

তেতিয়া তেওঁক নিমন্ত্ৰণ কৰা জনে ক’লে, “দুপৰ বা নিশাৰ ভোজ পাতিলে, তুমি নিজৰ বন্ধু বা ভাই সকলক বা জ্ঞাতি-কুটুম্ব বা ধনৱন্ত চুবুৰীয়া সকলক নামাতিবা; তেওঁলোকে তোমাক নিমন্ত্ৰণ কৰিব, আৰু তোমাৰ প্ৰতিদান ঘূৰাই দিব। কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা। তাতে তোমাক প্ৰতিদান ৰূপে ঘুৰাবলৈ তেওঁলোকৰ একো নোহোৱাত, তুমি ধন্য হবা। কিয়নো ধাৰ্মিক সকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হব।”

লূক 14:33

এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।

লূক 15:8-10

অথবা কোনো এজনী মহিলাৰ দহোটা আধলিৰ যদি এটা হেৰাই, তেওঁ চাকি জ্বলাই ঘৰ সাৰি তাক নোপোৱালৈকে নিবিচাৰিব নে? আৰু হেৰুৱাতো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটায় কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালোঁ’। সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”

লূক 15:11-24

তেওঁ পুনৰ ক’লে, “কোনো এজন মানুহৰ দুজন পুতেক আছিল; সৰুটোৱে বাপেকক ক’লে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে। অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে। তাতে সকলো ধন ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হ’ল আৰু তাতে সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে। তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয়ত কাম কৰিবলৈ ল’লে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠিয়াই দিলে। তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল। শেষত তেওঁ চেতনা পাই ক’লে, ‘মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছোঁ। মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলোঁ; আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’। পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে। তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’। কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে; পোহনীয়া দামুৰিটো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক; কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছোঁ’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।

লূক 16:1-9

যীচুৱে শিষ্য সকলক ক’লে, “এজন ধনী মানুহৰ এজন ঘৰগিৰী আছিল, এই ঘৰগিৰীয়ে ধনী মানুহ জনৰ সম্পদ নষ্ট কৰিছে বুলি অভিযোগ আনিলে৷ তেতিয়া সেই ধনী ব্যক্তি জনে ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনক মাতি ক’লে, ‘এইবোৰ তোমাৰ বিষয়ে মই কি শুনিছো? তোমাৰ কামৰ হিচাব মোক দিয়া, তুমি আৰু মোৰ ঘৰগিৰী দায়িত্বত থাকিব নোৱাৰা৷’ তেতিয়া সেই ঘৰগিৰী দায়িত্বত থকা ব্যক্তি জনে মনতে ভাবিলে, ‘এতিয়া মই কি কৰিম, যদি মোক এই কর্মৰ পৰা অাতৰাই দিয়ে, মই দিন হাজিৰা কৰি খাবলৈ মোৰ শক্তি নাই আৰু ভিক্ষা কৰিবলৈও মোৰ লাজ লাগে৷ মোক ঘৰগিৰী দায়িত্বৰ পৰা অাতৰালেও লোক সকলে যাতে তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰে, সেই কাৰণে কি কৰিব লাগিব তাক মই জানিছোঁ৷’ তাৰ পাছত তেওঁ ধনী মানুহ জনৰ প্ৰতিজন ধৰুৱাক মাতিলে আৰু তেওঁ প্ৰথম জনক সুধিলে, ‘আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে?’ তেওঁ ক’লে, ‘এশ মোন তেল৷’ ঘৰগিৰীয়ে তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু ইয়াতে সোনকালে পঞ্চাশ লিখা৷’ তাৰ পাছত আন জনক সুধিলে, ‘তোমাৰ কিমান দিবলগীয়া ঋণ আছে?’ তেওঁ ক’লে, ‘এশ মোন ঘেহুঁ৷’ তেতিয়া তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু আশী লিখা৷’ তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিছিল৷ এই হেতুকে ধনী লোক জনে ঘৰগিৰীক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷ মই তোমালোকক কওঁ, অযথার্থ ধনেৰে অাপোনালোকে নিজলৈ বন্ধু লাভ কৰে, কিন্তু যেতিয়া সম্পদৰ অন্ত পৰিব, তেতিয়া তেওঁলোকে অাপোনালোকক অনন্ত নিবাসত গ্ৰহণ কৰিব৷

লূক 16:10-12

যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷ এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহলে প্ৰকৃত ধনত আপোনাক কোনে বিশ্বাস কৰিব? যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নহোৱা, তেনেহলে যি অাপোনাৰ নিজৰ তাক কেনেকৈ অাপোনাক দিব৷

লূক 16:13-14

কোনো চাকৰে দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে, কিয়নো তেতিয়া তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব, নাইবা এজনত আসক্ত হৈ আন জনক হেয়ঞ্জান কৰিব৷ আপোনালোকে ঈশ্বৰ আৰু ধন এই দুয়োটা বিষয়তে একেলগে কৰ্ম কৰিব নোৱাৰা৷” এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷

লূক 16:19-31

কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷ লাজাৰ নামেৰে গোটেই শৰীৰত ঘা লগা এজন মগনীয়া সেই ধনী ব্যক্তি জনৰ দুৱাৰত থোৱা হৈছিল৷ সেই ধনী ব্যক্তি জনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়া জনে আশা কৰি ৰৈ থাকিছিল৷ তাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি থাকে৷ কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷ ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷ তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক’লে, ‘পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷’ কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷ এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’। ধনী ব্যক্তি জনে ক’লে, “হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷ তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷ কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’ তেতিয়া সেই ধনী ব্যক্তি জনে ক’লে, ‘তেনে নহওক পিতৃ অব্ৰাহাম, কিন্তু মৃত সকলৰ মাজৰ পৰা যদি কোনো এজন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহলে তেওঁলোকে মন পালটাব৷’ তেতিয়া তেওঁক অব্ৰাহামে ক’লে, ‘যদি তেওঁলোকে মোচি আৰু ভাববাদী সকলৰ বাক্য নুশুনে, তেনেহলে মৃত সকলৰ মাজৰ পৰা কোনো এজন উঠি গৈ কলেও তেওঁলোকে নুশুনিব৷’”

লূক 17:33

যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।

লূক 18:12

মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।

লূক 18:22-23

যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷” তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।

লূক 18:24-27

তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য! কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।” যি সকল লোকে এই কথা শুনিলে তেওঁলোকে ক’লে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?” যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”

লূক 18:28-30

তেতিয়া পিতৰে ক’লে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে, এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।”

লূক 19:8

তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।”

লূক 19:12-26

“এজন ভদ্ৰবংশীয় লোকে তেওঁৰ নিজৰ বাবে ৰাজপদ লৈ উলটি আহিবৰ বাবে দূৰ ৰাজ্যলৈ যাত্ৰা কৰিলে। তেওঁ যোৱা সময়তে তেওঁৰ দহ জন দাসক মাতি আনি, তেওঁলোকক দহ মিনা ৰূপ দি ক’লে, ‘মই আহি নোপোৱালৈকে বেপাৰ কৰিবা’ কিন্তু তেওঁৰ স্বদেশীয় সকলে তেওঁক ঘিণ কৰি, তেওঁৰ পাছত দূত পঠাই কোৱালে, বোলে, ‘আমাৰ ওপৰত ৰাজত্ব কৰিবলৈ, সেই জন মানুহ আমাক নালাগে’। তাৰ পাছত তেওঁ দূৰ ৰাজ্যৰ পৰা ৰাজপদ লৈ উলতি আহিল আৰু যি সকল দাসক তেওঁ ধন দি গৈছিল, তেওঁলোকক মাতি পঠালে৷ তাৰ পাছত তেওঁলোকে কি ব্যৱসায় কৰিলে; সেই বিষয়ে জানিবৰ বাবে তেওঁলোকক শুধিব ধৰিলে৷ তেতিয়া প্ৰথম জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই দহ মিনা লাভ পোৱা হ’ল’। তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’। পাছত দ্বিতীয় জন দাসে আহি ক’লে, ‘হে প্ৰভু, আপোনাৰ মিনাৰ দ্বাৰাই পাঁচ মিনা হ’ল’। তাতে ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘তুমিও পাঁচ খন নগৰৰ ওপৰত ক্ষমতাপ্ৰাপ্ত হোৱা’। আৰু আন এজন দাসে আহি ক’লে, ‘হে প্ৰভু, মই আপোনাৰ মিনা গামোচাতে বান্ধি ৰাখিছোঁ, এয়া চাওক, কিয়নো আপুনি কঠিন মানুহ, যিহক থৈ যোৱা নাই, তাকে তোলে আৰু যিহক বোৱা নাই, তাকে দায়; এই হেতুকে মই আপোনালৈ ভয় কৰিলোঁ’। ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি; তেনেহলে কি কাৰণে মোৰ ধন মহাজনৰ হাতত নথলি? মহাজনৰ তাত থোৱা হ’লে, মই আহি সুতে সৈতে তাক উলিয়াই ললোহেঁতেন’? পাছত ওচৰত থিয় হৈ থকা সকলক তেওঁ ক’লে, ‘ইয়াৰ পৰা সেই মিনা লৈ, যাৰ দহ মিনা আছে, তাক দিয়া’। তেতিয়া তেওঁলোকে তেওঁক ক’লে, ‘হে প্ৰভু, তাৰ দহ মিনা আছেই’। ‘মই তোমালোকক কওঁ, যাৰ আছে, তেওঁকেই দিয়া হ’ব;কিন্তু যাৰ নাই, তেওঁৰ যি আছে, তাকো তেওঁৰ পৰা নিয়া হ’ব।

লূক 19:45-46

পাছত তেওঁ যিৰূচালেম মন্দিৰত সোমাই, তাত থকা বিক্ৰেতা সকলক বাহিৰ কৰিবলৈ ধৰিলে, আৰু সিহঁতক ক’লে, “লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।”

লূক 20:22-25

কিন্তু বিধানৰ মতে আমি চীজাৰক কৰ দিব পায় নে নাপায়?” যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক’লে, “মোক এটা আধলিদেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?” তেওঁলোকে ক’লে, “চীজাৰৰ।” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেই চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”

লূক 21:1-4

পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে। কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে। তাতে তেওঁ ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে। কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”

যোহন 2:14-17

তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে। তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে। যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।” ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”

যোহন 6:27

ক্ষয়ণীয় আহাৰৰকাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে।”

যোহন 6:35

যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।

যোহন 10:10-11

চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ। ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।

যোহন 12:4-8

তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহূদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু ক’লে, “আমি এই তেল তিনি শ আধলিত বিক্ৰী কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলোঁ?” তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল। তেতিয়া যীচুৱে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷ কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”

যোহন 16:23-24

সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব। এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।

পাঁচনি 2:44-46

আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে। আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে। তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;

পাঁচনি 3:6

তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।

পাঁচনি 4:32-35

বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে। পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল। তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল। পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।

পাঁচনি 4:36-37

যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনি সকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”।। যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনি সকলৰ চৰণত আনি থলে।

পাঁচনি 5:1-4

তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷ অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনি সকলৰ চৰণত থলে। তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা? সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।

পাঁচনি 8:18-20

চিমোনে যেতিয়া দেখিলে যে পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি কলে, “এই শক্তি মোকো দিয়ক, ময়ো যেন যি জনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।” কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।

পাঁচনি 11:29

তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহুদীয়াত নিবাস কৰা ভাই সকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ললে৷

পাঁচনি 20:33-35

মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই। মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰি সেৱা কৰিলোঁ, এই বিষয়ে আপোনালোকে নিজে জানে। সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”

ৰোমীয়া 2:21

তেনেহলে হে লোকক শিক্ষা দিওঁতা, অাপুনি নিজকে শিক্ষা নিদিয়ে নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, আপুনি চুৰ নকৰে নে?

ৰোমীয়া 12:20

“কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”।

ৰোমীয়া 13:6-9

আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে। যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক। পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে। কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”

1 কৰি 6:9-10

যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়, যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।

1 কৰি 13:3

আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।

1 কৰি 16:1-2

পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব। সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷

2 কৰি 4:7

শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;

2 কৰি 4:18

এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।

2 কৰি 5:1

কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।

2 কৰি 8:3-5

কিয়নো মই সাক্ষ্য দিছোঁ যে, তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি, সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হবলৈ আমাৰ আগত যাচনা কৰিলে; আৰু কেৱল আমি আশা কৰা অনুযায়ী নহয়, কিন্তু প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ উদ্দেশ্যে তেওঁলোকে দান কৰিলে।

2 কৰি 8:9

কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷

2 কৰি 8:12-15

কিয়নো কার্য কৰিবলৈ প্ৰস্তুততা থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়। কিয়নো আন লোক সকলে কাৰ্য নকৰি জিৰণি ল’ব আৰু আপোনালোকে কাৰ্যৰ দায়িত্ব ল’ব, এনে নহয়; কিন্তু সকলোৰে ন্যায় হওক৷ এই বৰ্ত্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়; যি দৰে লিখাও আছে, “যি জনে অধিক গোটাইছিল, তেওঁৰ একো নাথাকিল; কিন্তু যি জনে অলপ গোটাইছিল, তেওঁৰ অভাৱ নহ’ল”।

2 কৰি 9:5

সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷

2 কৰি 9:6-9

কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব। প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে। ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷ এই বিষয়ে যি দৰে লিখাও আছে, “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷”

2 কৰি 9:10-13

যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব; এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব। কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷ আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷

গালাতীয়া 2:10

তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলোঁ।

গালাতীয়া 5:14

কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’

গালাতীয়া 6:7-10

আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম। এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।

ইফিচীয়া 3:8

ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;

ইফিচীয়া 4:28

যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।

ফিলিপীয়া 2:4

প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।

ফিলিপীয়া 3:7-8

কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো; মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷

ফিলিপীয়া 4:11-19

নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ। মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেই বিষয়ে বৰ ভাল কৰিলে। হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল; এনে কি, মই থিচলনীকীত থাকোঁতেও, আপোনালোকে এবাৰতকৈ বেছি মোৰ প্ৰয়োজনীয় উপকাৰ পঠিয়াইছিল। মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ। সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ’লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷ আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।

কলচীয়া 3:2

ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;

1 থিচলনীকীয়া 5:16-18

সকলো সময়তে আনন্দত থাকক। নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।

2 থিচলনীকীয়া 3:10

কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেনেহলে তেওঁ আহাৰো গ্ৰহন নকৰক, এই বুলি আপোনালোকৰ মাজত থাকোতেই, আমি আপোনালোকক আদেশ দিছিলোঁ।

1 তীমথিয় 2:9

সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়;

1 তীমথিয় 5:8

কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।

1 তীমথিয় 6:6-10

কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে। আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷ সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷ কিন্তু যি সকলে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়। ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।

1 তীমথিয় 6:17

যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷

2 তীমথিয় 3:2

কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,

তীত 1:7

অধ্যক্ষকৰ বাবে এয়ে প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷

ইব্ৰী 7:1-10

এই মল্কিচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল। অব্রাহামে যেতিয়া ৰজা সকলক পৰাস্ত কৰি উলটি আহিছিল, তেতিয়া তেওঁৰ লগত অব্ৰাহামৰ সাক্ষাৎ হ’ল আৰু মল্কিচেদকে অব্রাহামক আশীর্বাদ কৰিলে। অব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল, তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল; “মল্কিচেদকৰ” নামৰ অর্থ হৈছে “ধাৰ্মিকতাৰ ৰজা” আৰু তেওঁ “চালেমৰ ৰজা” অৰ্থাৎ “শান্তিৰাজ”। মল্কিচেদকৰ পিতৃ, মাতৃ বা তেওঁৰ পূর্বপুৰুষৰ কোনো বংশতালিকা নাছিল। তেওঁৰ আৰম্ভণ আৰু শেষ জীৱনৰ কোনো নথি-পত্র নাই। ঈশ্বৰৰ পুত্রৰ দৰে তেওঁ হৈছে চিৰকালৰ পুৰোহিত। এতিয়া বিবেচনা কৰি চাওক, এই মল্কিচেদক কিমান মহান পুৰুষ আছিল, যি জনক আমাৰ আদিপিতৃ অব্ৰাহামে যুদ্ধত লুট কৰা উত্তম বস্তুৰ দহ ভাগৰ এভাগ দিছিল। লেবীৰ সন্তান সকলৰ মাজৰ যি সকলে পুৰোহিত বাব পালে, তেওঁলোকে নিজৰ ভাই ইস্ৰায়েলী সন্তান সকলৰ পৰা বিধান অনুসাৰে দশমাংশ গ্রহণ কৰাৰ আদেশ পালে, যদিও তেওঁলোক উভয়েই অব্রাহামৰ বংশধৰ। কিন্তু মল্কিচেদক, যি জন লেবীৰ বংশধৰ নোহোৱাতো তেওঁ অব্ৰাহামৰ পৰা দশম ভাগ লৈছিল আৰু যি জনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল, সেই অব্রাহামক তেওঁ আশীৰ্বাদো কৰিছিল। এই বিষয়ত কোনো সন্দেহ নাই যে সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে। এফালে দেখা যায়, যি সকলে দশম ভাগ পায়, তেওঁলোক মৃত্যুৰ অধীন মানুহ; কিন্তু আনফালে, যি জনে অব্রাহামৰ পৰা দহ ভাগৰ এভাগ পালে তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে। পুণৰ ইয়াক এনেকৈয়ো ক’ব পাৰি যে, লেবীয়ে দহ ভাগৰ এভাগ পাইছিল আৰু তেওঁ নিজেও অব্ৰাহামৰ যোগেদি দহ ভাগৰ এভাগ দিলে; কিয়নো মল্কিচেদকৰ সৈতে যেতিয়া অব্রাহামৰ সাক্ষাৎ হৈছিল তেতিয়া লেবী তেওঁৰ পূর্বপুৰুষ আব্রাহামৰ শৰীৰৰ ভিতৰত আছিল।

ইব্ৰী 11:24-26

বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে; কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে, আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।

ইব্ৰী 13:5

আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।

ইব্ৰী 13:16

কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।

যাকোব 1:9-11

যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ উচ্চপদৰ বাবে গৌৰৱ কৰক; যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব। কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।

যাকোব 1:17

সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷

যাকোব 2:2-7

কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে, তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কয়, “আপুনি ইয়াতে স্বচ্ছন্দে বহক” আৰু সেই দৰিদ্ৰজনক যদি কয়, “তই তাতে থিয় হৈ থাক” বা “মোৰ এই ভৰি-পীৰাৰ তলতে বহ”; তেনেহলে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কু-বিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহ’ল নে? হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে? কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধ-বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে? আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰীত হৈছে, সেই উত্তম নামক তেওঁলোকে নিন্দা নকৰে নে?

যাকোব 2:8

যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;

যাকোব 2:14-17

হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে, তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে তেনেহলে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিব নে? কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে, আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, “তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা”; কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ? ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।

যাকোব 4:3

আপোনালোকে বিচাৰে, আৰু বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্য ৰাখি বিচাৰে৷ আপোনালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰে৷

যাকোব 4:13-15

শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম; কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷ তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”

যাকোব 5:1-3

এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক। আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল। আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।

যাকোব 5:4-5

চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে। আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।

1 পিতৰ 1:7

অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷

1 পিতৰ 1:18

আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়,

1 পিতৰ 3:3-4

কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক। কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷

1 যোহন 2:15-17

আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।

1 যোহন 3:17-18

কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব? হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।

প্ৰকাশিত বাক্য 3:16-18

এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বঁতিয়াই পেলাবলৈ উদ্যত হৈ আছোঁ। কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা। এতেকে মই তোমাক এই পৰামৰ্শ দিছোঁ যে, তুমি ধনী হ’বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলঙ্গতাৰ লাজ প্ৰকাশিত নহ’বলৈ, বস্ত্ৰান্বিত হ’বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে, চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা৷

প্ৰকাশিত বাক্য 6:6

পাছত সেই চাৰি জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা মই শুনিলো, বোলে, “এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা”।

প্ৰকাশিত বাক্য 6:15-16

তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷ তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেৰ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা;

প্ৰকাশিত বাক্য 13:16-17

তাতে সি গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, প্ৰত্যেকৰে সোঁ হাতত বা কপালত এটা বিশেষ চিহ্নৰ ছাব লবলৈ বাধ্য কৰালে; যি সকলৰ সেই পশুৰ ছাব, অৰ্থাৎ সেই পশুৰ নাম, বা তাৰ নামৰ সংখ্যা নাই, তাক এনে কৰিলে যে, তেওঁ কিনা-বেচা কৰাতো অসম্ভৱ হ’ল৷

প্ৰকাশিত বাক্য 18:11-14

পৃথিৱীৰ সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে, কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ, ডালচেনি, মচলা, ধূপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথ, বন্দী মানুহ আৰু মানুহৰ প্ৰাণ, এতিয়া কোনেও নিকিনে৷ তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ’ল৷ সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ’ল; সেইবোৰ কেতিয়াও পুনৰ নাপাবা।

প্ৰকাশিত বাক্য 18:15-17

এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷ তেওঁলোকে কব, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যি শণ সুতাৰ মিহি কাপোৰ পিন্ধা, বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা!” এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷

প্ৰকাশিত বাক্য 21:6

পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।

প্ৰকাশিত বাক্য 22:17

আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।

Assamese - অসমীয়া - AS

ASIRV'19 - Assamese Indian Revised Version - 2019

This Bible text is from Assamese Indian Revised Version IRV 2019
https://open.bible/bibles/assamese-bridge-text-bible/
provided by: Bridge Connectivity Solutions Pvt Ltd, available by Creative Commons CC-BY-SA-4.0,
and this new compilation is shared as www.creativecommons.org/licenses/by-sa/4.0.
Languages are made available to you by www.ipedge.net