27 – কষ্ট

এইবোৰ সৰ্বশক্তিমান ঈশ্বৰৰ পবিত্ৰ বাক্য।
মানুহে ৰচনা কৰা শব্দবোৰৰ প্ৰতি আমাৰ আগ্ৰহ নাই।
যারা ঈশ্বরকে ভালোবাসে তাদের জন্য... ঈশ্বর এই বিষয়ে বলেন: কষ্ট.

শীৰ্ষ 3 টা আটাইতকৈ গুৰুত্বপূৰ্ণ পদ

ইয়ো 2:9-10

পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।” তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।

2 কৰি 4:8-12

আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ; তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ; আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়। কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ। এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে।

2 কৰি 4:16-18

এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে। আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।

কেনোনিকেল ক্ৰমৰ প্ৰতিটো শ্লোক – 544 পাঠাংশ

আদি 2:17

কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”

আদি 3:16-19

তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।” তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা। ভূমিয়ে তোমালৈ কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন কৰিব আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা। মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”

যাত্ৰা 3:7-9

যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ। মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ। এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।

যাত্ৰা 14:14

যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।”

যাত্ৰা 15:26

তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”

যাত্ৰা 22:23

তেওঁলোকক যদি তোমালোকে কষ্ট দিয়া, আৰু তেওঁলোকে যদি মোৰ আগত কাতৰোক্তি কৰে, তেনেহ’লে মই যিহোৱাই অৱশ্যে তেওঁলোকৰ কাতৰোক্তি শুনিম।

যাত্ৰা 23:25

তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।

লেবীয়া 25:35

আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;

লেবীয়া 26:6

আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেওঁ ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব।

লেবীয়া 26:15-17

মোৰ বিধি অগ্ৰাহ্য কৰা, আৰু মনতে মোৰ শাসন-প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য নকৰা, কিন্তু মোৰ নিয়মটি লঙ্ঘন কৰা; তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব। আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।

দ্বি.বি. 4:30-31

যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব। কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।

দ্বি.বি. 7:15

যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব।

দ্বি.বি. 8:4-6

এই চল্লিশ বছৰত, আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল। এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব। আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব।

দ্বি.বি. 10:18

তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।

দ্বি.বি. 11:26-28

চোৱা, আজি মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ। আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব। কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।

দ্বি.বি. 20:1

যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।

দ্বি.বি. 28:1

আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।

দ্বি.বি. 30:19-20

মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক। আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক। কাৰণ প্রভুৱেই আপোনালোকৰ জীৱন আৰু তেঁৱেই আপোনালোকক দীর্ঘজীৱি কৰিব। আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক।

দ্বি.বি. 31:6

আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।

দ্বি.বি. 31:8

যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”

দ্বি.বি. 32:39

এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।

যিহো 1:9

মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”

যিহো 10:25

তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহ’বা। তোমালোক বলৱান আৰু সাহসিয়াল হোৱা। কিয়নো তোমালোকে যি যি শত্ৰু সকলৰ সৈতে যুদ্ধ কৰিবা, সেই সকলো শত্ৰুকে যিহোৱাই এইদৰে কৰিব।”

1 চমূ 2:6-8

যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷ যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷ তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।

2 চমূ 24:25

আৰু দায়ূদে সেই ঠাইতে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে যিহোৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইস্ৰায়েলৰ পৰা মহামাৰী গুচিল।

2 ৰাজা 20:1-6

এই সময়তে হিষ্কিয়া ৰজা অসুস্থ হৈছিল আৰু তেওঁৰ মৃতপ্রায় অৱস্থা হৈছিল। সেয়ে এদিন আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে তেওঁৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামর্শ দিয়া; কিয়নো তোমাৰ মৃত্যু হ’ব; তুমি জীয়াই নাথাকিবা।” এই কথা শুনি হিষ্কিয়াই তেওঁৰ মুখ দেৱালৰ ফাললৈ ঘূৰাই যিহোৱাৰ আগত এইদৰে প্ৰাৰ্থনা কৰিলে; “হে যিহোৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।” এইবুলি হিষ্কিয়াই বৰকৈ কান্দিবলৈ ধৰিলে। যিচয়াই ওলাই গৈ ৰাজগৃহৰ চোতালৰ মাজ পোৱাৰ আগেয়েই তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল। “তুমি ঘূৰি যোৱা আৰু মোৰ লোকসকলৰ নেতা হিষ্কিয়াক কোৱাগৈ, ‘তোমাৰ পূর্বপুৰুষ দায়ুদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মই তোমাৰ চকুৰ পানী দেখিলোঁ। তৃতীয় দিনা মই তোমাক আৰোগ্য কৰিম আৰু তুমি যিহোৱাৰ গৃহলৈ উঠি যাবা। তোমাৰ আয়ুস মই পুনৰ পোন্ধৰ বছৰ বঢ়াই দিম আৰু মই অচূৰৰ ৰজাৰ হাতৰ পৰা তোমাক আৰু এই নগৰ উদ্ধাৰ কৰিম; মোৰ নিজৰ বাবে আৰু মোৰ দাস দায়ুদৰ কাৰণে মই এই নগৰ ৰক্ষা কৰিম’।”

1 বংশা 16:10-12

তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰা সকলৰ মনে আনন্দ কৰক। যিহোৱাক বিচাৰা আৰু তেওঁৰ শক্তিক বিচাৰা; সদায় তেওঁৰ উপস্থিতি বিচাৰা। তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা, তেওঁৰ অদ্ভুত কাম আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ সোৱঁৰা।

2 বংশা 7:14-15

তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম। আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ’ব।

2 বংশা 32:8

তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।

ইয়ো 1:14-20

তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল; এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে,

ইয়ো 1:21

“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”

ইয়ো 2:4-8

তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে। কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।” তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল। ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে।

ইয়ো 2:9-10

পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।” তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।

ইয়ো 2:11-13

পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে। পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে; আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।

ইয়ো 5:17-18

চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা। কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।

ইয়ো 6:10-11

সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই। মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?

ইয়ো 6:14

নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।

ইয়ো 7:5

পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।

ইয়ো 8:21

তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,

ইয়ো 10:1

মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; মই হৃদয়ৰ বেজাৰত কথা কম।

ইয়ো 11:16-19

কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা, ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব। তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব, আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব। আশা থকা কাৰণে তুমি সাহিয়াল হবা; আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা। তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব; বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব।

ইয়ো 13:4

কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।

ইয়ো 13:15

চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।

ইয়ো 13:28

সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।

ইয়ো 14:22

কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”

ইয়ো 19:20

মই হাড়ে-ছালে লাগিলোঁ; মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।

ইয়ো 19:25-26

কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব। আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।

ইয়ো 30:16-17

সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে। ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।

ইয়ো 30:27-30

মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে। মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ। মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ। মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।

ইয়ো 33:19-22

সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে, তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে। তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে; এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়।

ইয়ো 34:31-32

“মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;” যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?

ইয়ো 42:10-11

যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে। পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।

গীত 2:2-4

যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।

গীত 3:3-6

কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা। মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো; তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা) মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে। মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।

গীত 4:8

মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।

গীত 6:2-4

হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে। মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব? হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।

গীত 9:9-10

উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়। যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।

গীত 9:13

হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।

গীত 10:14

কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা

গীত 13:2-3

কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা? হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।

গীত 16:8-11

মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম। এই কাৰণে মোৰ মন আনন্দেৰে ভৰা, মোৰ হৃদয়ে উল্লাস কৰে; মোৰ শৰীৰ নিৰাপদে থাকিব। কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা, তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা। তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।

গীত 17:8-9

চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা; তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা; যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে, সেই দুষ্ট লোকসকলৰ পৰা, যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে, সেই শত্রুবোৰৰ পৰা, তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।

গীত 18:1-6

হে যিহোৱা, তুমিয়েই মোৰ বল; মই তোমাক অতি প্ৰীতি কৰোঁ। যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান। যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ। মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলোঁ, পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো। চিয়োলৰ জৰীয়ে মোক মেৰাই ধৰিছিল, মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল। সঙ্কটৰ কালত মই যিহোৱাক মাতিলো, সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ; তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।

গীত 22:24

তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, ঘৃণাৰ চকুৰে নাচালে; যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।

গীত 23:1-6

যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে। তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।

গীত 25:16-18

মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত। মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা; মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা। মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা, মোৰ সকলো পাপ ক্ষমা কৰা।

গীত 27:1-5

যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম? দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে। সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম। যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ। আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।

গীত 27:10

মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।

গীত 28:7

যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।

গীত 30:2-5

হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা। হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা, তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা। হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।

গীত 30:9-12

“মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্ৰশংসা নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব? হে যিহোৱা, শুনা, মোক কৃপা কৰা, হে যিহোৱা, মোৰ সহায় হোৱা।” শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা, যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।

গীত 31:2-3

মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা। তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।

গীত 31:9-12

হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে। মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ, হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে; মোৰ দূখৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে। মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ; বাটত মোক দেখিলে মানুহবোৰ পলাই যায়। মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।

গীত 31:15

তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।

গীত 32:3-4

মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল। কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)

গীত 33:18-19

যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে, যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;

গীত 34:7

যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।

গীত 34:15-20

যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে। যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব। ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে। যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে। ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে। যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।

গীত 35:13-14

কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ। মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।

গীত 36:7-9

হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়। তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া। কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।

গীত 37:13-15

প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে। দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে। কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব, আৰু তেওঁলোকৰ ধনু ভঙা হব।

গীত 37:37

সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।

গীত 38:3-10

তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই; মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই। মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে; সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে। মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে। মই দুখ পাই বৰ কুঁজা হৈ পৰিছো, ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ। মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে, মোৰ শৰীৰৰ ক’তো সুস্থতা নাই। মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ। হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই। মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।

গীত 39:10-12

মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা; তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ। তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা) হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।

গীত 40:2-3

তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে। তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।

গীত 40:11

হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।

গীত 41:3-4

তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে; নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা। মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা, কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”

গীত 42:5-6

হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ। মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ।

গীত 43:4-5

তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম। হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।

গীত 46:1-2

ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,

গীত 46:10-11

যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।” বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

গীত 48:14

এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।

গীত 50:15

সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”

গীত 51:8

মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া; তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।

গীত 51:17

ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।

গীত 52:6-7

ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব, “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে

গীত 55:18

কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।

গীত 55:22

যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।

গীত 56:3-6

যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম। মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে? সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক। সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।

গীত 56:8

তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?

গীত 56:11-13

মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে? হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম। কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা; জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ, তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?

গীত 57:1

হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।

গীত 59:8-9

কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা। ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।

গীত 59:16-17

কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম; এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম; কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান। হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম; কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।

গীত 61:1-4

হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা; মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া। মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে। কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ। মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম।

গীত 62:1-2

মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।

গীত 62:5-8

হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে। কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল।

গীত 63:1-8

হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে। এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ। কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব। এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম। লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব। মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ। কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম। মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।

গীত 68:5-6

ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।

গীত 71:18-23

প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম। হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে? তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা। তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা; পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া। হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়; তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।

গীত 73:23-26

তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাত খনত ধৰি ৰাখিলা। তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা। তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই। মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি

গীত 82:3

তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।

গীত 84:2-4

যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে। জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে। হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে, ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে, তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে। ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে; তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)

গীত 86:7

সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।

গীত 86:13

কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা।

গীত 89:47-48

মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা! কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা)

গীত 90:1

হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।

গীত 91:1-7

যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।” তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব। তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা। অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা। হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।

গীত 91:9-16

‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা। সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।

গীত 94:19

মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।

গীত 94:22

কিন্তু যিহোৱাই মোৰ দুৰ্গ; মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।

গীত 100:1-5

হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা। আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা; আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ; তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ। তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা। কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।

গীত 102:1-5

হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক। সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া। কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে। ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ। মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।

গীত 102:11-12

মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ। কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।

গীত 103:1-4

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা। যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে, যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে, যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে,

গীত 103:14-17

কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে। মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়। ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়। কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।

গীত 106:43-46

তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল। তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে। তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে। যিসকলে তেওঁলোকক বন্দী কৰিছিল, তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে।

গীত 107:5-6

তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল। তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।

গীত 107:9-14

কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে। কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল। কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে। সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল। তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে। তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।

গীত 107:17-20

যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে। তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল। সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।

গীত 116:7-9

হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা, কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে। কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ, চকুলোৰ পৰা মোৰ চকু, উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা। মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।

গীত 116:15

যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।

গীত 118:5-6

মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?

গীত 118:8-9

মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল। অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।

গীত 118:17

মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।

গীত 118:18

যিহোৱাই মোক বৰকৈ শাস্তি দিলে; কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।

গীত 119:25

মোৰ প্রাণ ধুলিত সংলগ্ন; তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।

গীত 119:28

দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে; তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।

গীত 119:50

দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।

গীত 119:67

কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।

গীত 119:71

মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।

গীত 119:75-77

হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা। তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক। মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰোঁ; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।

গীত 119:92-93

তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন। মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।

গীত 119:107

হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।

গীত 119:143

সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।

গীত 121:2

যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।

গীত 121:7-8

যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।

গীত 126:5-6

যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব। যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।

গীত 130:5-6

মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ। প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।

গীত 140:1-3

হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা। তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে। তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে!

গীত 140:12

মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।

গীত 142:1-7

মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ। মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ। মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে; মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে। হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।” তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী। কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।

গীত 143:6-7

মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।

গীত 145:18-21

যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ। যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে। যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব। মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।

গীত 146:7-9

তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে; যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে; যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।

গীত 147:3

তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

হিতো 3:5-8

তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব। তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ। ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।

হিতো 12:25

মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।

হিতো 15:13

আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।

হিতো 17:22

আনন্দিত হৃদয় ভাল ঔষধ হয়; কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।

হিতো 18:10

যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।

হিতো 18:14

মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?

হিতো 18:21

জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।

হিতো 24:10-11

সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।

হিতো 31:6-8

বিনাশলৈ যোৱা জনক সুৰা দিয়া, আৰু বেদনাদায়ক যন্ত্রণাত ভুগি থকা সকলক দ্রাক্ষাৰস পান কৰোঁৱা। তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব, আৰু তেওঁৰ সমস্যাৰ কথা মনত নাথাকিব। কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা, বিনাশ হোৱা সকলৰ কাৰণ সমূহৰ বাবে কথা কোৱা।

উপ 3:1-4

প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো কার্যৰ একোটা নির্দিষ্ট সময় আছে। জন্মৰ যেনেকৈ এক সময় আছে, মৃত্যুৰো তেনেকৈ সময় আছে; ৰোপণৰ সময় আছে আৰু উঘালি পেলাবৰো সময় আছে। বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে। কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।

উপ 7:1-4

সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল। ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল; কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব, জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত। হাঁহিতকৈ দুখ ভোগ ভাল। কাৰণ মুখৰ বিষন্নতাৰ দ্বাৰাই হৃদয়ক আনন্দিত কৰা হয়। জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে; কিন্তু অজ্ঞানী লোকৰ হৃদয় কেৱল আমোদ-প্রমোদৰ ঘৰত থাকে।

উপ 7:14

সুখৰ দিনত সুখী হোৱা; কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা: ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে। সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।

যিচ 1:5-6

তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল; ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই; কেৱল ঘা, আঘাত, আৰু মুকলি ঘাঁবোৰ সতেজ; সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।

যিচ 14:7

সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে;

যিচ 19:22

যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।

যিচ 21:3

এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,

যিচ 24:4-6

পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে। পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে। সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।

যিচ 25:4

কিয়নো আপুনি দুখীয়াৰ বাবে সুৰক্ষা, আৰু দুৰৱস্থাত থকা অভাৱীসকলৰ প্রতিপালক, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, আৰু সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছে।

যিচ 25:8

তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাহ কৰিব, আৰু প্ৰভু যিহোৱাই সকলোৰে চেহেৰাৰ পৰা চকুলো মচিব, আৰু গোটেই পৃথিৱীৰ পৰা নিজৰ প্ৰজাসকলৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা ক’লে।

যিচ 26:3-4

যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে। তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।

যিচ 26:12

হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।

যিচ 30:18-21

তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল। কিয়নো লোকসকল যিৰূচালেমৰ চিয়োনত বাস কৰিব; সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাতৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব। যদিও প্ৰভুৱে তোমালোকক সঙ্কটযুক্ত আহাৰ, আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমালোকৰ শিক্ষকসকল আৰু লুকাই নাথাকিব, কিন্তু তোমালোকে নিজৰ চকুৰে শিক্ষকসকলক দেখিবলৈ পাব। যেতিয়া তোমালোকে সোঁফালে কি বাঁওফালে ঘুৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, “এয়ে পথ, এই পথে চলা,”

যিচ 35:3-6

তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা। ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।” তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব, সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব।

যিচ 35:8-10

তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, কোনো মূর্খব্যক্তি সেই পথত নাযাব। সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব। যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।

যিচ 40:1-2

তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক। যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।

যিচ 40:11

তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।

যিচ 40:28-31

তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য। তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে। এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে। কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।

যিচ 41:10

ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।

যিচ 41:17

দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।

যিচ 43:1-2

কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।” তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।

যিচ 45:7

মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।

যিচ 46:4

আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।

যিচ 48:10

চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়; অত্যন্ত যন্ত্রণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।

যিচ 49:10

তেওঁলোক ক্ষুধাতুৰ বা তৃষ্ণাতুৰ নহ’ব; গৰমে বা সূৰ্যৰ তাপে তেওঁলোকক কষ্ট নিদিব; কাৰণ যি জনাই তেওঁলোকক দয়া কৰে, তেওঁ তেওঁলোকক চলাই লৈ যাব, আৰু জলৰ ভুমুকলৈ পথ দর্শক হৈ তেওঁলোকক চলাই নিব।

যিচ 49:13

হে আকাশ মণ্ডল, গীত-গান কৰা; হে পৃথিৱী, উল্লাসিত হোৱা; হে পৰ্ব্বতবোৰ, আনন্দ গান কৰিবলৈ ধৰা! কাৰণ যিহোৱাই নিজৰ প্ৰজাসকলক শান্ত্বনা দিব, আৰু তেওঁৰ দুখিত সকলক তেওঁ দয়া কৰিব।

যিচ 49:16

চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।

যিচ 51:3

হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।

যিচ 51:11-12

যিহোৱাই মুক্তিপণ দিয়াসকল ঘুৰি আহিব, আৰু আনন্দ-গানেৰে চিয়োনলৈ আহিব; তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ’ব; উল্লাস আৰু আনন্দ হব, দু:খ আৰু শোক দূৰ হ’ব। মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?

যিচ 53:1-12

আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল? কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল। তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই প্রত্যাকখাণ কৰা; শোকাতুৰ আৰু যাতনা পৰিচিত ব্যক্তি। যাৰ পৰা মানুহে মুখ লুকাই ৰাখে, তেওঁ তাৰ দৰে; তেওঁক তুচ্ছ জ্ঞান কৰা হল, আৰু আমি তেওঁক বিশেষত্বহীন বুলি বিবেচনা কৰিলোঁ। নিশ্চয়ে তেওঁ আমাৰ যাতনাবোৰ ললে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত, আৰু পীড়িত বুলি ভাবিলো। কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ। আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে। তেওঁক অত্যাচাৰ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া মেৰ-ছাগ, আৰু যেনেকৈ নোম কাটোতাৰ আগত মেৰ-ছাগে নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে। তেওঁক দমন নীতি আৰু বিচাৰৰ দ্বাৰাই দোষী কৰা হৈছিল; সেই প্রজন্মৰ পৰা কোনে তেওঁৰ বিষয়ে আৰু অধিক চিন্তা কৰিছিল? কিন্তু জীৱিতসকলৰ দেশৰ পৰা তেওঁক বিচ্ছেদ কৰা হৈছিল; আৰু মোৰ লোকসকলৰ দোষৰ কাৰণে তেওঁক শাস্তি দিয়া হৈছিল। তেওঁলোকে অপৰাধীসকলৰ সৈতে তেওঁৰ মৈদাম স্থাপন কৰিবলৈ ইচ্ছা কৰিলে, আৰু মৃত্যুত তেওঁ ধনৱানৰ সৈতে আছিল, তথাপি তেওঁ কোনো অত্যাচাৰ কৰা নাছিল, নাইবা তেওঁৰ মুখত কোনো প্ৰতাৰণাৰ কথা নাছিল। তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব। তেওঁৰ আত্মাই কষ্ট পোৱাৰ পাছত তেওঁ নিজৰ জ্ঞানৰ দ্বাৰাই নিজকে সন্তুষ্ট হোৱা দেখিব। মোৰ ধাৰ্মিক দাসে অনেকক নির্দোষী প্রমাণ কৰিব, তেৱেঁই তেওঁলোকৰ অপৰাধৰ ভাৰ বহন কৰিব। সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।

যিচ 54:4

ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।

যিচ 54:14

ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।

যিচ 54:17

তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।

যিচ 55:12

সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ’ব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব।

যিচ 57:2

তেওঁ শান্তিত প্ৰবেশ কৰে; যি সকলে তেওঁলোকৰ সত্যতাত চলে তেওঁলোকে নিজৰ শয্যাত বিশ্ৰাম কৰে।

যিচ 57:15

এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।

যিচ 57:18-19

মই তেওঁৰ পথ দেখিলোঁ, কিন্তু মই তেওঁক সুস্হ কৰিম; মই তেওঁক চলাম, আৰু শোক কৰাসকলক শান্ত্বনা পুনৰায় দিম। আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম।

যিচ 58:5-7

মই বিচাৰা লঘোন সঁচাই এইয়ে নে? প্রতিজনে নিজকে নম্র কৰিবলৈ এদিন, নলখাগড়ৰিৰ দৰে তেওঁৰ মূৰ দোঁওৱা, আৰু চটকাপোৰ বিস্তাৰ কৰা আৰু ছাঁইত বহা, তুমি সঁচাই ইয়াকে লঘোন বোলা নে আৰু যিহোৱাৰ গ্রহণীয় দিন বোলা নে? মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাঁড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়? ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।

যিচ 58:8-11

ইয়াকে কৰিলে, অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্রকাশ পাব, আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব, তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ’ব। তেতিয়া তুমি মাতিলে, যিহোৱাই তোমাক উত্তৰ দিব; তুমি সহায়ৰ বাবে কাতৰোক্তি কৰিলে, তেওঁ ক’ব, “এইয়া মই আছোঁ।” যদি তুমি নিজৰ মাজৰ পৰা যুৱলি, দোষাৰোপ কৰা আঙুলি, আৰু অৰ্ধম্মবাক্য দূৰ কৰা, যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব; আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।

যিচ 61:1-3

প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ। যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে। চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।

যিচ 63:9

তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।

যিচ 65:17-19

কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ; আৰু পূৰ্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব। কিন্তু মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা; কিয়নো চোৱা, মই যিৰূচালেমক উল্লাসৰ বিষয়, আৰু তাৰ লোকসকলক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ। মই যিৰূচালেমত উল্লাস, আৰু মোৰ লোকসকলত আনন্দ কৰিম, তাত ক্ৰন্দনৰ শব্দ কি কাতৰোক্তিৰ শব্দ আৰু শুনা নাযাব।

যিচ 66:13

যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।

যিৰি 17:7-8

যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য। কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।

যিৰি 17:14

হে যিহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হম! মোক ৰক্ষা কৰা, তেতিয়া মই পৰিত্ৰাণ পাম। কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল।

যিৰি 29:11-13

কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়। আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম। আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।

যিৰি 30:17

কিয়নো যিহোৱাই কৈছে, ‘মই তোমাক পুনৰায় আৰোগ্য কৰিম; আৰু তোমাৰ ঘাঁবোৰ সুস্থ কৰি। কাৰণ কোনো মানুহে নিবিচৰা এয়ে চিয়োন বুলি কৈ লোকে তোমাক সমাজভ্ৰষ্টা বোলে।”

যিৰি 31:25-26

কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”। ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।

যিৰি 33:6

কিন্তু চোৱা, মই নগৰৰ ঘা বান্ধি চিকিৎস্যা কৰিম, তেওঁলোকক সুস্থ কৰিম আৰু তেওঁলোকলৈ প্ৰচুৰ পৰিমানে কুশল, শান্তি আৰু সত্যতা আনিম।

বিলা 3:19-20

মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ। মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে।

বিলা 3:22-26

আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই! তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ! মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম। যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়। যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।

বিলা 3:32-33

যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব। কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে।

বিলা 3:57-58

তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!” হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা।

বিলা 5:10

দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।

যিহি 34:14-16

মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব। ময়েই মোৰ মেৰ-ছাগবোৰক চৰাম আৰু মই নিজেই সেইবোৰক শয়ন কৰাম।” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা। “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!

দানি 3:28

তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।

দানি 6:22-23

মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।” তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাতৰ পৰা তুলিবলৈ আজ্ঞা দিলে, তাতে দানিয়েলক গাতৰ পৰা তোলা হ’ল। দানিয়েল নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁৰ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগল।

দানি 6:27

তেওঁ আমাক সুৰক্ষিত কৰে, আৰু উদ্ধাৰ কৰে; স্বৰ্গ আৰু পৃথিৱীত, তেওঁ আচৰিত কাৰ্য কৰে; তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে।”

হোচ 6:1-2

“আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব। দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ।

হোচ 13:14

চিয়োলৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে।

যোৱে 2:25-26

“আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম। তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।

যোন 2:2

তেওঁ ক’লে, “মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো; তাতে তেওঁ মোক উত্তৰ দিলে। চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে।

চফ 3:17

তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।

মলা 4:2

কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।

মথি 2:16-18

তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দি পঠিয়াই দিলে। তেতিয়া যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল, সেয়া সিদ্ধ হ’ল: “ৰামাত এটা মাত শুনা গ’ল, বিলাপৰ ৰোল আৰু মহা-শোক, ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্রন্দন কৰিছে আৰু তেওঁ সান্ত্বনা পাবলৈও ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো জীয়াই থকা নাই।”

মথি 4:23-24

যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে। সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।

মথি 5:3-4

আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ। শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে সান্ত্বনা পাব।

মথি 5:10-12

ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ। যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।

মথি 5:44

কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,

মথি 6:25-34

এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে? আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে? আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলি ফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়; তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল। এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে? এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা। কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব। এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।

মথি 7:7-8

খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব। কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।

মথি 8:2-3

সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।” যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।

মথি 8:5-13

ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ’ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে, “হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।” যীচুৱে তেওঁক ক’লে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।” সেই সেনাপতিয়ে উত্তৰ দি ক’লে, “হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ’ব। মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আন জনক ‘আহ’ বুলিলে, সি ‘আহে’ আৰু মোৰ দাসক ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।” যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই। মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব; কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।” তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক ক’লে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেইদৰেই হওক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।

মথি 8:14-15

পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে।

মথি 8:16-17

সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে। ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।”

মথি 8:24-26

হঠাৎ সাগৰত প্রবল ধুমুহা আহিল আৰু নাও খনৰ ওপৰলৈকে ঢৌৰ লহৰবোৰ ওফন্দি উঠিবলৈ ধৰিলে; তেতিয়া যীচু টোপনিত আছিল। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাই ক’লে, “হে প্ৰভু, আমাক বচাওঁক; আমি এতিয়া মৰিম।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।

মথি 8:28-32

যীচু যেতিয়া সাগৰৰ সিপাৰে থকা গাদাৰীয়া সকলৰ দেশলৈ আহিল, তাতে ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তেওঁৰ আগত উপস্থিত হ’ল। সিহঁত ইমানেই ভয়ানক আছিল যে, কোনোৱে সেই বাটেদি যাব নোৱাৰিছিল। সিহঁতে চিঞৰি ক’লে, “হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰনো কি কাম আছে? নির্দ্দিষ্ট সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ ইয়ালৈ আহিছে নেকি?” সেই সময়ত সিহঁতৰ পৰা নাতিদূৰৈত এজাক গাহৰি চৰি আছিল। ভূতবোৰে যীচুক কাকুতি কৰি ক’লে, আপুনি যদি আমাক খেদাবলৈকে বিচাৰে, তেনেহলে সেই গাহৰি জাকৰ মাজত সোমাবলৈ আমাক পঠিয়াই দিয়ক। তেওঁ সিহঁতক ক’লে, “তেনেহলে যা!” তেতিয়া মানুহ দুজনৰ পৰা ভূতবোৰ বাহিৰ ওলাই আহি গাহৰিবোৰত সোমাল। তাতে সেই গাহৰিৰ জাকটো পাহাৰৰ গৰায়েদি নামি দৌৰি গ’ল আৰু সাগৰত পৰি পানীত ডুবি মৰিল।

মথি 9:2-7

এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।” তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।” যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’ কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’? কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’ তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।

মথি 9:12

এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।

মথি 9:20-22

সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল। তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।” যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।

মথি 9:23-25

তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে। যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে। পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।

মথি 9:27-30

যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।” পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।” তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।” সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”

মথি 9:32-33

সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে। যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”

মথি 9:35

যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।

মথি 10:1

যীচুৱে তেওঁৰ বাৰ জন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অশুচি আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ-ব্যাধি আৰু অসুস্থ জনক সুস্থ কৰিবলৈ অধিকাৰ দিলে।

মথি 10:8

অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগী সকলক শুচি কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূল্যে পাইছা, বিনামূল্যেই দিবা।

মথি 10:28-31

যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা। দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।

মথি 10:39

যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।

মথি 11:5

অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।

মথি 11:28-30

হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”

মথি 12:10-13

তাত এজন মানুহ আছিল, আৰু সেই মানুহ জনৰ এখন হাত শুকাই গৈছিল। যীচুক পাপ কৰাৰ অপৰাধত দোষ দিবৰ উদ্দেশ্যে ফৰীচী সকলে তেওঁক সুধিলে, “বিধান অনুসাৰে বিশ্ৰামবাৰে সুস্থ কৰিব পায় নে?” তাতে তেওঁ তেওঁলোকক ক’লে, “আপোনালোকৰ মাজৰ কাৰোবাৰ যদি কেৱল এটা মেৰ থাকে আৰু সেই মেষটো যদি বিশ্ৰামবাৰে গাতত পৰে, তেনেহলে তাক ধৰি তুলি আনিবলৈ নোযোৱা কোনোবা আছে নে? তেনেহলে মেৰতকৈ মানুহ কিমান বহুমূলীয়া! এই হেতুকে, বিশ্ৰামবাৰে ভাল কৰ্ম কৰা বিধানযুক্ত।” তাৰ পাছত যীচুৱে সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তাতে মানুহ জনে নিজৰ হাত খন মেলি দিয়াত, সেই হাত খন সম্পূর্ণ সুস্থ হৈ আন খন হাতৰ নিচিনা হ’ল।

মথি 12:15

যীচুৱে সেই বিষয়ে বুজি পোৱাত, তেওঁ তাৰ পৰা আতৰি গ’ল৷ তেতিয়া বহু মানুহ তেওঁৰ পাছে পাছে গ’ল আৰু সেই লোক সকলক তেওঁ সুস্থ কৰিলে।

মথি 12:22

সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক’লে আৰু দৃষ্টিও পালে।

মথি 13:20-21

শিলাময় মাটিত যি কঠিয়া পৰিছিল, তেওঁ এনে এজন লোক যি জনে বাক্য শুনে আৰু লগে লগে আনন্দেৰে সেই বাক্য গ্ৰহণো কৰে। কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।

মথি 14:14

তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।

মথি 14:35-36

তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে। তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।

মথি 15:22-28

সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।” কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ ওচৰলৈহে পঠোৱা হৈছে।” তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।” কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।” তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।” তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।

মথি 15:30-31

তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে। তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।

মথি 17:14-18

যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহি, তেওঁৰ আগত আঁঠুকাঢ়ি ক’লে, “হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷ মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।” তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।” তেতিয়া যীচুৱে সেই ভূতৰ আত্মাক ডবিয়াই দিয়াত, সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।

মথি 17:20

যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।

মথি 18:8-9

তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল। তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেনেহলে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা; দুই চকু লৈ অনন্ত অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ, বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল।

মথি 18:14

এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।

মথি 20:30-34

তাতে বাটৰ কাষত দুজন অন্ধ বহি আছিল; যীচু সেই বাটেদি যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান আমাক দয়া কৰক”। কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোক সকলে ডবিয়ালে; কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক’লে, “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক”। তেতিয়া যীচু থমকি ৰ’ল আৰু সিহঁতক মাতি সুধিলে, “তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম?” সিহঁতে যীচুক ক’লে, “হে প্ৰভু, আমাৰ চকু মুকলি কৰক।” তেতিয়া সিহঁতলৈ মৰম লাগি যীচুৱে সিহঁতৰ চকু চুলে; তেতিয়াই সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ’ল।

মথি 21:14

তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।

মথি 21:21-22

যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব। তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”

মথি 24:9-13

সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা। তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব। বহুতো মিছা-কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷ কাৰণ অধৰ্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব। কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।

মথি 24:21-22

কিয়নো সেই কালত মহাক্লেশ হ’ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও। সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।

মথি 25:36

উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’।

মথি 26:35

পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে।

মথি 26:37-39

পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে। তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”। পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”

মথি 27:26

তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্রুচত দিবলৈ শোধাই দিলে।

মথি 27:35

পাছত তেওঁলোকে যীচুক ক্রুচত দি তেওঁৰ কাপোৰ চিঠি খেলি ভাগ-বাঁটি ল’লে;

মথি 27:46

আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী”? অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা”?

মাৰ্ক 1:23-26

সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে, “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”। কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।

মাৰ্ক 1:30-31

তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে। তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।

মাৰ্ক 1:32-34

সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে; আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে। তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷

মাৰ্ক 1:39-42

পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”। তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”। তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।

মাৰ্ক 2:3-12

তেতিয়া লোক সকলে চাৰি জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে। কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগীজনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে। তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক ক’লে, “বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল”। কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে, “এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে”? তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে; সেয়েহে তেওঁলোকক ক’লে, “আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে? ‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগীজনক কোনটো কবলৈ উজু? কিন্তু আপোনালোকে যেন জানে যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা”। তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ’ল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি ক’লে, “আমি এনেকুৱা কেতিয়াও দেখা নাই”, এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।

মাৰ্ক 2:17

যীচুৱে ইয়াকে শুনি তেওঁলোকক ক’লে, “নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্ৰয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিক জনক নহয় কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছোঁ”।

মাৰ্ক 3:1-5

তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল। বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল। তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক’লে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা”। তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়”? কিন্তু তেওঁলোক মনে মনে থাকিল। তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।

মাৰ্ক 3:10-11

কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল। আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ’।

মাৰ্ক 3:14-15

তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে, আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷

মাৰ্ক 4:16-17

সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে, কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।

মাৰ্ক 4:37-40

পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে। সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, “হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে”? তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল। যীচুৱে তেওঁলোকক ক’লে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”

মাৰ্ক 5:2-13

যীচুৱে নাৱৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিব আহিল৷ সি মৈদামৰ পৰা ওলাই আহিছিল৷ সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল৷ কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল৷ তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি পেলাই, বেৰীও ডোখৰ ডোখৰ কৰিছিল৷ তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল। প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে। যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷ তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছোঁ, মোক যাতনা নিদিব”। কিয়নো যীচুৱে তেওঁক কৈছিল, “হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা”। পাছত যীচুৱে তেওঁক সুধিলে “তোৰ নাম কি?” তাতে সেই মানুহ জনে তেওঁক ক’লে, “মোৰ নাম বাহিনী কিয়নো আমি অনেক আছোঁ”। পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি ক’লে। সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল। তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷” তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।

মাৰ্ক 5:25-29

আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷ অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷ তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷ কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’। তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে।

মাৰ্ক 5:35-42

তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?” কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।” পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে। তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে। পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক ক’লে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা? ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল। পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।” সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে।

মাৰ্ক 6:5

সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷

মাৰ্ক 6:13

বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।

মাৰ্ক 6:55-56

তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে। তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।

মাৰ্ক 7:25-30

যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে। তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়”। কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়”। তাতে তেওঁ তাইক ক’লে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গ’ল।” পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গ’ল।

মাৰ্ক 7:32-37

তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে। তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি; থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক’লে- “ইফফাথা, অর্থাৎ মুকলি হওক”। তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা ক’বলৈ ধৰিলে। পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে; আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক’লে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক’বলৈ শক্তি দিয়ে”।

মাৰ্ক 8:22-25

পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে। তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?” তেতিয়া তেওঁ চকু তুলি চাই ক’লে, “লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।” তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।

মাৰ্ক 9:17-27

তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷ সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদাবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।” তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷” তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে। তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ ক’লে, “শিশু কালৰে পৰা হৈছে; আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।” তেতিয়া যীচুৱে তেওঁক ক’লে, “যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।” তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই ক’লে, “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!” তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷” তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”। কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।

মাৰ্ক 9:43-48

যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল। কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷

মাৰ্ক 10:46-52

তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল। সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক’বলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!” তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে ডবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক!” তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।” তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, “মই তোমাৰ বাবে কি কৰাতো তোমাৰ ইচ্ছা?” তাতে সেই অন্ধই তেওঁক ক’লে, “ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।” তেতিয়া যীচুৱে তেওঁক ক’লে, “যোৱা৷ তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।

মাৰ্ক 11:22-24

যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা; মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব। এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,

মাৰ্ক 13:9-13

কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা। কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব। যেতিয়া তেখেত সকলে তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হ’ব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা। তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক- বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব। মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।

মাৰ্ক 14:31

কিন্তু পিতৰে অতি দৃঢ়কৈ ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্ৱীকাৰ নকৰিম।” এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি ক’লে৷

মাৰ্ক 14:33-36

পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হ’ব ধৰিলে। তাতে তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷” পাছত তেওঁ অলপ আগুৱাই গৈ, মাটিত পৰি, যদি হ’ব পাৰে, তেনেহলে সেই দুঃসময় তেওঁৰ পৰা দুৰ হ’বলৈ প্ৰাৰ্থনা কৰি ক’লে, “আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই দূখৰ পান-পাত্ৰ দুৰ কৰা; কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাৰে।”

মাৰ্ক 15:15

তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে।

মাৰ্ক 15:24-25

পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ল’লে। তেতিয়া ন মান বজাত তেওঁলোকে যীচুক ক্রুচত দিলে।

মাৰ্ক 15:34

আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?”

মাৰ্ক 16:17-18

এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব; আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”

লূক 4:18

“প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।

লূক 4:33-36

নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল, “হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।” যীচুৱে তাক ডবিয়াই কলে, “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ’ল। ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?”

লূক 4:38-39

যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ’ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে। তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে।

লূক 4:40

সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে।

লূক 5:12-13

এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।” তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।

লূক 5:15

তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে।

লূক 5:17-25

এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল। তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগীজনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল। কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আতৰাই শয্যাৰ সৈতে ৰোগীজনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে। তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে ক’লে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।” তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?” কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে? কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’? কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ ক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।” লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল, সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গ’ল।

লূক 5:31-32

তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে। মই ধাৰ্মিক জনক নহয়; কিন্তু মন-পালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”

লূক 6:6-10

আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল। বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল। যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল। তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?” তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল।

লূক 6:17-19

তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল। তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল। তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল।

লূক 6:21-23

ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা। ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘিণ কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে। সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল।

লূক 7:2-10

সেই ঠাইত এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷ কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ ইহুদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷ তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি ক’লে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷ কিয়নো তেওঁ আমাৰ দেশীয় লোকক প্ৰেম কৰে আৰু নাম-ঘৰটোও তেৱেঁই আমাৰ বাবে সাজি দিলে৷” তেতিয়া যীচুৱে তেওঁলোকৰ লগত গৈ ঘৰৰ ওচৰ পাওঁতে, সেই সেনাপতিয়ে বন্ধুবোৰক তেওঁৰ ওচৰত কবলৈ পঠালে যে, “হে প্ৰভু, নিজকে দুখ নিদিব; কিয়নো আপুনি যে আহি মোৰ ঘৰৰ ভিতৰত সোমাব, মই এনে যোগ্য নহওঁ; সেই কাৰণে ময়ো আপোনাৰ ওচৰলৈ যাবৰ বাবে যোগ্য হৈছোঁ বুলি নাভাবিলোঁ; কিন্তু মাত্ৰ এষাৰ বাক্য কওক, তাতে মোৰ দাস যেন সুস্থ হ’ব। কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।” যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে, “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।” পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে।

লূক 7:12-15

যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল। তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে, “তুমি নাকান্দিবা।” পাছত তেওঁ ওচৰলৈ গৈ মৰা লোক জনক কঢ়িয়াই নিয়া চাং খন চুলে; তাতে চাং খন কঢ়িয়াই নিয়া লোক সকল স্থিৰ হৈ পৰিল। তেতিয়া তেওঁ ক’লে, “হে ডেকা, মই তোমাক ইয়াকে কৈছোঁ, তুমি উঠা।” তেতিয়াই সেই মৃত লোক জন উঠি বহিল আৰু কথা কবলৈ আৰম্ভ কৰিলে। তেতিয়া যীচুৱে তেওঁক নি, তেওঁৰ মাতৃৰ হাতত তুলি দিলে।

লূক 7:21-22

সেই সময়ত যীচুৱে অনেক লোকক ৰোগ, মহাব্যাধিৰ পৰা আৰোগ্য কৰিছিল আৰু ভূতৰ আত্মাৰ পৰা অনেকক মুক্ত কৰিছিল আৰু অনেক অন্ধক দৃষ্টি পাবলৈ অনুমতি দিছিল। তেতিয়া তেওঁ তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে যোৱা, আৰু যি দেখিলা, শুনিলা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ; আৰু ক’বা, ‘অন্ধই চকু পুনৰায় পাইছে, লেঙেৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃত লোকক জীৱন দিয়া হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে,

লূক 8:2

ইয়াৰ উপৰি ভূতৰ আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভূতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী বুলি মতা সেই মৰিয়ম;

লূক 8:23-25

কিন্তু যাওঁতে যাওঁতে, তেওঁৰ টোপনি আহিল; আৰু সেই সময়তে সৰোবৰত ধুমুহা বতাহ বলিবলৈ ধৰিলে, তাতে ঢৌত পানী সোমাই থকাত, তেওঁলোক সঙ্কটত পৰিল। তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁক জগাই ক’লে “হে নাথ, হে নাথ, আমি এতিয়া মৰোঁহে।” তেতিয়া তেওঁ সাৰ পাই, বতাহ আৰু পানীৰ ঢৌক ডবিয়ালে; লগে লগে বতাহ আৰু ঢৌ ক্ষান্ত হ’ল আৰু সকলোবোৰ শান্ত হৈ পৰিল। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ বিশ্বাস ক’ত?” তেতিয়া তেওঁলোকে ভয়াতুৰ হৈ, বিস্ময় মানি ইজনে সিজনক ক’লে, “এওঁ নো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও এওঁৰ কথা মানে!”

লূক 8:26-33

পাছত তেওঁলোকে গালীল প্ৰদেশৰ সন্মুখত থকা গেৰাচেনীয়া সকলৰ দেশ পালেগৈ। তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ’ল৷ সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল। সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।” কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অশুচি আত্মাক আদেশ দিছিল; কিয়নো সেই অশুচি আত্মাই মানুহ জনক বহু দিনৰ পৰা ধৰি আছিল৷ মানুহ জনক শিকলি আৰু বেৰীৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল; কিন্তু সি বান্ধ ছিগি, ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল। তেতিয়া যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” তেতিয়া সি ক’লে, “বাহিনী”; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল। পাছত সেই ভূতহঁতক অগাধ ঠাইলৈ যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে। সেই সময়ত পর্বতত এজাক গাহৰি চৰি আছিল৷ তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীচুক মিনতি কৰিলে৷ তেতিয়া যীচুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে৷ সেই সময়তেই মানুহ জনৰ পৰা ভূতবোৰ ওলাই, গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰি জাক লৰি গৈ, গৰাৰ পৰা সৰোবৰত পৰি মৰিল।

লূক 8:43-44

সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷ সেই জনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ’ল।

লূক 8:49-55

তেওঁ এই কথা কৈ থাকোতেই, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক’লে, “তোমাৰ জীয়েৰা মৰিল; গুৰুক পুনৰ দুখ নিদিবা।” কিন্তু যীচুৱে সেই কথা শুনি তেওঁক উত্তৰ দিলে, “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা আৰুতাতেই তাই ৰক্ষা পৰিব।” পাছত ঘৰলৈ আহি, পিতৰ, যোহন, যাকোব, আৰু ছোৱালীৰ মাক-দেউতাকৰ বাহিৰে, কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে। আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক’লে, “তোমালোকে নাকান্দিবা; তাই মৰা নাই, তাই মাত্র টোপনিতহে আছে।” কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে। কিন্তু তেওঁ তাইৰ হাতত ধৰি, মাতি ক’লে, “আইটি, উঠা।” তেতিয়াই তাইৰ প্ৰাণ উভতি আহিল আৰু তাই উঠি বহিল৷ তেতিয়া তাইক খাবলৈ দিবৰ বাবে যীচুৱে আদেশ দিলে৷

লূক 9:1-2

পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷

লূক 9:6

পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল।

লূক 9:11

কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।

লূক 9:38-42

সেই সময়ত মানুহবোৰৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক’লে, “হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল’ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা। আৰু চাওক, ভূতৰ আত্মাই তাক ধৰোতে সি অকস্মাতে আটাহ পাৰে আৰু তাক মুচৰিলে মুখৰ পৰা ফেন ওলায় আৰু তাক আঘাত কৰি বৰ কষ্টেৰে এৰি যায়। মই সেই অশুচি আত্মাক খেদাবলৈ আপোনাৰ শিষ্য সকলক মিনতি কৰিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।” তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকি তোমালোকক সহিম? তোমাৰ ল’ৰা জনক ইয়ালৈ আনা।” তাতে সি আহোতেই ভূতে তাক আছাৰ মাৰি পেলাই বৰকৈ মুচৰিলে। কিন্তু যীচুৱে সেই অশুচি আত্মাক ডবিয়াই খেদিলে আৰু ল’ৰা জনক সুস্থ কৰি বাপেকৰ হাতত শোধাই দিলে।

লূক 10:9

সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।

লূক 10:19

চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।

লূক 10:30-34

তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল। এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল। সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল। কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷ তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে।

লূক 11:14

এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা ক’বলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে।

লূক 12:6-7

পাঁচোটা ঘৰ-চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়। কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।

লূক 12:22-32

পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া! আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা? পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল। কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে! তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা। কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে। কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব। হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।

লূক 12:33-34

তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷ কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”

লূক 13:11-13

তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল। যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।” তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।

লূক 13:16

তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”

লূক 13:32

যীচুয়ে তেওঁলোকক ক’লে, “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম।

লূক 14:2-4

সেই ঠাইত তেওঁৰ আগত এজন জলোদৰী বেমাৰত আক্ৰান্ত লোক আছিল। তাতে যীচুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰীচী সকলক সুধিলে, “বিশ্ৰামবাৰে সুস্থ কৰিব পাই নে নাপায়?” কিন্তু তেওঁলোক নিজম দি থাকিল। তেতিয়া তেওঁ মানুহ জনক ধৰি আনিলে আৰু সুস্থ কৰি পঠিয়াই দিলে।

লূক 14:13

কিন্তু যেতিয়া ভোজ পাতা, তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এনে লোকক মাতিবা।

লূক 16:19-31

কোনো এজন ধনী মানুহ আছিল৷ তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি, প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল৷ লাজাৰ নামেৰে গোটেই শৰীৰত ঘা লগা এজন মগনীয়া সেই ধনী ব্যক্তি জনৰ দুৱাৰত থোৱা হৈছিল৷ সেই ধনী ব্যক্তি জনৰ টেবুলৰ তলত পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়া জনে আশা কৰি ৰৈ থাকিছিল৷ তাতে কুকুৰবোৰেও আহি তাৰ ঘাঁবোৰ চেলেকি থাকে৷ কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷ ধনী ব্যক্তি জনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দুৰত অব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে৷ তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক’লে, ‘পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷’ কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷ এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’। ধনী ব্যক্তি জনে ক’লে, “হে পিতৃ, তেনেহলে দয়া কৰি লাজাৰক মোৰ দেউতাৰ ঘৰলৈ পঠিয়াই দিয়ক৷ তাতে মোৰ পাঁচ জন ভাই আছে, সিহঁতক যেন তেওঁ গৈ, আহিবলগীয়া এই যাতনাৰ ঠাইৰ বিষয়ে সাক্ষ্য দি সাৱধান কৰি দিয়ে৷ কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘তেওঁলোকৰ বাবে মোচি আৰু ভাববাদী সকল আছে; তেওঁলোকৰ কথা শুনক৷’ তেতিয়া সেই ধনী ব্যক্তি জনে ক’লে, ‘তেনে নহওক পিতৃ অব্ৰাহাম, কিন্তু মৃত সকলৰ মাজৰ পৰা যদি কোনো এজন তেওঁলোকৰ ওচৰলৈ যায়, তেনেহলে তেওঁলোকে মন পালটাব৷’ তেতিয়া তেওঁক অব্ৰাহামে ক’লে, ‘যদি তেওঁলোকে মোচি আৰু ভাববাদী সকলৰ বাক্য নুশুনে, তেনেহলে মৃত সকলৰ মাজৰ পৰা কোনো এজন উঠি গৈ কলেও তেওঁলোকে নুশুনিব৷’”

লূক 17:12-15

সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি, বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।” তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল। তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;

লূক 17:33

যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।

লূক 18:35-43

পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি অাছিল। তাতে মানুহৰ দল এটাই সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে। তেতিয়া তেওঁলোকে তেওঁক ক’লে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।” তেতিয়া তেওঁ ৰিঙিয়াই ক’লে, “হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।” তাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক ডবিয়ালে; কিন্তু তেওঁ তেতিয়া বেচিকৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক।” তেতিয়া যীচু থমকি ৰ’ল আৰু তেওঁৰ ওচৰলৈ মানুহ জনক আনিবলৈ আজ্ঞা দিলে। পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ’ল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।

লূক 19:10

কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”

লূক 20:36

তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।

লূক 21:12-18

কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব। সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব। এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা; কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম। আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব। তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা। কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।

লূক 22:28

কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷

লূক 22:31-33

চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে; কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।” পাছত পিতৰে তেওঁক ক’লে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছোঁ।”

লূক 22:44

পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল।

লূক 23:33-34

পাছত মূৰৰ লাউখোলা নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে। তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।

লূক 23:43

যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”

লূক 23:46

পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷” এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।

যোহন 3:16

কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।

যোহন 4:46-53

পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল। তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল। যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।” সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!” যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল। তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।” তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।” ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।

যোহন 5:3-9

সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোক সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়। তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল। যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?” ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।” যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।” তেতিয়াই সেই মানুহ জনে সুস্থ হ’ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।

যোহন 5:14

পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”

যোহন 6:2

তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।

যোহন 6:35-37

যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে। পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।

যোহন 8:12

ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”

যোহন 9:1-7

যীচুৱে বাটেদি গৈ থকাৰ সময়ত এজন ওপজাৰে পৰা অন্ধ মানুহক দেখিলে। তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “ৰব্বি এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে, নে তেওঁৰ মাক-বাপেকে পাপ কৰিলে?” যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, আৰু তাৰ মাক-বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কর্ম প্ৰকাশিত হ’বলৈহে হৈছে। আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব। যিমান দিন মই জগতত আছোঁ, মইয়ে জগতৰ পোহৰ।” এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে। তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।

যোহন 9:32

জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন ওপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে।

যোহন 10:10-11

চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ। ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।

যোহন 10:28-29

মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব। মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে।

যোহন 11:25-26

যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”

যোহন 11:32-36

যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।” যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল। তেওঁ ক’লে, “তোমালোকে তেওঁক ক’ত ৰাখিছা?” তেওঁলোকে ক’লে, “প্ৰভু, আহি চাওকহি।” যীচুৱে ক্ৰন্দন কৰিলে। ইহুদী সকলে ক’লে, “চোৱা, তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল!”

যোহন 11:39-44

যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।” যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?” তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ। মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।” ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে ক’লে, “লাজাৰ বাহিৰলৈ ওলাই আহা!” তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”

যোহন 14:1-2

“তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।

যোহন 14:13-14

তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়। তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।

যোহন 14:27

মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।

যোহন 15:7-8

তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ’লে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব। ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য।

যোহন 15:11

মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।

যোহন 16:22-24

ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব। সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব। এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।

যোহন 16:33

এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”

যোহন 19:1

তেতিয়া পীলাতে যীচুক চাবুকেৰে কোবাবলৈ আদেশ দিলে।

যোহন 19:16-18

তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে। তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল। সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।

যোহন 19:30

তাতে যীচুৱে সেই চিৰকা পাই ক’লে, “সিদ্ধ হ’ল”; তাৰ পাছত তেওঁ মূৰ দোৱাই আত্মা অৰ্পণ কৰিলে।

যোহন 19:37

ধৰ্মশাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, ‘তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব’।

পাঁচনি 2:21

কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’

পাঁচনি 2:26-28

এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব; কিয়নো তুমি মৃতলোকত মোৰ আত্মাক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷ তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।’

পাঁচনি 3:6-9

তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”। তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে। তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল। তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে।

পাঁচনি 5:15-16

ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি। যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।

পাঁচনি 5:17-20

কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে। কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে, “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”।

পাঁচনি 5:41

পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।

পাঁচনি 8:3-4

কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে। কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে।

পাঁচনি 8:6-8

তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোক সকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে। কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল। তাতে সেই নগৰত মহা আনন্দ হ’ল।

পাঁচনি 10:38

সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷

পাঁচনি 12:4-10

পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷ এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷ পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷ সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷ দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷” পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷ এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷

পাঁচনি 14:22

তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”

পাঁচনি 16:22-23

তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে। অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে।

পাঁচনি 16:24-30

কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে। তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল। এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল। কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল। কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।” তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল। তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্ৰাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?”

পাঁচনি 19:11-12

ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম কাৰ্য কৰালে যে, তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ’ল।

পাঁচনি 20:19

আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ সেৱাকৰ্ম কৰিলোঁ

পাঁচনি 20:22-24

আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো; কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে। কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।

পাঁচনি 20:35

সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”

পাঁচনি 21:13-14

তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।” তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলোঁ আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।”

পাঁচনি 28:8-9

আৰু সেই সময়তে পুব্লিয়ৰ পিতৃৰ জ্ৱৰ আৰু গ্ৰহণী ৰোগ হৈ আছিল৷ পৌলে তাতে সোমাই গাত হাত দি প্ৰাৰ্থনা কৰি তেওঁক সুস্থ কৰিলে৷ এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্ৱীপত আন যিমান ৰোগী আছিল সেই সকলো আহি সুস্থ হ’ল৷

ৰোমীয়া 5:3-5

অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷ সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।

ৰোমীয়া 5:8-11

কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে। এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম; অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হব পাৰিলোঁ, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছোঁ।

ৰোমীয়া 5:12

এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যুও আহিল; আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গ’ল৷

ৰোমীয়া 6:3-7

নতুবা, আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হ’লো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ’লো, ইয়াক আপোনালোকে নাজানা নে কি? এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁ। কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ’লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ’ম৷ আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো; কিয়নো যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ’ল।

ৰোমীয়া 6:8-13

কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলোঁ, তেনেহলে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ’ম, সেই বিষয়ে আমি বিশ্বাস কৰোঁ৷ কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুণৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুণৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো। কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে। সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰক। এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷ নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।

ৰোমীয়া 6:21-22

তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু। কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন।

ৰোমীয়া 6:23

কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।

ৰোমীয়া 7:24

হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?

ৰোমীয়া 8:1-8

এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে। বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷ তেওঁ সেইটোৱে কৰিলে, যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়; সেয়েহে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলোঁ আহক৷ কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি, কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা; কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷ যি সকলে মাংসৰ বশত আছে, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে।

ৰোমীয়া 8:9-11

যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়। যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন। যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।

ৰোমীয়া 8:12-17

এতেকে হে ভাই সকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ। কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহলে আপোনালোক জীৱ। কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান। সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে। আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ।

ৰোমীয়া 8:18-25

কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে। কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে, সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব। কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ। কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ; কিন্তু দেখাত যি আশা, সেয়েই আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে? কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।

ৰোমীয়া 8:26-27

সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে। আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।

ৰোমীয়া 8:28-30

আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে; আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে; আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিতো কৰিলে।

ৰোমীয়া 8:31-34

তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে? যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে? ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা। দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।

ৰোমীয়া 8:35-36

খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে? এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।”

ৰোমীয়া 8:37-39

তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত। কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।

ৰোমীয়া 9:1-3

মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে, মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে। কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।

ৰোমীয়া 9:33

এই বিষয়ে লিখাও আছে, “চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”

ৰোমীয়া 10:11-13

কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।

ৰোমীয়া 12:1

এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।

ৰোমীয়া 12:12-15

আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক; পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক। যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক। যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।

ৰোমীয়া 14:8-9

কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ। কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল।

ৰোমীয়া 15:13

এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।

1 কৰি 9:22

দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ৷

1 কৰি 11:32

কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।

1 কৰি 12:25-26

কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অঙ্গ-প্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে, এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি, শৰীৰ সংগঠিত কৰিলে। তাতে এক অঙ্গই দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই দুখ পায়; আৰু এক অঙ্গই মৰ্যদা পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গই আনন্দ কৰে।

1 কৰি 14:33

কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,

1 কৰি 15:22

কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।

1 কৰি 15:26

শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব।

1 কৰি 15:53-55

কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব” “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?”

2 কৰি 1:3-7

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ। আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে। কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্ত্বনা উপচি পৰে। কিন্তু আমি যদি যন্ত্রণাগ্রস্ত, তেনেহলে সেয়ে আপোনালোকৰ সান্ত্বনা আৰু পৰিত্রাণ নাইবা আমি যদি সান্ত্বনা প্রাপ্ত, তেনেহলে সেই জনো আপোনালোকৰ সান্ত্বনাৰ বাবে আৰু সেই সান্ত্বনাই, আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে সহন কৰাই, নিজ কাৰ্য সাধন কৰে। আৰু আপোনালোক যেনেকৈ দুখভোগৰ, তেনেকৈ সান্ত্বনাৰো যে সহভাগী ইয়াকে জানিবলৈ পাই, আপোনালোকৰ অৰ্থে আমাৰ আশা নিশ্চিত হৈ আছে।

2 কৰি 1:8-10

কিয়নো, হে ভাই সকল, এচিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল। প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোঁতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷ তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;

2 কৰি 4:7-12

শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে; আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ; তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ; আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়। কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ। এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে।

2 কৰি 4:16-18

এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে। আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া।

2 কৰি 5:1-2

কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি, স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ’বলৈ অতিশয় হাবিয়াহ কৰিছোঁ।

2 কৰি 5:6-8

এতেকে সদায় দৃঢ় বিশ্বাসী হোৱা কাৰণে জানিব যে, এই শৰীৰত নিবাস কৰালৈকে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছোঁ; (কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ;) এতেকে আমি সাহিয়াল হৈছোঁৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ।

2 কৰি 5:14-16

কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷ আৰু খ্ৰীষ্টে সকলোৰে বাবে মৰিল, এই আশয়েৰে জীৱন পোৱা সকলে যেন নিজৰ কাৰণে জীয়াই নাথাকি, তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনৰ বাবেহে যেন জীয়াই থাকে। এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম।

2 কৰি 5:17

এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।

2 কৰি 6:4-6

বৰং, আমি নিজক ঈশ্বৰৰ পৰিচাৰক হিচাপে, আমাৰ এই সকলো কৰ্মৰ দ্বাৰাই যোগ্য-পাত্ৰ দেখুৱাইছোঁ; সেয়েহে অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সঙ্কট, কোব, বন্দীশালত থকা, হুৰামুৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোন, শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মাত, অকপট প্ৰেম অৰ্থাৎ স্নেহ;

2 কৰি 6:9-10

অবিদিতৰ নিচিনা, কিন্তু সুবিদিত; মৰো মৰো হোৱাৰ নিচিনা, কিন্তু চাওক জীয়াই আছোঁ; শাস্তি পোৱাৰ নিচিনা, কিন্তু হত হোৱা নাই৷ শোক কৰাৰ নিচিনা, কিন্তু সদায় আনন্দিত; দৰিদ্ৰৰ নিচিনা, কিন্তু অনেকক ধনৱন্ত কৰোঁতা; একো নথকাৰ নিচিনা, কিন্তু আমাৰ সকলো আছে।

2 কৰি 7:3-4

মই আপোনালোকৰ দোষ ধৰিবলৈ এই কথা কৈছোঁ, এনে নহয়; কিয়নো আমাৰে সৈতে মৰিবলৈ আৰু জীয়াই থাকিবলৈকো আপোনালোক আমাৰ হৃদয়ত আছে বুলি আগেয়ে কৈছিলোঁ। আপোনালোকলৈ মোৰ আত্মবিশ্বাস অধিক, আপোনালোকৰ অৰ্থে মোৰ শ্লাঘাও অধিক; এইদৰে আমাৰ সকলো ক্লেশত, মই সান্ত্বনাৰে পুৰ্ণ হৈ আছোঁ আৰু আনন্দত একেবাৰে উপচি পৰিছোঁ।

2 কৰি 7:5-6

কিয়নো যেতিয়া আমি মাকিদনিয়া দেশলৈ আহিলোঁ, আমাৰ শাৰীৰিক একো জিৰণি নাছিল; বৰং সকলোতে অশান্তিহে পাইছিলোঁ; বাহিৰত বিৰোধ আৰু অন্তৰত ভয় আছিল। কিন্তু নম্ৰ সকলৰ সান্ত্বনাদাতা ঈশ্বৰে তীতৰ আগমণৰ দ্বাৰাই আমাক সান্ত্বনা দিলে;

2 কৰি 7:10-11

কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্রাণলৈ মন-পালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে। কিয়নো, ঈশ্বৰৰ মহৎ ইচ্ছাৰ দৰে হোৱা সেই মনোদুখেই আপোনালোকৰ অন্তৰত কেনে যত্ন, কেনে দুখৰ খণ্ডন, কেনে বিৰক্তি, কেনে ভয়, কেনে হাবিয়াহ, কেনে উৎসাহ, কেনে প্ৰতিকাৰ সাধন কৰিলে! সেইবোৰ কথাত আপোনালোকে সকলো প্ৰকাৰে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিলে।

2 কৰি 8:2

ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।

2 কৰি 9:8-11

ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷ এই বিষয়ে যি দৰে লিখাও আছে, “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷” যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব; এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।

2 কৰি 11:23-30

তেখেত সকল খ্ৰীষ্টৰ দাস নে? হত বুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত৷ অৰ্থাৎ পাঁচ বাৰ ইহুদী সকলৰ হাতেৰে “এক কম দুকুৰিকৈ” কোব খাইছিলোঁ৷ তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ; অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয় সকলৰ পৰা হোৱা সংকটত, অনা-ইহুদী সকলৰ পৰা হোৱা সঙ্কটত, নগৰত থাকি পোৱা সঙ্কটত, মৰুভূমিত থাকি পোৱা সঙ্কটত, সাগৰত থাকি পোৱা সঙ্কটত, ভাঁৰিকোৱা ভাই সকলৰ মাজত থাকি পোৱা সঙ্কটত৷ পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি-খতিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলোঁ৷ এইবোৰ বিষয় বাদ দিলেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে। কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? কোনে আন এজনক পাপত পেলাই মোৰ অন্তৰত জ্বালা দিয়া নাই? মই যদি গৌৰৱ কৰিব লগা হয়, তেনেহলে মোৰ নানা দূৰ্ব্বলতাৰ বিষয়ে মই গৌৰৱ কৰিম।

2 কৰি 12:5

তেনেকুৱা জনৰ অৰ্থে মই গৌৰৱ কৰিম; কিন্তু নানা দূৰ্ব্বলতাৰ বাহিৰে, মোৰ নিজৰ অৰ্থে আন একো কথাত গৌৰৱ নকৰোঁ।

2 কৰি 12:7-10

আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷ সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ। তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷ এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।

গালাতীয়া 3:28-29

এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক। আপোনালোক যদি খ্ৰীষ্টৰ হয়, তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে।

গালাতীয়া 5:22

কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,

গালাতীয়া 6:2

আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।

ইফিচীয়া 2:6

তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।

ইফিচীয়া 3:1

এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।

ইফিচীয়া 4:1-2

এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক। আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।

ইফিচীয়া 6:12-13

কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।

ইফিচীয়া 6:18-20

সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক। মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷ কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷

ফিলিপীয়া 1:21-23

কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয়, তেনেহলে কোনটো মনোনীত কৰিম, সেই বিষয়ে মই নাজানো৷ কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!

ফিলিপীয়া 1:29

কিয়নো, খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো, আপোনালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ’ল,

ফিলিপীয়া 2:27

তেখেত নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে৷ অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।

ফিলিপীয়া 3:3

কিয়নো আমি হে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।

ফিলিপীয়া 3:10

এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ;

ফিলিপীয়া 3:20-21

কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ; তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।

ফিলিপীয়া 4:4-7

আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক। আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ। আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।

ফিলিপীয়া 4:12-14

মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ। মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেই বিষয়ে বৰ ভাল কৰিলে।

ফিলিপীয়া 4:19

আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।

কলচীয়া 1:11-13

আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷ আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷ তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷

কলচীয়া 1:24

এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।

কলচীয়া 3:1-4

এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷ ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব; কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে। আমাৰ জীৱন স্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া তেওঁৰ সৈতে আপোনালোকো প্ৰতাপত প্ৰকাশিত হ’ব।

কলচীয়া 3:15

এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।

1 থিচলনীকীয়া 2:2

আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।

1 থিচলনীকীয়া 3:3-5

যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ। সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে। সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।

1 থিচলনীকীয়া 4:13-15

হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ। কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব। প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।

1 থিচলনীকীয়া 5:16-18

সকলো সময়তে আনন্দত থাকক। নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।

1 থিচলনীকীয়া 5:23-24

শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক। যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী।

2 থিচলনীকীয়া 1:4-7

আপোনালোকে যি সকলৰ পৰা তাড়না আৰু ক্লেশ সহন কৰি আছে, সেই সকলৰ মাজতো আপোনালোকে যে বিশ্বাস আৰু সহনশীলতাত স্থিৰে আছে, তাৰ কাৰণে আমি ঈশ্বৰৰ বিভিন্ন মণ্ডলীত আপোনালোকৰ বিষয়ে কৈ গর্ব বোধ কৰোঁ। এইবোৰ বিষয় ঈশ্বৰৰ ন্যায় সোধ-বিচাৰৰ এক স্পষ্ট লক্ষণ, যাৰ ফলত ঈশ্বৰৰ যি ৰাজ্যৰ কাৰণে আপোনালোকে দুখভোগ কৰিছে, সেই ৰাজ্যৰ যোগ্যপাত্রৰূপে আপোনালোক গণিত হব। ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক ক্লেশ দিব, আৰু আপোনালোক যি সকলে এতিয়া ক্লেশ পাইছে, আপোনালোকক আমাৰ লগত ঈশ্বৰে বিশ্রাম দিব। যেতিয়া প্রভু যীচুৱে তেওঁৰ পৰাক্ৰমশালী দূত সকলৰ সৈতে জ্বলন্ত অগ্নিৰে স্বৰ্গৰ পৰা নামি আহি প্রকাশিত হ’ব, তেতিয়া এইবোৰ ঘটিব;

2 থিচলনীকীয়া 2:16-17

এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক; আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।

2 থিচলনীকীয়া 3:16

এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলোভাৱে আপোনালোকক শান্তি দান কৰক। প্ৰভু আপোনালোক সকলোৰে সঙ্গী হওক।

1 তীমথিয় 5:23

তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্ৰাক্ষাৰস পান কৰিবা।

1 তীমথিয় 6:7-8

আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷ সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷

2 তীমথিয় 1:7

কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।

2 তীমথিয় 1:8-12

এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা, কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে; সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে। এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।

2 তীমথিয় 2:9-12

সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই। এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ। এই কথা বিশ্বাসযোগ্য: “আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হম। আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷

2 তীমথিয় 3:10-12

কিন্তু তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য, তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷ আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।

2 তীমথিয় 4:5

কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।

2 তীমথিয় 4:6-8

কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।

2 তীমথিয় 4:16-18

মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক। কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ। প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।

তীত 1:2

সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷

ফিলীমন 1:1

আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলীমনৰ প্রতি, খ্ৰীষ্ট যীচুৰ বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়;

ফিলীমন 1:9

তথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।

ইব্ৰী 2:14-15

ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।

ইব্ৰী 2:18

কিয়নো যীচুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, সেই বাবে যি সকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে।

ইব্ৰী 4:1-9

এতেকে, আমি সতর্ক হ’ব লাগে যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়। ইস্ৰায়েলৰ লোক সকলৰ আগত যেনেকৈ ঈশ্বৰৰ বিশ্রামৰ বিষয়ে শুভবার্তা ঘোষণা কৰা হৈছিল, তেনেকৈ আমাৰ আগতো কৰা হৈছে। কিন্তু, সেই শুভবাৰ্তাৰ শিক্ষা শুনিও তেওঁলোকৰ কোনো লাভ নহ’ল; কাৰণ তেওঁলোকে সেইবোৰ শুনি বিশ্বাসেৰে গ্রহণ নকৰিলে। আমি যি সকলে বিশ্বাস কৰিছোঁ, আমিয়ে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ সক্ষম; যি দৰে কোৱা হৈছে: “মই ক্রুদ্ধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” যদিও জগতৰ আৰম্ভণীৰ পৰাই সৃষ্টি কার্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল। কিয়নো এঠাইত সপ্তম দিনৰ বিষয়ে ঈশ্বৰে কৈছিল, “ঈশ্বৰে সপ্তম দিনা তেওঁৰ সকলো কৰ্মৰ পৰা বিশ্ৰাম কৰিলে।” পুনৰায় তেওঁ কৈছে, “এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” এতেকে, কিছুমান লোকৰ প্রৱেশৰ বাবে এতিয়াও ঈশ্বৰৰ বিশ্রাম আছুতীয়াকৈ ৰখা আছে আৰু ঈশ্বৰৰ বিশ্রামৰ শুভবার্তা যি ইস্ৰায়েলী লোক সকলে প্রথমে শুনিছিল, তেওঁলোকৰ অবাধ্যতাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ বিশ্রামত প্রৱেশ কৰিব নোৱাৰিলে। তেতিয়া ঈশ্বৰে পুণৰ এটা দিন স্থিৰ কৰিলে আৰু সেই দিনৰ বিষয়ে তেওঁ ক’লে, “আজি”। বহুত দিনৰ পাছত ৰজা দায়ুদৰ যোগেদি তেওঁ এই দিনৰ বিষয়ে পুনৰায় কৈছিল, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা।” কিয়নো যিহোচুৱাই তেওঁলোকক ঈশ্বৰৰ বিশ্ৰামত লৈ যাব পৰা হ’লে, ঈশ্বৰে পাছত আন এটা দিনৰ “আজি” বোলা কথাটো নক’লেহেঁতেন। এতেকে ঈশ্বৰৰ লোকৰ কাৰণে সেই সপ্তম দিনৰ বিশ্ৰাম সংৰক্ষিত আছে।

ইব্ৰী 4:15-16

কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল। এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।

ইব্ৰী 5:7-8

যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ভক্তিভাৱৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে। যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ শিক্ষা পালে;

ইব্ৰী 10:32-38

সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷ কেতিয়াবা লোক সকলে আপোনালোকক প্ৰকাশ্যে নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোক নিৰ্যাতিত হৈছিল৷ কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি, আপোনালোকেও সেই লোক সকলক সহানুভুতি দেখুৱাইছিল৷ যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোকে তেওঁলোকক সাহায্য কৰিছিল আৰু তেওঁলোকৰ দুখত সহানুভুতিশীল হৈছিল৷ আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে, কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷ এতেকে আপোনালোকে সাহস নেহেৰুৱাব, সেই সাহসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷ কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে, পলম নকৰিব। কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব।

ইব্ৰী 11:12

এই হেতুকে এজনৰ পৰা, সেই মৃত্যু তুল্য জনৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ’ল।

ইব্ৰী 11:13

সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।

ইব্ৰী 11:24-27

বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে; কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে, আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল। বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।

ইব্ৰী 11:32-40

আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে; তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে। তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল। আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে; তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল; (এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল; এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে; কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ’বলৈ নিদিলে।

ইব্ৰী 12:1-3

এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক, আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।

ইব্ৰী 12:4-11

আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই; আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে- “হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা”; কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক কোবায়; এই কথা আপোনালোকে পাহৰিলে। আপোনালোকে যি সহন কৰি আছে, সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ, তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে? কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ’ল, আপোনালোকে যদি তাৰ ভাগী নহয়, তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয়। ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে? তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে। সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।

ইব্ৰী 12:12-13

এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক; আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক।

ইব্ৰী 13:3

বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।

ইব্ৰী 13:5-6

আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?

ইব্ৰী 13:12-14

এই কাৰণে যীচুৱেও, তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ, নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে। এতেকে আহক, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ, ছাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁহক। কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই; কিন্তু আমি সেই ভাবি নগৰ বিচাৰি আছোঁ।

ইব্ৰী 13:15-16

এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক। কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।

যাকোব 1:2-4

হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব; কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে। এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷

যাকোব 1:12

যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।

যাকোব 5:10-11

হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব। চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।

যাকোব 5:13-16

আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক। কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক; তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব। এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।

1 পিতৰ 1:6-7

যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷ অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷

1 পিতৰ 2:19-24

কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়েই প্ৰশংসনীয়। কাৰণ পাপ কৰি ভুকু খাই যদি সহন কৰা, তেনেহলে তাত কি প্ৰশংসা আছে? কিন্তু সৎ কৰ্ম কৰি দুখভোগ কৰি যদি সহন কৰা, তেনেহলে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়। কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল। তেওঁ কোনো পাপ নকৰিলে; তেওঁৰ মুখত কোনো ছলনা পোৱা নগ’ল; তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷ তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷

1 পিতৰ 3:14

কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷

1 পিতৰ 3:17-18

কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল৷ খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;

1 পিতৰ 4:1

এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷

1 পিতৰ 4:12-16

হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷ কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব। আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে। কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক; যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।

1 পিতৰ 4:19

এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।

1 পিতৰ 5:1

মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷

1 পিতৰ 5:6-10

সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷ আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে। সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে। তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷ আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।

2 পিতৰ 1:3

যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।

2 পিতৰ 2:9

গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।

2 পিতৰ 3:8-9

কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা। প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷

1 যোহন 4:4

হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।

1 যোহন 4:16-18

আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানোঁ আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে। এই প্ৰেমে আমাৰ ক্ষেত্ৰত এনেদৰে পূর্ণতা পালে যে, আমি সোধ-বিচাৰৰ দিনা আত্মবিশ্ৱাসীহৈ থিয় হব পাৰিম; কিয়নো তেওঁ যেনেকুৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ। প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷

1 যোহন 5:4-5

যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?

1 যোহন 5:14-15

এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে; আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷

3 যোহন 1:2

হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।

প্ৰকাশিত বাক্য 1:18

আৰু জীয়াই থকা জন৷ মই মৃত হ’লো, কিন্তু চোৱা, চিৰকাললৈকে জীৱন্ত হৈ আছোঁ; মৃত্যু আৰু মৃত লোকৰ চাবিবোৰো মোৰ হাতত আছে।

প্ৰকাশিত বাক্য 2:7

যদি তোমাৰ কাণ আছে, তেনেহলে মণ্ডলীবোৰলৈ আত্মা কি কৈছে সেয়া শুনা। যি জনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ পৰমদেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।”

প্ৰকাশিত বাক্য 2:8-10

আৰু স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু পুনৰুত্থিত হ’ল, তেৱেঁ এইবোৰ কথা কলে, “মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)। তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।

প্ৰকাশিত বাক্য 2:11

যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যুৰ দ্বাৰা হানি নহব”।

প্ৰকাশিত বাক্য 2:17

যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।

প্ৰকাশিত বাক্য 2:26-29

যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেইদৰে তেওঁক জাতিবোৰৰ ওপৰত অধিকাৰ দিম; তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁলোকক ভাঙি টুকুৰা-টুকুৰ কৰিব৷ আৰু মই যি দৰে পিতৃৰ পৰা গ্ৰহণ কৰিলোঁ, সেইদৰে মই তেওঁক প্ৰভাতীয় তৰা দিম। মণ্ডলীবোৰলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, তেওঁ তাক শুনক”।

প্ৰকাশিত বাক্য 3:5-6

যি জনে জয় কৰে তেৱোঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ’ব; আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম; মোৰ পিতৃৰ সন্মুখত আৰু দূত সকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম। যদি তোমাৰ কাণ আছে, মণ্ডলী সমূহলৈ আত্মাই কোৱা কথা শুনা”।

প্ৰকাশিত বাক্য 3:12-13

যি জনে জয় কৰে, তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভ স্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব৷ তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰৰ (যি নতুন যিৰূচালেম, স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব), নাম আৰু নিজৰ নতুন নাম লিখিম। যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।

প্ৰকাশিত বাক্য 3:21-22

মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম। যি জনৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক”।

প্ৰকাশিত বাক্য 7:14-17

তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে। এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে, আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে৷ আৰু সিংহাসনত বহা জনাই এওঁলোকৰ ওপৰত নিজ তম্বু তৰিব। এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব; এওঁলোকৰ গাত ৰ’দ বা কোনো পোৰা তাপ নপৰিব৷ কিয়নো সিংহাসনৰ মাজত থকা মেৰ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”

প্ৰকাশিত বাক্য 12:11

তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।

প্ৰকাশিত বাক্য 14:12-13

ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷” পাছত এই আকাশ-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “হয়”, আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”

প্ৰকাশিত বাক্য 18:24

ভাববাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”

প্ৰকাশিত বাক্য 20:4

পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।

প্ৰকাশিত বাক্য 21:4-7

তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল। পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।” পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম। যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব।

Assamese - অসমীয়া - AS

ASIRV'19 - Assamese Indian Revised Version - 2019

This Bible text is from Assamese Indian Revised Version IRV 2019
https://open.bible/bibles/assamese-bridge-text-bible/
provided by: Bridge Connectivity Solutions Pvt Ltd, available by Creative Commons CC-BY-SA-4.0,
and this new compilation is shared as www.creativecommons.org/licenses/by-sa/4.0.
Languages are made available to you by www.ipedge.net